টোপ (উৎপল জোনাক হাজৰিকা)

টোপ

উৎপল জোনাক হাজৰিকা


মানুহ এটা মানুহ হৈয়ে থাকক
এনে এটা প্ৰস্তাব লৈয়ে
নৈবোৰে পাৰ কৰে বিষণ্ণ কিছু সন্ধিয়া,
গছবোৰৰ দৰে শিলবোৰেও নিজতে মগন হৈ থাকে।
সিহঁতে পানী খেলি ভাল পায়
সেয়ে নদী সিহঁতৰ প্ৰিয়,
পাতবোৰে নদীত উটি ভাল পায়।
শীতৰ জোন নমনা নিশাও সিহঁতে উটে,
নদীৰ পানীৰে খেলে,
ঢৌবোৰক চুমা খায়,
তৰাবোৰক জোকায়।
তাত কোনোবা ৰৈ আছে,
হ’ব পাৰে আপুনিও ৰৈ আছে কাৰোবালৈ !
কিন্তু মই ৰৈ থকা নাই,
ৰোৱাৰ সময় নাই বাবেইতো
আপোনাক প্ৰস্তাবটো দিব পৰা নাই !
ৰৈ থকা সকলক
কিছু কাম কৰিবলৈ দিব নোৱাৰি,
মানা আছে।
তেওঁলোক গছৰ দৰে,
গছৰ পাতৰ দৰে,
নদীৰ দৰে
কাৰোদৰেই হ’ব নোৱাৰে।
তেওঁলোকে বতাহৰ দৰে
গছৰ পৰা পাতবোৰ চিঙে,
নদীৰ ঢৌবোৰক সাগৰৰ দৰে হ’বলৈ
উচতনি দিয়ে।
টোপ,
তেওঁলোকে টোপ ভালপায়।
পাহাৰটোৰ দৰে টোপ দেখিলেহে
বুকুৰ পৰা নদী বোৱাবলৈ হেঁপাহ কৰে৷

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!