চিনাকি
লেখক- -- ৰূপালীম মহন্ত
এল্ পেটাৰ্ণৰ নাৰ্ছিংহোমখনৰ মূল বাৰাণ্ডাখনত ভিৰটো ঘন। ওলোৱা মানুহ ওলাইছে, সোমোৱা মানুহ সোমাইছে, মুঠতে চৌপাশে মানুহবোৰ পিয়াপি দি ফুৰিছে। ডাক্তৰ, নাৰ্চ, অৰ্ডাৰলী ইত্যাদি কৰ্মচাৰীসকল ব্যস্ততাৰে অহা-যোৱা কৰি আছে। কিছুসংখ্যক ৰোগী অথবা ৰোগীৰ লগত অহা সাৰথি কেইজনে বেঞ্চ, পকা, চিৰি য’তে সুৰুঙা পাইছে তাতে বহিলৈ কঁকাল পোনাইছে, ডাক্তৰে এই মাতিব, এই মাতিব বুলি অপেক্ষা কৰিছে। আউট পেচেন্ত ডিপাৰ্টমেণ্টবোৰত স্বাভাৱিকতে মানুহৰ সমাগম বেছি হয়েই।
অপলকাই ভিৰটোৰ ফালে সন্তৰ্পণে চকু ফুৰালে। মানুহবোৰে যেন তাইকেই চাইছে, এনে ভাবত তাই চাদৰৰ আগটো বাউসীৰে মেৰিয়াই আনি বুকুখনত হেঁচি ধৰিলে।
মানুহৰ সমাগম বেছি হোৱা ঠাইবোৰত অপলকা অস্থিৰ হৈ পৰে। সৰুকালৰে ভীতি। ৰেল ষ্টেচন অথবা বিমান বন্দৰত তাইৰ প্ৰায়েই উশাহ-নিশাহ বন্ধ হৈ যোৱাৰ উপক্ৰম হয়। গিৰিয়েকে কৈছিল তাইৰ হেনো এন’ক্লোফোবিয়া আছে। কথাটো মনত পৰি তাইৰ হাঁহি উঠিল। গিৰিয়েকে নজনা নুবুজা কথা একোৱেই নাছিল। ভিৰত ভৰি দিব নলগাকৈ তাইৰ গোটেই পৃথিৱীখন আৱৰি থকা মানুহজন আছিল তেওঁ।
বাঁওহাতত থকা কাপোৰৰ মোনাটো খামুচি ধৰি অপলকাই এখন্তেক কিবা এটা চিন্তা কৰিলে। ভিৰটো আওকাণ কৰি তাই তাইৰ গন্তব্যস্থানলৈ যাবলৈ বাট এটা বিচাৰিলে।
মূল ঘৰটোৰপৰা ফালৰি কাটি ভিতৰুৱা কৰিডৰ এটাৰ ফালে অপলকাই খোজ দিলে। কৰিডৰটোৰ দুয়োফালে মালীয়ে নিতৌ আপডাল কৰা ফুলনি দুখন বিভিন্ন ৰঙৰ ছিজন ফ্লাৱাৰ আৰু পাতবাহাৰৰ সৰু সৰু জোপোহাৰে জাতিষ্কাৰ হৈ চালে চকুৰোৱা হৈ আছে। এইফালে মানুহ অলপ আছে যদিও মূল হস্পিতেলতকৈ ভিৰ যথেষ্ট কম। কৰিডৰটো য’ত শেষ হৈছে তাৰপৰা সোঁফালে গ’লেই আকৌ মূল ডাক্তৰখানা।
অপলকা বাওঁফালৰ ভাগটোৰ পিনে ঘূৰিল। এইফালে ৰোগী থকাৰ ব্যবস্থা সুকীয়াকৈ আৰু বিশেষভাৱে কৰা আছে। সৰু সৰু এজনীয়া বা দুজনীয়া কোঠালীবোৰ। মাজতে নাৰ্চৰ ষ্টেচন। দুপৰীয়াৰ এই সময়খিনিত ডিউটিত থকা নাৰ্চকেইগৰাকী নিজঞ্জালে নিজৰ কামত মগ্ন। বিশেষ কোনো কোলাহল নাই।
অপলকাই কলৈকো নাচাই শেষৰ কোঠালীটোৰ ভিতৰলৈ সোমাই গ’ল। সোমাই যাওঁতেই তাই নাৰ্চ এগৰাকীৰ মুখামুখি হ’ল। হয়তো ৰোগীক কোনো ঔষধ-পাতি দি ওলাই আহিছিল। তেওঁ এক মুহূৰ্ত অপলকালৈ চাই একো নোকোৱাকৈ, একো নোসোধাকৈ আঁতৰি গ’ল।
নাৰ্চগৰাকীয়ে “আপুনিনো কোন” বুলি প্ৰশ্ন কৰা হ’লে কি উত্তৰ দিলেহেঁতেন বা কেনেকৈ দিলেহেঁতেন সেইটো অপলকাই যুকিয়াই ল’ব নোৱাৰিলেহেঁতেন। অস্বস্তিকৰ পৰিস্থিতি এটাৰ সন্মুখীন হ’বলগীয়া নহ’ল বাবে তাই কিছু পৰিমাণে সকাহ আৰু সাহস দুয়োটাই পালে।
কিন্তু সকাহখিনি বেছি দেৰিলৈ নাথাকিল। আগন্তুক সময়খিনি পাৰ কৰিবৰ বাবে সাহস আৰু প্ৰস্তুতি দুয়োটাৰেই প্ৰয়োজন অপলকাৰ তীব্ৰভাৱে অনুভৱ হ’ল।
ৰোগীৰ কোঠালীৰ নিচিনা নহৈ এই নাৰ্চিং হোমখনৰ কোঠালীবোৰ বেছ নিকা আৰু ৰুচিসন্মতভাৱে সজোৱা। মধ্যমীয়া আকাৰৰ কোঠালীটোৰ বিছনাখনৰ শিতানত মানুহজনে হেলান দি কিতাপ এখন পঢ়ি আছিল।
অপলকাক দেখি তেওঁ ব্যস্ত হৈ উঠিল। দিনটো অকলশৰীয়াকৈ কটাবলগীয়া মানুহৰ বিৰক্তিদায়ক আৰু আমনিলগা ক্লান্তিৰে তেওঁ ৰুক্ষতাৰে অপলকাক প্ৰশ্ন কৰিলে,
”কি লাগে? কোন আপুনি?”
অপলকা প্ৰস্তুত আছিল। এনেধৰণৰ প্ৰশ্ন তাই আশা কৰিছিল। কিন্তু প্ৰশ্ন-উত্তৰত লাগি থাকিলে তাইৰ উদেশ্য সিদ্ধি নহ’ব। যিটো কাম লৈ আহিছে কৰিব লাগিব। কথা কিছুমান পাতিব লাগিব। তেওঁৰ লগত এটা সমীকৰণ গঢ়িব লাগিব তাই। তেহে তাইৰ কষ্টখিনি সফল হ’ব।
বন্ধুত্বসুলভ হাঁহি এটা মাৰি তাই ক’লে,
”আপোনাৰ খবৰ এটা লওঁ বুলি আহিছোঁ। গাটো ভাল পাইছেনে অলপ?”
খুবেই সহজভাৱে কথাকেইটা কৈ তাই কোঠালীটোত সোমাই মোনাটো টেবুল এখনত থৈ ঘৰ্মাক্ত মুখখন চাদৰৰ আঁচলটোৰে মচি ল’লে। সকলো বস্তু যেন তাইৰ নখদৰ্পণত, এনেকুৱা অভিব্যক্তি লৈ তাই চকী এখন টানি মানুহজনৰ বিছনাৰ ওচৰতে বহি ল’লে।
তাইৰ কাণ্ড কাৰখানা চাই যেন মানুহজনে আমোদহে পালে, এসোপা কৌতূহল লৈ তেওঁ অপলকাক নিৰীক্ষণ কৰি থাকিল। অচিনাকি মানুহগৰাকীয়ে তেওঁৰ খবৰ ল’ব?
পঢ়ি থকা কিতাপখন জপাই তেওঁ কৈ উঠিল,
”গা আৰু কি। দুদিনমান শ্বাসৰ কষ্টত ভাল ভুগিলোঁ। ঠাণ্ডা সোমাল যে। এনেইতো মই সম্পূৰ্ণ সুস্থ। ইয়াত সুমুৱাই থোৱাৰ আচলতে কোনো কাৰণেই নাই। কিন্তু ঘৰৰ মানুহে নামানেযে। ছোৱালীজনী, তাই লণ্ডনত থাকে, তাৰপৰা তাগিদা দি থাকে। ঘৰৰ বাকী মানুহেও নামানে।”
অপলকাই মানুহজনে আৰু কি কি কয় শুনিবলৈ আগ্ৰহী হৈ উঠিল।
“কিন্তু আপুনি কোন বাৰু? চিনো চিনো লাগিছে, অথচ ধৰিব পৰা নাই।”
অপলকাই তেওঁৰ কথাখিনি শুনিও নুশুনা যেন কৰিলে। চিনাকি পৰ্বটো পিচুৱাব লাগিব। আন কথা উলিয়াব লাগিব। তেওঁৰ ঘৰৰ কথা, অতীতৰ কথা।
”কি কিতাপ পঢ়িছে? গল্প? নে উপন্যাস?”
”নাই নাই, ফিকশ্যন মই বেয়া পাওঁ। এইখন ব্যৱসায় সংক্ৰান্তিয় কিতাপ, দ্যা আৰ্ট অফ মেনেজমেণ্ট” মানুহজনে টপৰাই উত্তৰ দিলে।
”কিন্তু আপোনাক কিয় লাগে মোৰ খবৰ?” হঠাৎ তেওঁ খেংখেঙাই উঠিল।
অপলকাই হাতৰ ঠাৰিত পিন্ধি অহা সোণালী ফিতাৰ ঘড়ীটোলৈ চালে। এইটো ঘড়ী তাইক গিৰিয়েকে দিছিল, দহবছৰীয়া বিবাহ বাৰ্ষিকীত। সময়খিনি ধৰি ৰাখিব পৰা হ’লে!
ডেৰ বাজিল। মানুহজনৰ ভোক লাগিছে বোধহয়। ভোক লাগিলে কিছুমান মানুহ খঙাল হৈ উঠে। গিৰিয়েকে কৈছিল হাংগাৰত হোৱা এংগাৰক ‘হেংগ্ৰি’ বুলি কয় হেনো।
অপলকা ব্যস্ত হৈ পৰিল। মানুহজনক খুৱাব লাগিব। লৈ অনা মোনাটোৰপৰা সাৱধানে তিনিখলপীয়া টিফিন কেৰিয়াৰটো উলিয়ালে তাই। তেল-জোল অকণ বাটি এটাৰ গাটোত লাগি আছিল, তাই কাপোৰৰ নেপকিনখনেৰে ততালিকে মচি ল’লে। অভ্যস্ত গৃহিনীৰ হাতেৰে তাই কাঁহী বাটি উলিয়াই, পানীৰ জগটোৰ পৰা ফুলকটা ষ্টিলৰ গিলাচ এটাত এগিলাছ পানী বাকিলে।
মানুহজনে তবধ লাগি তাইক চাই আছিল। তাই কৰি থকা কামবোৰ, তাইৰ হাতৰ, তাইৰ আঙুলিৰ চাল-চলনবোৰ চিনিবলৈ চেষ্টা কৰিলে তেওঁ।
”মোৰ দুপৰীয়াৰ সাঁজটো ঘৰৰপৰাই কোনোবাই লৈ আনে। সদায়। আজি নাহিল দেখোন। আপুনি আয়া নেকি বাৰু? ছোৱালীয়ে ঠিক কৰা আয়া? আপুনি কি আনিছেনো?”
অপলকাই টিফিন বাটিকেইটাৰপৰা প্ৰত্যেক বিধৰ অলপ অলপ উলিয়াই পটু হাতেৰে নিমিষতে কাঁহীখন সজাই পেলালে। মানুহজনক আথে-বেথে যতনাই দি তাই কৈ গ’ল,
”জহা চাউলৰ ভাত, পাৰ মাংসৰ জালুকিয়া, সৰু সৰু আলুগুটি ভজা, লগত আপুনি ভালপোৱা পদিনাৰ জ্বলা চাটনি।”
শেষৰডোখৰ কৈ উঠি তাই জিভা কামুৰিলে। কি দৰকাৰ আছিল মানুহজনক প্ৰশ্ন কৰাৰ সুৰুঙা দিয়াৰ?
”মই ভালপোৱা মানে? আপুনি কেনেকৈ জানিলে মই কি ভালপাওঁ? ৰ’বচোন ৰ’ব, এনেকৈ সোমাই আহিছে মোৰ কোঠালীত, মোক ভাত দিছেহি। হয় কোন আপুনি?”
অপলকাক একো কোৱাৰ সুযোগ নিদি মানুহজন বিছনাৰ পৰা উঠিবলৈ উদ্বিগ্ন হৈ পৰিল। তেওঁ নাৰ্চক মাতিবলৈ ধৰিলে।
কম বয়সীয়া নতুন নতুন যেন লগা নাৰ্চ এগৰাকী দৌৰি আহিল।
”কি হ’ল ককা, কিয় চিঞৰিছে?”
মানুহজনে তালফাল লগোৱাৰ কাৰণটো তাই ঠিক বুজি নাপালে, আনে গম পোৱাৰ আগতেই পৰিস্থিতি শান্ত কৰিবলৈ বিছাৰিলে। অপলকাই অকণো উত্তেজিত নোহোৱাকৈ শান্তভাবে কৈ উঠিল “একো নাই চিষ্টাৰ এওঁৰ বাবে ভাত আনিছিলোঁ। তেওঁ সুধিব বিচাৰিছে খাব পাৰিব নে আগতে ঔষধ খাব লাগিব।”
অপলকাৰ শান্ত সৌম্য ৰূপটো দেখি নাৰ্চ আশ্বস্ত হ’ল। মানুহজনৰ বিছনাত লাগি থকা চাৰ্টখন পৰীক্ষা কৰি তেওঁক ভাত খুৱাবলৈ কৈ তাই ওলাই গ’ল। যাওঁতে দুৱাৰখন জপাই দিলে।
মানুহজন অলপ অপ্ৰস্তুত হ’ল।
অপলকাই তেওঁক শান্ত কৰিবলৈ মিছা কথা এটা ক’বলৈ সিদ্ধান্ত ল’লে।
”আজি আয়া নাই, তেওঁৰ ঠাইত ময়েই ভাত ৰান্ধি লৈ আহিলোঁ। আপুনি নিচিন্তমনে খাওকচোন।”
পাৰ মাংসৰ চিনাকি চিনাকি গোন্ধ এটাই মানুহজনক টানিছিল ইতিমধ্যে। সাধাৰণতে হস্পিতেলৰ কোঠালীৰ লেখীয়া গোমা গোমা দৰব ফেনাইলৰ অকটা গোন্ধ এই কোঠালীটোত নাই যদিও সেমেকা ভাব এটা ওলমি আছিল। মাংসৰ ফুৰফুৰিয়া গোন্ধটোৱে খন্তেকতে কোঠালীটো যেন ভালেখিনি সপ্ৰতিভ কৰি তুলিলে।
সপ্ৰতিভ হৈ উঠিল মানুহজনো।
কথা নবঢ়াই তেওঁ পৰম তৃপ্তিৰে ভাতকেইটা খাবলৈ ল’লে। দুগৰাহ খায়েই তেওঁ আপ্লুত হৈ পৰিল।
“এনেকৈ, পাৰ মাংসৰ জালুকিয়া ৰান্ধিছিল আমাৰ আয়ে। মোৰ মা। মুখত অমিতাৰ স্বাদ আৰু নাকত জালুকৰ ঘ্ৰাণ লাগি যোৱাকৈ আয়ে জোলকণ ৰান্ধিছিল। এইফালে নাকৰ পানী, চকুৰ পানী মচিছিলোঁ, আনফালে জিভাৰ পানী সামৰিছিলোঁ বুইছে।”
মানুহজনে অতীত ৰোমন্থন কৰি ৰস পাইছে। মিচিকিয়া হাঁহিটো পিন্ধিয়েই তেওঁ কৈ গ’ল, “আইৰ পিছত কোনেও মোক ৰান্ধি নিদিয়াই হ’ল। মই নিজেই ৰান্ধি খাইছিলোঁ, খুৱাইছিলোঁ। আমাৰ এওঁক শিকাইছিলোঁ। এওঁ আকৌ মই ৰান্ধিলেহে সোৱাদ পাইছিল। এওঁ মানে মোৰ মিছেছ। চিনি পায় নেকি আপুনি?”
মানুহজনে ভাতকেইটা চোবাই চোবাই কথাবোৰ কৈ গৈ আছিল।
অপলকাই উজাই অহা চকুপানীখিনি সামৰি থলে।
এনেকৈ পাৰমাংসকে ধৰি নানান থলুৱা জুতি-বুধিবোৰ অপলকাক শিকাইছিল তাইৰ গিৰিয়েকে। ৰন্ধাৰ মাজত তাইৰ আৰু গিৰিয়েকৰ, কিমান যে কথা ওলাইছিল, কিমান যে ঠেহ্ পাতিছিল, কিমান যে অভিমান ভাঙিছিল, কিমান যে সুন্দৰ সময় পাৰ কৰিছিল।
পুৰণি দিনবোৰ আৰু অপলকাৰ বাবে ঘূৰি নাহে। গিৰিয়েকে তাইক দিয়া সুখৰ দিনবোৰ উকলি গ’ল। এতিয়া সেই গিৰিয়েকো হেৰাল, মুহূৰ্তবোৰো হেৰাল।
মানুহজনৰ লগত কথা পাতিব লাগিব। কথাবোৰ জানিব লাগিব। অপলকাই তেওঁক সুধিলে,
”আপোনাৰ আয়ে আৰু কি কি ৰান্ধিছিল?”
মানুহজনৰ মনটো ভাল ভাল লাগিল। ভাত খাই খাই তেওঁ অপলকাক আয়েকৰ হাতৰ যাদুখিনি বুজাবলৈ ব্যগ্ৰ হৈ উঠিল।
”পিৰালিৰপৰা তুলি অনা ঢেঁকিয়াই ৰান্ধক বা নেপালীয়ে কটা খাহী, কঁঠাল গুটিৰ পিটিকাই হওক বা তেলী হাঁহ, আইৰ ৰান্ধনিশালৰ পাগ তুলিব পৰা মানুহ মই আৰু আন এজন নেদেখিলোঁ। নিমিষতে এগোহালি মানুহক এসাঁজ খুৱাব পৰাকৈ পাকৈত আছিল আইজনী। সেইবোৰ কথা মনত পৰি থাকে মোৰ। “
তৰ্জনী আঙুলিটোৰে পদিনা চাটনিকণ জিভাত লৈ তেওঁ কৈ গ’ল,
”চাটনিকণৰ এইটো সোৱাদ মোৰ ভাল লাগে। নহৰু দিছে নহয়? আয়ে শিকাই থৈ গৈছিল মোক। মই কলেজত পঢ়ি থাকোঁতেই আই গুচি গৈছিল। কিন্তু আপুনি শিকিলে কেনেকৈ?”
মানুহজনৰ ভাত শেষ হৈছিল। টিফিনটোৰপৰা আৰু কেইটামান ভাত তেওঁৰ কাঁহীত ঢালি দি অপলকাই সাৱধানে সুধিলে,
”সৰুকালৰ বাহিৰে আপোনাৰ আৰু কি কি কথা মনত পৰে?”
মাকৰ হাতৰ সোৱাদ আৰু নষ্টালজিয়াই মানুহজনক আৱৰি আছিল। তেওঁ অনৰ্গল কথা কিছুমান কৈ গ’ল, “ডাঙৰ হৈ আহোঁতে ঘৰৰ দাঁতিৰ পুখুৰীটোত যে জাল পেলাইছিল, বিভিন্ন আকাৰৰ মাছ উঠে। আয়ে সৰু মাছবোৰ মচমচিয়াকৈ ভাজি দিয়ে, মজলীয়া মাছৰ খুটুৰাবোৰ মধুসোলেং আৰু কণবিলাহী দি আঞ্জা এখন ৰান্ধে। নৰিয়াত পৰিলে সেই জোলখনেই দেৱাইৰ কাম দিছিল।”
হোষ্টেলত থাকি কলেজ পঢ়িবলৈ যাওঁতে আয়েকে সেই জোল টিফিন এটাত মানুহজনক বান্ধি দিছিল। সেইবাৰ নিজহাতে তেওঁ মানুহজনক এটা কমলাবুলীয়া চুৱেটাৰো গুঠি দিছিল।
”সেই চুৱেটাৰটো বহুত বছৰ পিন্ধিলোঁ। আইৰ মৰম সোমাই থকা বস্তুটো পিছত ক’ত জানো হেৰাই থাকিল। ছোৱালীজনী যে, তাই লণ্ডনত থাকে, এবাৰ তাই মোক একেই কমলাবুলীয়া চুৱেটাৰ এটা আনি দিছিল। লক্ষ্মী ছোৱালীজনী মোৰ। তাইৰ নামটো, নামটো…”
মানুহজনৰ ছোৱালীজনীৰ নামটো অপলকাৰ জানিবৰ প্ৰয়োজন নাছিল।
মানুহজনৰ কথাবোৰ ইতিমধ্যে অলপ অলপ অসংলগ্ন হৈ উঠিল। মাকৰপৰা কথা উফৰি তেওঁ এপাকত জীয়েকৰ কথা ক’লে, নতুবা ভায়েকৰ কথা কৈ তাক সুঁৱৰিলে। মানুহজনৰ মনত ছেগা-চোৰোকাকৈ কিছু স্মৃতি অগা-দেৱা কৰি আছিল। কিন্তু সকলো কথা তেওঁ যুকিয়াই ক’ব নোৱাৰিলে।
অপলকা এসময়ত অস্থিৰ আৰু পিছলৈ হতাশ হৈ পৰিল। সময়সীমা উকলিল। সেমেকি উঠা চকুহাল মচি তাই বাচনবোৰ সামৰি পেলালে।
মানুহটো এতিয়া শুব। তেওঁক বিশ্ৰামৰ প্ৰয়োজন।
আয়েক আৰু জীয়েকৰ কথাৰ মাজত চল্লিশ বছৰ সুখেৰে সংসাৰ কৰা ঘৈণীয়েকজনীলৈ মানুহজনৰ মনত পৰে নে নাই সেয়া অপলকাই আকৌ কাইলৈ চাব। ডিমেনচিয়া ৰোগত আক্ৰান্ত গিৰিয়েকক বিগত দুমাহ ধৰি হস্পিতেলত প্ৰতিদিন ভাতসাঁজ খুৱাই কথা মনত পেলাবলৈ যেনেকৈ চেষ্টা কৰে, তেনেকৈয়ে চাব, আকৌ এদিন। মানুহজনৰ স্মৃতিৰ বৰপেৰাটো লিৰিকি-বিদাৰি চাব, কিজানি তেওঁৰ মনত পৰেই। কিজানি অচিনাকি হৈ উঠা মানুহজনীৰ মুখখন, চকুহাল, এক পলকৰ বাবে হ’লেও চিনি উঠেই।
আৰু এটা দিনৰ নিৰাশা সামৰি অপলকাই মানুহজনক মাত লগালে, “তামোলখন খাই আপুনি অলপ শোৱক।”
হয়ভৰ দি উকা দৃষ্টিৰে তাইক বিদায় দিয়া মানুহজনলৈ চাই যোৱাৰ সময়ত অপলকাই কৈ গ’ল,
“মধুসোলেং আৰু কণবিলাহী দিয়া মাছৰ জোল অকণ লৈ মই বাৰু কাইলৈ আকৌ আহিম।”