জোনটো
লেখক- নূপুৰ হাজৰিকা
গালিবৰ শ্বায়েৰী আৰু গুলজাৰৰ কবিতাৰ পৰা ধাৰে লোৱা জোনটো
মোক দিছা তুমি বহুবাৰ।
এবাৰ নহয়
দুবাৰ নহয়
এশবাৰ দিছা
এচোতাল জোনাকত
জিকা ফুলৰ দৰে হালধীয়া হৈ ফুলা কোমল জোনটো।
অথচ
তুমি এতিয়াও অসমৰ্থ
মই বিচৰা জোন দিবলৈ!
চেঁচা, ফিকা হৈ পৰা তোমাৰ শব্দৰ পিয়লাত
মোৰ আকাংক্ষিত জোন কেনেকৈ সম্ভৱ?
দিছা,
হেজাৰবাৰ দিছা
চীনা শৰতৰ জোন অথবা
জাপানী হাইকুৰ অম্লান জোন ।
কিন্তু
মোৰ ইচ্ছাৰ জোনটো ক’ত—
সকলো শব্দ নেওচি আহি
মোৰ আকাশত থিতাপি ল’ব যি জোনে
এক ব্ৰহ্ম মুহূৰ্তত!
এটা জোন
এটা মুহূৰ্ত
কেৱল এটা মুহূৰ্ত
এটা জোন
শব্দ ধাৰে লোৱা
মোৰ জীয়া জোনটো জ্বলোৱা
যদি মৰি গ’ল তোমাৰ ৰুক্ষতাত
তেনে হ’লে জীয়াই দিয়া।
মোৰ মৃত্যু উপত্যকাত তোমাৰ জীয়া জোন
ধাৰে লোৱা শব্দ ।
মোৰ ইচ্ছাৰ জোন ক’ত ?
যি নিজে জ্বলি মৰে আৰু
সমগ্ৰ পৃথিৱীয়ে দেখে তাৰ চমক!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments