ঢাকাৰ যানজঁটৰ প্ৰত্যক্ষ অভিজ্ঞতা
লেখক- ৰঞ্জনা দত্ত
ঢাকাৰ যানজঁট কথা সকলোৱেই কম বেছি পৰিমাণে জানে। বাংলাদেশৰ ৰাজধানী চহৰ খনৰ ভিতৰত থকা অত্যধিক সংখ্যাৰ ৰিক্সা, অটৰিক্সা, বাছ, গাড়ী, লাগুনা আদিয়েই এই যানজঁটৰ মূল কাৰণ। ৱৰ্ল্ড বেঙ্কৰ সমীক্ষা মতে বৰ্তমান ঢাকা চহৰৰ ভিতৰত যানবাহনৰ গতি গড়ে ৫ কি: মি প্ৰতি ঘণ্টা, মানে মানুহৰ খোজ কঢ়াৰ গতিৰ সমান। যানজঁটৰ ফলত প্ৰতিদিনে ঢাকাৰ ৮২ লাখ মূল্যবান কৰ্ম ঘণ্টা নষ্ট হৈছে। ফলত যানজঁটৰ বাবে দৈনিক ক্ষতিৰ পৰিমাণ ১৪০ কোটি টকা আৰু প্ৰতিবছৰে পঞ্চাশ হেজাৰ কোটি টকাতকৈও বেছি। ২০১৮ চনতেই হেনো দিনে ৫০ লাখ কৰ্মঘণ্টা নষ্ট হৈছিল। ( *তথ্য সমূহ ‘প্ৰথম আলো’নামৰ বাঙলা দৈনিক কাকত খনত প্ৰকাশ পোৱা)
যোৱা ৩ তাৰিখে গধূলি ঢাকাত উপস্থিত হৈ হোটেলৰ পৰা বন্দবস্ত কৰা গাড়ী এখনত উঠিছিলো। ঢাকা এয়াৰপৰ্টৰ পৰা আমি থকা চহৰৰ সোঁমাজত থকা ধানমণ্ডি এলেকালৈ আহোঁতে প্ৰথমদিনা যানজঁটৰ সমুখীন হোৱা নাছিলো। সিদিনা আছিল শনিবাৰ, বন্ধৰ দিন গতিকেই যানজঁট কম আছিল বুলি ধৰি লৈছিলো। পিছত গম পালো ছমাহ আগতে মুকলি কৰা ১৯.৭৩ কি: মি দীঘল ঢাকা এলিভেটেড এক্সপ্ৰেছৱেৰ ওপৰেদি অহাৰ বাবেই আমাৰ বহুত কম সময় লাগিল আৰু যানজঁট একেবাৰে নাপালো। বিমান বন্দৰৰ কাষৰ প্ৰকাণ্ড অট্টালিকা, মল আদিৰে সুসজ্জিত ধনী এলেকা বোৰৰ মাজেৰে এই নবনিৰ্মিত এক্সপ্ৰেছৱেৰে আহি থাকোঁতে কোনোবা পশ্চিমীয়া উন্নত দেশৰ ৰাস্তাৰে আহি থকা যেনহে ভাব হৈছিল। বিজ্ঞান প্ৰযুক্তি আৰু বৃহৎ অৰ্থৰ চমকেৰে সুসজ্জিত ঢাকাৰ ৰঙহীন বিপৰীত ছবিখন পিছদিনাহে চকুত পৰিছিল। দেখি স্তম্ভিত হৈ পৰিছিলো। একেখন চহৰতে ইমান বৈশাদৃশ্যনে!
ঢাকাৰ প্ৰকৃত যানজঁট চকুত পৰিছিল পিছদিনা ৰাতিপুৱা। আমি ৰিক্সাত উঠি হোটেলৰ পৰা ৫ কি: মি দূৰৈৰ ঢাকা বিশ্ববিদ্যালয়ৰ পৰিসৰৰ ভিতৰত হৈ থকা ‘বই মেলালৈ’ গৈছিলো। ঢাকাৰ ‘ অমৰ একুশে বইমেলা’ আমি যোৱাৰ তিনিদিন আগতে ১ ফ্ৰেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই উদ্বোধন কৰিছিলে। আমাৰ হোটেলৰ একেবাৰে ওচৰৰ পৰা মেট্ৰত উঠি ঢাকা বিশ্ববিদ্যালয়ৰ ষ্টপেজটোত নামিলে বই মেলালৈ যাবলৈ আমাৰ বাবে একেবাৰেই সহজ হ’ল হেঁতেন যদিও ঢাকাৰ যানজঁট চাম বুলিয়েই ৰিক্সাত যোৱাটো ঠিক কৰিলো। সিদিনা আছিল দেওবাৰ। অন্য ইচলামধৰ্মী দেশবোৰৰ দৰে ঢাকাত শুক্ৰবাৰ আৰু শনিবাৰ বন্ধ থাকে আৰু দেওবাৰটো খোলা দিন। ৰাস্তাত শয়ে শয়ে ৰিক্সা আৰু অটৰিক্সাৰ মাজত দুই এখন গাড়ী। বাছ সকলো ৰাস্তাত নচলে। বেচিভাগ অট আৰু ৰিক্সাই ট্ৰেফিক নিয়ম অমান্য কৰি ওলোটা ফালৰ লেনেৰেও নিজৰ বাহন সুমুৱাই আগুৱাই যোৱা দেখিলো। এই বিষয়ে আগতেই পঢ়িছিলো যে ঢাকাত ৮৭% বাহনেই হেনো ট্ৰেফিক আইন অমান্য কৰে। চাৰিওফালে চূড়ান্তভাৱে বিশৃংখল এক পৰিস্থিতি। ভয়ঙ্কৰ যানজঁটৰ মাজত পুলিশ দিশহাৰা! দেখিলো অটৰিক্সাৰ দুৱাৰ খিৰিকিবোৰ লোহাৰ জালিৰে বন্ধ। আগদিনা বিমানবন্দৰৰ পৰা হোটেললৈ অহাৰ সময়তে গাড়ীৰ ড্ৰাইভাৰজনে কৈছিল কেইবছৰমান আগলৈকে ঢাকাৰ ৰাস্তাত চলি থকা অট ৰিক্সাত যোৱা যাত্ৰীৰ পৰা বেগ চেইন আদি কাঢ়ি নিয়া ঘটনা সঘনাই ঘটিছিল। সেই বাবেই অটবোৰ এইদৰে জালি দি সুৰক্ষিত কৰি ৰাখে। আজিকালি অৱশ্যে এইবোৰ ঘটনা বহুত কমিছে। ঢাকাৰে এগৰাকী চিনাকি মানুহে পাঁচবছৰমান আগতে কৈছিল ‘ঢাকাৰ ৰাস্তাবোৰ সন্ধিয়াৰ পিছত একেবাৰে নিৰাপদ নহয়। অটৰিক্সাবোৰ গ্ৰীল দি বন্ধ কৰা থাকে বাবে ওপৰৰ পৰা চুৰি সুমুৱাই ওপৰৰ কাপোৰখন ফালি বস্তু কাঢ়ি নিয়ে’। এতিয়া আগতকৈ চুৰি চিনতাইৰ ঘটনা বহুত কমিছে। সেউজীয়া ৰঙৰ অটৰিক্সাবোৰ মালিকেসকলে বেছ ধুনীয়াকৈ ৰাখে যেন ভাৱ হ’ল।
এটা ৰাস্তাত ট্ৰেফিক জামৰ বাবে দহ মিনিটমান ৰৈ কিছুদূৰ আগুৱাই যোৱাৰ পিছতেই যানজঁটৰ পৰা ৰক্ষা পৰিবলৈ ৰিক্সাখনে সৰু গলি এটাৰ ভিতৰেৰে সুমুৱাই দিলে। হঠাতে সুমুৱাই দিয়াৰ বাবেই ডেকা ল’ৰা এজনৰ ভৰিৰ ওপৰতেই চকা কেইটা উঠিল। সাধাৰণ কথা এটাৰ দৰেই ল’ৰাটোৱে ৰিক্সাচালকক একো গালি গালাজ নকৰাকৈ নিজৰ ভৰিখনত দুখ পোৱা ঠাইখিনি পৰীক্ষা কৰাত লাগিল। ওচৰত ৰৈ থকা মানুহবোৰেও ঘটনাটোত একো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। মানুহৰ ধৈৰ্য্য দেখি আচৰিত হ’লো।
ঢাকা বিশ্ববিদ্যালয়ৰ ওচৰৰ ডাঙৰ ৰাস্তাবোৰ পোৱাৰ লগে লগে দেখিলো এইবোৰ ৰাস্তাৰে চিটিবাছ চলিছে। চিটিবাছ বোৰৰ অৱস্থা দেখি হতবাক হ’লো। প্ৰায় প্ৰতিখন চিটিবাছেই ৰঙ এৰোৱা, ঘঁহনি খোৱা আৰু পোটোকা পৰাৰ চিন, বাছবোৰ ইমান বেছি পুৰণি আৰু ৰঙ এৰোৱা কিয় ভাৱি আচৰিত হ’লো।
অৱশ্যে ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু কৰ্মচাৰী সকলৰ বাবে থকা দুমহলীয়া বাছবোৰৰ অৱস্থা বহুত ভাল আৰু সংখ্যাও বহুত বেছি।
এবিধ যাত্ৰীবাহী বাহন দেখিলো আমাৰ সৰু ব্ৰইলাৰ মুৰ্গী ভৰাই নিয়া চাৰিকুণীয়া ভান বোৰৰ দৰে। গাড়ীবোৰ আওপুৰণি আৰু ৰঙ এৰোৱা। আগফালে ড্ৰাইভাৰৰ কাষত তিনিজনমান বহে। পিছফালে দৰজা খনেৰে সোমাই দুয়োকাষে মুখামুখিকৈ ছয়জন মানকৈ বহিব পৰা দুটা দীঘলীয়া চিট। মানুহ পিচফালে দৰজাত ধৰি ওলমি যোৱাও দেখিলো। এইবোৰ বাহনৰ নাম ‘ লাগুনা’। সকলো ৰাস্তাতে এইবিধ বাহন চলাৰ অনুমতি নাই।
স্কুল এখনৰ কাষেদি যাওঁতে দুখনমান সৰু ল’ৰাছোৱালী নিয়া বন্ধ ৰিক্সা(? ) দেখি বৰ হাঁহি উঠিল। আমাৰ বেকাৰীৰ বিস্কুট ব্ৰেড নিয়া ৰিক্সা বাকচটোৰ দৰে বাকছ এটাৰ ওপৰৰ আধাৰ পৰা জালি লগাই খিৰিকিৰ দৰে কৰি সৰু সৰু ল’ৰা ছোৱালীবোৰক ভিতৰত বহুৱাই পেডেল মাৰি লৈ যায়। খুব মন আছিল যদিও চলি থকা ৰিক্সাৰ পৰা ফটো তোলা নহ’ল। আমি উঠা ৰিক্সাবোৰৰ চিটবোৰ বৰ সৰু আছিল বাবে পিচলি পৰাৰ চিন্তা এটা আছিল। সেইবাবে ৰিক্সাৰ পৰা হাত এৰি ফটো তোলাৰ সাহস কৰিব নোৱাৰিলো।
ৰঙ এৰোৱা বাছৰ ৰহস্য পিছদিনা চকুৰ আগতে দেখিলো। পিছদিনা কেবত এঠাইলৈ গৈ থাকোঁতে চকুৰ আগতে ট্ৰেফিক জামত দুখন বাছ ঘঁহনি খাই খাই ঘট্ ঘটকৈ আগুৱাই যোৱা দেখিবলৈ পালো। কোনোফালৰে পৰা কোনো গালি গালাজ নাই যেন নৈত্ত্য নৈমিত্তিক ঘটি থকা এটা এটা ঘটনা! গাড়ীৰ ড্ৰাইভাৰ জনক সোধাত ক’লে- ‘ এইবোৰ সাধাৰণ কথা। বাছবোৰৰ খুন্দিয়া খুন্দি লাগিয়েই থাকে। বাছবোৰত ৰঙ কৰি কি লাভ? ঘহঁনি খাই আকৌ ৰঙ এৰাব। সেইবাবে ৰঙেই নকৰে’। পাবলিক ট্ৰান্সপৰ্টৰ তুলনাত প্ৰাইভেট গাড়ীবোৰ বেছ চকুতলগা, ডাঙৰ ডাঙৰ আৰু ধুনীয়া। ইণ্ডিয়ান গাড়ী একেবাৰেই নেদেখিলো। অৱশ্যে প্ৰাইভেট গাড়ীবোৰত ঘহঁনি খোৱা দাগ নাই।
ঢাকাত ৰিক্সাৰ ভাৰা আমাৰ ইয়াৰ তুলনাত যথেষ্ট কম যেন ভাৱ হ’ল। ইয়াৰ প্ৰধান কাৰণ হৈছে ৰিক্সাৰ অত্যধিক সংখ্যাৰ বাবে হোৱা কম্পিটিছন। ৰিক্সাবোৰৰ বেছিভাগেই উজ্জ্বল ৰঙেৰে ৰঙচঙীয়া! ৰিক্সা চালক এজনৰ ৰিক্সাত উঠি যাওঁতে ঢাকাত মুঠ কিমান ৰিক্সা আছে তেওঁক সোধাত কৈছিলে-
“পঞ্চাশ লাখ মান হ’ব। কিছুমান পঞ্জীয়ন নকৰা ৰিক্সাও আছে।” কথাটো বিশ্বাস কৰিবলৈ টান যেন লাগিছিল বাবে আন এজন বেচ জনাশুনা মানুহকো সুধিছিলো, তেৱোঁ তেনেকুৱাই হ’ব বুলি ক’লে। গুগলত চাওঁতে অৱশ্যে ১০ লাখৰ ওপৰ বুলিহে ক’লে। দহ লাখো এটা বহুত ডাঙৰ সংখ্যা। কম্পিটিছন বেছি বাবে যাত্ৰী বোৰক অতি কম ভাৰাতে বহু দূৰলৈকে লৈ যায়। বয়সীয়া যেন লগা ৰিক্সাচালকজনে কৈছিল- “কি কৰবে আৰ, বাড়িতে বিবী, পালা-পোনা আছে ওৰাকে কিছু একটা খেতে দিতে হ’বে..।” এটা চামে বহুত কষ্ট কৰি সীমিত উপাৰ্জনেৰে ঘৰ চলাইছে আৰু আন কিছুমানে একো উপাই নাপাই চুৰি, ডকাইতি কৰিছে বা ভীক্ষা কৰি জীৱন নিৰ্বাহ কৰিছে!
কিছুমান ঠাইত মেট্ৰো ৰেল আৰম্ভ হৈছে, নতুন ৰাস্তা আৰু ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছে। অটোৰিক্সা বা ৰিক্সাৰ সংখ্যা কমাওঁ বুলি চৰকাৰে কমাই দিব নোৱাৰে, মানুহবোৰে খাব কি? চৰকাৰে বিভিন্ন ধৰণে চেষ্টা কৰি আছে হয়তো অহা পাঁছ বছৰত অৱস্থা এতিয়াতকৈ কিছু উন্নত হ’ব।