থুলুক, টেট বাইদেউ আৰু শিশু দিৱস (অচিন্ত্য বৰঠাকুৰ)
টেট বাইদেউৰ প্রতি থুলুকৰ দুৰ্বলতা এতিয়া আৰু প্রায় সৰ্বজনবিদিত । ধুনীয়া আৰু দেখিবলৈ কণমানি যেন লগা বাইদেউজনীয়ে স্কুলত যোগদান কৰাৰে পৰা থুলুক স্কুলত এতিয়া একেবাৰে ৰেগুলাৰ । পিছে, শ্রেণীকোঠাত বাইদেউ গৰাকীয়ে কি পঢ়ায়, তাক লৈহে সি ইমান মূৰ নঘমায় । আচলতে টেট বাইদেৱে কথা ক’লেই তাৰ গান শুনা যেনহে লাগে আৰু তেনেকুৱা সুমধুৰ কণ্ঠৰ গীত শুনিবলৈ পালে গীতৰ কথালৈ নো কোনে মন দিয়ে ?! মনে মনে বহি থাকিলেই হ’ল । বাইদেউ জনীক লৈ প্রায় অনবৰতে কিবা কিবি মিঠা মিঠা লগা কল্পনাত বিভোৰ হৈ থকা থুলুকৰ আজিকালি পৰিকল্পনাও বহুত । দুই তিনি বছৰৰ পিছত যেতিয়া সি বাইদেউত কৈ অলপ ডাঙৰ যেন হ’বগৈ (!) তেতিয়াই তেওঁক সি মনতে পাঙি থোৱা সেই বিশেষ কথাটো কৈ দিব বুলি ভাবি থৈছে ।
বাইদেৱে আজি শিশু দিৱস নে কিবা এটাৰ ওপৰত কিবা কিবি কৈ আছে । এনেয়েতো বাইদেউ গৰাকীয়ে পঢ়াই থকা সময় খিনিত সি বাইদেউক লৈ একেলগে খেলি ধূলি গীত গাই মনে মনে পৃথিৱীৰ অতি মনোমোহা ফুলনি আৰু হিল ষ্টেচন , টুৰিষ্ট স্পট বিলাকত পাক একোটা মাৰি আহেগৈ । তেনেকৈ নাচি বাগি ফুৰোঁতেই মাজে মাজে আকৌ বাইদেৱে তাক কিবা কিবি প্রশ্ন সুধি অপ্ৰস্তুত কৰি পেলায় । এই কথাটোত সি আজিলৈকে কেইবাদিনো লগৰ বিলাকৰ আগত লাজ পাই থৈছে । সেয়ে থুলুক আজি গোটেই সময়ছোৱাত সচেতন হৈ থাকিবলৈ বদ্ধপৰিকৰ হৈ লৈছে ।
..১৪ নৱেম্বৰ.. নেহেৰু নে কাৰোবাৰ জন্মদিন… শিশুপ্রিয় লোক…খুৰা…গান্ধী ..স্বাধীনতা আন্দোলন … বাইদেউৰ বক্তৃতা ক্ৰমান্বয়ে দীঘল হৈ আহিছে … থুলুকৰ মনো লাহে লাহে উৰোঁ উৰোঁ হৈ আহিছে । এই দিৱস-চিবস বিলাক সি ইমান মনত ৰাখিব নোৱাৰে । আজিলৈকে এটাই মাত্ৰ দিৱসৰ কথা তাৰ মনত ৰৈছে, সেইটো হৈছে ভেলেণ্টাইন ডে’ আৰু সেইটো ঠিক ১৪ ফেব্রুৱাৰীৰ দিনা । হয়, ঠিক মনত আছে তাৰ । থুলুকে হিচাপ কৰি চালে, দিনটো পাৰ হৈ যোৱা পূৰা পূৰি ন মাহেই হ’ল , কিন্তু সেই দিনটোৰ বহুত পিছতহে টেট বাইদেউৱে সিহঁতৰ স্কুলত চাকৰি পাইছিল । গতিকে যোৱাবাৰৰ সেই দিনটোত পাৰ্কে পাৰ্কে কেৱল বেলেগৰ কাৰু কাৰ্যবোৰ চাই থাকোঁতেই গ’ল তাৰ । “পাৰিলে এইবাৰহে কিবা এটা কৰিব লাগিব”-থুলুকে পেটে পেটে ভাবিলে ।
হঠাৎ পুতুকণৰ খোচত সি বাস্তৱলৈ ঘূৰি আহিল । চেহঃ আজিও তাৰ একেই অৱস্থা… বাইদেউৱে তাকেই কিবা সুধি আছে দেখোন !
“শিশু দিৱস ১৪ নবেম্বৰত কেলেই পাতে -সুধিছে, ক “- আগৰ দৰেই থুলুকৰ কাষতে বহা পুতুকনে ফুচ ফুচাই কথাটো থূলমূলকৈ তাক জনাই দিলে যেনিবা ।
থুলুক থিয় হ’ল, একমূহুর্ত কিবা এটা চিন্তা কৰিলে আৰু খৰ ধৰকৈ তাৰ সমিধান জনাই দিলে
: ভেলেণ্টাইন ডে’ৰ পৰা পূৰা পূৰি ন(৯)মাহ হৈ যায় কাৰণে আক’ ।
শ্ৰেণীটোৰ বাকী ল’ৰা ছোৱালী বিলাকে কথাটো ঠিক ধৰিব নোৱাৰিলে, আচলতে থুলুক শুদ্ধ নে বাইদেউৰ নেহেৰুৰ জন্মদিনৰ ধাৰণাটো শুদ্ধ । সিহঁতে লজিকেলি কথাটো হিচাপ নিকাচ কৰি থাকোঁতেই বাইদেউৱে আগৰ দৰেই একেদৰে গৰজি উঠিল,
“পঢ়িবলৈ মন নাই যদি স্কুললৈ নাহিবা…” টাইপত ।
থুলুকে মনে মনে ভাবিছে, আজি ইমান দিনৰ মূৰত সি শুদ্ধকৈ অংক এটাৰ উত্তৰ দিব পাৰিছে অথচ সেইজনীয়ে তাতো ভুল ধৰি তাক গালি পাৰিছে । এনেয়ো সি কথা কমেই কয় , আজিৰ পৰা আৰু ইমানকণো নকয় । আজিয়েই কাণত ধৰিলে সি । টেট বাইদেউৰ আগত জনা প্ৰশ্নৰ উত্তৰো নকয় আৰু সি । হুঃ,,,বৰ একেবাৰে….!! তিনি বছৰৰ পিছত ক’ম ক’ম বুলি ভাবি থকা কথাটোও সি মনতেই জহিখহি শেষ হৈ যাবলৈ দিব সি , তেওবুলি নকয় একো । এনেয়ো সঁচা কথা ক’লে থুলুক বেয়া ।