জুলজ ভাৰ্ণ (Jules Verne) - কল্পবিজ্ঞান সাহিত্যৰ পিতৃপুৰুষ
লেখক- অসীম তালুকদাৰ
অৰ্বাচীন সাহিত্যৰ এটা অন্যতম শাখা হৈছে কল্পবিজ্ঞান। সমসাময়িক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞানৰ লগত কল্পনাৰ সমাহাৰ ঘটাই ৰচনা কৰা সাহিত্যকে কল্পবিজ্ঞান বুলি অভিহিত কৰিব পাৰি। কল্পবিজ্ঞান সাহিত্যই নতুন পঢ়ুৱৈৰ জন্ম দিব পাৰে, নৱ প্ৰজন্মক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞানৰ লগত অবান্তৰ কল্পনাৰ যোগ কৰা কাৰ্যই কল্পবিজ্ঞান সাহিত্য নহয়। বৰং বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিখুঁট জ্ঞানক অগ্ৰাধিকাৰ দি তাৰ পৰিসৰৰ ভিতৰত কল্পনাৰ সংমিশ্ৰণ ঘটাই কৰা ৰচনাহে পাঠকৰ পৰা সমাদৰ লাভ কৰা পৰিলক্ষিত হয়।
কল্পবিজ্ঞান সাহিত্যৰ ধাৰাৰ সৃষ্টিৰ আৰত থকা বৰেণ্য ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন আছিল জুলজ গেব্ৰিয়েল ভাৰ্ণ। ১৮২৮ চনৰ ৮ ফেব্ৰুৱাৰীত ফ্ৰান্সৰ নাণ্ট (Nantes) চহৰত জন্ম লাভ কৰা জুলজ ভাৰ্ণেই পৰৱৰ্তী সময়ত নিজৰ সৃষ্টিৰ জৰিয়তে কল্পবিজ্ঞান সাহিত্যৰ ভেটি স্থাপন কৰিছিল। এই ক্ষেত্ৰত অৱশ্যে জুলজ ভাৰ্ণৰ জন্মৰ প্ৰায় তিনি দশক পূৰ্বে আৰু প্ৰায় চাৰি দশক পাছত জন্ম লাভ কৰা ইংৰাজ লেখকদ্বয় মেৰী শ্বেলী আৰু হাৰ্বাৰ্ট জৰ্জ ৱেলছৰ (চমুকৈ এইছ জি ৱেলছ) নামো একেলগেই আহিব। মেৰী শ্বেলী নাইবা এইছ জি ৱেলছৰ প্ৰায়বোৰ লেখাত সেইসময়ত উপলব্ধ প্ৰযুক্তিবিদ্যাই কেনেকৈ ভাল আৰু বেয়া ৰূপ ল’ব পাৰে তেনে সম্ভাৱনাবোৰে আগস্থান লাভ কৰিছিল। তাৰ বিপৰীতে জুলজ ভাৰ্ণৰ গল্প আৰু উপন্যাসত সেই সময়ত উপলব্ধ প্ৰযুক্তিবিদ্যাই কেনেকৈ ভৱিষ্যতে অন্য দিশ মুকলি কৰিব পাৰিব তাৰ ওপৰতহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। এই লেখাটোত মূলতঃ জুলজ ভাৰ্ণৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰা হৈছে।
প্ৰথমতে তলত উল্লেখ কৰা মেচিন কেইটাৰ কথা ভবা হওক।
১) এটা বিশেষ মেচিন যাৰ সহায়ত দূৰলৈ নিমিষতে তথ্যপাতি প্ৰেৰণ কৰিব পৰা যাব।
২) এখন বিশেষ বাহন যিখন ঘোঁৰা নাইবা অন্য কিবা প্ৰাণীৰ পৰিৱৰ্তে কিবা ইন্ধনৰ পুৰি পোৱা শক্তিৰ দ্বাৰা চলিব।
৩) এনে এখন বাহন যিখনৰ সহায়ত সাগৰ-মহাসাগৰৰ পানীপৃষ্ঠৰ তলতো নিৰ্বিঘ্নে চলি ফুৰিব পৰা যাব।
৪) এখন বাহন যিখনত উঠি আকাশত উৰি ফুৰা সম্ভৱ হ’ব।
বৰ্তমান সময়ত ওপৰত উল্লেখ কৰা মেচিন কেইটাৰ কোনোটোকেই কল্পবিজ্ঞানৰ অংশ বুলি ভবা নহয়। কিন্তু আজিৰ পৰা দুশ বছৰৰ পূৰ্বে এইবোৰ মানুহৰ সপোনৰ পৰিৱৰ্তে অন্য একো নাছিল। জুলজ ভাৰ্ণেৰ কল্পনাবিলাসী মনটোৱে কিন্তু এনেবোৰ ধাৰণা বাস্তৱ ৰূপত পৰিণত হোৱা সম্ভাৱনীয়তা দেখা পাইছিল। এইবোৰ ধাৰণাক ভিত্তি কৰি এখনৰ পাছত আনখন উপন্যাস তেওঁ পাঠকলৈ আগবঢ়াইছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ডিটেক্টিভ সাহিত্যৰ জনক ইংৰাজ লেখিকা আগাথা ক্ৰিষ্টিৰ পাছতেই জুলজ ভাৰ্ণৰ কৰ্মৰাজি পৃথিৱীৰ অধিক ভাষালৈ অনূদিত হৈছে।
জুলজ ভাৰ্ণৰ দেউতাক পিয়েৰ ভাৰ্ণ পেছাত এজন আইনজীৱি আছিল। তেওঁ জুলজ ভাৰ্ণেও একেটা বৃত্তিকে অৱলম্বন কৰাটো বিচাৰিছিল। সেয়েহে আইনী শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ নাণ্ট চহৰ পৰা প্ৰায় চাৰিশ কিলোমিটাৰ দূৰত অৱস্থিত পেৰিছলৈ আহে। পেৰিছতেই জুলজ ভাৰ্ণে নিজকে যেন পুনৰ এবাৰ আৱিষ্কাৰ কৰে। আইনী শিক্ষাতকৈ সাহিত্য আৰু থিয়েটাৰ সম্পৰ্কীয় অধ্যয়নতে বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰে। ইয়াতেই তেওঁ কেইবাখনো নাটক লিখি লেখক ৰূপে আত্মপ্ৰকাশ কৰে। জুলজ ভাৰ্ণেই নিজৰ কৰ্মজীৱন আৰম্ভ কৰে থিয়েটাৰ লিৰিক নামৰ অপেৰা কোম্পনী এটাত। অনুষ্ঠানটোৰ সচিব হিচাপে ভাৰ্ণেই কেইবাবছৰো কাম কৰিছিল। সেই সময়চোৱাতে তেওঁ ‘মিউজিয়াম অৱ ফেমিলিজ’ নামৰ প্ৰসিদ্ধ আলোচনী এখনত বহুত চুটি গল্প আৰু বিজ্ঞান সম্পৰ্কীয় ৰচনা প্ৰকাশ কৰে। ১৮৫৭ চনত তেওঁ বিবাহপাশত আৱদ্ধ হয়। তাৰ পাছত কেইবা বছৰলৈ তেওঁ পেৰিছৰ ষ্টক মাৰ্কেটত দালাল হিচাপে কাম কৰে।
জুলজ ভাৰ্ণৰ প্ৰথম উপন্যাস “বেলুনত পাঁচ সপ্তাহ“(Five Weeks in a Balloon) প্ৰকাশ হয় ১৮৬৩ চনত। পিয়েৰ জুলজ হেটজেল নামৰ প্ৰকাশক এজনে কিতাপখন প্ৰকাশ কৰে। কিতাপখনৰ বিক্ৰীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে আৰু জুলজ ভাৰ্ণক কল্পবিজ্ঞান লেখক হিচাপে ফ্ৰান্সৰ লগতে সমগ্ৰ ইউৰোপত প্ৰতিষ্ঠা কৰে। উল্লেখযোগ্য যে ভাৰ্ণ আৰু হেটজেলৰ যুটীয়া উদ্যোগত পৰৱৰ্তী সময়ত এখনৰ পাছত এখন কালজয়ী উপন্যাস প্ৰকাশিত হয়। এই উপন্যাসখনত ড°চেমুৱেল ফাৰ্গুছন নামৰ ব্যক্তি এখনে বেলুন এটাত উঠি আফ্ৰিকা ভ্ৰমণ কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ড° ফাৰ্গুছন আৰু তেওঁৰ বন্ধুসকলে সন্মুখিন হোৱা প্ৰত্যাহ্বানৰ কথাই উপন্যাসখনৰ মূল বিষয়বস্তু।
১৮৬৪ চনত প্ৰকাশ পোৱা পৃথিৱীৰ কেন্দ্ৰলৈ যাত্ৰা (Journey to the Center of the Earth) উপন্যাসখনত ভূতত্ত্ববিদ ওটো লিডেনব্ৰ’ক আৰু দুজন সহযোগীয়ে পুৰণি পাণ্ডুলিপি এখনত থকা সাঁথৰ এটা সমাধা কৰি পৃথিৱীৰ অভ্যন্তৰলৈ যোৱা পথ এটা বিচাৰি পায়। সেই পথ অনুসৰণ কৰি তেওঁলোকে পাহাৰ, আগ্নেয়গিৰি আদিৰ দৰে প্ৰতিকূল পথ অতিক্ৰম কৰি অৱশেষত প্ৰাগৈতিহাসিক যুগৰ ডাইনোচৰ আৰু সাগৰেৰে ভৰা নতুন পৃথিৱী এখনৰ সন্ধান পায়। পদে পদে বিপদৰ সন্মুখীন হোৱাৰ পাছত অৱশেষত আগ্নেয়গিৰি এটাৰ উদ্গীৰণে তেওঁলোকক পৃথিৱীপৃষ্ঠলৈ ঘূৰাই লৈ আহে।
পৃথিৱীৰ পৰা চন্দ্ৰলৈ (From the Earth to the Moon) উপন্যাসখন প্ৰকাশ পাইছিল ১৮৬৫ চনত। আমেৰিকাৰ গৃহযুদ্ধৰ সমাপ্তিৰ পাছত কেইজনমান সৈন্যই বৃহৎ কামান এটাৰে ফ্লৰিডাৰ পৰা কলম্বিয়া নামৰ কেপছুল এটা মহাকাশলৈ নিক্ষেপ কৰি চন্দ্ৰ ভ্ৰমণ কৰাৰ কথা বৰ্ণনা কৰা হৈছে। কিতাপখন ৰচনা কৰা সময়ত জুলজ ভাৰ্ণৰ মনত ৰকেটৰ দৰে যন্ত্ৰ এটা আছিল তাত কোনো সন্দেহ নাছিল। উল্লেখযোগ্য যে বৰ্তমান সময়তো আমেৰিকাৰ প্ৰায়বোৰ মহাকাশযানেই ফ্লৰিডাৰ পৰা উৎক্ষেপণ কৰা হয়। জুলজ ভাৰ্ণৰ কথা মনত ৰাখিয়েই হয়তো যোৱা শতিকাৰ আশীৰ দশকত নাছাই নিৰ্মাণ কৰি উলিওৱা ছয়খন স্পেছ ছাটলৰ এখন কলম্বিয়া নামেৰে নামকৰণ কৰিছিল। এই কিতাপখনে আধুনিক ৰকেটৰ সৃষ্টিৰ আঁৰত থকা মহান বিজ্ঞানী কনষ্টানটিন চিলকোভস্কি, ৰবাৰ্ট গ’ডাৰ্ড আৰু হাৰমেন ওবাৰ্থক অনুপ্ৰাণিত কৰিছিল।
১৮৬৯-৭০ ভিতৰত ধাৰাবাহিক হিচাপে প্ৰকাশ কৰা সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ (Twenty Thousand Leagues Under the Sea) উপন্যাসখনত তিমি মাছৰ সন্ধানত যোৱা তিনিজন মাছমৰীয়াই কেনেকৈ নটিলাছ নামৰ ছাবমেৰিণ সদৃশ যান এখনত বন্দী হৈ সাগৰৰ তলিয়েদি সমগ্ৰ পৃথিৱী ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰে সেয়া বৰ্ণনা কৰা হৈছে। কিতাপখনত জাহাজখনৰ কেপ্তেইন নেমোৰ ইউৰোপীয় শক্তিবোৰৰ সাম্ৰাজ্যবাদ আৰু তথা সমসাময়িক সমাজ ব্যৱস্থাৰ প্ৰতি থকা বিতৃষ্ণাও প্ৰকাশ পাইছে। ইয়াতে উল্লেখ কৰিব পাৰি যে প্ৰথম আধুনিক ছাবমেৰিণৰ নিৰ্মাতা আমেৰিকা যান্ত্ৰিক ইঞ্জিনিয়াৰ ছাইমন লেকে এই কিতাপখনৰ পৰা অনুপ্ৰেৰণা লাভ কৰাৰ কথা সদৰি কৰিছিল।
জুলজ ভাৰ্ণৰ অন্যতম সৃষ্টি Around the world in 80 days কিতাপখনত চাৰিখন ইংৰাজ ভদ্ৰলোকে আধুনিক বাহন ব্যৱহাৰ কৰি চাৰি মাহত পৃথিৱী ভ্ৰমণ কৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। উল্লেখযোগ্য যে তেওঁলোকৰ ভ্ৰমণকালৰ এক বৃহৎ অংশ তেওঁলোকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত অতিবাহিত কৰিছিল। অচিনাকি ঠাই আৰু পৰিৱেশত তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান কিতাপখনৰ মুখ্য বিষয়।
এই আলোচনাটোত জুলজ ভাৰ্ণৰ এশৰো অধিক কিতাপৰ আটাইতকৈ বিখ্যাত উপন্যাস কেইখনৰ কথাহে আলোচনা কৰা হৈছে। প্ৰতিটো বিষয়বস্তুৰ কাৰণেই তেওঁ প্ৰচুৰ অধ্যয়ন কৰিছিল, বিশ্ববিদ্যালয়ৰ গৱেষকৰ লগত পৰামৰ্শ কৰিছিল। সেয়েহে কেইবাজনো ভৱিষ্যত আৱিষ্কাৰকক তেওঁ প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছিল। উৰণীয়া মেচিনৰ জনক এলবাৰ্টো সণ্টোস ডুমণ্ট আৰু ইগ’ৰ চিকৰস্কিয়ে জুলজ ভাৰ্ণৰ লিখনিৰ পৰা প্ৰেৰণা লাভ কৰা বুলি প্ৰকাশ কৰিছিল।
প্ৰখ্যাত আমেৰিকান জ্যোতিৰ্বিদ এডৱিন হাবল জুলজ ভাৰ্ণেৰ সাগৰৰ তলিয়েদি কুৰি হাজাৰ লীগ আৰু পৃথিৱীৰ পৰা চন্দ্ৰলৈ কিতাপ দুখনৰ পৰা ইমানেই অনুপ্ৰাণিত হৈছিল যে তেওঁ ওকালতি বাদ দি জ্যোতিৰ্বিজ্ঞানৰ ছাত্ৰ হিচাপে চিকাগো বিশ্ববিদ্যালয়ত যোগ দিয়ে। ৰকেট বিজ্ঞানী ভন ব্ৰাউন, ৰেডিও প্ৰযুক্তিৰ আৱিষ্কাৰক মাৰ্কণি, মহাকাশচাৰী য়ুৰি গাগাৰিন আদিও জুলজ ভাৰ্ণৰ লিখনিৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। উল্লেখযোগ্য যে এই মহান লিখকজনৰ সন্মানত চন্দ্ৰৰ আনটো দিশত থকা গহ্বৰ এটা জুলজ ভাৰ্ণ নামেৰে নামকৰণ কৰা হৈছে।
১৮৮৮ চনত জুলজ ভাৰ্ণেই ৰাজনীতিত যোগ দিয়ে আৰু এমিয়েনৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হয়। কাউন্সিলৰ হিচাপে তেওঁ পোন্ধৰ বছৰ কাৰ্যনিৰ্বাহ কৰে। মধুমেহ আৰু অন্যান্য ৰোগত দীৰ্ঘদিন আক্ৰান্ত হৈ থকাৰ পাছত ১৯০৫ চনৰ ২৪ মাৰ্চত জুলজ ভাৰ্ণেই মৃত্যুমুখত পৰে। উল্লেখযোগ্য যে ফৰাচী চৰকাৰে ২০০৫ বছৰটো “জুলজ ভাৰ্ণ বৰ্ষ’’ হিচাপে ঘোষণা কৰিছিল।
প্ৰবন্ধটো যুগুত কৰোঁতে ইণ্টাৰনেটৰ জৰিয়তে তলৰ উৎসবোৰৰ পৰা উপলব্ধ তথ্য ব্যৱহাৰ কৰা হৈছে।
১) Encyclopedia Britannica
২) New Mexico Museum of Space History
৩) Library of Congress