দিকভ্ৰান্ত বুদ্ধ
লেখক- গীতুমণি বড়া
মানুহে কয় বুদ্ধদ্বীপ নাথ এচমকা পোহৰ। কক্ষপথৰপৰা পিছলি পৰিব খোজাকেইজনে জানে তেওঁৰ গভীৰত পোহৰৰ শুভ্ৰ বিস্তৃতি। কিছুলোকে তেখেতক গৌতম বুদ্ধৰ লগত ৰিজাব খোজে। যাৰ কেওকাষে কেৱল সাগৰসম প্ৰশান্তি। বুদ্ধৰ দৰেই পাৰ্থিৱ সুখ আৰু মোহৰপৰা মুক্ত। বুদ্ধই কেৱল অবাটে যোৱা মানুহক বাট দেখুৱাইছিল। মানুহ তেওঁৰ প্ৰিয় আছিল। তেওঁৰ শ্ৰুতিশ্ৰাব্য কথাবোৰ কিমানৰ বাবে যে সঞ্জীৱনী আছিল। এৰা তেওঁ দেখুৱাই দিয়া পথেৰে গৈ কতই সজাই পেলালে ঈৰ্ষণীয় জীৱন। জীৱনৰ দিক-বিদিক হেৰুৱাই যিয়ে তেওঁৰ কাষ চাপিছিল তেৱেঁই দুচকুত গজাই লৈ গৈছিল আশা আৰু সপোনৰ পুলি।
সেই পোহৰৰ বুদ্ধ এতিয়া দিকভ্ৰান্ত। কথাবোৰ কোনো সুৰুঙাইদি বিয়পে। সমমৰ্মিতাৰে তেওঁৰ সৈতে বাৰ্তালাপ কৰা লোকতকৈ বেঁকাকৈ বিদ্ৰূপৰ বাক্যবাণ মাৰিবলৈ অহা লোকৰ সংখ্যা সৰহ। বুদ্ধই সকলো বুজে। বুদ্ধই কেৱল এইটো নুবুজে যিবোৰ বৈষয়িক মায়াৰপৰা তেওঁ সদা মুক্ত আছিল সেই মায়াই এই বয়সত কিয় তেওঁক মেৰিয়াই ধৰিছে? এৰা বুদ্ধই কেতিয়াও নিবিচৰা বস্তুবোৰে তেওঁৰ টোপনি কাঢ়িছে, শৰীৰৰ অৱক্ষয় ঘটাইছে। আস্ ইয়াতকৈ যাতনাৰ কথা কি হ’ব পাৰে তেওঁৰ বাবে।
আঘোণমহীয়া পুৱাৰ কোমল ৰ’দজাকো যে একান্তই নিজাকৈ, দেহৰ লগতে মনকো উমাল কৰি তোলাকৈ ল’ব নোৱাৰিব সেয়া কিছুদিনৰ আগলৈকে বুদ্ধই গম পোৱা নাছিল। দুৰ্ভাৱনাৰে ভৰা দুৰ্দিনৰ সংজ্ঞা, ভয়ংকৰ একাকিত্ব, অতবোৰ সংগৰ মাজতো নিসংগতাৰ অনুভৱ, এই আটাইবোৰ এইকেইদিনতে তেওঁ অনুভৱ কৰিছে। এখন হাতলভগা চকীত বহি যিমান পাৰি সিমান তললৈ হাউলি দূবৰিজোপাত বগাই ফুৰা সেউজীয়া ৰঙৰ লাহি পোকটোৰ আচৰণ আৰু গতি-বিধিত কিবা গভীৰ তত্ত্ব অনুসন্ধান কৰাৰ দৰে চাই থাকোঁতে পিঠি, কান্ধ আৰু ডিঙিৰ পিছফালে এক মধ্যম ধৰণৰ বিষে উক দি উঠিল। লগে লগে তেওঁ সচেতন হৈ পৰিল। স্পণ্ডেলাইটিছ! নাই নাই এইবিধক আৰু লাই দিব নোৱাৰি। হাউলি বহি থকাৰপৰা পোন হৈ লাহেকৈ থিয় হোৱাৰ অৱকাশ নঘটিল। সেয়ে চাগৈ তেওঁৰ মূৰটো ঘূৰোৱা যেন লাগি দৃষ্টিও অস্পষ্ট হৈ পৰিল।
” সময়বোৰ কিয় এনেকুৱা? মোক কিয় বাৰে বাৰে প্ৰতাৰণা কৰিছে? তেওঁলোক আহি পোৱাৰ সময় হৈছে। তাৰ আগতেই মোৰ কিয় ভিতৰলৈ যাবলৈ মনত নপৰিল? মোৰ তেওঁলোকলৈ ভয় লাগে। হেৰা শুনিছানে মোক ভিতৰলৈ লৈ নোযোৱা কিয়?”
বুদ্ধই উত্তেজিত হৈ বিৰবিৰায়। খেৰকুটা এডাল লৈ চিঞৰি থকা শালিকাজনীৰ মাতৰ বাদে পৰিৱেশটো একেবাৰে নিৰ্জন।
”হেৰা মই চকুৰে ভালদৰে দেখা নাই। এই চাংকাকতিহঁত আহি পোৱাৰ আগতে মই ভিতৰলৈ যাব খোজোঁ। অকণমান ধৰি দিয়াচোন মোক।
বুদ্ধই একপ্ৰকাৰ চিৎকাৰ কৰি উঠিল। চকীখনত তেওঁ পুনৰায় বহি একেখিনি কথাকেই কৈ থাকিল। কথাবোৰ কথা নহয় যেন একোটা আৰ্তনাদ। এনে হোৱাৰটো কথা নাছিল। মানুহৰপৰা পলাই থাকিবলগীয়া, তাকো বন্ধুবৰ্গৰপৰা। বুদ্ধ পলৰীয়া আছিল নে? শীৰ্ণ হাত দুখনে মূৰটো হেঁচি যিমান পাৰি সিমান হাউলি খেলিমেলি কথাবোৰ আঁত লগাবলৈ চেষ্টা কৰে।
বুদ্ধৰ পত্নীয়ে তেখেতক কাহানিবাই পলৰীয়া বুলি কৈছিল। জীৱনত তেওঁ পত্নীৰপৰা হিচাপহীন ভৰ্ৎসনা ককৰ্থনা শুনিলে। সেই তাহানিৰপৰাই শুনি অহা ইতিকিং আৰু ভৰ্ৎসনাবোৰে না বুদ্ধক বেজাৰ দিব পাৰিলে না তেওঁৰ স্বভাৱ সলনি কৰাব পাৰিলে। ইমানখিনিলৈকে তেওঁ স্থিৰ আছিল। কিন্তু এতিয়া তেওঁ অস্থিৰ হয়। এই যে তেওঁ অথনিৰেপৰা ঘৰৰ ভিতৰলৈ যাবলৈ ছটফটাই আছে সেই কথা পত্নীয়ে গম পাই আছে অথচ তেওঁক নিবলৈ অহা নাই। ইমানখিনি অৱহেলা সহিব পৰাকৈ বুদ্ধ শক্তিশালী নহয় এতিয়া। এক গভীৰ বেদনা তেওঁৰ ডিঙিলৈকে উজাই আহে। এনেকুৱা আৱেগে তেওঁক কেতিয়াও টলাব পৰা নাছিল। এতিয়া কিয় জানো যেতিয়াই তেতিয়াই ডিঙি সোপা মাৰি ধৰা চকুলোবিহীন কান্দোনত ডুবি ৰয় মানুহজন। আত্ম-সমালোচনা অথবা অনুশোচনাৰ কান্দোন? অনুশোচনা কৰিবলৈ তেওঁতো একো ভুল কৰা নাছিল। তেনে কিয় এই আৱেগ, এই অস্থিৰতা? হয়তো ধীৰ-স্থিৰ, মানুহপ্ৰিয়, পোহৰ পিয়াসী, বৈষয়িক বাসনাৰপৰা মুক্ত সত্তাটোক হেৰুৱায় পেলোৱাৰ বাবে। নিজক নিজৰপৰা হেৰুৱাই থকাৰ যাত্ৰাটোৱে হয়তো আটাইতকৈ জটিল আৰু বেদনাদায়ক যাত্ৰা। নিজক হেৰুওৱাৰ পিছত থাকে কি মানুহৰ? ৰৈ যায়নে নিজক গঢ়ি লোৱাৰ বাসনা? বুদ্ধই নিজক পুনৰ্নিমাণৰ চেষ্টা অৱশ্যে নকৰাকৈ থকা নাই। কিন্তু প্ৰতিবাৰতে তেওঁ বিফল হৈছে আৰু এই বিফলতাই তেওঁক উদভ্ৰান্ত কৰি তুলিছে।
”আপুনি আচলতে এখন ভ্ৰমৰ পৃথিৱীত আছিল ইমানদিনে। এতিয়া বাস্তৱৰ পৃথিৱীলৈ ঘূৰি আহিছে। সমযোজন কৰিবলৈ গৈ আপুনি কষ্ট পাইছে।”
বুদ্ধই যেতিয়াই তেতিয়াই বলকি থকা প্ৰলাপত একপ্ৰকাৰ অতিষ্ঠ হৈ সিদিনা আইজনীয়ে গহীনকৈ অথচ কলিজাত বিন্ধাকৈ কৈ দিছিল। আইজনীয়ে তেখেতৰ সৈতে একেবাৰে প্ৰয়োজনীয় কথাকেইটাহে পাতে। আচলতে বাপেক-জীয়েকৰ সেই কথা-বাৰ্তাবোৰ ঘৰুৱা আৰু নিভাঁজ হোৱাৰ বিপৰীতে কোনো সভা-সমিতিৰ আনুষ্ঠানিক কথা-বতৰা যেনহে লাগে। দেউতাকৰ আদৰুৱা জী হোৱাৰ সুযোগকণ বুদ্ধই যে দিব নোৱাৰিলে। এই কথাক লৈ পত্নীৰ অভিযোগৰ শেষ নাই।
”আনৰ ল’ৰা-ছোৱালীকলৈ আপোনাৰ চিন্তাৰ অন্ত নাই। কিন্তু নিজৰকেইটাক কি দিলে আপুনি? আনৰ দেউতাকবোৰ ল’ৰা-ছোৱালীৰ বন্ধুৰ দৰে। আমাৰ আকৌ মাইল মাইল দূৰত্ব।”
তেনেই তৰল অভিযোগ। বিপথগামী মানুহ, যাতনাত ক্ষত-বিক্ষত মানুহক নাইবা আলোকসন্ধানী এটা প্ৰজন্মই তেওঁৰ বৌদ্ধিক জ্ঞানত জীৱনৰ গূঢ়াৰ্থ পায় আৰু তেওঁ হৈ পৰে গৌতম বুদ্ধ। সেয়ে এই অভিযোগ তেওঁৰ বাবে তৰল আৰু গুৰুত্বহীন। তেওঁ প্ৰায়ে কয় মানুহৰ অন্তৰত স্থান পোৱাটোৱেই মানুহ হৈ জনম লোৱাৰ অন্যতম সাৰ্থকতা।
”আমাৰ অন্তৰত স্থান পোৱাতো চাগে আপোনাৰ মানৱী জীৱনৰ সাৰ্থকতা নহয়!”
”কি কৈছা? তোমালোকে মোক অন্তৰত স্থান দিয়া নাই?”
পত্নীৰ সৈতে কথাৰ কটাকটিৰ অন্তত তেওঁ প্ৰতিক্ৰিয়াহীনভাৱে কিতাপ আলোচনীৰ পাতত মূৰ গুজে নাইবা কোনো সভা-সমিতিৰ বক্তা, মুখ্য অতিথিৰূপে উপস্থিত হয়গৈ। ঘৰখনৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী, অভাৱ-অভিযোগৰ সৈতে একাত্ম হোৱাৰ ইচ্ছা আৰু তেওঁৰ নাথাকে। বুদ্ধপত্নীয়ে ভৰ বাৰিষাৰ নৈৰ দৰে ক্ষোভ আৰু অভিমানৱোৰ বুকুত বোৱাই থাকে। তলপেটৰ বিষ এটাও ক্ৰমে বাঢ়ি আহে।
বুদ্ধই শিক্ষকতা কৰা স্কুলখন প্ৰাদেশিকীকৰণ হোৱাৰ মাথোঁ তিনিটা বছৰৰ পিছতে তেওঁ অৱসৰ ল’লে। সেই তিনিটা বছৰ বুদ্ধ পত্নীৰ জীৱনৰ আটাইতকৈ মনোৰম সময়। সকলোবোৰ দায়িত্ব পত্নীকে সঁপি দি বুদ্ধয়ো মুকলি মনেৰে বৌদ্ধিক চৰ্চা অব্যাহত ৰাখিব পাৰিছিল। অনাটনৰ গ্ৰাসৰপৰা মুক্ত হৈ আইজনী আৰু সোণকনৰ মুখত হাঁহিৰ ৰেশ অকণ জিলিকিছিল। ঠিক সেই সময়ছোৱাতে আইজনীয়ে ডাকঘৰৰ চাকৰিটো পাইছিল। পিছে সোণকনে এতিয়ালৈকে এদ’ম কিতাপত দিনে-ৰাতি মূৰ গুজিও চাকৰি এটা যোগাৰ কৰিব পৰা নাই। সোণকনক অৱশ্যে চাকৰি এটা লাগিবই। কাৰণ সি ব্যৱসায় অথবা অন্য কাম-বনত যোগ্য নহয়। তাৰ এই অযোগ্যতাৰ সকলো দোষ উফৰি পৰেগৈ বুদ্ধৰ গাত। তেখেতৰ বাবেই ল’ৰাটো অকমৰ্ণ্য হোৱাৰ বদনামক তেখেতে অন্ততঃ এতিয়া আওকাণ কৰিব নোৱাৰে। ল’ৰাটো কোনো এটা কামৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱৰাতো তেওঁৰ বিফলতা।
এই কথাটোকে আওপকীয়াকৈ কৈ বুদ্ধক থকাসৰকা কৰিবলৈ চাংকাকতি, চেতিয়া, কলিতাহঁত আহে। তেওঁলোকে প্ৰতিদিনে আলোচনা কৰা বিষয়বোৰৰ ভিতৰত বুদ্ধই ভাগ ল’ব নোৱাৰা বিষয়বোৰ হ’ল পেঞ্চন, মৰগীয়া বানচ, শইকীয়াৰ বিলাসী গাড়ীৰ মাহেকীয়া ঋণৰ কিস্তি, চাংকাকতিৰ বৰপুত্ৰৰ আধাকোটিটকীয়া মাটিডোখৰ আৰু বহুতো। বুদ্ধ নতুন পেঞ্চন নীতিৰ মানুহ। তেওঁৰ অৱসৰৰ পাছত যে ভীষণ আৰ্ঠিক অনাটন ঘটিব চাংকাকতিহঁতে আগতেই তেওঁক কৈ আছিল।
”আপোনালোকে ঠিকেই কৈছে বাৰু। অৱশ্য অৱসৰৰ পাছত মই পেঞ্চন পাম নে নাপাম বা কিমান টকাকৈ পাম সেই হিচাপে নিকাচ কৰা নাই কেতিয়াও। আগতেও মোৰ দৰমহা নাছিল। চলি গৈছিল তেনেকৈ। পিছতো চলি যাব।”
স্বভাৱসুলভ নম্ৰতাৰে বুদ্ধই উত্তৰ দিছিল যদিও তেওঁ ভীষণ বিৰক্ত হৈছিল।
”নহয় নাথ, আপুনি একপ্ৰকাৰ সংসাৰৰ প্ৰতি উদাসীন বৈৰাগীৰ দৰে। সেয়ে টকা-পইচাৰ লগত জড়িত সমস্যাবোৰক আওকাণ কৰে। কিন্তু আপোনাৰ ঘৰৰ আন সদস্যসকলে নোৱাৰিব নহয়।”
কলিতাৰ লগতে শইকীয়ায়ো নাথৰ ভৱিষ্যত জীৱন যে মসৃণ নহয় তাকে কিছু শ্লেষ মিহলাই কয়,
”এনেই চলি যায় বাৰু জীৱনটো। এনেয়েও আপুনি সামাজিক মানুহ। সমস্যাবোৰে আপোনাক বৰকৈ চুব নোৱাৰে। কিন্তু বেমাৰ-আজাৰ, ঘপহকৈ অহা বিপদবোৰৰ মুখা-মুখি হ’লেহে উৱাদিহ হেৰাব। তেতিয়াহে বুজা যায় জীৱন সহজতে চলে নে নচলে।”
”আপোনালোকৰ দৰে বন্ধু থাকোঁতে মোকনো বিপদত পৰিবলৈ দিবনে?
বুদ্ধই প্ৰথমবাৰৰ বাবে এটা গভীৰ সংকটৰ সন্মুখীন হৈছিল অৱসৰৰ ঠিক তিনিমাহৰ পিছত। মাহৰ শেষত মাত্ৰ ওঠৰশকৈ টকা পেঞ্চনৰ নামত জমা হোৱাত ঘৰখনলৈ এজাক প্ৰচণ্ড ধুমুহা বলিছিলেই। ঠিক তেতিয়াই এটা জালি কোমোৰাৰ সমান টিউমাৰ বুদ্ধ পত্নীৰ জৰায়ুত থিতাপি লোৱাৰ কথা ধৰা পৰিছিল। ৰক্তক্ষৰণ হৈ হৈ আধামৰা হৈ পৰা মানুহগৰাকীয়ে প্ৰচণ্ড ক্ষোভ আৰু বেজাৰেৰে কৈছিল বহুদিনৰপৰা হৈ থকা তলপেটৰ বিষটোৰ কথা। অথচ তেওঁৰ কাণসাৰ দিবলৈ সময় নহ’ল। অতদিনে তেওঁ পত্নীৰ অভিযোগবোৰক তেনেই তৰল যেন জ্ঞান কৰিছিল। কিন্তু আধামেলা চকুযোৰে সিদিনা যি অভিযোগ আনিলে সেই অভিযোগেই বুদ্ধক যন্ত্ৰণাবিদ্ধ কৰি পেলালে। কি আছিল সেই ঘোলা চকুযোৰত? জীৱনযোৰা ভাগৰ, এখিনি নীলৰঙী বেদনা আৰু বুদ্ধৰ প্ৰতি বিতৃষ্ণা! তেওঁৰ প্ৰতি বিতৃষ্ণা! সংশয় আৰু হতাশাত তেওঁ জলকা লাগে। তেজৰ যোগাৰ, অস্ত্ৰোপচাৰৰ বাবে মোটা অংকৰ টকা সকলো আইজনীয়ে চম্ভালি লয়। তেওঁৰ শুভাকাংক্ষীসকলেও সহায়ৰ হাত আগবঢ়ায়। তেওঁৰ সাহস হৈ কাষতে থিয় দি ৰ’ল তেওঁ বৰকৈ কথা পাতিব নোখোজা বিৰক্তিকৰ বুলি ভবা চাংকাকতি, শইকীয়া, কলিতাহঁত। কলিতাই “আমি বিপদত লগ নেৰো নাথ, বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু, এয়া আমাৰফালৰ পৰা সামান্য সহায়” বুলি আগবঢ়াই দিয়া বগা খামটো লওঁতে বুদ্ধৰ হাতদুখন কঁপিছিল। ৰঙাপৰা চকুহালৰপৰা অশ্ৰু নিগৰিছিল। চাংকাকতিয়ে হাতদুখন মুথিয়াই ধৰিছিল। কলিতাই পিঠিখনত মোহাৰি মোহাৰি “মই আপোনাক আগতেই কৈছিলোঁ নহয় ফেমেলি হেল্থ ইঞ্চিওৰেন্স এটা কৰাৰ কথা, আপুনিহে নুশুনিলে।” জাতীয় দুষাৰমান কথা কওঁ নকওকৈ কৈয়ে পেলালে। অৱশ্যে হেল্থ ইঞ্চিওৰেন্স এটা কৰাৰ কথা তেওঁ ভাবিছিল। তেওঁৰে এসময়ৰ ছাত্ৰ মৃণালে বহুদিনলৈ অহা-যোৱা কৰিও তেওঁক বীমা এটা দিব নোৱাৰিলে। মৃণাল আহে বীমাৰ কামত আৰু বুদ্ধই কথা পাতে দেশ দুনীয়াৰ। অৱশেষত মৃণাল আহিবলৈ এৰিছিল।
সোণকনে লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’বগৈ নোৱাৰিলে। লাহেকৈ সি গৃহবন্দী হৈ পৰিল। হতাশাগ্ৰস্ত হৈ সি বন্ধু-বান্ধৱৰ লগ-সংগ এৰি মদৰ লগ লৈছিল। সোণকণৰ চিন্তাত মাক তেনেই শুকাইছিল। “বোলো স্কুল এৰি ব্যৱসায়তে ধৰক। নাই নুশুনিলে মোৰ কথা। ৰাইজৰ কথা চিন্তা কৰি তেওঁ পালে কি? ওঠৰশ টকা পেঞ্চন! মই আৰু হাঁহ, পাৰ বেচি ঘৰ চলাই থাকিব নোৱাৰোঁ। যাওক যাওক আপুনি মেলত বৰ বৰ কথা কৈ সমাজখনৰ ল’ৰা-ছোৱালীক মানুহ বনাওকগৈ। নিজৰটোকহে…!” বুদ্ধপত্নীয়ে প্ৰতিদিনে সেই একেখিনি কথাকে বহুতবাৰ কোনোবাই শুনিলেও নুশুনিলেও কৈ থাকে। আহত হয় বুদ্ধ। সভা-সমিতিৰ আমন্ত্ৰণবোৰ গ্ৰহণ কৰাৰ ইচ্ছা নোহোৱা হয়।
বুদ্ধৰ শৰীৰ আৰু মনৰ অৱক্ষয় ঘটে। বুদ্ধ এজন হতাশগ্ৰস্ত আৰু জৰাজীৰ্ণ মানুহলৈ ৰূপান্তৰিত হয়। ‘জীৱন বীক্ষণ’ নামৰ এক অনুষ্ঠানত বুদ্ধই এদিন অদ্ভুত বক্তৃতা দিয়েগৈ। তেওঁ ক’ব খোজা কথাবোৰ মৰুত হেৰুৱা নৈৰ দৰে হেৰাইছিল। সিদিনা মানুহবোৰে কুৱা-কুই কৰিছিল…বুদ্ধ দিকভ্ৰান্ত হৈছে…বুদ্ধই প্ৰলাপ বকিছে। সেই ঘটনাৰ আগদিনা কি ঘটিছিল বুদ্ধৰ ঘৰত? আইজনীয়ে কিবা কৈছিল তেওঁক…। মনত পৰিছে তেওঁৰ। আইজনীৰ বিয়াখনৰ খৰচ তেওঁক জনোৱা হৈছিল।
”বিয়াখন এনেকৈও পাতিব পাৰি আইজনী। দৰাঘৰৰপৰা কেইজনমান মানুহ আহিব। ওচৰ-চুবুৰীয়াসহিতে ভকত দুজনৰ আশীৰ্বাদ লৈ এসাঁজ লগে-ভাগে…”
” অস্ দেউতা সকলো কথাতে কিয় দৰ্শন বিচাৰি থাকে? বিয়াখনৰ খা-খৰচ মইহে বহন কৰিম।”
আইজনীয়ে কম কথা কয়। তাৰে কিছুমান কথা বুকুত খোঁচাকৈ কয়। বুদ্ধই বুকুখন এবাৰ মোহাৰি লয়।
” জীৱনত ভালকৈ একো এটা ল’ৰা-ছোৱালীক দি নাপালে। এতিয়া ছোৱালীয়ে নিজে বিয়াখন মনৰ জোখাৰে পাতিবলৈ লৈছে তাতো আপুনি মহানতা দেখুৱাব নালাগে।”
এতিয়া পত্নীৰ কথাতো তেওঁ ধৰাশায়ী হয়। তেওঁ সঁচাকৈয়ে দিক-বিদিক হেৰুৱায়। আইজনীয়ে কোৱা ভ্ৰমৰ পৃথিৱীখনৰপৰা ওলাল যি ওলাল। ভ্ৰম আৰু বাস্তৱৰ পৃথিৱী দুখনৰ মাজত সাঁকো এডাল গঢ়িবৰ চেষ্টা কৰি থাকোঁতে দুয়োখন পৃথিৱী একাকাৰ হৈ তেওঁৰ চিন্তাত আউল লগায়। তেওঁৰ চিন্তা আৰু কথাবোৰ জঁট লগা সূতাৰ দৰে হৈ পৰে।
চাংকাকতিহঁত আজিকালি বৰকৈ নাহে। বুদ্ধৰ হেৰোৱা মানসিক ভাৰসাম্য ঘূৰাই আনিবলৈ তেওঁলোকে আন্তৰিকতাৰে চেষ্টা কৰিছিল। পিছে বুদ্ধই তেখেতসকলক ভয় কৰে। ভয় খুৱাবলৈ কিয় আহিব তেওঁলোক? এজাক তৰুণৰ দৰে উচ্ছল হাঁহি আৰু লেঠাৰিনিছিগা কথাৰে প্ৰাত: ভ্ৰমণলৈ অহা চাংকাকতিহঁতে বুদ্ধৰ ঘৰৰফালে নোচোৱাকৈয়ে পাৰ হৈ যায়। চোতালত হাতলভগা চকীখনত বহি বুদ্ধই প্ৰায়ে চিৎকাৰ কৰে। কেৱল নিজক লৈ সুখী হৈ থকা কলিতাহঁতৰ প্ৰতি ক্ষয়িষ্ণু সমাজখনৰ প্ৰতি তেওঁৰ অভিযোগৰ শেষ নাই। চিৎকাৰৰ শেষত তেওঁ পুনৰ দূবৰি বনৰ পোকটোৰ চাল-চলন নিৰীক্ষণ কৰাত ব্যস্ত হৈ পৰে।