জুইকুৰা
লেখক- নূপুৰ হাজৰিকা
মোৰ হাতৰ তলুৱাত জুয়ে নাচে চা।
মোৰ কপালৰ ৰেখাত বিজুলীৰ নাচোন চা।
মোৰ চকুত ফিৰিঙতি,
এখন হাবি পুৰি শেষ হোৱা ফিৰিঙতি
জুই-বিজুলী-বিস্ফোৰিত উল্কাপিণ্ড
এটা নক্ষত্ৰ জ্বলি থকা ইতিহাস
চা
চা
চা
পঢ়ি চা
চকু মেলি চা।
ৰাতি ৰাতি
বুকু জুৰি জুয়ে নাচে চা,
চকুত সপোনৰ শেষ জুই চা।
জুই জ্বলে
পেটৰ ধেমালি বুজাৰ ছলেৰে!
বনৰ
জুই উৰে
ফিৰিঙতি হৈ
ধোঁৱা হৈ
ছাই হৈ;
উৰি আহি
চকুত কপালত হাতৰ তলুৱাত মোৰ!
ৰঙীন কাঁচৰ সন্ধিয়া এটি
থানবানকৈ পৰি ৰয় যেতিয়া কোনো সমূদ্ৰ তীৰত
একুৰা জুয়ে নাচি থাকে
পানীত
শান্তিয়নী নদীৰ বুকুত
অথবা উত্তাল সমূদ্ৰত
কোনে ক’ত দেখে বাৰু
জুইকুৰা?
প্ৰকৃততে?
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments