গ্ৰন্থৰ বতৰা: হাদিৰাচকী
লেখক- মুনিমন্ত শইকীয়া
বছৰটোৰ শেষ ভাগত এখন সুবৃহৎ ৪৩২ পৃষ্ঠাৰ উপন্যাস আহি হাতত পৰিল৷“হাদিৰাচকী“–উপন্যাসখনৰ নাম৷লিখক -ড° নন্দ সিং বৰকলা৷মই কোনো সাহিত্যৰ সমালোচক নহয়, সেই যোগ্যতাও মোৰ নাই৷তথাপিও উপন্যাসখন পঢ়ি মনলৈ অহা ভাৱৰ বুৰবুৰণিখিনি প্ৰকাশৰ চেষ্টা এটা কৰিছো৷
অসমীয়া সাহিত্যত অসমীয়া শিখসকলৰ বিষয়ে বহু কম সংখ্যক লেখাহে প্ৰকাশ পাইছে৷“হাদিৰাচকী“–উপন্যাসখনত উনৈছ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে মানৰ তৃতীয় আক্ৰমণত অসহায়হৈ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ অনুৰোধ মৰ্মে পঞ্জাৱ কেশৰী ৰঞ্জিত সিংহই পঠোৱা পাঁচশ শিখ সেনাই অসীম বীৰত্বৰে যুঁজি আত্মত্যাগ কৰা কাহিনীৰে আৰম্ভ হৈছে৷সেনাপতি চৈতন্য সিঙৰ মৃত্যুৰ পিছত মানৰ লগত ৰণত পৰাজিত হোৱা মুষ্টিমেয় শিখ সৈন্য পুনৰ পঞ্জাৱলৈ উভতি নগৈ ব্ৰহ্মপুত্ৰ-কপিলীৰে উজাই আহি চাপৰমুখৰ ওচৰৰ তিতাইমৰা সুঁতিৰ পাৰত থিতাপি লয়হি৷পিছৰ পৰ্যায়ত তেওঁলোকে নিজা গুৰুমুখী ভাষা পাহৰি অসমীয়া ভাষা গ্ৰহণ কৰি নিজকে অসমীয়াৰূপে পৰিচয় দিবলৈ ললে৷উপন্যাসৰ নায়ক কুলদীপ সিঙৰ জৰিয়তে অসমীয়া শিখ সকলৰ অৰ্থনৈতিকৰূপে দুৰ্বল, ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰতাৰিত দিশ কিছু ফুটি উঠিছে৷স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, বিদেশী বহিস্কৰণ আন্দোলন এই সকলোবোৰতে অসমীয়া শিখসকলে লোৱা ভূমিকা, পৃথকতাবাদী খালিস্তান সংগ্ৰাম, অপাৰেচন ব্লুষ্টাৰৰ আঁৰৰ কাহিনী, ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত হোৱা নিৰ্বিচাৰ শিখ হত্যাৰ লোমহৰ্ষক কাহিনী, অসমত আলফাৰ সংগ্ৰাম, গুপ্তহত্যা আদি প্ৰসংগ সমূহৰো বিশদ বিৱৰণ উপন্যাসখনৰ পাতে পাতে৷শিপাৰ সন্ধানত পঞ্জাৱত গৈ উপস্থিত হোৱা কাল্পনিক চৰিত্ৰ কুলদীপৰ জৰিয়তে এই সত্য কাহিনীবোৰৰ অনুসন্ধান চলোৱা হৈছে৷প্ৰকৃততে ইয়াত উপন্যাসৰ জৰিয়তে বুৰঞ্জীমূলক তথ্যৰ সমাবেশ ঘটোৱাৰ প্ৰচেষ্টা চলোৱা যেন অনুভৱ হ’ল৷এতিয়াও অসমীয়া শিখ সকলক আপোন বুলি নাভাবি পঞ্জাৱী বুলি জ্ঞান কৰা, এসময়ত লাইম লাইন ব্যৱস্থাৰ জৰিয়তে এই অসমীয়া শিখসকলকো বিদেশী জ্ঞান কৰা, বহু আন্দোলনৰ জৰিয়তেহে তাৰ পৰা পৰিত্ৰাণ পোৱা, অসমীয়া শিখসকলৰ নামত আবণ্টিত মাটি বেদখলকাৰীক উচ্ছেদ কৰিব নোৱাৰি সেই মাটিৰ পৰা বঞ্চিত কৰা আদি বহু ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে উপন্যাসখনৰ বিভিন্ন চৰিত্ৰৰ মাজেৰে৷
উপন্যাসখনৰ মূল নায়িকা কৰবীৰ ক্ষেত্ৰত কিছু অবিচাৰ কৰা যেন লাগিল৷যেন উপায়ন্তৰ হৈহে চৰিত্ৰটো সংযোজিত হৈছে৷
মধ্য অসমৰ গাওঁসমূহত প্ৰচলিত কিছু গাৱঁত কথিত শব্দই উপন্যাসখনৰ সৌষ্ঠৱ বঢ়াইছে৷এটা উদাহৰণ-“মীৰ মাহ“ অৰ্থাৎ ৰহৰ মাহ৷
উপন্যাসখনত কুলদীপৰ চৰিত্ৰৰ লগতে পাঠকলৈও কিছু প্ৰশ্ন ৰৈ যায়৷“যুদ্ধ কিয় হয়?যুদ্ধত কাৰ লাভ হয়?আদি আদি৷“
বুৰঞ্জীৰ যথেষ্ট তথ্যৰ উল্লেখ থাকিলেও লিখকৰ কল্পনা তথা কথনে পাঠকক আমনিদায়ক কৰি নোতোলে৷সেইবাবেই সাহিত্যত উপন্যাসখনৰ এক নিৰ্দিষ্ট মূল্য নিশ্চয়কৈ থাকিব৷