জীৱনৰ আনন্দ

লেখক- সৌৰভ বৰগোঁহাই

মানুহে ক’ত সুখ পাই কোনেও নাজানে! কিছুমানে গাঁৱতে থাকি সুখ পাই কিছুমানে চহৰত বা কিছুমানে মহানগৰত বা কিছুমানে বিদেশত। অৱশ্যে চাকৰিৰ বাবেও বহুতে বেলেগ বেলেগ ঠাইত থাকিব লগা হয়। কিন্তু আজি এনে এটা কাহিনী লিখিবলৈ লৈছো যত দম্পতীহালৰ সকলো থাকিও এক বিচিত্ৰ জীৱন যাপন কৰিবলৈ লয়। 

মই যেতিয়া শিৱসাগৰৰ নাজিৰাত কৰ্মৰত আছিলো তেতিয়া এবাৰ মোৰ স্কুলৰ চিনিয়ৰ দাদা – বাইদেউ এহালে ৰাতিৰ আহাৰৰ বাবে তেওঁলোকৰ শিৱসাগৰৰ অএনজিচিৰ কোৱাৰ্টাৰলৈ মোক নিমন্ত্ৰণ জনালে। দাদা আৰু বৌ লিখিব লাগিছিল কিন্তু মই দাদা আৰু বাইদেউ লিখিছো যিহেতু দুইজন মোৰ স্কুলৰ জেষ্ঠ আছিল। নৱ দাদা অএনজিচিৰ অভিযন্তা আৰু মোনাতি বাইদেউ ডাক্তৰ। মোনাতি বাইদেউৰ বায়েক জনিও আমাৰ স্কুলত পঢ়িছিল। সেইহে এনেই জানিবলৈ মন গ’ল তেওঁ এতিয়া ক’ত আছে আৰু কি কৰি আছে? 

তাৰ বাবে সুধিলোঁ –

: বাইদেউ! সোনাতি দিদি আজিকালি ক’ত আছে? 

: তাই এতিয়া তামিলনাডুৰ চালেম জিলাৰ থিকাম্বেটো (Thekambattu) নামৰ ঠাইত থাকে। 

: কি কৰে? 

: একো বিশেষ নকৰে। এটা মুকলি জীৱন জী আছে। কোনো তেনচন বা চাপ (stress) নাই। 

মোৰ কৌতূহল বাঢ়ি গ’ল। আজিকালিৰ দিনটো কাৰোবাৰ এনেকোৱা জীৱন হ’ব পাৰে জানো? 

মই কলো –

: অলপ ভালকৈ বুজাই কওকচোন। 

: এইটো এটা দীঘল কাহিনী। শুনা কৈছো –

সোনাতি দিদিয়ে মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰি উত্তৰাখণ্ডৰ মচুৰিৰ আৱাসিক বিদ্যালয় এখনত শিক্ষক হিচাপে যোগদান কৰে। তাতে তেওঁ এজন অসাধাৰণ প্ৰতিভাসম্পন্ন ব্যক্তিক লগ পায়। তেওঁৰ নাম সুন্দৰ। তেওঁ আইআইটি মুম্বাইৰ পৰা শিক্ষা গ্ৰহণ কৰি সেই মচুৰিৰ আৱাসিক বিদ্যালয় খনত শিক্ষক হিচাপে চাকৰী কৰিবলৈ আহিছিল। তেওঁৰ আচল ঘৰ তামিলনাডুত। সুন্দৰ মুচুৰীৰত শিক্ষকতা আৰম্ভ কৰাৰ আগতে ৬-৭ বছৰমান মুম্বাইৰ টিচিএছত চাকৰি কৰিছিল। কিন্তু তেওঁৰ মুম্বাইৰ ব্যস্ততা জীৱন আমনি লগাত চাকৰি এৰি মচুৰিলৈ গুচি আহিলে। লাহে লাহে সোনাতি দিদি আৰু সুন্দৰৰ বন্ধুত্ব বাঢ়িল আৰু পিছলৈ দুয়ো বিয়া কৰায়। 

তেওঁলোকে কথা বোৰ অলপ বেলেগকৈ চিন্তা কৰে যেনে দুয়ো বৰ্তমান শিক্ষা প্ৰণালীটো ভাল নাপায়। কাৰণটো হৈছে কাৰোবাৰ যদি অংক ভাল লাগে তেওঁক অকল অংক পঢ়িবলৈ স্বাধীনতা থাকিব লাগে। বৰ্তমান প্ৰত্যেক ক্লাছৰ এখন পাঠ্য তালিকা (syllabus) থাকে যাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে কোনোবা বিষয় এটা বেছিকৈ জানিব বিচাৰিলেও পৰৱৰ্তী ক্লাছলৈ ৰ’ব লগা হয়। তেওঁলোকক মতে ল’ৰা বা ছোৱালী জীৱনত প্ৰথমে পাঁচ-ছয় বছৰত স্কুলীয়া শিক্ষা আৰম্ভ হয়। তাত যদি ছাত্ৰ বা ছাত্ৰী জনিয়ে কোনোবা এটা বিষয় ভাল পাই সেইটো তেওঁক স্বাধীনতা দিব লাগে যাতে সেই বিষয়টো তেওঁ খৰচী মাৰি পঢ়িব পাৰে বা কম বয়সতে পণ্ডিত হ’ব পাৰে। মানে পাঁচ-ছয় বছৰত সাধাৰণ অংক আৰম্ভ কৰি তেওঁ দহ বাৰ বছৰৰ লৈকে যাতে মাষ্টাৰ ডিগ্ৰী চিলেবাচৰ অংক কৰিব পাৰে। তেনেকৈ কোনোবাই যদি ইংৰাজী ভাল পাই তেওঁ অকল ইংৰাজী খুটি-নাতি কৈ পঢ়ি দহ বাৰ বছৰতে ইংৰাজীৰ ব্যাপক জ্ঞান আহৰণ কৰিব পাৰে। একেই ধৰণে কোনোবাই যদি কম্পিউটাৰ বিজ্ঞান ভাল পাই তেওঁক সেইটোৱেই পঢ়িবলৈ দিব লাগে যাতে তেওঁ কম বয়সতে ছফ্টৱেৰ পাৰ্গত হ’ব পাৰে। মানে কোৱাৰ অৰ্থটো হল মানুহৰ মনটো মুকলি হ’ব লাগে। “চিলেবাচ” পঢ়াত হেঙাৰ হ’ব নালাগে। যি ইচ্ছা তাকেই পঢ়িবলৈ দিব লাগে। সেই বাবে তেওঁলোকে alternative education বা open schoolingৰ পোষকতা কৰে। তেওঁলোকে ঠিক কৰিলে তেওঁলোকৰ সন্তান হ’লে তাহাঁতক পঢ়াৰ স্বাধীনতা দিব। 

তাৰ উপৰিও তেওঁলোকে এটা শান্তিপূৰ্ণ জীৱন বিচাৰে। চহৰৰ ব্যস্ততা জীৱনৰ পৰা দূৰত প্ৰকৃতিৰ লগত বিলীনহৈ জীৱনটো কটাব বিচাৰে। তাৰ বাবে তেওঁলোকক অলপ অৰ্থৰ প্ৰয়োজন হ’ব। সুন্দৰে তেওঁৰ লগত আইআইটি মুম্বাইত একেলগে পঢ়া বিদেশত থকা সাতজন বন্ধুৰ পৰা সহায়ৰ হাত বিচাৰিলে। সুন্দৰে নিজৰ পৰিকল্পনাৰ কথা ভালকৈ বুজাই কলে আৰু তেওঁলোকে তাত সন্মতি জনালে। তেওঁলোক প্ৰতিজনে মাহে দহ হাজাৰ কৈ সাত বছৰ সুন্দৰক দিম বুলি ঠিক কৰিলে আৰু এই সাত বছৰত সুন্দৰ আকৌ স্বাৱলম্বী হব পাৰিব বুলি নিজৰ ওপৰত বিশ্বাস আছিল। 

এদিন সুন্দৰে এক লাখ টকা লৈ তামিলনাডুৰ চালেম জিলাৰ থিকাম্বেটো (Thekambattu) নামৰ ঠাইত এটা সৰু পাহাৰ কিনিলে। থিকাম্বেটো এখন পিছপৰা গাঁও, তাৰ পৰা কাৰুমন্দাৰাই নামৰ সৰু টাউনখন ছয় কিলোমিটাৰ দূৰত আৰু চালেম (ষ্টীল টাউন অফ তামিলনাডু বুলি প্ৰসিদ্ধ) নামৰ ঠাই খনৰ দূৰত্ব ৬৭ কিলোমিটাৰ। সুন্দৰে পাহাৰৰ টিলাত ডাঙৰ শিল এটা কাটি গাঁৱৰ মানুহৰ সহযোগত এটা ধুনীয়া ঘৰ সাজিলে। তাৰপিছত পৃথিৱী খনৰ লগত যোগাযোগ ৰাখিবলৈ নিজে টেলিফোনৰ তাৰ টানি টেলিফোন আৰু ইণ্টাৰনেট সংযোগ কৰিলে। প্ৰথমে বিজুলীৰ বাবে নিজে চলাৰ চিষ্টেম স্থাপন কৰিলে পিছলৈ বিজুলী সংযোগ ও কৰাই ললে। লাহে লাহে প্ৰয়োজনীয় বস্তুবোৰ ঠিক ঠাক কৰি ললে। ঘৰত এটা ডাঙৰ লাইব্ৰেৰী বনালে যত বহুত কিতাপ কিনি আনি ৰখা হ’ল। কেইবছৰ মানৰ পাছত সোনাতি দিদি আৰু সুন্দৰৰ যুগ্ম জীৱনৰ সাক্ষী হিচাপে দুটি ল’ৰা সন্তান আহিল। নাম বদ্ৰি আৰু বৰুণ। 

সুন্দৰে যেতিয়া প্ৰথম চাকৰি এৰি গাঁৱত থাকিবলৈ আহিছিল তেতিয়া সুন্দৰৰ মাক দেউতাকক ওচৰ-চুবুৰীয়ায়ে হাঁহিছিল। তেওঁলোকে কৈছিল – “বেলেগ ল’ৰা আইআইটিত পঢ়ি বিদশলৈ যায় আৰু সুন্দৰ গাঁৱলৈ আহিছে।” পিছে সুন্দৰৰ দেউতাকৰ আক্ষেপ নাছিল কাৰণ বৃদ্ধ কালত ল’ৰাক ওচৰতে পাইছিল। বেলেগৰ ল’ৰা-ছোৱালী বিদেশত থাকিলে কি হব! মাক দেউতাক বোৰ অকলশৰীয়া। ল’ৰা-ছোৱালীৰ মাক দেউতাকলৈ সময় নাই। পিছলৈ ওচৰ-চুবুৰীয়াবোৰে বুজিছিল যে আচলতে সুন্দৰহে যোগ্য সন্তান। সুন্দৰে মাক দেউতাকক আনি মাজে মাজে নিজৰ লগত ৰাখিছিল। সুন্দৰৰ দেউতাক বিদ্বান ব্যক্তি আছিল। তেওঁৰ সহপাঠী আছিল ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত আব্দুল কালাম। 

বদ্ৰি আৰু বৰুণ লাহে লাহে ডাঙৰ হ’বলৈ ধৰিলে। তেওঁলোকৰ ঘৰৰ ওচৰত এটা ডাঙৰ শিল আছিল যিটোৰ নাম তাহাঁতে থৈছিল – “হিপ্পো ৰক” (হিপপটেমাচ) মানে শিলটো দেখাত জলহস্তীৰ নিচিনা। তাতে বহি সিহঁতে চাহ জলপান খাইছিল আৰু থিকাম্বেটো গাঁও খনৰ মনোৰম দৃশ্য উপভোগ কৰিছিল। তাৰ পৰা গোটেই গাঁওখন দেখা পোৱা যায়। বদ্ৰি আৰু বৰুণ পঢ়াত বৰ চোকা আছিল। খুব কম বয়সতেই কম্পিউটাৰৰ ডাঙৰ ডাঙৰ প্ৰ’গ্ৰাম লিখিব পাৰিছিল আৰু বহুত টান টান অংক সমাধান কৰিব পাৰিছিল। ইংৰাজীত ধুনীয়া কবিতা ও লিখিব পাৰিছিল। সামগ্ৰিক ভাৱে সকলো জ্ঞান আহৰণ কৰিব পাৰিছিল। দেউতাকৰ লগত লাগি নিজৰ সৰু পাহাৰটোত গছ পুলি ৰুইছিল যাৰ ফলত পিছলৈ সেইখন এখন ডাঙৰ হাবিলৈ পৰিবৰ্তন হৈছিল। তেওঁলোকে প্ৰকৃতিৰ মাজতে ডাঙৰ দীঘল হৈছিল। কেতিয়াবা ঘৰৰ ওচৰতে বাঘ উলাইছিল বা কেতিয়াবা ডাঙৰ সাপ কিন্তু তেওঁলোকে ভয় নাখাইছিল। তেওঁলোকে সকলো মুকাবিলা কৰিবলৈ শিকি গৈছিল। 

আৰ্থিক ভাৱে স্বাৱলম্বী হ’বলৈ সুন্দৰৰ বন্ধু কেইজনে সুন্দৰক চ’ফ্টৱেৰ প্ৰ’গ্ৰাম আদিৰ কাম দিছিল। ঘৰতে বহি সুন্দৰে সেইবোৰ কাম কৰিছিল আৰু লৰাকো শিকাইছিল। সুন্দৰ আৰু সোনাতি বাইদেৱে Thekambattu নামৰ ব্লগ খুলি তাত লিখা আৰম্ভ কৰিছিল। সেই ব্লগত সোনাতি বায়ে খাদ্যৰ ৰেচিপি আৰু গোটেই পৰিয়ালটোৱে কবিতা বা নিজৰ অভিজ্ঞতা বা দৈনন্দিন কথা বোৰ লিখিছিল। ইণ্টাৰনেটত বিচাৰিলে পোৱা যাব। 

সুন্দৰ কিমান সাধাৰণ ব্যক্তি তাৰ এটা সৰু উদাহৰণ এনে ধৰণৰ। তেওঁ এটা সময়ত কেৱল তিনিযোৰ হে ভাল কাপোৰ লগত ৰাখিছিল। যদি কোনোবাই চোলা বা পেণ্ট উপহাৰ দিছিল তেতিয়া তেওঁ পুৰণা এটা বেলেগক দান কৰিছিল মুঠতে মাত্ৰ তিনিযোৰ হে কাপোৰ থাকিব লাগিব। তেওঁলোকৰ ঘৰ খনলৈ মানুহৰ আকৰ্ষণ বাঢ়িবলৈ ধৰিলে। বিদেশত থকা তেওঁৰ বন্ধু কেইজনে ভাৰতলৈ আহিলে তেওঁৰ লগত কেইদিনমান কটাই গৈছিল। পিছলৈ তেওঁৰ ঘৰত যাবলৈ বুকিং কৰিব লগাৰ নিচিনা পৰিস্থিতি সৃষ্টি হ’ল। 

মোনাতি বাইদেৱে কথা বোৰ ধুনীয়াকে কৈ গৈছিল। মোৰ কিবা কথাবোৰ শুনি সাধু কথা নিচিনা লাগিছিল। মোৰ ভাৱ হৈছিল আজিকালিও এইধৰণৰ মানুহ থাকেনে! এনেকৈ কথা বোৰ কৈ মোনাতি বাইদেউ ৰৈ গ’ল আৰু কলে –

: হ’ব নেকি! কিমান কম আৰু সিহঁতৰ কাহিনী শেষেই নহয়…….। 

: বৰ ভাল লাগিল দেই। কথাবোৰ শুনি বহুত অনুপ্ৰেৰণা পাইছো। জীৱনটো চোৱাৰ এটা বেলেগ এংগল দেখা পাইছো। ইমান লাহ-বিলাহ পইছা পাতি লৈ কি হ’ব যদি মনত শান্তি নাই? 

: ঠিকেই কৈছা। সঁচাকৈ ভাল লাগে তাহাঁতক দেখি। 

এনেকৈ এটা ধুনীয়া সন্ধিয়াৰ অন্ত পৰিল আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰি ঘৰলৈ আহোঁতে কিন্তু কথা বোৰ মোৰ মূৰত ঘূৰি থাকিল। এই কাহিনীটো শুনা কিজানি মোৰ তেৰ-চৈধ্য বছৰ মান হ’ল কিন্তু মনত এতিয়াও সজীৱ হৈ আছে। সেইবাবে ভাবিলো আপোনালোকক স্বেয়াৰ কৰোঁ। ইমানতে আজিলৈ সামৰণি মাৰিছো। 

ধন্যবাদ। ।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!