তুলিকা শইকীয়াৰ "পৰজা ঐ জৰৌৰৌৱা"

লেখক- পাৰ্থ প্ৰতীম শৰ্মা

অসমৰ ইতিহাস বিভিন্ন আচৰিত, আমোদজনক আৰু শিকনিমূলক ঘটনাৰে ভৰি আছে। পিচে, চৰ্চাৰ অভাৱতেই হওক বা সমলৰ অভাৱতেই হওক সেইবোৰৰ বহুখিনি আমি নজনাকৈ থাকি গৈছে। সেইবোৰ ঘটনা, তথ্য ইত্যাদিৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু আলোচনা হোৱাটো খুউব প্ৰয়োজনীয়। মাধ্যম লাগে যিয়েই নহওক, কিতাপ, সংগীত, চিনেমা বা অইন কিবা, সেই ঘটনাবোৰ যিয়ে আমাক আমাৰ শিপা সম্পৰ্কে জ্ঞান দিয়ে, সেইবোৰৰ চৰ্চা হোৱা উচিত।
মোৱামৰীয়া বিদ্ৰোহ(বিপ্লৱ?)ক কেন্দ্ৰ কৰি লিখি উলিওৱা “পৰজা ঐ জৰৌৰৌৱা” কিতাপখনে আমাক সেই সময়লৈ লৈ যায়। যদিও মোৱামৰীয়া বিদ্ৰোহৰ মূল কাৰণ “ধৰ্মীয় চেতনাৰ ওপৰত আঘাত” বুলি সততে কোৱা যায়, কিন্তু আন বহুতো কাৰক যেনে- শাসকশ্ৰেণীৰ অপৰিমিত শোষণ আৰু অত্যাচাৰ, আহোমসকলৰ পাইক প্ৰথা, ৰাজতন্ত্ৰৰ ক্ষমতাৰ প্ৰতি অপৰিসীম লোভ আদিৰ বিষয়েও কিতাপখনত কাহিনীৰ জৰিয়তে আলোচনা কৰা হৈছে।
তদুপৰি কিতাপখনত অসমৰ বিভিন্ন জনগোষ্ঠীসমূহ কিদৰে সময়ৰ সোঁতত সলনি হ’বলৈ বাধ্য হৈছিল সেয়াও সুন্দৰকৈ প্ৰকাশ হৈছে। আহোম সকলৰ ধৰ্ম, বৈষ্ণৱ ধৰ্ম, শাক্ত ধৰ্ম, বিভিন্ন জনগোষ্ঠীসমূহৰ নিজা নিজা প্ৰকৃতি পূজনৰ নিয়ম আদিয়ে কিদৰে এটাই আনটোৰ ওপৰত প্ৰভাৱ পেলাইছিল সেই কথা কাহিনীত জিলিকি উঠিছে।
কিতাপখনত সেই সময়ৰ সাধাৰণ জনসাধাৰণৰ অৰ্থ-সামাজিক অৱস্থাৰ কথাও সুন্দৰকৈ জিলিকি উঠিছে। বিশেষকৈ সেই সময়ৰ নাৰীসমাজৰ পীড়িত অৱস্থা জিলিকাই তোলাত লেখিকা সফল হৈছে। নাৰীয়ে দেশ ৰক্ষাৰ বাবে নিজক আনৰ ওচৰত সমৰ্পন কৰিবলগীয়া হোৱাটো অৱশ্যে ইতিহাসৰ নতুন কথা নহয়। ইতিহাসৰ পাতে পাতে সিঁচৰত হৈ আছে তেনে ঢেৰ কাহিনী।
অৱশ্যে কিতাপখন প্ৰথমে যিটো ‘টেম্প’ত’ আৰম্ভ হৈছিল, শেষলৈ যেন সেই ধাৰা বিচাৰি নাপালোঁ, তেনে অনুভৱ হ’ল। শেষৰ ফালে এনে লাগিল যেন লেখিকাই সময়ৰ অভাৱ, বা কাম সম্পূৰ্ণ কৰাৰ তাড়নাত হঠাতেই কিতাপখনৰ মোখনি মাৰিলে। অৱশ্যে সেয়া পাঠক হিচাপে আমাৰ অত্যধিক আশাৰ পৰিণামো হ’ব পাৰে।
লেখিকাই কিতাপখনত বৰ্তমানৰ ওপৰত ভিত্তি কৰি অতীতলৈ উৰা মাৰিছিল। কিতাপখনৰ এটা পৰ্য্যায়লৈকে তেওঁ মাজে মাজে বৰ্তমানলৈ উভতি আহিছিল। ইতিহাসৰ ঘটনাৰৰ লগত বৰ্তমানৰ ঘটনাক সংযোগ কৰা এই কাৰ্যই কিতাপখনক অধিক পঠনীয় কৰি তুলিছিল। পিচে, কিতাপখনৰ শেষৰ ফালে বৰ্তমানৰ ঘটনাৰ কোনো সামঞ্জস্য বা উল্লেখ দেখা নগ’ল। লেখিকাই যেন কিবা এটা ক’ম ক’ম বুলি কথা দি নোকোৱাকৈ সামৰিলে। পাঠক হিচাপে এয়া আমাৰ সৰল অভিমান।
ক্ষমতা হাতলৈ অনাতকৈও জটিল সেই ক্ষমতাক সুস্থতাৰে ব্যৱহাৰ কৰা। যুদ্ধ জিকাতকৈও জটিল কাম হৈছে সু-শাসন কৰা। মোৱামৰীয়াসকলৰ বিদ্ৰোহেও আমাক সেয়াই শিকায়। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহেই(স্বাধীনতাৰ প্ৰথম আন্দোলন) হওক, ফ্ৰান্স দেশৰ বিপ্লৱেই হওক বা মোৱামৰীয়া বিদ্ৰোহ সকলোৱে এটাই কথা শিকায়- অস্ত্ৰৰ জৰিয়তে যুদ্ধ জিকিব পাৰি মন নহয়। মন জিকিবলৈ মৰম, ভালপোৱা, সমবেদনা, প্ৰমূল্যবোধ আদিৰ দৰে মানৱীয় গুণসমূহৰ বাদে আন কোনো বাট নাই।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!