চানি লিয়নিৰ পৰা দ্ৰৌপদীলৈ
লেখক- - ময়ুৰী ফুকন
কেইবাখনো সাগৰ , পৰ্বতমালা পাৰ হৈ
এদিন এজন প্রফেট আহি
মহানাগৰিক সেউজীয়া পানীৰ চৌবাচ্চাত গা ধুলে।
আনন্দত হাত মেলি মেলি খেলিলে..
নগ্ন শৰীৰত বহু পৰলৈকে লাগি থাকিল সেই শীতল পানীৰ ফেনিল পাৰফিউম..
তেওঁৰ অনুগত সকলে প্ৰখৰ ৰ’দত থিয় হৈ
প্ৰফেট ওলাই অহালৈ ৰৈ থাকিল..
অনুগত সকলে চাই থাকোঁতেই
প্ৰফেট স্বল্পবসনা অভিসাৰিনীৰ লগত ওলাই গ’ল..
এটা মাথোঁ লহমাৰ বাট৷
অনুগতসকলে “চানি লিয়নি “ক চাবলৈ হেতা – ওপৰা
লগাই থাকোঁতেই প্ৰফেটজনে এক প্ৰগলভ
দৃষ্টিৰে অনুগত সকললৈ চাই ক’লে..
“শৰীৰটো থৈ আহাঁ বৎস , চকুত দিব্য অঞ্জন সানি লোৱা৷”
অনুগত সকলে সীমিত ক্ষমতাৰে
চকুত সানি ল’লে ছাই..
তুমৰলি আন্ধাৰত চলাথ কৰিলে বিচাৰি
আটাইবোৰ বিবসনা নাৰী আৰু লজ্জা..
এটা সময়ত অনিবাৰ্য যন্ত্ৰণাত উলংগ হৈ
চিঞৰিবলৈ ধৰিলে .. দ্ৰৌপদী .. দ্ৰৌপদী…
তাৰ পাছতেই আহিছিল আশ্বৰ্য সময়
সহস্ৰ বস্ত্ৰৰ সমাবেশত
হেৰাই গৈছিল সেই উলংগ সমদল..
কেৱল খলিল জিব্ৰানে দেখিছিল..
সেই প্ৰফেট আৰু নাৰীমূৰ্ত্তি অশৰীৰি আছিল..