"চম্পাৱতী আৰু অনেক সাধু" শীৰ্ষক কাব্য সংকলনখনৰ এটি চমু আলোচনা
লেখক- কলচুম বিবি
‘যদি’, ‘তেজীমলা আৰু অন্যান্য কবিতা’ শীৰ্ষক কাব্য সংকলন দুখনৰ পিছতে নূপুৰ হাজৰিকাৰ নৱতম কাব্য সংকলন হৈছে ‘চম্পাৱতী আৰু অনেক সাধু’। শংকৰদেৱ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত সংকলনখনত ৫০ টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। ২০২২ বৰ্ষৰ শেষৰফালে প্ৰকাশিত সংকলনখনৰ কবিতাসমূহৰ ভাষা প্ৰাঞ্জল যদিও গভীৰ অৰ্থ বহন কৰিছে। কাব্যিক অলংকাৰ প্ৰয়োগত কবিক বৰ বেছি গুৰুত্ব দিয়া দেখা নাযায় যদিও কাব্যিক ব্যঞ্জনা সুন্দৰকৈ প্ৰকাশ পোৱা প্ৰায়ভাগ কবিতাত নাটকীয় তথা আভ্যন্তৰীণ স্বগতোক্তিৰ প্ৰয়োগ, লোকসমাজৰ বিভিন্ন সমল গ্ৰহণ আদি উল্লেখযোগ্য বৈশিষ্ট্য ফুটি উঠিছে।
“বাস্তৱবিমুখ নহওঁ মই, অথচ মোৰ বাস্তৱৰ ছবিবোৰো গৈ গৈ সাধুৰ পৃথিৱীত শাৰী পাতে। কোনো হয়গৈ তেজীমলা, কোনো কাঞ্চনমতী বা চম্পাৱতী…। মোৰ ভিতৰত মিলি যোৱা কোনোবা এজনী।
সেয়ে মোৰ কবিতাবোৰ থূপ খুৱাই ‘চম্পাৱতী আৰু অনেক সাধু’ নাম দিয়া হৈছে।” পাতনিত লিখা শিৰোনাম সম্পৰ্কীয় এই কথাখিনিৰ দ্বাৰা কবি নূপুৰ হাজৰিকাৰ মনৰ গভীৰতা উপলব্ধি কৰিব পাৰি। তেওঁৰ বাবে এই ঘটি থকা সকলোবোৰ ঘটনাই অলৌকিক নহয় যদিও একো একোটা সাধুৱেই। তেওঁৰ অনুভৱী মনটো আৰ্তজনৰ দুখত দুখী, পুৰুষতান্ত্ৰিক মানসিকতাৰ বলি হোৱা নাৰী, যিসকলক তেওঁ কেতিয়াবা তেজীমলা, কেতিয়াবা চম্পাৱতী নাম দিছে সেইসকল নাৰীৰ মুক্তি তথা পোহৰৰ পথ বিচাৰি যদি কেতিয়াবা হাহাকাৰ কৰিছে, কেতিয়াবা শ্ৰেণী বৈষম্য, বৰ্ণ বৈষম্য তথা সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হোৱাসকলৰ হৈ প্ৰতিবাদ কৰিছে। কেতিয়াবা শ্ৰমিকৰ দুৰ্দশাগ্ৰস্ত জীৱনৰ উন্নতিৰ হকে মাত মাতিছে আৰু কেতিয়াবা ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। কবি আধুনিক আৰু উত্তৰ আধুনিক চিন্তা চেতনাৰে পৰিপুষ্ট। অৱশ্যে তেওঁৰ ‘চম্পাৱতী আৰু অনেক সাধু’ত নব্য ৰোমাণ্টিক ভাবধাৰাই খোপনি পোতা দেখিবলৈ পোৱা গৈছে। সাধাৰণ বিষয় এটাক সহজ-সৰল শব্দৰে উপস্থাপন কৰা তেখেতৰ কবিতাসমূহত স্বপ্ন দৰ্শন, যাদু বাস্তববাদ, চেতনাস্ৰোত পদ্ধতিৰ প্ৰয়োগেৰে ৰাজনৈতিক চেতনা, সামাজিক চেতনা, অৰ্থনৈতিক চেতনা, নাৰী মনস্তত্ব, নিম্নবৰ্গীয় চেতনা আদি প্ৰকাশ পাইছে। লোক কবিতাৰ আৰ্হি তথা লোক সমাজত প্ৰচলিত একো একোটা সাধুৰ একো একোটা চৰিত্ৰক তেওঁ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰিছে। কবিতাসমূহত প্ৰতীক, চিত্ৰকল্প, লোক সমাজত প্ৰচলিত চহা শব্দ আদিৰ সুব্যৱহাৰ মনকৰিবলগীয়া।
‘নিমখ’ কবিতাটিৰে আৰম্ভ হোৱা সংকলনখনৰ প্ৰায়সংখ্যক কবিতা শ্লেষাত্মক। তীৰ্যক ভাষাৰ প্ৰয়োগেৰে কথোপকথন শৈলীত ৰচিত কবিতাটিত দুগৰাকী নাৰীৰ চিত্ৰ প্ৰতিফলিত হৈছে। প্ৰথমগৰাকী নিম্নবৰ্গীয় শ্ৰেণীৰ প্ৰতিনিধি। আনগৰাকী উচ্চ শ্ৰেণীৰ প্ৰতিনিধি। দুয়োৰে মাজত শ্ৰেণীগত পাৰ্থক্য আছে যদিও দুয়ো পুৰুষতান্ত্ৰিক মানসিকতাৰ ভুক্তভোগী। কবিতাটি আৰম্ভণি ঘটিছে স্বগতোক্তিৰ দ্বাৰা। সংলাপধৰ্মী ভাষা ব্যৱহাৰ কৰা বক্তাই কৈছে-“চাহ শেষ/দিদিয়ে ক’লে, আপোনাৰ চকুহালি উখহিছে দেখোন/মই ক’লোঁ, তোমাৰ চকু গাঁতত/দুইজনীয়ে হো-হোৱাই হাঁহিলোঁ।” এই উক্তিফাঁকিৰ দ্বাৰা নাৰীমনৰ যন্ত্ৰণা সহজে অনুভৱ কৰিব পাৰি। ‘ফিকা গল্প’, ‘নিমখীয়া কাহিনী’ আদি আলংকাৰিক বাক্য প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে।
ৰাজনৈতিক চেতনা প্ৰকাশিত ‘আকৌ এবাৰ’ শীৰ্ষক কবিতাটি তীব্ৰ শ্লেষাত্মক। তীক্ষ্ণ বক্ৰোক্তিৰে কবিয়ে নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে জনতাক ঠগোৱা জননেতা আৰু সেই প্ৰতিশ্ৰুতিত ভোল যোৱা জনতাৰ চিত্ৰ এখন অংকন কৰিছে। কবিতাটি স্বগতোক্তিৰ বাহিৰেও সদৃশ শব্দৰ লগতে সদৃশ বাক্যৰ ব্যৱহাৰ হৈছে। উদাহৰণস্বৰূপে,”পাই যাব পাই যাব/হৈ যাব হৈ যাব/গান/শ্লগান/জাপ জাপ জাপ/ নাচ নাচ নাচ/ৰাইজ, আকৌ এবাৰ আকৌ এবাৰ” উল্লেখযোগ্য। কবিতাটিত মনেশ্বৰ, তৰামাই নামবাচক শব্দ মনকৰিবলগীয়া। প্ৰতীকী অৰ্থত ব্যৱহৃত নাম দুটি খাটি খোৱা শ্ৰেণীৰ প্ৰতিনিধি, -“নাচ অ তৰামাই/পেটত টোপোলাৰ কৰ্কৰা/এঢোক চেঁচাপানীৰ বল/ দেখা নাই ৰজাই, নাচ।”
প্ৰথম পুৰুষত ৰচিত ‘এন্ধাৰৰ তৰা’ শীৰ্ষক কবিতাটিত বক্তা নিম্নবৰ্গীয় শ্ৰেণীৰ প্ৰতিনিধি। বক্তাক অভাৱ-অনাটনে জুৰুলা কৰিছে। জীৱন সংগ্ৰাম তথা বিষাদগাথা প্ৰকাশ কৰি বক্তাই কৈছে-“মাটিৰ এচাকি পোহৰেৰে ৰাতিটো নাকাটে প্ৰভু/ৰাতি নুপুৱালৈকে বেৰৰ জলঙাত চকু থৰ/ এচাকি তেলেৰে জীৱনটো নোজোৰে।” সেইবুলি বক্তা হতাশাত ভাগি পৰা নাই। বৰঞ্চ তেওঁ পোহৰৰ আশাত ৰৈ আছে।
নাটকীয় স্বগতোক্তি ব্যৱহৃত ‘ক’লৈ নিবি প্ৰভু’ শীৰ্ষক কবিতাটি ক’ভিড কালত ৰচিত। দূৰ-দূৰণিত কৰ্মৰত শ্ৰমিকসকলৰ তলা-বন্ধৰ সময়ত ঘৰলৈ কৰা উভতনি যাত্ৰাত যি বিলাই-বিপত্তি হৈছিল, সেয়া অতি জীৱন্ত ভাষাৰে কবিতাটিত উপস্থাপন কৰা হৈছে। শ্ৰমিক শ্ৰেণীৰ প্ৰতিনিধি বক্তাই কৈছে-“দীঘল বাটবোৰত/আমি গৰু গাড়ীৰ বলধ হ’লোঁ/ঘোঁৰাবাগীৰ ঘোঁৰা হ’লোঁ/ধোবাৰ গাধ/ৰেলৰ চিৰি হৈ চিৎ হৈ পৰি ৰ’লোঁ।” কবিতাটিত সদৃশ শব্দ তথা বাক্যৰ লগতে প্ৰত্যক্ষ উক্তি, উপমা আদি মন কৰিবলগীয়া। প্ৰতীকী অৰ্থত ব্যৱহৃত শিলৰ বৰ্ম, শীতল পাটী, সুদৃঢ় দুৰ্গ আদিয়ে গভীৰ অৰ্থ বহন কৰিছে।
ৰোমাণ্টিক যুগে কেতিয়াবাই অসমীয়া সাহিত্যৰপৰা বিদায় লৈছে যদিও সাম্প্ৰতিক সময়ত উত্তৰ আধুনিক যুগ চলি থকাৰ সময়তে নব্য ৰোমাণ্টিকতাবাদ কেইবাগৰাকী কবিৰ কবিতাত উপলব্ধ হৈছে। কবি নূপুৰ হাজৰিকা ইয়াৰ ব্যতিক্ৰম নহয়। তেখেতৰ কেইবাটাও কবিতাত নব্য ৰোমাণ্টিক ভাবধাৰাই ভুমুকি মাৰিছে। ‘প্ৰতিশ্ৰুতি’, ‘এয়া কি হ’ল’, ‘বৰষুণ’, ‘বন তুলসীৰ গোন্ধ’, ‘বগা ভেঁটফুলবোৰ’, ‘তুমি ক’লে’, ‘এনেকৈ কি ক’লা?’, ‘চৰাইৰ মাতেৰে’ ইত্যদি ৰোমাণ্টিক ভাবধাৰা প্ৰতিফলিত কবিতাসমূহ উত্তৰ আধুনিক শৈলীত ৰচিত। ‘প্ৰতিশ্ৰুতি’ত বক্তা আৰু তেওঁৰ প্ৰিয়জন দুয়ো দুয়োৰে পৰা দূৰৈত আছে যদিও ইজনে সিজনক দিয়া কথামতেই ৰৈ আছে-” মই বাট চাম/জোনটো নামি নহালৈকে”-তই কৈছ।”
ইয়াতো কবিয়ে প্ৰত্যক্ষ উক্তিৰ লগতে চিত্ৰকল্প আৰু প্ৰতীকী শব্দ ব্যৱহাৰ কৰিছে। প্ৰথম পুৰুষত ৰচিত ‘এয়া কি হ’ল’ শীৰ্ষক কবিতাটিত বক্তাৰ মনৰ চঞ্চলতা আৰু বিষাদ প্ৰকাশ পাইছে। ‘বন তুলসীৰ গোন্ধ’ত লোকসাধু ‘চম্পাৱতী’ৰ মূল চৰিত্ৰ চম্পাৱতী আৰু অজগৰক প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰা হৈছে। স্মৃতি কাতৰতা প্ৰকাশিত কবিতাটিত ৰিণি ৰিণি বৈ আছে প্ৰেমৰ সুৰ। স্মৃতিকাতৰতা প্ৰকাশিত আন এটি কবিতা হৈছে ‘বৰষুণ’। বিবাহ স্থিৰ হোৱাত বক্তাৰ পিতৃ-মাতৃ হ’ব লগা বিচ্ছেদৰ বাবে আবেগিক হৈ পৰিছে আৰু বক্তা উভতি গৈছে শৈশৱলৈ। ‘গুম গুম’ ‘ঝুম ঝুম’, ‘জাক জাক’ আদি সদৃশ শব্দ, ‘ভেকুলীৰ বিয়ানাম’, ‘শুকান খাল’ আদিয়ে কবিতাটিৰ কাব্যিক সৌন্দৰ্য বৃদ্ধিত সহায় কৰিছে। ‘বৰাগী বসন্ত মন ব’ৰাগী’, ‘চৰাইৰ মাতেৰে’ আৰু ‘কোনেও নোকোৱা কথাটো তই ক’ শীৰ্ষক কবিতা তিনিটি লোক কবিতাৰ আৰ্হিত নিৰ্মিত। কবিতাকেইটি লোকবিশ্বাস, লোক কলা, লোক আভৰণ আদি ব্যঞ্জনাময় ভাষাৰে উপস্থাপন কৰা হৈছে। ৰিণি ৰিণি প্ৰেমৰ সুৰ বৈ থকা কবিতাকেইটিত কবিয়ে প্ৰকৃতিৰ বিভিন্ন সমল প্ৰতীকী অৰ্থত ব্যৱহাৰ কৰিছে।
নাৰী মনস্তত্ব প্ৰকাশিত ‘পখিলা’ আৰু ‘জীৰ বাবে’ কবিতা দুটিত কবিয়ে নাৰীক পোহৰমুখী বাটৰ সন্ধান দিছে। ‘পখিলা’ শীৰ্ষক নামটো প্ৰতীকী অৰ্থত ব্যৱহৃত হৈছে। স্বগতোক্তিৰ দ্বাৰা বক্তাই কৈছে-আইতাই মোৰ মুখলৈ ৰ লাগি চাই কৈছিল-“তই পুৱা পখিলাৰ ৰূপ লবি/গধূলি হ’লেই তিৰবিৰ জোনাকী/ আৰু মন গ’লেই/টিপচী এজনী হৈ দূৰ আকাশত/ বাকী প্ৰভু গোসাঁয়ে জানে আৰু-/যি আমাৰ বেলিকা নহ’ল!” যাদু বাস্তববাদ, চিত্ৰকল্প, প্ৰতীক আদিয়ে কবিতাটিৰ কাব্যিক সৌন্দৰ্য বৃদ্ধি কৰিছে। প্ৰথম পুৰুষত ৰচিত ‘জীৰ বাবে’ শীৰ্ষক কবিতাটিত বক্তা এগৰাকী মাতৃ, যিয়ে নিজৰ জীক সবল কৰিবলৈ কৈছে-“ভূইকঁপ আহিব-ভয় নাই/ আকাশ ফাটি বজ্ৰ খহিব-ভয় নাই।” কাৰণ বক্তা সাম্প্ৰতিক সময়ত ঘটি থকা নাৰী নিৰ্যাতনৰ ঘটনাক লৈ শংকিত। সেই শংকা প্ৰকাশ কৰি তেওঁ কৈছে-“মোৰ গৰ্ভতকৈও দুগুণ আন্ধাৰ পৃথিৱী’/এটি জোনাকীৰ হাত ধৰিবি।” বক্তা শংকিত যদিও নিজৰ জীক সাহসেৰে জীৱন পথত আগুৱাই নিবলৈ বদ্ধপৰিকৰ। সেয়ে কৈছে,-“মহাপ্ৰলয়ৰ দিনা/কোনোবা থাকে বা নাথাকে/’নোৱা’ৰ নৌকা ভাঁহি থাকিব/অকলেই উৰি যাবি তই/ঠোঁটত লৈ আহিবি এধানি সেউজীয়া/মহাশূন্যৰ ডালৰ পৰা”।
‘মা’ শীৰ্ষক কবিতাটিত এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মমত্ব প্ৰকাশ পাইছে, যি সাৰ্বজনীন।
স্বপ্ন চিত্ৰকল্প ব্যৱহৃত কবিতা ‘সৌ ক’লা মেঘ আঁতৰে চোৱা’ত দুখ, যন্ত্ৰণা, হতাশাই বেঢ়ি ধৰা চহা জীৱনৰ প্ৰতিচ্ছবি ফুটি উঠিছে যদিও কবিতাটিৰ শেষত নিম্নবৰ্গীয় শ্ৰেণীৰ প্ৰতিনিধিস্বৰূপ বক্তাৰ আন্ধাৰে আৱৰি থকা জীৱনলৈ দেৰিকৈ হ’লেও পোহৰৰ আগমন ঘটিছে।
‘মাটিৰ পদ্য’ শীৰ্ষক কবিতাটিত শ্ৰেণী বৈষম্য, বৰ্ণ বৈষম্য তথা অসহিষ্ণুতাই সৃষ্টি কৰা সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত সমাজৰ ছবি প্ৰতিফলিত হৈছে। কবিতাটি প্ৰথম আৰু দ্বিতীয় পুৰুষত ৰচিত। অনবৰতে সংঘৰ্ষত লিপ্ত সমাজখনক ইতিকিং কৰি কবিয়ে শ্লেষভৰা ভাষাৰে কৈছে-“আঃ খেলৰ নিচা!/ পুৰণি খেলবোৰকে খেলি থাকোঁ/তোৰ-মোৰ, মোৰ-তোৰ/মই হাৰিলে তই জিক/মই জিকিলে তই হাৰ।” ৰাজনৈতিক আৰু সমাজ চেতনা প্ৰকাশিত কবিতাটিত কবিয়ে সকলো বৈষম্য তথা অসহিষ্ণুতাৰ প্ৰতি বিদ্বেষ প্ৰকাশ কৰি শেষত সেই চিৰন্তন সত্যৰ কথা মনত পেলাই দিছে-“শেষ কিন্তু সেই পুৰণি কথা/’হাড়ত গজিব বন’/ বাকী সব মাটি/দেহ মাটি/মন মাটি।”
‘দূৰত্ব’ শীৰ্ষক কবিতাটিত আধুনিক মানুহে যি সময়ত মহাকাশত মানুহৰ বসতিৰ কথা চিন্তা-চৰ্চা কৰি আছে, তেনে সময়তে ক’ভিডৰ দৰে মহামাৰীৰ বাবে মানুহৰ মাজত বৃদ্ধি পাইছে দূৰত্ব। অকল ৰোগ প্ৰতিৰোধৰ বাবেই নহয়, আধুনিক জীৱন-যাপন, বিভিন্ন ধৰণৰ প্ৰযুক্তিবিদ্যাৰ আগমন আদিয়েও মানুহৰ মাজৰ দূৰত্ব বৃদ্ধি কৰিছে। যাৰ বাবে কবিয়ে বক্তাৰ মুখত শ্লেষভৰা বক্তব্য দিয়াটো মনকৰিবলগীয়া-“পৰিয়াল, কোঠালি, চুবুৰী সকলোতে/দূৰত্ব বাঢ়ি গৈ আছে/অথচ আমাৰ হাবিয়াস/অচিৰেই ঘৰ পাতিম আকাশত।”
সংকলনখনত সন্নিৱিষ্ট কেইবাটাও কবিতাত শ্ৰমিক শ্ৰেণীৰ জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে। বিশেষকৈ ‘নুমাই যোৱা জোনটো একেলগে জ্বলাওঁ’, ‘মূধচৰ জোন’, ‘শিৰীষতলৰ মালিতা’ উল্লেখযোগ্য। ‘শিৰীষতলৰ মালিতা’ত চাহ শ্ৰমিকৰ প্ৰতিনিধিস্বৰূপ বক্তাৰ বক্তব্যত প্ৰতিফলিত হৈছে শ্ৰমিক শ্ৰেণীৰ কোনোদিনে সলনি নোহোৱা দৈনন্দিন জীৱনৰ চিত্ৰ। আধুনিক মানৱ আধুনিক শিক্ষাৰ পোহৰেৰে উদ্ভাষিত হৈ উঠাৰ সময়ত চাহ শ্ৰমিকসকলৰ জীৱন পাৰ হৈছে আন্ধাৰত-“পাক খাই অহা বাটবোৰত পাকঘূৰণি খোৱা বনুৱা দেহা/শুকাই অহা হাড়বোৰ জীয়াবলৈ এটোপাল চকুলো/এঢোক হাড়ীয়া এহোপা বিড়ি/মেলাৰ চিনেমাৰ এটা ঝলক/মিনিৰ আঁচলেৰে বৈ পৰা মিঠা জুৰিটি”। এয়া যেন প্ৰতিজন শ্ৰমিকৰ জীৱনগাথা। বিভিন্ন চিত্ৰকল্পৰ প্ৰয়োগে কবিতাটিৰ সৌন্দৰ্য বৃদ্ধি কৰিছে-“বাটে বাটে পিয়লা ভৰাই মহুৱাৰ ৰস যাচে আকাশৰ জোনে।”, “মিনিৰ আঁচলেৰে বৈ পৰা মিঠা জুৰিটি”,”হাঁকৈ মেলা মুখেৰে ভাগৰুৱা ৰঙা পাহাৰটো পৰি অহা দেখিলোঁ” আদি উল্লেখযোগ্য।
কেইবা দশকৰপৰা কবিতা চৰ্চা কৰি অহা কবি নূপুৰ হাজৰিকা এগৰাকী অভিজ্ঞ কবি। তেখেত এগৰাকী ভাল কথক। তেখেতে ইংৰাজী ভাষাতো কবিতা চৰ্চা অব্যাহত ৰাখিছে। গৰিয়সী, প্ৰান্তিক, সাতসৰী আদিত তেখেতৰ কবিতা নিয়মীয়াকৈ প্ৰকাশ পাইছে। সাম্প্ৰতিক সময়ৰ বিভিন্ন ঘটনা-পৰিঘটনা তেখেতৰ কবিতাৰ মূল বিষয়বস্তু। তেখেতৰ কবিতাত আৱেগৰ স্বতঃস্ফূৰ্ত প্ৰকাশ ঘটা দেখা গৈছে। আধুনিক কবিতাৰ যি জটিলতা সেয়া তেওঁৰ কবিতাত পাবলৈ নাই। তেওঁৰ শব্দচয়ন জটিল নহয়, স্বগতোক্তি তেখেতৰ কবিতাৰ মূল বৈশিষ্ট্য।