জীৱনৰ গান -শঙ্খনীল দেৱ - মূল বাংলা

অনুবাদ—অমৃত বৰঠাকুৰ

স্ত্ৰী— হে’ৰা শুনিছা, শুনিছানে?

  ইমানকৈ চিঞৰিলেও তোমাৰ কাণত

  নোসোমায় একো কথা,

  পুৱাৰ পৰাই কৈ আছোঁ মই

  কঁকালত বৰ ব্যথা।

  অকণো নাই দৰদ তোমাৰ,

  নাই এধানি দয়া

  গম পাবা তুমি, মোৰ কিবা এটা হ’লে

  এনেয়েও ৰুগীয়া দেহা।

স্বামী—সকলো শুনিছোঁ, সকলো দেখিছোঁ

  সেয়ে কি আৰু ক’ম?

  কুৰিটি বছৰ বিষ, বিষ, বিষ

   শুনি কাণ ঘোলা হৈ গ’ল!

   আজি বোলে কঁকালৰ বিষ

   কালি বোলে বিষ পিঠিত,

   পৰহি বিষ দুয়োটা বাহুত,

   চতহিলৈ বিষ ভৰিত।

স্ত্ৰী— জানো মই, তুমি এনেকৈয়ে ক’বা

  এতিয়া এলাগী হ’লোঁ।

  আগতে কৈছিলা, ৰাণী কৰি ৰাখিম

  কথাষাৰ সোঁৱৰাই দিলোঁ।

  ঘৰলৈ আনি, দাসী কৰি মোক

  জুহালত গুঁজি দিলা,

  কুৰিটা বছৰ জ্বলি-পুৰি আছোঁ

  মোৰ মৌনতাত চল পালা।

স্বামী—মৌন হৈ থাকা তুমি!

  কেনে কথা হাঁহি উঠা ।

   তোমাক মৌন বুলিলে হ’ব

   এটা নোহোৱা-নোপজা কথা।

  তোমাৰ বকনিত পলায় চিৰিকতি

  কাউৰী পলায় ভয়ত,

   ওচৰ-চুবুৰীয়াই দুৱাৰ জপায়

   তুলা গুঁজি লয় কাণত।

  তোমাৰ বাক্যবাণত ধৰাশায়ী সব

  পৰাজয় স্বীকাৰে ৰণত।

স্ত্ৰী—এতিয়া মোৰ মাত শুনিলেই

  তোমাৰ শৰীৰ জ্বলে,

  মাক-পুতেকেই যে মোৰ, মুখ চোকা কৰিলে

  সেই কথা কোনে বুজে?

  বিয়াৰ আগতে মৃদুভাষী দেখি

  কৈছিল লখিমী ছোৱালী বুলি।

  মোৰ মুখত জিলিকিছিল সদায়

  স্মিথ মধুৰ হাঁসি।

স্বামী— হ’ব, হ’ব আৰু বহলাই নক’বা

   একোকে নকওঁ মই,

   বিয়াৰ পাছত, মোৰ ঘৈণীক

   সবে ‘লাউড স্পীকাৰ’ বুলি কয়।

   স্বভাৱটিও তোমাৰ কটাৰীৰ ধাৰ

  হৃদয় মোৰ ক্ষত-বিক্ষত, জীৱনটো জেৰবাৰ।

স্ত্ৰী—বিয়াৰ আগতে শুনিছিলোঁ মই, তোমাক লৈ বহু কথা,

পালিগৈ এটা গাঁৱলীয়া ভুত, পিছলৈ লাগিব লেঠা।

 ময়ো অন্ধ আছিলোঁ, প্ৰেমত পিন্ধালোঁ বৰমালা,

নিজৰ ভৰিত নিজে ঘপিয়াই, এতিয়া ভুগিছোঁ জ্বালা।

স্বামী— জ্বালাৰ কথা কৈ, দিলা

   কটা ঘাঁত চেঙা তেল,

   আছিলোঁ কেনে সিংহ পুৰুষ

   এতিয়া কৰোঁ মেওঁ।

   গাধৰ দৰে খটুৱাই মাৰিলা

   নচুৱালা বান্দৰ নাচ,

  বঠিখনৰ কাষত পৰি আছোঁ মই

  যেন এটা মৰা মাছ।

স্ত্ৰী—কি যে কুলক্ষণীয়া কথাবোৰ তোমাৰ

  কেনে শব্দ মুখত,

  ইয়াকে কয় ‘ভুতে কিলায়’

  থাকিলে পৰম সুখত !

  মান-অভিমান, কাঁজিয়া-পেচাল

  যিমানেই নকৰোঁ লাগে,

  প্ৰাৰ্থনা কৰোঁ মোৰো আয়ুসখিনি

  তোমালৈ যাওক

  মনত কামনা জাগে।

স্বামী—আৰে’ আৰে’ আৰে’! কান্দিছা কিয়?

  বুকুৰ মাজলৈ আঁহা,

  যিমানেই মোৰো খেচ-খেচনি

  যিমানেই বকো মুখে,

  তুমিয়েই মোৰ জীৱন সঙ্গী

  দুখ-সুখ সকলোতে।

   পত্নী সঙ্গত আছোঁ কাৰণেই

  বাহাদুৰি দেখুৱাওঁ,

  তুমিয়েই মোৰ শক্তিৰ আধাৰ

  তোমাৰ তুলনা নাই।

 

(অনুবাদ সদায়েই এটি কঠিন সাহিত্য-কৰ্ম। গদ্যতকৈও কবিতাৰ অনুবাদ কৰা কামটো অধিক কঠিন। কবিতাটো যদি এটা ছন্দোবদ্ধ পদ্য হয়, তেন্তে তেনে এটা পদ্যৰ অনুবাদ কৰাতো কিমান কঠিন হ’ব পাৰে। সেই কথা বুজাসকলে নিশ্চয় বুজিব। আজি আগবঢ়াই দিয়া এই অনুবাদটি, তেনে পৰ্যায়ৰে এটা বাংলা ভাষাৰ পদ্য। অনুবাদ কৰোঁতে, অসমীয়া ভাৱ এটা আনিবৰ বাবে কিছু স্বাধীনতা গ্ৰহণ কৰা হৈছে।) 

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!