ঠেলাগাড়ী

লেখক- শিখা জ্যোতি কোঁৱৰ

দৃশ্য পট ১: 

পৰীক্ষাৰ উত্তৰ বহীখনত কলমেৰে আঁক মাৰিবলৈ লৈ প্ৰশ্নটোতে সি থৰ লাগিল। প্ৰশ্নটো কিবা নুবুজা যেন বোধ হ’ল। অথচ নিৰীক্ষক ছাৰজনক সুধিবলৈয়ো কিবা ভাল নালাগিল। ছাৰজন নতুন। কিবা এটা কৈ দিয়ক চাৰি কাঢ়া নিৰ্দেশ জাৰি কৰিছে। 

 -“ইফাল-সিফাল নকৰিবা। কাৰো পৰা চোৱা-চুই নচলিব।”

অগত্যা কলম কামুৰি ৰোৱাৰ বাহিৰে তাৰ নিস্তাৰ নাই। 

-“ঐ, কি হ’ল? কলম কামুৰিলা যে? গোটেই বছৰটোত কিনো পঢ়িলা?”

-“ছাৰ, ই নপঢ়াকৈয়ে পৰীক্ষা দিয়ে।”

-“মানে?”

-“মানে সি স্কুললৈ নাহে নহয়। কেৱল পৰীক্ষাতহে আহে।”

-“অ’ হয়তো। ইয়াক দেখা মনত পৰা নাই।”

অলপ ওস্তাদ সত্যজিতে নতুন ছাৰক থূলমুলকৈ তাৰ বিষয়ে ক’লে। 

মেহেঙা হাঁহি এটি ফুটাই সি তলমূৰ কৰিলে। বিদ্যালয়লৈ সি এৰাব নোৱাৰা টানতহে আহে। মাক আৰু হেড ছাৰৰ কথা পেলাব নোৱাৰে। সম্পূৰ্ণ বছৰটো ভিতৰত ত্ৰিশদিনমান আহে। তাৰে মাজত পৰীক্ষা দিনকেইটা সোমাই থাকে। তেনেকৈয়ে সি প্ৰাথমিক বিদ্যালয়ৰ পৰা উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিকৰ পৰা হাইস্কুল পালেহি। 

বুৰবুৰণি: 

মেধাৱী ছাত্ৰ সি মুঠেও নহয়। তথাপি সি কোনোটো শ্ৰেণীতে অনুত্তীৰ্ণ হোৱা নাই। উত্তীৰ্ণ হৈ পিছে সি সুখী নহয়। বিদ্যালয়ৰ শিক্ষাৰ প্ৰতি একেবাৰে অনিচ্ছা, অনীহা থকাৰ পিছতো সি পৰীক্ষা সময়ত আহি ওলায়। বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে যি সুহৃদয়তাৰে বিদ্যালয়লৈ আহিবলৈ আহ্বান জনাই সেই আহ্বানৰ মান ৰাখিবলৈকে আহে। অঞ্চলটোৰ একমাত্ৰ চৰকাৰী হাইস্কুল এইখন। কিতাপ-পত্ৰৰ পৰা সমসাজলৈকে সকলো বিনামূলীয়া। শিক্ষক-শিক্ষয়িত্ৰীৰো অভাৱ নাই। শিক্ষাৰ্থীহে অভাৱ। কাৰণ অঞ্চলটোৰ মধ্যবিত্তৰ সন্তানসকল বাদেই নিম্ন মধ্যবিত্তসকলৰ সন্তানবোৰো চহৰৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ঢাপলি মেলিছে। তাৰদৰে কেইজনমানৰ লগতে বিদ্যালয়খনৰ প্ৰতি অনুকম্পা থকা এখিনি অভিভাৱকৰ সন্তানৰেহে বিদ্যালয়খন টাপি-টুপি চলি আছে। সেয়ে এইকেইটা শিক্ষাৰ্থী শিক্ষাগুৰুসকলৰ সম্বল। 

নতুন শিক্ষকজনৰ সেই বুজন শক্তি নাই যেন অনুভৱ কৰিয়ে চাগৈ জেষ্ঠ শিক্ষক বৰা ছাৰ কোঠাটোলৈ সোমাই আহিল। 

-“ল’ৰাহঁত পাৰিছ নাই?”

সত্যজিতৰ বাহিৰে বাকীসকলে সমস্বৰে চিঞৰি উঠিল, 

-“নাই পৰা। ছাৰ কৈ দিবনে?”

-“আৰু নপঢ়িবি।”

মৃদু ধমক লগাই নতুন ছাৰক উদ্দেশ্যি কয়, 

-“বিমল, কৈ দিয়াহে কেইটামান।”

-“এস ছাৰ, কি কয়? পৰীক্ষাত যদি কৈয়ে দিওঁ কিনো পৰীক্ষা হ’ব? পৰাই নোৱৰাই লিখক আৰু যি লিখে।”

-“নহয় নহয়। ইহঁতি একো নাজানে। কেইটামানে কৈ দিলেও লিখিব নোৱাৰে। বোৰ্ডত লিখি দিয়া। যিকোনো উপায়েৰে সিহঁতি লিখিবই লাগিব। পাছ কৰাব লাগিব।”

বৰা ছাৰে কথাষাৰ কৈয়ে অন্যটো কোঠালৈ গৈ একেখিনিকে পুনৰাবৃত্তি কৰে। বিমল ছাৰৰ খোজৰ গতি খৰ হয়। আগৰপৰা পিছলৈ, পিছৰপৰা আগলৈ। এপাকত ঘপহকৈ টেবুলখনৰ ওপৰত বহি পৰে। 

বিদ্যালয়খন জীয়াই ৰাখিবলৈ ভিন্ন কৌশল অৱলম্বন কৰি অহা ছাৰ-বাইদেউৰ প্ৰতি অৰবিন্দহঁতৰ ভক্তি অপাৰ। ভক্তি সত্যজিতৰো আছে। প্ৰতিযোগিতামুখী তাৰ মনটোৱে সমকক্ষ প্ৰতিদ্বন্দ্বী নোপোৱাত হতাশাত ভূগে। মূল্যায়নৰ সমগ্ৰ প্ৰক্ৰিয়াটো ওপৰত আস্থাহীন হৈ পৰে। কষ্ট কৰি পঢ়াৰ পিছতো অৰবিন্দই যেতিয়া তাৰ সমানেই নম্বৰ পাই তেতিয়া সি প্ৰতিবাদ কৰিব বিচাৰে। সি এজন নতুন ছাৰৰ কামনা কৰে। হয়তো এইজনেই তাৰ কাম্য ছাৰজন। সত্যজিতে লিখাৰ সমান্তৰালকৈ কাণ উনাই ৰ’ল। 

ফ্লেচবেক: 

-“অৰবিন্দ, তুমি আমাৰ স্কুলতে পঢ়িবা। কিবা অসুবিধা পালে ক’বা। মেট্ৰিক পৰীক্ষা দিবই লাগিব।”

মাকক কথা দিছিল। 

-“অৰবিন্দক মেট্ৰিক পাছ কৰোৱাৰ দায়িত্ব আমাৰ। আপুনি তাক মাজে মাজে স্কুললৈ পঠাব দেই। কৈছোঁৱেই শিক্ষা লোৱাটো তাৰ অধিকাৰ।”

অধিকাৰ মানে কি একো নুবুজাকৈয়ে মাকে তাক আনৰ বাৰীত তামোল বুটলি থকাৰ পৰা, কেতিয়াবা ৰবীনৰ দোকানত আলু জুখি থকাৰপৰা বিচাৰি বিদ্যালয়লৈ পঠিয়ায়। 

হেড ছাৰে তাক লগ পালেই কৈছিল, 

-“চা অৰবিন্দ, নপঢ়িলে কেনেকৈ হ’ব? পঢ়া-শুনা কৰিলে ডাঙৰ মানুহ হ’ব পাৰিবি। পঢ়ি চাকৰি কৰিব পাৰিবি। মা-দেউতাক চাব পাৰিবি। ঘৰ-দুৱাৰ বনাব পাৰিবি।”

ঘৰ-দুৱাৰ! 

ঘৰ-দুৱাৰ মানে মামৰ এৰাই যোৱা টিংপাত কেইচলা আৰু জলঙা ওলোৱা বাঁহৰ বেৰ। শেলায়ে পোতা বাৰাণ্ডাত অলৰ-অচৰ এখন ঠেলাগাড়ী। দেউতাকৰ। দেউতাক মানে এটা কেকনি। ঘৰৰ একোণত থকা চাঙখনত পাঁচটা বছৰে ঠেলাগাড়ীখনৰ দৰে পৰি ৰোৱা এটা কেকনি। আৰু ঘৰ্মাক্ত এজনী হটঙা মানুহ মানেই মাক। 

অৰবিন্দৰ জেপত দহ টকাটোৱে খচমচাই উঠে। তামোল বুটলি দিয়াৰ বিনিময়ত পোৱা দহটকীয়াখন। এনেকৈ এজাপ দহটকীয়াৰ সপোন দেখে। তেতিয়াই ক খ গ বোৰে বেৰত ওলমি মুখ ভেঙুচায়। বিদ্যালয়ত অবাবতে সময় কটোৱাৰ বিলাসিতা কৰিলে সেই সপোন খামুচিব নোৱাৰিব। সি দৌৰে। বিদ্যালয়ৰ চাৰিবেৰ নেওচি। 

দৃশ্য পট ৩: 

-“আহক আহক ৰবাব টেঙা ৰবাব টেঙা….”

বেলিটো মূৰত লৈ বস্তাৰ ওপৰত লেপেটাকাঢ়ি বহি আছে অৰবিন্দ। তাৰ সমুখত দহটামান ৰবাবটেঙা। -“ঐ বেপাৰ কেনেকুৱা চলিছে?”

গাড়ী এখন অকস্মাতে ৰৈ গ’ল। 

সমুখত তাৰ হেড ছাৰ। 

-“নাই ছাৰ।”

-“মিঠা নে?”

-“মিঠা। বৰ ভাল ছাৰ। বিৰাট ৰসাল।” সি ৰসৰ মাত্ৰা বঢ়াবলৈ শব্দত জোৰ দিয়ে। 

-“দাম?”

ছাৰকনো কি দাম ক’ব যুকিয়াই চাওঁতে তাৰ সময় অকণ লাগিল। সুৰুঙাতে হেড ছাৰে লেঠা মাৰি পেলালে। 

-“দাম হ’ব বাৰু। গোটেইকেইটা ডেকিতে ভৰাই দে। স্কুলতে খাম। ছাৰ-বাইদেউহঁতে ভাল পাব।”

-“হয় ছাৰ। ভাল পাব। আপুনি দুটামান ঘৰলৈয়ো লৈ যাব।”

সি উথপথপকৈ হেড ছাৰৰ গাড়ীৰ ডিকিত গোটেইকেইটা ৰৱাব টেঙা ভৰাই দুৱাৰখন জোৰেৰে বন্ধ কৰি দিয়ে। ড্ৰাইভিং ছীটৰ পৰাই হেড ছাৰে কৈ উঠে, 

-“ও… হেৰি নহয়। টেষ্ট পৰীক্ষা পালেহি। টেষ্টৰ বহীবোৰ এইবাৰ বেলেগে চাব। লিখিব লাগিব ভালকৈ। শুনিছতো? … আহিবি।”

-“হ’ব ছাৰ।”

ছাৰৰ গাড়ীৰ ইঞ্জিনৰ গৰ্জনিত তাৰ মাতষাৰ ম্লান পৰিল। 

-“পইচা ….” তাৰ ডিঙিত কিবা এটাই সোপা মাৰি ধৰে। হাত দুখন মোহাৰি সি অত্যন্ত আশাৰে হেড ছাৰৰ মুখলৈ চায়। তাৰ আশা ভৰা চকুত চকু থৈ হেড ছাৰে কৰ্তৃত্বৰে কৈ উঠে, 

-“মেট্ৰিকৰ ফৰ্ম ফিলআপ কৰিব লাগিব। এনেকৈ ধিতিঙালি কোবাই নাথাকিবি। ফৰ্ম ফিলআপৰ পইচা ময়ে দিম বাৰু।”

তাৰ মেলা মুখলৈ এসোপা ধোঁৱা ছটিয়ায় ভো-ভোৱাই গাড়ীখন গুচি যায়। 

দৃশ্য পট ২: 

-“মই কৈ দিম তোমালোকে লিখিবা।”

বিমল ছাৰৰ মাত। ৰাজি হৈ গ’ল মানে। সত্যজিতৰ মুখত বেঁকা হাঁহিটো ফুটি উঠা বিপৰীতে অন্যসকলে আচল পৰীক্ষালৈ সাজু হোৱাৰ দৰে কমলটো খামুচি ল’লে। 

-“তাৰ আগতে কোৱা, তোমালোকে এনেদৰে পাছ কৰি লাভ আছে নে? শিক্ষিত চাৰ্টিফিকেট এখন লৈ তোমালোকে আগলৈ ক’ত ক’ত কি কি কৰিবা?”

কি কৰিব! 

তিনি আলিৰ মূৰতে ৰবাৰটেঙা দহটা লৈ অৰবিন্দই গ্ৰাহকলৈ বাট চাব। ৰবীনৰ দোকানত আলু-দাইল জুখিব। 

নাই, নহয়। হেড ছাৰে কেতিয়াবা কোৱাৰ দৰে চাকৰি কৰিব। হটঙা মাকৰ হাড়-চাল কোমল কৰিব। কোঠাৰ কোণৰ কেকনিটো লুপ্ত কৰিব। তাৰ বাধা নামানি ঘৰঘৰাই ঠেলাগাড়ীখনে গতি ল’ব। 

-“কেনেকৈ? ঠগ প্ৰবঞ্চনাৰে? তাৰ বাহিৰে কিবা শিকিছা বুলি মইচোন ভাৱিব পৰা নাই। এনে শিক্ষা লোৱাতকৈ অশিক্ষিত নাম লৈ থকাই ভাল।”

-“এই ই …কি কথাবোৰ কৈ আছা হে? …অযথা সময়বোৰ গৈ আছে। এই তহঁতি লিখ, লিখ।”

হেড ছাৰৰ আগমনত কোঠাটো কাহ পৰি জীণ যায়। উৰহৰ খং বোৰ্ডখনত জাৰে। এফালৰ পৰা নিজে উত্তৰবোৰ লিখে। শোষক আৰু শোষিতৰ কাৰ্যকলাপ চাই বিমল ছাৰ ঠাইতে থৰ লাগে। মাজতে তাক কটাক্ষ কৰিবলৈ নেৰে। 

-“স্কুলৰ ৰেপুটেশ্বন বুলি কথা এটা আছে। চাকৰি বচাই ৰখা দায়িত্ব নুবুজিলে কেনেকৈ হ’ব?”

ৰেপুটেশ্বন, এৱাৰ্ড, ৰিৱাৰ্ড, শ্বক’জ শব্দবোৰ উফৰি উৰে। 

বিমল ছাৰ অটল গহ্বৰত অকলশৰে ৰৈ থাকে। ৱাৰ্ণিং বেল পৰাৰ পাছতো ল’ৰাবোৰৰ টুকি হোৱা নাই। সত্যজিতে তাৰ বহীখনৰ সৈতে অৰবিন্দৰ বহীখনো বিমল ছাৰৰ হাতত জমা দিয়ে। 

-“ছাৰ, আপুনি নিৰাশ নহ’ব। এদিন ইহঁতিও বুজিব।”

বিমল ছাৰে বহী দুখন এনেয়ে লুটিয়ায়। সত্যজিতৰ ভৰপূৰ বহীখনৰ বিপৰীতে অৰবিন্দৰ বহীখন উকা বুলিব পাৰি। মাত্ৰ প্ৰথম প্ৰশ্নটোকে কেইবাবাৰো ঘহাঁই লিখা আছে, 

-“বৰ্তমান প্ৰচলিত শিক্ষাৰ ঘাই দোষ কি?”

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!