জীয়া শিল
লেখক- -নমিতা তালুকদাৰ
মই মৰা নে জীয়া
নুসুধিবি,
মোৰ নগ্নতাক চাই
নকৰিবি ৰগৰ
মোৰ পিঠিত ভাৰ দি
সাঁজি আছ’ সপোনৰ
ঘৰ,
মইতো কৰা নাই
এলাগী ভিন্নতাৰ জোখত
মোৰ মূৰতেই চোন
তাণ্ডৱ সপোন লহৰী
গানৰ,
সেউজীয়াবোৰ মোৰ পৰাই
লোৱা নাইনে শুহি,
শীতল কৰিবলৈ বুকু
নিশ্বাস ঢালিছ নিৰ্মল
শ্বাসৰ প্ৰশান্তি সানি
দুচকুত,
কত যুগ,
কত যুগ ধৰি
গলি গলি মই
বজ্ৰ হ’লোঁ,
কত শতিকা মই
দৃষ্টিৰ সমুখতেই
প্ৰস্তৰ হ’লোঁ,
পাৱ জানো উমান
যাতনাৰ মোৰ?
গলেনে কলিজা
মোৰ ৰ’দে পোৰা
দেহাটো চাই!
চকুলো টোকনে মোক
শিল হোৱা চাই?
নেদেখিবি,
নেদেখিবি মোৰ
কলিজাত চেকুঁৰ বন্ধা
ক’লা তেজবোৰ
অথচ….
মোৰ মূৰতেই চোন
তাণ্ডৱ সপোন লহৰী
গানৰ,
মোৰ বুকুতেই খাজ কাটি
উৰুৱাই আছ’
আকাশ চুৱাৰ নিচান,
সমস্বৰে গাইছ’ শিলত
লিখা প্ৰেমৰ গান!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments