চাহ শিল্প
লেখক- কুমকুম শৰ্মাবৰুৱা
আন্তৰ্জাতিক চাহ দিৱস উৎযাপন কৰা হয় UNO ৰ Food and Agriculture Organisation (FAO)ৰ দ্বাৰা। ইয়াৰ প্ৰধান কাৰণ মে’ মাহৰ ২১তাৰিখমানত পৃথিৱীৰ চাহখেতি হোৱা প্ৰায় সকলো ঠাইতে ইয়াৰ উৎপাদন শীৰ্ষত থাকে। চাহগছক সেউজীয়া সোণ বুলি কোৱা হয়।
একাপ চাহে আমাৰ অৱসাদ দূৰ কৰি সজীৱ কৰি তোলে। আমাৰ অসমৰ চাহ পৃথিৱী বিখ্যাত। ভাৰতবৰ্ষত প্ৰয়োজনীয় প্ৰায় আধাখিনি চাহ অসমেই যোগান ধৰে। চাহ এবিধ এলকহল নথকা স্বাস্থ্যসন্মত পানীয়।
চাহগছৰ দুটা প্ৰজাতিৰ বৈজ্ঞানিক নাম Thea assamica আৰু Thea sinensis. লগতে আজিকালি কিছুমান হাইব্ৰিড (সংকৰ) জাতো ওলাইছে। চাহ বাগানৰ কেঁচা পাতৰপৰা আমাৰ চাহ কাপলৈকে বহুতখিনি কৰণীয় কাম থাকে। কলম দি দি চাহগছ জোপোহা কৰি এটা জোখৰ ওখ কৰি ৰখা হয়। কলম নিদিলে ই ওখ, দীঘল গছ হয় আৰু ৮০ ৰপৰা ১০০ বছৰলৈ জীয়াই থাকে।
অসমৰ হাবিয়ে -বননিয়ে হৈ থকা এই চাহগছ প্ৰথমে অসমত আৱিষ্কাৰ কৰিছিল চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচ (Charles Alexander Bruce) নামৰ এজন ইংৰাজ সৈন্যই ১৮২৬চনত। তেওঁ এই গছৰ গুটি আৰু পুলি কলিকতাৰ ‘ৰয়েল বটানিকেল গাৰ্ডেন’লৈ পঠিয়াই দিছিল। তাত তেওঁলোকে পৰীক্ষা কৰি দেখিলে যে এইবিধ চাহগছ চীনদেশৰ জাতটোৰ লগত নিমিলে যদিও ভাল চাহ গছেই হ’ব। লৰ্ড উইলিয়াম বেণ্টিংকে (Lord William Bentinck) ১৮৩৪ চনত এখন কমিটি গঠন কৰি চাহ খেতিৰ কাৰণে ভাৰতবৰ্ষৰ সম্ভাব্য সুচল ঠাইবোৰ বাছি উলিয়াবলৈ ঠিক কৰিলে। তেতিয়ালৈকে চীনৰ চাহপাতে পৃথিৱীৰ বজাৰ দখল কৰি আছিল। তেওঁলোকে অসমৰ মাটি চাহ খেতিৰ বাবে অতি উপযুক্ত যেন দেখা পাই লগে লগে উজনি অসমত চাহৰ নাৰ্চাৰি আৰম্ভ কৰি দিলে। তাৰ লগে লগে গুটি আৰু পুলি দাৰ্জিলিং, ডেৰাডুন, কাংৰা উপত্যকা আৰু নীলগিৰি পাহাৰলৈ পঠিয়ালে। ১৮৩৫ চনত চীনৰপৰাও গুটি আৰু পুলি আনি ১৮৩৬ চনত ব্ৰুচে অসমত চাহবাগান আৰম্ভ কৰি দিলে। ১৮৩৮ চনত চাহপাত তৈয়াৰ কৰি ইংলেণ্ডলৈ পঠিয়ালে। সেইবোৰৰ এক পাউণ্ডত ১৬ৰপৰা ৩৬ চিলিং দাম আছিল। ১৮৩৯ চনত ইংলেণ্ডত ‘আসাম টি কোম্পানী’ গঠন হ’ল। ১৮৫৯ চনত অসমত ১৭০০ একৰ মাটিত দহখন চাহ বাগান হৈছিল। তেতিয়া নৰ্থ বেংগল, কেৰালা, মাইচ’ৰ আৰু নীলগিৰি পাহাৰতো ভালেকেইখন চাহ বাগান হৈছিল। ১৮৬১ চনত প্ৰথম চাহৰ নিলাম কেন্দ্ৰ গঠন হয়। ১৮৭৪ চনমানত বহুত চাহবাগান খোলা হৈ গ’ল। প্ৰায় ১১,৬৮০ একৰ মাটিত চাহখেতি আৰম্ভ হ’ল। ১৮৮১ চনত কলিকতাত’ইণ্ডিয়ান টি এচ’চিয়েচন’ গঠন হয়। পাছত ১৯১১চনত ইয়াক যোৰহাটৰ টোকোলাই চাহ গৱেষণা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হয়।
ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য চাহ ৰপ্তানিৰ দেশ হ’লেও ইয়াৰ সিংহভাগ অসমেই উৎপাদন কৰে, যদিও বেংগল, কেৰালা আৰু তামিলনাডুতো কিছু পৰিমাণে ইয়াৰ খেতি হয়। পৃথিৱীৰ আধাভাগ চাহৰ চাহিদা ভাৰতবৰ্ষই পূৰণ কৰে। ভাৰতবৰ্ষৰ আধা আকৌ অসমেই উৎপন্ন কৰে। অসমত এক হেক্টৰ মাটিত প্ৰায় ১,৬২৬ কিলোগ্ৰাম চাহ উৎপন্ন হয়। আমাৰ ওচৰৰ শ্ৰীলংকায়ো ভাল চাহ উৎপাদন কৰে আৰু ৰপ্তানিও কৰে।
চাহপাত: চাহপাত আকৌ বেলেগ বেলেগ মানদণ্ডৰ আছে। এটি কলি দুটি পাতৰপৰা আটাইতকৈ ভাল চাহপাত তৈয়াৰ হয়। এটি কলি তিনিটা পাতৰপৰা অলপ নিম্ন মানৰ চাহপাত তৈয়াৰ হয়। চাহগছৰ মাটিখিনি ওখ হ’ব লাগে আৰু বৰষুণৰ পানী জমা হ’ব নালাগে। কিন্তু চাহগছত পানী বেচিকৈয়ে লাগে। সাগৰ পৃষ্ঠৰপৰা ২১০০ মিটাৰৰ বেছি ওখত চাহখেতি ভাল হয়। দাৰ্জিলিঙৰ চাহপাত এটা সুন্দৰ গোন্ধৰ বাবে সকলোতকৈ উত্তম বুলি কোৱা হয়। কিন্তু তাত উৎপাদন কম হয়। চাহগছত পাততোলা হোৱাৰ পিছত সদায়েই কলম দিব লাগে। তেতিয়া নতুন কুঁহিপাত ওলাই থাকে। এজোপা গছৰপৰা ধুনীয়াকৈ ৬০/৭০ বছৰমানলৈকে চাহপাত উঠাই থাকিব পাৰি। বৰষুণ নথকা অৱস্থাত পানীৰ যোগান ধৰিব লাগে আৰু উপযুক্ত সাৰ প্ৰয়োগ কৰিব লাগে। এম’নিয়াম ছালফেট প্ৰয়োগ কৰা হয় যদিও জৈৱ সাৰ দিয়া বেচি ভাল। চাহগছত বেমাৰো হয় আৰু বহুত পোক হয়। সেয়ে কীটনাশকো প্ৰয়োগ কৰিবলগীয়া হয়।
চাহৰ ৰসায়ন: চাহত টেনিন আৰু কেফেইন দুইটাই থাকে। সেউজীয়া চাহপাতত থকা টেনিন চাহপাত প্ৰস্তুত কৰোঁতেই সৰহভাগ চেনি আৰু গেলিক এচিদলৈ পৰিবৰ্তন হৈ যায়। কেফেইন ওপৰৰ পাতকেইখিলাত বেচি থাকে। ক্ৰমান্বয়ে তলৰ পাতত কমকৈ থাকে। কেফেইনৰ পৰিমাণ চাহপাত প্ৰস্তুত কৰোঁতে প্ৰায় একেই থাকে।
চাহপাত প্ৰস্তুতকৰণ
(১) পাতছিঙা(Plucking): সাধাৰণতে মাৰ্চৰপৰা ডিচেম্বৰৰ মাজভাগলৈকে পাত ছিঙি থাকিব পাৰি। এটি কলি দুটি পাতৰপৰাই ভাল চাহপাত তৈয়াৰ হয়।
(২) লেৰেলোৱা(Withering): ওজন কৰাৰ পাছত পাতবোৰ লেৰেলোৱা ঘৰলৈ নি গৰম বতাহ দি প্ৰায় ১৮ ঘণ্টামান লেৰেলোৱা হয়।
(৩) ৰোলিং (Rolling): ৰোলিং মেচিনেৰে লেৰেলোৱা পাতবোৰ পকাই কিন্বন (fermentation) হ’বলৈ দিয়া হয়।
(৪) চিফ্টিং (Sifting): প্ৰথমবাৰ ৰোলিং কৰাৰ পাছত দ্বিতীয় বাৰ ৰোলিং কৰিবলৈ ফাৰ্মেণ্টেচন ৰুমলৈ নিয়া হয়।
(৫) কিন্বন প্ৰক্ৰিয়া (Fermentation): তাৰপাছত পাতবোৰ কিন্বন প্ৰক্ৰিয়া চলিবলৈ ফাৰ্মেণ্টেচন ৰুমলৈ নিয়া হয় আৰু তাত ভালকৈ পাতখিনি মেলি দিয়া হয়। তাত ৩/৪ ঘণ্টা সময় তাপমাত্ৰা ২৭ ডিগ্ৰী ছেলছিয়াছত ৰখা হয়। এইখিনি সময়তে এনজাইমৰ লগত অক্সিজেন লগলাগি চাহৰ সুন্দৰ গোন্ধ আৰু ৰং প্ৰস্তুত হয়।
(৬) শুকোৱা(Firing): এতিয়া দুটা স্তৰত পাতখিনি শুকোৱা হয়। প্ৰথমবাৰ তাপমাত্ৰা ৯৩ ডিগ্ৰী ছেলছিয়াছত আৰু দ্বিতীয়বাৰ ৮২ডিগ্ৰী ছেলছিয়াছত শুকোৱা হয়। পাতৰপৰা পানীখিনি শুকাই গ’লে আৰু ফাৰমেণ্টেচন নহয় লগতে পাতখিনি ভাল হৈ থাকে। এয়া হ’ল ক’লা চাহৰ (Black tea) কথা।
সেউজীয়া চাহ আজিকালি বৰ জনপ্ৰিয় হৈছে। আগতে চীন আৰু জাপানতহে বেছি ব্যৱহাৰ হৈছিল। এই চাহ কিন্বন নকৰে। পাতবোৰত ভাপ দিয়ে, তাৰপাছত ৰোল কৰে আৰু তৎক্ষণাত শুকুৱাই পেলায়। ইয়াক অলপ তিঁতা তিঁতা লাগে যদিও ই বৰ উপকাৰী, কিয়নো ই কলেষ্টেৰল কমাই হাৰ্ট এটেকত বাধা দি হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে। উজনি অসমত বৰ ভাল সেউজ চাহ তৈয়াৰ হয়। দিনে দিনে ইয়াৰ চাহিদা বাঢ়ি যোৱাত উৎপাদন বেছি কৰিলে ইয়াৰ ৰপ্তানিৰ বজাৰ ভাল পোৱা যাব।
(৭) মানদণ্ড অনুযায়ী বাছি উলিওৱা(Sorting and Grading): অট’মেটিক মেচিনেৰে শুকোৱা পাতবোৰ মান অনুযায়ী ভাগ কৰা হয়। শেষত এই চাহপাত বিশেষ ধৰণেৰে তৈয়াৰ কৰা প্লাইউডৰ বাকচত ভৰাই বজাৰলৈ উলিয়াই দিয়া হয়।
আমাৰ অসমৰ চাহৰ মান বিদেশৰ বজাৰত আগতকৈ কমিছে। এইক্ষেত্ৰত কীটনাশক প্ৰয়োগৰ প্ৰভাৱো আছে । গতিকে ৰাসায়নিক বস্তু ব্যৱহাৰ নকৰি জৈৱিক উপায়েৰে পোক মাৰিব পাৰিলে অসম চাহৰ কাৰণে ভাল হয়।
টোকা:
#যোৰহাটৰ চিনামৰা বাগিছা খুলিছিল মণিৰাম দেৱানে। তেখেতৰ ঘৰ চাৰিঙত আছিল।
#জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিখ্যাত বাগিছাখনৰ নাম আছিল ভোলাগুৰি চাহবাগিছা।