চন্দুক

লেখক- ধ্ৰুৱজ্যোতি অৰ্জুনা

ইউৰেকা!

 প্ৰচণ্ড শীতৰ মাজতো মোৰ দেহৰ মাজত গৰম স্ৰোত এটা বৈ গ’ল। অৱশেষত মোৰ অতবছৰৰ পৰিশ্ৰমে সফলতা লাভ কৰিলে। মেপখনত অংকিত কৰি থোৱা সেই বিশেষ ঠাইখনতে মই মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ আৱিষ্কাৰটো কৰিলোঁ।

  ( ১)

মই এজন পুৰাতত্ত্ববিদ। প্ৰাচীনতম সভ্যতা আৰু সংস্কৃতিৰ অজানা কথা আৰু চিহ্ন উদ্ধাৰ কৰি ফুৰাটোৱেই মোৰ নিচা। এসময়ত ই মোৰ পেছাও আছিল। দেশৰ পুৰাতত্ত্ব বিভাগত মই এক উচ্চপদস্থ বিষয়া আছিলোঁ। সেই বিভাগটোত চাকৰি কৰি থকা অৱস্থাত মই বহু খনন অভিযানৰ নেতৃত্ব দি দেশে-বিদেশে উচ্চ প্ৰশংসিতও হৈছিলোঁ। কিন্তু সঁচা কবলৈ গ’লে, এনে অভিযানবোৰে মোক সন্তুষ্টি দিব পৰা নাছিল। উচ্চ প্ৰশংসিত হ’লেও বহু সময়ত মই বহু তথ্য ইচ্ছাকৃতভাৱে ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব লগা হৈছিল। তেনে এক খননত মই এটা শিলৰ চাবি উদ্ধাৰ কৰিছিলোঁ। পোৰামাটিৰ ফলিৰ সৈতে সংলগ্ন হৈ থকা এই চাবিপাত প্ৰথম অৱস্থাত আমি কোনো প্ৰাচীন অক্ষৰ বুলিয়েই ভাবিছিলোঁ। ফলিখনত খোদিত ভাষাটো আমাৰ লিপি বিশেষজ্ঞসকলৰ বাবে দুৰ্বোধ্য আছিল। ভাৰতৰ বিভিন্ন ঠাইত উদ্ধাৰ হোৱা কোনো প্ৰাচীন লিপিৰ সৈতে এই লিপিৰ সাদৃশ্য নাই। বহু অধ্যয়ন আৰু গৱেষণাৰ অন্তত মই গম পাইছিলোঁ যে এই লিপিৰ সৈতে মধ্য এছিয়াৰ প্ৰাচীন লিপিৰ বহু মিল আছে। দহবছৰৰ পৰিশ্ৰম আৰু নিৰালস্য সাধনাৰ অন্তত মই ফলিখনত খোদিত থকা লিপিৰ পাঠোদ্ধাৰ কৰিবলৈ সক্ষম হ’লোঁ।

 “দেৱতা মিনক আহ্বান কৰা এই মন্ত্ৰ জপ কৰিলে যৌনতাত অপ্ৰতিৰোধ্য হৈ উঠি কোনো এজন ব্যক্তিয়ে চিৰযৌৱন লাভ কৰিব।”

 ফলিখন পঢ়িবলৈ লওঁতেই তাত লিখিত থকা এই শীৰ্ষ শাৰীটোৱে মোক আকৰ্ষণ কৰিলে।

“এই ফলিখনত সম্পূৰ্ণ মন্ত্ৰটোৰ অৰ্ধেক অংশহে আছে। মন্ত্ৰটোৰ বাকী অংশ পুতি থোৱা আছে পশ্চিম দিশৰ হিমালয়ৰ পশ্চিমত।”

 তাৰ ঠিক তলতে এই শাৰীটো লিখা আছিল। ইজিপ্তৰ সকলোতকৈ শক্তিশালী আমুনৰাৰ নামেৰে আৰম্ভ হোৱা মন্ত্ৰফাঁকি পঢ়ি মোৰ ওঁঠত এটা অনুকম্পাৰ হাঁহি বিৰিঙি উঠিছিল।

‘কি কি যে চিন্তা কৰিছিল সেইকালৰ মানুহে!’

মন্ত্ৰৰ দ্বাৰা যৌনতাৰ দৰে প্ৰাকৃতিক ঘটনাৰ ওপৰতো মানুহে নিয়ন্ত্ৰণ সাব্যস্ত কৰিবলৈ চেষ্টা কৰাটো মোৰ বাবে সৰ্বদা আমোদৰ বিষয়েই হৈ আহিছিল। কিন্তু ভাৰতত ইজিপ্তৰ সৈতে সাদৃশ্য থকা লিপিৰ উদ্ধাৰ মোক অতিশয় আকৰ্ষিত কৰিলে। আজিকোপতি এনে সাদৃশ্য পৰিলক্ষিত হোৱা নাই। কেইবাবাৰো মই উৰাই-ঘূৰাই পোৰামাটিৰ লিপিখনৰ লিখনি পঢ়িলোঁ সেয়া মোৰ হিচাপ নাছিল। লিপিখনৰ একেবাৰে তলত অতি ক্ষুদ্ৰ চিহ্নৰে লিখিত আছিল-“চিৰ যৌৱন লাভ কৰিবলৈ লিপিখনৰ সৈতে সংলগ্ন থকা চাবিটোৰে পুনৰ এটা চন্দুক খুলিব লাগিব।”

 লিপিখনৰ পিছফালে এখন ক্ষুদ্ৰ মেপ অঁকা আছিল। মেপখনক মই বিশেষ গুৰুত্ব নিদিলোঁ। হয়তো মন্ত্ৰটোৰ আন টুকুৰা ক’ত উদ্ধাৰ হ’ব সেই বিষয়ে লিখা আছিল।

তাৰ পিছতো দহবছৰ পাৰ হ’ল। ভাৰতত প্ৰাচীন ইজিপ্তৰ সদৃশ লিপিৰ উদ্ধাৰে বহু পুৰণি থিয়ৰীকে সলাই পেলালে। মই ব্যস্ত হৈ ৰব লগা হ’ল এই সন্দৰ্ভে অনুসন্ধান আৰু গৱেষণাত। পোৰামাটিৰ ফলিখন মোৰ বাবে এক প্ৰাচীন লিপিৰ বাদে অন্য কোনো বিশেষ গুৰুত্বপূৰ্ণ বস্তুও নাছিল। তন্ত্ৰ-মন্ত্ৰৰ দৰে কথাবোৰ মই এনেও বিশ্বাস কৰিব লগা বস্তু বুলি ভবাই নাছিলোঁ। কিন্তু এটা কথা স্বীকাৰ কৰিবই লাগিব ফলিখনৰ লিপি অধ্যয়নে মোক পৃথিৱীৰ বিদ্বান সমাজৰ মাজত এক পৰিচিত নাম কৰি তুলিলে।

 সময়ত মই অৱসৰো গ্ৰহণ কৰিলোঁ। ফলিখনৰ কথা মোৰ স্মৃতিৰ প্ৰায় পাহৰণিৰ গৰ্ভত লোপ হৈ গৈছিল। অৱসৰ গ্ৰহণ কৰাৰ পিছত মই অসমলৈ উভতি আহি তিনিচুকীয়াতে নিজা ঘৰ এটা সাজি তাতে জীৱনৰ বাকী দিনকেইটা পাৰ কৰি আছিলোঁ। কৰ্মব্যস্ততাৰ বাবে সংসাৰো কৰা নহ’ল। মোৰ ঘৰত এহাল আলধৰা মানুহ নিগাজিকৈ ৰাখি মই অধিক সময় ফুল আৰু কিতাপৰ মাজতে পাৰ কৰিবলৈ ল’লোঁ।

তেনে সময়তে বাতৰি কাকতত প্ৰকাশিত এটা বাতৰিয়ে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে।

‘মণিপুৰত মধ্য এছিয়াৰ প্ৰাচীন লিপি সদৃশ লিপিৰ উদ্ধাৰ।’

 বাতৰিটোৱে মোৰ স্মৃতিৰ পৰা ধূসৰ হৈ পৰা পোৰামাটিৰ ফলিখনৰ স্মৃতিক পুনৰ জাগ্ৰত কৰি দিলে। কথাবোৰৰ যেন ক’ৰবাত সংযোগ আছে। মই মোৰ সযতনে থোৱা এলবামটো খুঁচৰি পোৰামাটিৰ ফলিখনৰ ফটোবোৰ উলিয়াই পুনৰ অতি মনোযোগেৰে খুঁটিয়াবলৈ ধৰিলোঁ। অৱসৰৰ শেষ দিনটোত মই পোৰামাটিৰ ফলিখনৰ বহু ফটো তুলি আনিছিলোঁ। দৰাচলতে সেই দিনটোত মই ফলিখনৰ সৈতে এক আৱেগিক সম্পৰ্ক অনুভৱ কৰিছিলোঁ কাৰণ এই ফলিখনেই মোক নাম যশস্যা আনি দিছিল। ফলিখন যেন মোৰ পৰিচয় হৈ পৰিছিল।

 ফটোবোৰ ভালকৈ পৰীক্ষা কৰি মই শিঁয়ৰি উঠিলোঁ। তাৰ কাষৰ ফ্ৰেমৰ দৰে অংশবোৰত অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ অক্ষৰ লিখিত হৈ আছে।

মই সেই সময়ত কিয় মনোযোগ নিদিলোঁ এই কথাত?

মোৰ নিজৰ ওপৰতে ভীষণ ধিক্কাৰ ওপজিল। এই আখৰবোৰ খালী চকুৰে পঢ়িব নোৱাৰি। উত্তেজিত হৈ মই মোৰ লেপটপতো খুলি ল’লোঁ। তাতো ফলিখনৰ অসংখ্য ফটো সাঁচি থোৱা আছে।

 কিমান সময়!

কিমান সময় মই ফলিখনৰ ফটোবোৰত মজি ৰ’লোঁ মই কব নোৱাৰোঁ। যেতিয়া লেপটপটো বন্ধ কৰোঁ মোৰ মুখমণ্ডলত বিন্দু বিন্দু ঘামৰ কণিকা বিয়পি আছিল। ফলিখনত অংকিত মেপখনত নিৰ্দিষ্ট কৰি থোৱা ঠাইখন আছিল মণিপুৰৰ বুনিং নামৰ ঠাইখন। তাৰ ফ্ৰেমৰ দৰে অংশবোৰত খোদিত থকা আখৰবোৰ হ’ল মন্ত্ৰটোৰ অধ্যয়নৰ সময়ত প্ৰয়োজন হোৱা আসন, নক্সা আৰু নিয়ম সন্দৰ্ভে নিৰ্দেশনাৱলী।

কিয় জানো মোৰ এই মন্ত্ৰটো এবাৰ তাত উল্লিখিত নিয়মাৱলী অনুসৰণ কৰি ব্যৱহাৰ কৰি চাবলৈ মন গ’ল! কিন্তু ফলিখনত অৰ্ধেক মন্ত্ৰহে আছে। বাকী অৰ্ধেক মন্ত্ৰ থকা অংশটো মণিপুৰৰ বুনিঙৰ কোন স্থানত আছে সেই সম্পৰ্কে মই জ্ঞাত নহয়।

মোৰ বিশাল ঘৰটোত মোৰ আলধৰা কৰ্মচাৰীহালৰ বাদে অন্য কোনো নাথাকে। তাহাঁতৰ বাবে কম্পাউণ্ডৰ এটা চুকত মই সুন্দৰ কোৱাৰ্টাৰ এটাও সাজি দিছোঁ।

মোৰ বৰ মন গ’ল মন্ত্ৰটোৰ সত্যতা পৰীক্ষা কৰি চাবলৈ, যদিও জানো এনে কথাৰ কোনো সত্যতা নাই।

 মোৰ কোঠাৰ ভিতৰতে ফলিখনত লিখিত থকা নিয়মাৱলী মানি মই বহু প্ৰতীক চিহ্ন অংকিত কৰিলোঁ। তাত উল্লেখ থকাৰ দৰেই এটা♉ চিহ্ন আঁকি মই সম্পূৰ্ণ উলংগ হৈ তাৰ মাজত আসন মুদ্ৰাত বহিলোঁ। বয়সে ক্ৰমে ওলোমাই অনা মোৰ দেহৰ শীৰ্ণ চামৰা বোৰ দেখি মোৰ নিজৰেই হাঁহি উঠিল।

 আমুন ৰা!

 হুৱেন খেনে্মি এম্ আঁখ বাজ

 মেনেখ্ হিপু শাত্ এনি এম্ খেত্। …….

(আমুন ৰা। মোৰ পিতৃ, মোৰ প্ৰিয় উপাস্য, দুয়ো ভূমিৰ শাসনকৰ্তাই যেতিয়ালৈকে মোৰ প্ৰতি প্ৰিয় হৈ থাকে। মোৰ উশাহত সঞ্জীৱনী বৈ থাকিব।)

 দুচকু মুদি ধ্যানমগ্ন হৈ থকাৰ পিছতো মোৰ অনুভৱ হ’ল মোৰ চৌদিশে যেন এচাটি প্ৰচণ্ড ধূলিৰ বা-মাৰলী বলিছে। বালিৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণাই মোৰ গালত আহি সৰু সৰুকৈ কোবাই আছেহি। এই ধুমুহাজাকৰ সৈতে তাল মিলাই মোৰ শৰীৰৰ ভিতৰতো তেজবোৰেও যেন প্ৰচণ্ড গতিত মোৰ শিৰা উপশিৰাই বৈ গৈছে। মোৰ কঁকালৰ তলছোৱাত, ঠিক দুয়ো উৰুৰ মাজৰ সন্ধিত ক্ৰমে এক উষ্মা জাগ্ৰত হ’বলৈ ধৰিলে। এক অসহ্য পিৰপিৰণিয়ে মোক আমনি কৰি ৰ’ল।

শেষবাৰ এই পিৰপিৰণিৰ কেতিয়া অনুভৱ কৰিছিলোঁ মই পাহৰিলোঁ। কিন্তু তেতিয়া ই সিমান সুতীব্ৰ নাছিল। …..

  ( ২ )

 সেই নিশাটোৰ পিছত মোৰ চৌদিশৰ পৃথিৱীখনৰে যেন পৰিৱৰ্তন ঘটিল। সত্তৰ বছৰ বয়সত বুঢ়া গছে কুঁহিপাত মেলাৰ দৰে মোৰ দেহৰ ওলমি যোৱা মাংসবোৰ অৱলীলাক্ৰমে পুনৰ যেন সতেজ হৈ আহিবলৈ ধৰিলে। মোৰ শৰীৰৰ চামৰাও ক্ৰমে কোনো যুৱকৰ দেহৰ চামৰাৰ দৰে পুনৰ নিমজ হ’বলৈ ধৰিলে। এই অস্বাভাৱিকতা যাতে মানুহৰ চকুত ধৰা নপৰে তাৰ বাবে মই মোৰ ঘৰৰ চৌহদৰ পৰা ওলাই যাবলৈকে প্ৰায় বাদ দিয়াৰ দৰে হ’ল। জগত আৰু মালতী মানে মোৰ আলধৰা দম্পতীহালৰ চকুতো যাতে মোৰ শৰীৰৰ এই পৰিৱৰ্তন ধৰা নপৰে তাৰ বাবেও মই সাৱধান হ’লোঁ। বজাৰ সমাৰকে ধৰি বাহিৰৰ সকলো দৈনন্দিন কাম-কাজ মই জগতৰ হাতত এৰি অধিক সময় মই নিজৰ কোঠাতে পাৰ কৰিবলৈ ধৰিলোঁ। মালতীয়ে আহি মোক প্ৰয়োজনীয় বয়-বস্তুৰ যোগাৰ দি যায়। দৰাচলতে মই মালতীক মোৰ কাষত অধিক সময় বিচৰা হ’লোঁ। তাই মোৰ কাষত থাকিলে মোৰ ভাল লগা হ’ল। তাই মোৰ কোঠাটো পৰিপাটি কৰি থাকোঁতে মই প্ৰায়ে তাৰ সুগোল নিতম্ব আৰু পিন্নোনত বক্ষলৈ চুৰকৈ চাই ৰওঁ।

মোৰ পিৰপিৰণিটো তেনে সময়ত বাঢ়ি আহে।

 এই পিৰপিৰণিটো মোৰ বাবে অশান্তিৰ উৎস হৈ পৰিছে। যৌৱন কালত মই ইয়াৰ বিশেষ অনুভৱেই কৰা নাছিলোঁ। সেই সময়ত গৱেষণা, অনুসন্ধানত মজি থাকোঁতে ইয়াক অনুভৱ কৰাৰ বিশেষ সুবিধাই নাপালোঁ। আজিকালি নিশাবোৰত অকলশৰে শুই থাকোঁতে মোৰ মনোজগত মালতীৰ সুশোভিত দেহবল্লবীৰে অধিকাৰ কৰি ৰাখে।

মই জানো এয়া পাপ!

এয়া মালতীৰ প্ৰতি মোৰ অহেতুক লালসা!

কিন্তু মোৰ দেহত নতুনকৈ বিয়পি পৰা পিৰপিৰণিটোৱে মোক শান্তি নিদিয়ে। মোৰ নাম, যশস্যা সকলো চাই মই এই বয়সত বেশ্যাগমন কৰাটোও যুক্তিযুক্ত নহ’ব। তাতে এই সত্তৰ বছৰ বয়সত মোৰ নিজৰে পুৰুষত্বৰ ওপৰত সন্দেহ আছে। মানসিক ভাবাৱেগ কুৰিবছৰীয়া যুৱকৰ দৰে হৈ পৰিলেও মই সত্তৰোৰ্ধৰ বৃদ্ধ।

 এই বয়সত ইন্দ্ৰিয়বোৰেও অসহযোগ কৰে।

 শুই ৰোৱাৰ পৰা মই জাঁপ মাৰি উঠিলোঁ। মোক সম্পূৰ্ণ যৌৱনৰ প্ৰয়োজন। কাম আৰু গৱেষণাত মই যি সোৱাদ পোৱাৰ পৰা বঞ্চিত হৈ থাকিলোঁ সেই সোৱাদ মোক লাগে।

মই চাকি চাব খোজোঁ সেই নিষিদ্ধ সোৱাদ।

মই উপভোগ কৰিব খোজোঁ সেই প্ৰাচীনতম অনুভূতিক।

হেৰুৱা সময়ক ঘূৰাই অনাৰ মন্ত্ৰটো মোক সম্পূৰ্ণকৈ প্ৰয়োজন।

কঁপা কঁপা হাতেৰে লেপটপটো অন কৰি মই পাগলৰ দৰে পুনৰ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলোঁ পোৰামাটিৰ ফলিখনত খোদিত প্ৰতিটো শব্দ। প্ৰতিটো আখৰ তথা মেপখন। কিছুসময়ৰ অন্তত মই মেপখন সম্পূৰ্ণকৈ পঢ়িবলৈ সক্ষম হ’লোঁ। মন্ত্ৰটোৰ অৱশিষ্ট অংশটো কোন স্থানত আছে সেয়া এতিয়া মোৰ জ্ঞাত।

  ( ৩ )

বিপদসংকুল, দুৰ্গম স্থানটুকুৰালৈ মোক অকলে যাবলৈ দিবলৈ কোনোৱেই সন্মত হোৱা নাছিল। বহু বুজনিৰ অন্ততহে সকলোকে মই সৈমান কৰিছোঁ। তেওঁলোকক কথা দিছোঁ এয়াই মোৰ জীৱনৰ শেষ অভিযান হ’ব। সত্তৰ বছৰ বয়সত মই অভিযান চলাবলৈ লোৱা কামটো মই যথাসম্ভৱ গোপন কৰি ৰাখিবলৈ তেওঁলোকক অনুৰোধ জনালোঁ। মই এটা গোকাট ফাঁকি মাৰিলোঁ যে এই অভিযানটো ইতিহাসৰ বাবেই ভীষণ প্ৰয়োজনীয়। অভিযানটোত ওলোৱাৰ পূৰ্বে মই মোৰ আলমিৰাৰ গোপন স্থানত সযতনে লুকুৱাই থোৱা সম্পদটোও লগত বান্ধি ল’লোঁ। অৱসৰৰ আগদিনা তাক মই সংগ্ৰহ কৰিছিলোঁ। পোৰামাটিৰ ফলিখনৰ সৈতে সংযুক্ত থকা শিলৰ ছাবিটো মই চুৰ কৰি লৈ আনিছিলোঁ তাৰ প্ৰকৃত স্থানৰ পৰা। কিয় জানো চাবিপাতৰ প্ৰতি মোৰ এটা মোহ জন্মিছিল। সেয়ে তাৰ এটা হুবহু নকল চাবি সাজি মই আচল চাবিপাত চুৰ কৰি লৈ আহিছিলোঁ। এয়া এক অক্ষমনীয় অপৰাধ আছিল যদিও সেই বিষয়ে মোৰ কোনোদিন বিবেক দংশন হোৱা নাই। পোৰামাটিৰ ফলিখনত লিখা মতে মন্ত্ৰটোৰ বাকী অংশ উদ্ধাৰ কৰাৰ পিছত এই চাবিপাতৰ গুৰুত্ব আছে।

 মেপত উল্লেখ থকা অংশটো মণিপুৰৰ বুনিঙৰ এটা সৰু পাহাৰ অঞ্চল। তাৰ তিনি নম্বৰ পাহাৰটোৰ দক্ষিণ দিশত এটা সৰু গুহা আছে। সেই গুহাটোতে আছে মোৰ পৰম আকাংক্ষিত সম্পদটো। মোৰ যৌৱন পুনৰুদ্ধাৰৰ সঁচাৰ কাঠি। এইটো উদ্ধাৰ কৰাৰ পিছৰ সময়ছোৱাৰ পৰিকল্পনা মই ইতিমধ্যে কৰিয়েই থৈছোঁ। যৌৱন লাভ কৰাৰ পিছত মই পুনৰ নিজৰ ঘৰলৈ ঘূৰি যোৱাৰ অৰ্থই হ’ব মোৰ সকলো কাৰ্যকলাপ লোকচক্ষুৰ সন্মুখলৈ লৈ অনা। মোৰ সাঁচতীয়া সকলো টকা-পইছা গোটাই মই ইতিমধ্যে দুটা চুটকেচত ভৰাই মই লগত লৈ আনিছোঁ। তিনিচুকীয়াৰ ঘৰতো মই মনে মনে জগত আৰু মালতীৰ নামতে উইল কৰি থৈ আহিছোঁ। যথেষ্ট টকা-সিকা খৰচ কৰি দালালৰ যোগেদি মই ইতিমধ্যে নতুন নামৰ পৰিচয়পত্ৰও সাজু কৰি লৈ আহিছোঁ। ইয়াৰপৰা ওলটি গৈয়ে মই সেই নতুন পৰিচয়তো গ্ৰহণ কৰি কোনো অচিন দুৰণিৰ ঠাইলৈ গুছি যাম। মানুহে ভাবিব অচিন ঠাইত পাহাৰৰ কোনো দুৰ্গম অঞ্চলত মোৰ মৃত্যু হ’ল।

মই মোৰ পুনৰোলব্ধ যৌৱনটোক হেঁপাহ পলুৱাই উপভোগ কৰিম।

 ( ৪ )

 শীতৰ নিশাটোত মই উপস্থিত হ’লোঁহি পোৰামাটিৰ ফলিখনৰ মেপত উল্লেখ থকা নিৰ্দিষ্ট পাহাৰটোত। মোৰ অনুমান সঠিক আছিল। পাহাৰটোৰ দক্ষিণ দিশত এটা সৰু গুহা আছে। গুহাটোলৈ আজিকোপতি যে কোনো মানুহ অহা নাই সেয়া তাৰ সৰু ঠেক মুখখনেই প্ৰমাণ কৰে। এজন পুৰাতত্ত্ববিদ ৰূপে মই এনে ক্ষেত্ৰত বহু বৰ্ষৰ অভিজ্ঞতাৰে সমৃদ্ধ। এই অভিজ্ঞতাক সাৰথি কৰিয়েই মই গুহাটোলৈ প্ৰৱেশৰ পথটো অকলেই মুকলি কৰিবলৈ আৰম্ভ কৰি প্ৰায় মাজনিশাৰ ওচৰে-পাজৰে গুহাটোৰ ভিতৰলৈ সোমাবলৈ সক্ষম হ’লোঁ। এটা চিনাকি পুৰণা ভেঁকুৰ মিশ্ৰিত গোন্ধ মোৰ নাকেৰে সোমাই আহিল। গুহাটোত বাস কৰা বাদুলীবোৰৰ বিষ্ঠাৰ পঁচা গোন্ধ। আচম্বিতে গুহাটোৰ ভিতৰত মানুহ প্ৰৱেশ কৰাৰ উমান পাই বাদুলিবোৰে কোঢ়াল কৰি উঠিল। তাহাঁতে গুহাটোৰ পৰা বাহিৰলৈ উৰি যাবলৈ খদমদম লগালে। হেডলেম্পটো অন কৰি মই গুহাটোৰ দেৱাল কেইখন অতি মনোযোগেৰে পৰীক্ষা কৰিবলৈ ধৰিলোঁ। কোন স্থানত লুকুৱাই থোৱা আছে মোৰ পৰম ইস্পিত সম্পদ?

 বহু সময় পৰীক্ষা কৰাৰ অন্তত গুহাটোৰ দেৱালৰ এক বিশেষ অংশত মোৰ দৃষ্টি নিৱদ্ধ হৈ ৰ’ল। ইজিপ্তিয়ান আঁখৰ দৰে এক প্ৰতিকৃতি গুহাটোৰ দেৱালত জিলিকি আছে। সাধাৰণ দৃষ্টিত সেয়া গুহাটোৰ দেৱালৰ শিলৰ অংশ যেন লাগিলেও সেয়া যে মানৱ নিৰ্মিত সেয়া বুজিবলৈ মোৰ দৰে অভিজ্ঞজনৰ অসুবিধা নহ’ল। আঁখটো আমাৰ প্ৰাচীন ঋষিসকলে ব্যৱহাৰ কৰা দণ্ডিকাৰ দৰে। দণ্ডিকাৰ ওপৰ অংশটো অৰ্ধচন্দ্ৰাকাৰ হোৱাৰ বিপৰীতে ইয়াত এক গোল অংশ থাকে। এই গোল অংশটোৱে জীৱন সূচায়। মন্ত্ৰটোৰ বাকী অংশ এই গোল অংশটোতে যে থাকিব সেয়া মই নিশ্চিত। মই শিলৰ দেৱালখনৰ সেই অংশটো হাতৰ চিপৰাংখনেৰে টুকুৰিয়াই চালোঁ। মই অনুমান কৰাৰ দৰেই সেই অংশটো ফোঁপোলা।

 উৎসাহ আৰু আনন্দৰ আতিশয্যৰে মই হাতৰ চিপৰাংখনেৰে সেই অঞ্চলটোত জোৰেৰে কোব দিলোঁ। শিলৰ দেৱালৰ সেই অংশটো খঁহি পৰিল। এটা শিলৰ চেল্ফত সযতনে সজাই থোৱা আছে এটা শিলৰ চন্দুক। কিমান হাজাৰ বছৰ ই এনেকৈয়ে ৰৈ আছে মোৰ বাবে। মই আলফুলে চন্দুকটো তুলি আনিলোঁ। এইটো খুলিবলৈকে মই লগত লৈ অনা শিলৰ চাবিটোৰ প্ৰয়োজন। খৰধৰকৈ মই চন্দুকটোত চাবিটো সংযোগ কৰিলোঁ। খুটকৈ এটা সৰু শব্দ কৰি চন্দুকটো মেল খাই গ’ল। তাৰ ভিতৰত হাজাৰ হাজাৰ বছৰ ধৰি শুই আছে এখন পোৰামাটিৰ ফলি।

 গুহাটোৰ ভিতৰতে মই প্ৰয়োজনীয় নক্সাকেইটা আঁকি ফলিখন হাতত লৈ উচ্চস্বৰত মন্ত্ৰটো সম্পূৰ্ণ কৰিলোঁ। প্ৰতিটো আৱাহনত মই অনুভৱ কৰিলোঁ মোৰ শৰীৰৰ ভাগৰবোৰ ক্ৰমান্বয়ে কমি আহিছে। এটা নতুন শক্তি স্ৰোত যেন মোৰ শৰীৰৰ মাজত দৌৰিবলৈ ধৰিছে।

 ( ৫ )

 ঘপহকৈ মোৰ দুচকু মেল খাই গ’ল। কিযে দুঃস্বপ্ন দেখিছিলোঁ। এই বয়সতো কোনোবাই এনে এডভেঞ্চাৰযুক্ত সপোন দেখেনে? সপোনটো মনত পৰি মোৰ নিজৰে হাঁহি উঠিল। মই মোৰ ৰুমৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰৰ লনখনত মোৰ খোঁজ কাঢ়িবলৈ মন গ’ল। লনখনৰ লগালগিকৈ জগত আৰু মালতীৰ কোৱাৰ্টাৰটো। মালতীৰ কথা মনত পৰাৰ লগে লগেই মোৰ সপোনত অনুভৱ কৰা পিৰপিৰণিটো বাস্তৱত অনুভূত হ’ল। টোপনিত লালকাল দি শুই থকা মালতীক এবাৰ চাবলৈ মোৰ বুকুত এটা হেঁপাহ জাগি উঠিল। মই ধীৰে ধীৰে নিঃশব্দে তাহাঁতৰ কোৱাৰ্টাৰটোলৈ সোমাই গ’লোঁ। মোৰ অনুমান সঠিক আছিল। শোৱনি কোঠাটোত জগত আৰু মালতী গভীৰ টোপনিত মগ্ন হৈ আছে। টোপনিৰ আৱেশত মালতীৰ দেহৰ কাপোৰ কানিবোৰো অ’ত ত’ত সিঁচৰিত হৈ তাইৰ উদ্ভিন্ন যৌৱনক অধিক প্ৰকট কৰি তুলিছে। মই বহুদেৰি তাইকে চাই ৰ’লোঁ। মোৰ পিৰপিৰণিটো হঠাৎ বাঢ়ি আহিল। বুকুৰ মাজতো মই অনুভৱ কৰিলোঁ কাহানিও অনুভৱ নকৰা এটা প্ৰচণ্ড ধপধপনি। জগতলৈ চালোঁ। সি টোপনিত মোৰ উপস্থিতিও গম পোৱা নাই। মই মালতীৰ দেহত হাত ফুৰালোঁ। শুনামতে নাৰীয়ে পৰপুৰুষৰ দৃষ্টিকো অনুভৱ কৰে। মালতীয়ে কিন্তু মোৰ স্পৰ্শ অনুভৱ কৰাৰ কোনো লক্ষণেই নেদেখালে। জগতেহে টোপনিতে সামান্য লৰচৰ কৰাটো মোৰ বুকুত হঠাৎ এটা ভয় জাগ্ৰত হ’ল। মই কেতিয়া জগতৰ ডিঙিটো টিপি ধৰিলোঁ মোৰ মনত নাই। জগত নিঠৰ হৈ পৰি ৰোৱাত মোৰ মুখত তৃপ্তিৰ হাঁহি এটা বিৰিঙি উঠিল। মই মালতীৰ কাষত শুই পৰিলোঁ।

মোক পিৰপিৰণিটোৰ পৰা মুক্তি লাগে।

কিমান সময় পাৰ হ’ল মই কব নোৱাৰোঁ। বিছনাখনত জেকা ভাব এটা হাতত লগাতহে মই সম্বিত ঘূৰাই পালোঁ। মালতীলৈ চাই মই চক খাই উঠিলোঁ। এটা চেপা আৰ্তনাদ মোৰ মুখেৰে নিৰ্গত হ’ল। তেজৰ ডোঙা এটাৰ মাজত মালতী নিথৰ হৈ পৰি আছে। তাইৰ মুখত শেষ সময়ৰ প্ৰচণ্ড যন্ত্ৰণাৰ চিন।

আস্।

মই তাইক ধৰ্ষণ কৰি হত্যা কৰিলোঁ।

মই অপৰাধী। সত্তৰ বছৰ বয়সত মই এটা জঘন্য অপৰাধ সংঘটিত কৰিলোঁ। নিজৰ ওপৰতে মোৰ প্ৰচণ্ড ঘৃণা উপজিল।

 হতাশা আৰু নিজৰ ওপৰতে ওপজা প্ৰচণ্ড ঘৃণাত মই দগ্ধ হৈ মালতীৰ মৃতদেহৰ সমীপৰ পৰা দৌৰি ওলাই আহিলোঁ। মই জীয়াই থকাৰো যোগ্য নহয়। নিজকে নিঃশেষ কৰি দিম মই।

টেবুলত পৰি থকা চুৰীখন আঁজুৰি আনিবলৈ গৈ তাত সজাই থোৱা পেপাৰখনত মোৰ চকু পৰিল। পেপাৰ খনৰ হেডলাইনত লিখা আছে –

দুৰ্গম অঞ্চলত জৰীপ চলাবলৈ গৈ নিহত প্ৰখ্যাত পুৰাতত্ত্ববিদ দিগন্ত হাতীবৰুৱা।

 চুৰীখন ধৰিবলৈ গৈ মই ব্যৰ্থ হোৱাৰ কাৰণটো মোৰ এতিয়াহে উপলদ্ধি হ’ল। গুহাটোত মই আৱাহন কৰা মন্ত্ৰৰ পাছৰ সময়ত ঘটা ঘটনাপ্ৰৱাহ মোৰ হঠাতে মনত পৰি গ’ল। মন্ত্ৰটোৰ বাকী অংশটো উৎসৰ্গিত কৰা হৈছিল মৃত্যুদ্বাৰৰ ৰক্ষী দেৱতা অনুবিছ আৰু যৌনতাৰ দেৱতা মিনৰ নামত। অনুবিছৰ সমীপত নিজৰ আত্মাক বন্ধকত থলেহে যৌনতাৰ দেৱতা চিনে শক্তি প্ৰদান কৰে। দুচকু মুদি মই মনত পেলাবলৈ চেষ্টা কৰিলোঁ পোৰামাটিৰ ফলিখনৰ পিছফালে লিখিত থকা সতৰ্কবাণী

 “এই মন্ত্ৰ আহ্বান কৰিলে আহ্বানকৰ্তাই প্ৰচণ্ড যৌনক্ষমতা লাভ কৰে, যদিও তেওঁ মৃত্যুদেৱতাৰ দাস হৈ পৰে। তেওঁৰ আত্মাক অনুবিছে শৰীৰৰ পৰা মুক্ত কৰি তাৰ ভোক পলুৱাবলৈ পৃথিৱীৰ মাজত এৰি দিয়ে। সহস্ৰ বৰ্ষৰ অন্তত অথবা ভোক সমাপ্ত হোৱাৰ পিছতহে সেই আত্মাই নৰকত অনন্ত কালৰ বাবে অনুবিছৰ দাস হৈ তেওঁৰ প্ৰতিটো নিৰ্দেশ পালন কৰি ৰয়।”

 যৌৱন পুনৰুদ্ধাৰৰ বাসনাত মই দৰাচলতে নিজকে অনুবিছৰ হাতত বন্ধক দিলোঁ। মোৰ মনত পৰিল মন্ত্ৰোচ্চাৰণৰ শেষ কালত মই মূৰত এক প্ৰচণ্ড প্ৰহাৰৰ বিষ অনুভৱ কৰিছিলোঁ। অনুবিছে মোৰ শৰীৰৰ পৰা আত্মাক মুক্ত কৰি দিছিল। আচৰিত ধৰণে ইমান দুখৰ মাজতো মই পুনৰ শৰীৰৰ ভোক অনুভৱ কৰিবলৈ ধৰিলোঁ। দূৰণিৰ জোনাকী পৰুৱাৰ দৰে পোহৰ হৈ থকা ঘৰবোৰে মোৰ দৃষ্টি আকৰ্ষণ কৰিলে।

 সেই ঘৰবোৰতেই কোনোবা সুন্দৰী নাৰীৰ হয়তো মই সন্ধান পাম।

মোক মুক্তি লাগে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!