দুই অচিনাকিৰ এক অন্তৰঙ্গ পুৱা
লেখক- প্ৰণবেন্দ্ৰ শৰ্মা
টেক্সী ড্ৰাইভাৰজনে গাড়ীৰ দুৱাৰখন খুলি দিয়াত তেওঁ তিনiজনীয়া চিটটোত বহি ইটো ফাললৈ যাওঁতে হোটেলৰ দুৱাৰমুখৰ পৰা কোনোবাই তেওঁলৈ চাই হাত জোকাৰি বিদায় জনোৱা তেওঁৰ চকুত নপৰিল। টেক্সীৰ দুৱাৰখন বন্ধ কৰি তেওঁৰ সহযাত্ৰীয়ে সুধিলে, “চিনি পোৱা নেকি?” টেক্সীখন তেতিয়া চলিব আৰম্ভ কৰিছিল। তেওঁ মূৰ ঘূৰাই খিৰিকীৰে চাই চকামকাকৈ কোনোবা এজন হোটেলৰ ভিতৰলৈ সোমাই যোৱা দেখিলে।
“নাই, ধৰিব নোৱাৰিলোঁ। ইয়াতনো মই কাক চিনি পাম?”
“কোনবা আছিল এনেকৈ হাত জোকাৰি বিদায় দিবলৈ? আৰু দেখোন আন কোনো ওলাই যোৱা নাই।”
“জানো!” তেওঁলোকৰ টেক্সীখন সময়তকৈ পোন্ধৰ মিনিট আগতেই আহি পাইছিল। হোটেলৰ পৰা চেক আউট কৰা হৈ গৈছিল বাবে এনেয়ে বহি থকাতকৈ দুয়ো ওলাই আহিল। হয়তো তেওঁ প্ৰাতঃভ্ৰমণৰ সময়ত লগপোৱাজনেই হ’ব। চেঃ, বেয়া কথা হ’ল, তেওঁ দুপৰীয়া বাৰ বজাত হোটেল এৰিম বুলি কৈছিল। নামটোও সোধা নহ’ল, ফোন নম্বৰটোও লোৱা নহ’ল। পিন্ধি থকা টুপীটো মূৰৰ পৰা খুলি তেওঁ আৰাম কৰি বহি পুৱাৰ কথাবোৰ ভাবিবলৈ আৰম্ভ কৰিলে।
“হাত জোকাৰি কাক বিদায় দি আছিলা? চিনি পোৱা নেকি?” পাঁচ মিনিট সময় বাহিৰত ঠিয় হৈ থাকোঁতেই তেওঁৰ হাতদুখন শীতত চেঁচা হৈ জঠৰ হৈ গৈছিল। ফায়াৰপ্লেচৰ জুইকুৰাত হাত দুখন সেকি সেকি তেওঁ অন্যমনস্কভাবে উত্তৰ দিলে, “নাপাওঁ, আজি পুৱা প্ৰাতঃভ্ৰমণৰ সময়ত দেখা হৈছিল।”
*****
“এই ব্ৰহ্মপুৱাতে অকলে অকলে কি কৰিছে?”
“আপোনাক চিনি পোৱা নাই। মই অসমীয়া বুলি কেনেকৈ জানিলে?”
“মানে?”
“এখন অচিনাকি ঠাইত এজন অচিনাকিক হঠাতে অসমীয়াত সম্বোধন কৰিলে যে?”
“অ’, সেয়েহে আচৰিত হৈছে। আপুনি গুণগুণাই থকা গানটো কোনো অনা-অসমীয়াই এইখন ঠাইত গুণগুণাব বুলি ভবা টান।”
“মোৰ মাতটো ইমান ডাঙৰকৈ ওলাইছিল নে? বেয়া নাপাব দেই, মই কোনো মানুহ দেখা পোৱা নাছিলোঁ। সেয়ে হয়তো মন খুলি গাইছিলোঁ।”
“নাই, নাই, বেয়া পোৱাৰ কথাই নুঠে। কিন্তু ইমান পুৱাতে মূৰে গায়ে কাপোৰ মেৰিয়াই ইমান ঠাণ্ডাত বাহিৰত কৰিছে কি?”
“ঘৰলৈ ঘূৰি গৈ আকৌ সেই ধূলি আৰু গৰম, আজিকালি ঠাণ্ডাৰ নামেই নাই। মই সদায় পুৱাই উঠো। আজিও আনদিনৰ দৰেই পুৱাই উঠি অলপ বাহিৰলৈ ওলাই আহিলোঁ। কাইলৈৰ পৰা এনে সুন্দৰ পুৱা আৰু ক’ত পাম?”
“কাইলৈ ঘূৰি যাব নেকি?”
“আজি দুপৰীয়া বাৰটা বজাত হোটেল এৰিম। দুসপ্তাহ থাকিলোঁ, ঘূৰি যাবলৈ মনেই যোৱা নাই। “
“আমি কালি নিশাহে আহি পালোঁ। দুসপ্তাহ থাকিম।”
“ইস্, কোনোমতেহে দেখা-দেখি হ’ল। পিছে আপুনি কালি নিশা আহি পায়েই ইমান পুৱাই পুৱাই ঠাণ্ডাত বাহিৰত কিয়?”
“নিশা ভালদৰে টোপনি নহ’ল। পুৱা উঠি চাহ একাপ খাওঁ বুলি তললৈ নামি আহিছিলোঁ, পিছে হোটেলৰ ব্ৰেকফাষ্ট দেৰি আছে। তলৰ বজাৰত চাহৰ দোকান খুলিব পাৰে বুলি কোৱাত ওলাই আহিলোঁ।“
“কোঠাত চাহৰ আয়োজন আছে দেখোন।”
“আছে, পিছে কালি শুবলৈ যাওঁতেই মাজনিশা পাৰ হৈ গ’ল। এতিয়া চাহৰ কাৰণে কাৰো টোপনি ব্যাঘাত হোৱাটো নিবিচাৰোঁ। সেয়েই…। আপোনাক লগ পাই ভাল লাগিল। ইয়াত এনেকৈ অসমীয়া মানুহ লগ পাই ভাল লাগিল। ঠিক আছে, আপুনি গান গাই থাকক, মই চাহ বিচাৰি যাওঁ।”
“চাহ একাপ পালে ময়ো বেয়া নেপালোঁহেতেন। মই লগত ওলালে বেয়া পাব নেকি? বজাৰলৈ যোৱা পথটো এইকেইদিনতে চিনাকি হৈ গৈছে। “
“নিশ্চয়, যদিহে আপুনি বেয়া নাপায়। আপোনাৰ গান শুনি শুনি গ’লে বজাৰলৈ যোৱা পথৰ দূৰত্বটোও কমি যাব। এতিয়া ব’লক, নহ’লে ইয়াতেই ঠেৰেঙা লাগিম।”
“চাহ খোৱাৰ আগতে গান নোলায়। ইমান পুৱাই চাহৰ দোকান পিছে খোলে নে নাই?”
বজাৰখনৰ সৰু গুমটিটোৰ চালেৰে ধোঁৱা ওলাই থকা দেখি দুয়ো দুৱাৰখন ঠেলি ভিতৰলৈ সোমাই গ’ল। ভিতৰত বহি চুলা এটাত জুইত হাত সেকি থকা দুজন মানুহে তেওঁলোকলৈ মূৰ তুলি চাই আকৌ নিজৰ ভিতৰত কথা পতাত ব্যস্ত হৈ পৰিল। দুই গালত তেজে ফুটো ফুটো কৰা ৰাংঢালী পাহাড়ী কিশোৰী এজনী আহি সৰু মেজখন হাতত থকা কাপোৰখনৰে জোকাৰি দি তেওঁলোকক বহিবলৈ দি কি খাব সুধিলে।
“চাহ” দুয়ো সমস্বৰে কৈ উঠিল। কিন্তু মিঠামুখীয়া ছোৱালীজনীয়ে দুয়োকে গৰম পুৰি-ভাজিৰ সোৱাদ ল’বলৈ সন্মত কৰাই হে এৰিলে।
“ছোৱালীজনী ভাল চেলচ্ গাৰ্লদেই।”
“এৰা, সুন্দৰ মুখৰ সৰ্বত্ৰ জয়।”
“এইটো কিন্তু বৰ চেক্সিষ্ট মন্তব্য কৰিলে আপুনি।”
“দুঃখিত, মই একো ভাবি কোৱা নাছিলোঁ।”
“সকলোৱেই তেনেকৈয়েই কয়।”
“আপুনি বেয়া পালে যদি আমি ঘূৰি যাওঁ ব’লক।”
“আৰু বেচেৰী ভাল চেলচ্ গাৰ্লজনীৰ পুৱাৰ প্ৰথম বিক্ৰীটোৱেই অথলে যাব যে সেইটোৰ খেয়াল আছেনে।”
“আপোনাক মই কথাৰে বলে নোৱাৰোঁ। মুখ বন্ধ কৰিলোঁ আৰু।”
“মুখ বন্ধ কৰিলে খাব কেনেকৈ?”
“হয়তো, ভবাই নাছিলোঁ।”
“আপুনি নভবাকৈ কাম কৰে নেকি?”
“সেই কাৰণে বিপদতো পৰোঁ।”
“মানে?”
“চাহ খাবলৈ ওলাই কোনো অচিনাকিয়ে গান গোৱা শুনি মাত দিবলৈ গৈছিলোঁনো কিয়? বাটৰ কচু গাত ঘঁহি লোৱাৰ দৰকাৰ কি আছিল?”
“অ’, এতিয়া মই বাটৰ কচুহে হ’লোঁ। এৰা, ৰণত পৰি কলীয়া হ’লোঁ তেল নাইকিয়া ফপৰীয়া হ’লোঁ। এটা সময়ত কিন্তু পেলাই দিব লগীয়া নাছিলোঁ।”
“আপুনি সকলো কথাৰে বিকল্প অৰ্থ বিচাৰি ফুৰে নেকি? আপোনাৰ লগত কথা কোৱাই মস্কিল দেখোন।”
ছোৱালীজনীয়ে প্লেট এখনত পুৰি চাৰিখন আৰু শালপাতৰ বাটি এটাত ধোঁৱা ওলাই থকা তৰকাৰী এবাটি থৈ মিচিকিয়াই হাঁহি ওচৰতে ৰৈ থাকিল। তাইক কি হ’ল বুলি সুধিলত তাই মিচিকিয়াই হাঁহি এটা মাৰি ক’লে, “আপ লোগোঁ কী জোড়ী বহুত সুন্দৰ হেই।” কথাটো কৈয়েই তাই খিলখিলাই হাঁহি মাৰি আঁতৰি গ’ল।
“এতিয়া আৰু কোনোবাই কিবা কোৱাৰ আগতেই সোনাকালে ওলাই যোৱাহে মঙ্গল।”
“তাইৰনো কি দোষ? এই ব্ৰহ্মপুৱাতে দুগৰাকী বৃদ্ধ কাউৰী-কুকুৰ উঠাৰ আগতেই একেলগে চাহ খাবলৈ আহিলে তাই আৰু কি ভাবিব পাৰে?”
“বন্ধু।”
“চহৰত হয়তো, কিন্তু ইয়াত? নাঃ।”
“প্ৰেমিক?”
“পাগল হৈছে নেকি? এই বয়সত পৰকীয়া প্ৰেমত?”
“প্ৰেমৰ বয়স থাকে নেকি?”
“নাথাকে নেকি?”
“নাজানো। প্ৰেম অন্ধ বুলি নকয় জানো?”
“অ’, তাৰ মানে বৃদ্ধ কালত চকুত চানি পৰিলে প্ৰেমত পৰিব পৰা যায় তেনেহ’লে।”
“নাজানো, মোৰ চকুত চানি পৰা নাই এতিয়ালৈকে।”
“ৰক্ষা। নহ’লে ভাবিবলৈ বাধ্য হ’লোহেঁতেন যে এই বয়সতো লাইন মাৰিবলৈ এৰা নাই।”
ছোৱালীজনীয়ে কাঁচৰ গিলাচ দুটাত দুগিলাচ গাখীৰ-চাহ দি গ’ল। চাহৰ পৰা অহা আদা আৰু মছলাৰ গোন্ধে মলমলাই আছিল। এসোঁহা মাৰি তেওঁ ক’লে, “আস্, হিয়া শাঁত পৰি গ’ল। গা গৰম হৈ গ’ল। এতিয়া গান গাবলৈ নিশ্চয় আপোনাৰ গলা খুলিব।”
“তাৰ পাছত সুন্দৰী চেলচ্ গাৰ্লে আহি আৰু কি ফিল্মী ডায়লগ মাৰে ঠিকনা নাই। চাহ খাই যোৱাৰহে কথা।”
“এৰা, অল গুড থিংছ মাষ্ট কাম টু এ্যান এণ্ড।”
হোটেললৈ ঘূৰি অহাৰ সময়ত ওপৰলৈ উঠিবলৈ দুয়োৰে অলপ কষ্ট হৈছিল। হোটেলখন টিলা এটাৰ ওপৰত সমতল ভূমিত। বজাৰখনলৈ নামি যোৱাৰ সময়ত দুয়ো সিমান খেয়াল কৰা নাছিল। এতিয়া ওপৰলৈ উঠাৰ সময়ত দুয়ো ফোঁপাইছিল। সময়ে সময়ে দুয়ো ৰ’বলৈ বাধ্য হৈছিল
“আপোনাক যেন আগতে ক’ৰবাত দেখিছোঁ, ক’ৰবাত লগ পাইছোঁ।”
“কলেজত কোনোবাই এইশাৰী কথা ক’লে নিশ্চয়কৈ ধৰি ল’লোহেঁতেন মতলব বেয়া।”
“আৰু এতিয়া?”
“এতিয়া? নাজানো। আপোনাক দেখি সোণৰ কঙ্কণৰ লোভত পৰা পথিকৰ বুঢ়া বাঘটো যেন লগা নাই দেখোন।”
“ৱাও, আপুনিটো কম নহয়, দেখিয়েই মানুহ চিনি পায়।”
“অভিজ্ঞতা। আপুনি কেতিয়াবা ডিব্ৰুগড়ত আছিল নেকি?”
“কেতিয়াও যোৱাই নহ’ল। কিয় সুধিলে?”
“নহয়, মোৰো আপোনাক ক’ৰবাত দেখা যেন লাগিছে। কিন্তু ধৰিব পৰা নাই।”
“এতিয়া কোনে কাক লাইন মাৰিছে বাৰু?”
“হাঃ হাঃ হাঃ। “
“হাঁহিলে যে?”
“নাহাঁহি কি কৰিম, দুই বৃদ্ধ, অচিনাকি, হঠাৎ প্ৰথম বাৰৰ বাবে দেখা-দেখি হ’ল আৰু কিছু সময়ৰ পাছত হয়তো জীৱনলৈ দেখা নহ’ব আৰু আমি এনেদৰে কথা পাতি আছোঁ যেন আমাৰ মাজত কোনো আঁৰ-বেৰ নাই।”
“হয়তো আমাৰ অজানিতে আমাৰ দুয়োৰে মাজত কিবা এটা যোগসূত্ৰ আছে যাৰ বাবে আমি সহজেই ইজনে সিজনৰ প্ৰতি আকৃষ্ট হৈছোঁ আৰু আমাৰ মাজত বন্ধুত্ব গঢ়ি উঠিছে।”
“লাভ এট ফাৰ্ষ্ট চাইট”ৰ কথা শুনিছোঁ কিন্তু বন্ধুত্ব? আচ্ছা, বন্ধুত্ব আৰু প্ৰেমৰ মাজত পাৰ্থক্য কি?”
“বন্ধুত্বত কোনো আশা-প্ৰত্যাশাৰ প্ৰশ্ন নুঠে, প্ৰকৃত বন্ধুক মনৰ সকলো কথা নিসংকোচে খুলি ক’ব পাৰি। মৃত্যুৰ বাহিৰে প্ৰকৃত বন্ধুৱে কেতিয়াও আপোনাৰ সঙ্গ পৰিত্যাগ নকৰে।”
“আৰু প্ৰেম?”
“প্ৰেমত প্ৰাপ্তিৰ আশা, প্ৰত্যাশা, প্ৰতাৰণা, হেৰোৱাৰ বেদনা সকলো থাকে। প্ৰেম জটিল, বন্ধুত্ব সৰল ৰেখা। প্ৰেমত মান-অভিমানৰ খেলা, কেতিয়াবা বহাগৰ দুপৰীয়া, কেতিয়াবা শাওণৰ প্লাৱন। বন্ধুত্বত আহিনৰ সোণালী ৰ’দ।”
“আপুনি দাৰ্শনিক নে কবি?”
“মানে?”
“সাধাৰণ প্ৰশ্ন এটা, তাৰ আকৌ মানে লাগে কিয়?”
“বন্ধু হ’লে একো নভবাকৈয়েই উত্তৰ দিলোঁহেঁতেন কিন্তু নভবাকৈ উত্তৰ দিলে আপুনিয়েই আকৌ ক’ব নহয় নভবাকৈ কাম কৰোঁ বুলি।”
“হোটেল পালোঁহিয়েই। বিদায়। দুপৰীয়া ঘূৰি যামগৈ। ভাল লাগিল আপোনাক লগ পায়। পুৱাবেলাটো সুন্দৰকৈ গ’ল।”
“হয়, বিদায় অচিনাকি বন্ধু।”
******
“কেনে আছে আপুনি?”
“ভালেই। আপোনাৰ?”
“আছোঁ আৰু। ভাগৰি আছোঁ।”
“বহুদিন সামাজিক মাধ্যমত দেখাদেখি নাই দেখোন। শৰীৰ ভালে আছে নহয়?”
“শৰীৰ ভালেই আছে। কিন্তু দুমাহ ধৰি ঘৰৰ বাহিৰত। ফুৰিবলৈ গৈছিলোঁ।”
“ক’ত?”
“পূবৰ পৰা পশ্চিম, উত্তৰৰ পৰা দক্ষিণ, শস্য-শ্যামলা অসমৰ পৰা ৰাজস্থানৰ মৰুভূমিলৈ। কণ্যাকুমাৰীকাৰ পৰা কাশ্মীৰলৈ।”
“ৱাহ, সম্পূৰ্ণ ভাৰত ঘূৰিলে তাৰমানে। হঠাতে নে আগৰ পৰাই পৰিকল্পনা কৰি? ভ্ৰমণ কাহিনী লিখা নাই যে নিয়মীয়াকৈ?”
“বয়স হৈ আহিছে, অৱসৰ লোৱাৰ পাছত সংসাৰখন থান-থিত লগাই হাতত সময় লৈ ঘূৰি আহিলোঁ এবাৰতে। কোনে জানে পাছলৈ কি হয়। ভ্ৰমণ কাহিনী লিখিবলৈ সময় ক’ত?”
“এতিয়া লিখিব। বাট চাই থাকিম।”
“আপুনি কিবা লিখিছেনে?”
“বহুদিন লিখা নাছিলোঁ। এতিয়া লিখিম। গল্প এটাৰ প্লট মনলৈ আহিছে, লিখিবলৈ আৰম্ভ কৰা নাই এতিয়াও।”
“কি প্লট জানিব পাৰোঁ নে?”
“সামাজিক মাধ্যমৰে আমাৰ বন্ধুত্ব হোৱাৰ কিমান বছৰ হ’ল বাৰু?”
“এক দশকৰো বেছি হয়তো? কিয় সুধিলে?”
“নহয়, এক দশকৰো বেছি আমাৰ বন্ধুত্ব কিন্তু আজিলৈকে আমাৰ দেখাদেখি হোৱা নাই। আচৰিত নহয়নে? এনে লাগে যেন আপোনাৰ বিষয়ে সকলো জানো, কিন্তু, আচলতে একোৱেই নাজানো। “
“কথাটো হয় দেই, কথাটো মিছা কোৱা নাই।”
“তাকেই।”
“আপোনাৰ প্লটটো নক’লে দেখোন।”
“বন্ধুত্বৰ অনুৰোধ প্ৰথমতে কোনে পঠাইছিল বাৰু?”
“কোনে মনত ৰাখিছে এতিয়া? অতীত মৰিল গ’ল তাৰ কথা যোৱা হে পাহৰি।” ”
“যাওক হে পাহৰি?”
“আপুনি হ’লে যাওক হে হ’ব।”
“মানুহ মাৰি দিব দেই আপুনি।”
“কালি অচিনাকি বন্ধু এজন লগ পাইছিলোঁ অলপ সময়ৰ বাবে কিন্তু এনে ভাব হ’ল যেন বহুদিনৰ চিনাকি।”
“কি? কাক, ক’ত লগ পাইছিলে? অচিনাকি আকৌ বন্ধু হ’ল কেনেকৈ?”
“নহয়, মানে প্ৰথম লগ পাওঁতে অচিনাকি আছিল কিন্তু এৰিবৰ সময়ত এনে ভাব হ’ল যেন বহুদিনৰ বন্ধু।”
“অচিনাকি বন্ধুৱে গান গুণগুণাই আছিল নেকি?”
“অ’, কিয় সুধিলে?”
“ইমান ওচৰতে পায়ো বন্ধুক চিনি নাপালে?”
“মানে?”
“উস্, এই মানে, মানেৰ অন্ত নপৰে নেকি কেতিয়াও? নুবুজে নে বুজিও নুবুজাৰ ভাও ধৰে।”
“গান গোৱাগৰাকী আপুনিয়েই আছিল নেকি?”
“অ’ আকৌ।”
“হে হৰি, কিন্তু আপুনি মোক চিনি নাপালে কিয়?”
“সামাজিক মাধ্যমৰ বন্ধুজনৰ চকুত বিতচকু, শকত-আৱত, মূৰত চুলি আৰু মই লগপোৱাজনৰ চকুত বিতচকু নাই, ক্ষীণ, মূৰত চুলি নাই। মই কেনেকৈ চিনি পাম?”
“চশমাযোৰ ৰুমতে থাকিল, আকৌ ওপৰলৈ গৈ আনিবলৈ মন নগ’ল। চশমা নোহোৱাকৈ মোৰ দূৰলৈ চোৱাত অসুবিধা নহয় কিন্তু ওচৰতহে ভালকৈ দেখা নাপাওঁ। তাতে আপোনাৰ মূৰত টুপী, দীঘল কোট, মাফলাৰেৰে মুখ ঢকা, বিতচকু নোহোৱাকৈ মই একো ধৰিব নোৱাৰিলোঁ। ইস্, লগ পায়ো চিনাকি নহ’ল। গোটেই জীৱন আফচোচ থাকি যাব।”
“আপোনাৰ কথাবোৰ শুনি মোৰ কিন্তু চিনাকি চিনাকি লাগিছিল।”
“মই দেখোন কৈছিলোঁৱেই আমাৰ কিবা এটা যোগসূত্ৰ আছে বুলি।”
“আপুনি কথা-বাৰ্তাবোৰ ইমান সংযমী হৈ কৈ আছে, মই নো নিজৰ মনটো খুলি দিওঁ কেনেকৈ। অচিন কাঠৰ ঠোৰাও নলগাবা বুলি নকয় জানো।”
“ভালেই হ’ল দিয়ক। যি হয় ভালৰ কাৰণেই হয়।”
“মানে?”
“এয়া, এতিয়া তুমিও দেখোন মানে বুলি ক’বলৈ ধৰিলা।”
“সঙ্গদোষ আকৌ। মোক কিন্তু তুমি বুলি সম্বোধন কৰিলে দেই আপুনি।”
“দহ বছৰৰ পাছত প্ৰোফাইল ফটোখনত মুখ এখন বহাবলৈ পাৰিছোঁ যে।”
“আপুনি ইমান ক্ষীণালে কেনেকৈ? আৰু চুলি?”
“ক’ম দিয়া কেতিয়াবা সময় পালে। এতিয়া ৰাতি বহু হ’ল। মই হোটেলৰ লবিত বহি আছোঁ। শুবলৈ যাওঁ। তুমিও শুবলৈ যোৱা ভাগৰি আছা বুলি কৈছা দেখোন।”
“বন্ধুক সকলো কথা মন খুলি ক’ব নোৱাৰি জানো?”
“পাৰি, কিন্তু অনাহকতে বন্ধুৰ মনত আঘাত দিয়া উচিত নহয়।”
“মানে?”
“তোমাকো মোৰ মুদ্ৰাদোষে পালে দেই।”
“এটা কথা কোৱাচোন, তুমি সঁচাকৈয়ে মোক চিনি পোৱা নাছিলা।“
“মই তোমাক বিদায় জনাবলৈ বিতচকুজোৰ পিন্ধি আহিছিলোঁ কিন্তু তুমি তেতিয়া গাড়ীত উঠিলাই। মুখখন ভালকৈ দেখাই নাপালোঁ।”
“হোটেললৈ ঘূৰি অহাৰ সময়ত মই ইচ্ছাকৈ পিছলি পৰিব খুজিছিলোঁ।”
“নপৰিলা কিয়? মই তোমাক ধৰিলোঁ হয় নহয়।”
“সেই কাৰণেই নকৰিলোঁ। জানো তুমি ধৰিবাই।”
“কেনেকৈ বুজিলা যে মই ধৰিম?”
“তোমাৰ চেহেৰাটোহে সলনি হৈছে, কথাবোৰ হোৱা নাই নহয়। চাহৰ দোকানতেই মই ধৰিব পাৰিছিলোঁ।”
“ভালেই কৰিলা দিয়া পিছলি নপৰি। নহ’লে হয়তো আমিয়েই পিছলি পৰিলোঁহেঁতেন।”
“বন্ধু?”
“বন্ধু।”
*****
সদায় পুৱা উঠি চোৱাৰ দৰেই বিছনাৰ পৰা উঠি তেওঁ ভ্ৰাম্যভাষটো খুলি ফেচবুক খুলিলে। বন্ধুৰ সময়ৰেখাত নতুনকৈ পোষ্ট কৰা লেখাটো পঢ়ি তেওঁৰ মুখত হাঁহি উঠিল। তেওঁলোকৰ অন্তৰঙ্গ পুৱাটোৰ বৰ্ণনাৰে সৈতে চাহৰ দোকানৰ পাহাৰী সুন্দৰীৰ কথাৰে সুন্দৰকৈ অন্তৰ পৰশা লেখা এটা। কম্পিত হৃদয়ৰ ইমোজীৰে সৈতে তেওঁ মন্তব্য দিলে, “ধৰা পৰি গ’লা বন্ধু। বন্ধুক হেনো সকলো কথা খুলি ক’ব পাৰি, নক’লা কিয়?” গোটেই দিনটো তেওঁ বন্ধুৰ পৰা বাৰ্তা এটাৰ আশা কৰি ৰৈ থাকিল কিন্তু বন্ধুৰ পৰা কোনো বাৰ্তা নাহিল। অভিমানত তেওঁৰ মুখখন আহাৰমহীয়া আকাশৰ দৰে ক’লা পৰি গল।
পিছদিনা পুৱাই উঠিয়ে তেওঁ আকৌ ভ্ৰাম্যভাষ খুলিলে। বন্ধুৰ সময়ৰেখাত কোনো নতুন লেখা নাই। গল্পটোৰ তলত অসংখ্য মন্তব্য কোনো উত্তৰ নাই। মনে মনে তেওঁৰ খং উঠিল। বৰ বাহাদুৰি হৈছে। তেওঁ আন এটা গোটৰ লেখাবোৰ পঢ়িবলৈ আৰম্ভ কৰিলে। হঠাৎ এঠাইত আহি তেওঁৰ চকু থৰ হৈ গ’ল। ফটো এখনৰ তলত গোটৰ প্ৰশাসকৰ লেখাটো দেখি তেওঁৰ অভিমানৰ বান্ধ ভাঙি গ’ল। কোনোমতে বৈ অহা চকুপানীৰ মাজেৰে তেওঁ লেখাটো পঢ়ি শেষ কৰিলে।
“বৰ দুখেৰে সৈতে আমাৰ সমূহ সদস্যক জনাইছোঁ যে আমাৰ গোটৰ এজন মাননীয় সদস্য আৰু সুলেখক শ্ৰীযুত দেৱকান্ত ভট্টৰ কালি পুৱা পাহাৰৰ খাদত পিছলি পৰি মৃত্যু ঘটে। জানিব পৰামতে প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়ত তেওঁ বিতচকুযোৰ নিবলৈ পাহৰি হোটেলৰ কোঠাত এৰি থৈ গৈছিল। হয়তো….।”
তেওঁৰ আৰু পঢ়িবলৈ ধৈৰ্য্য নহ’ল। চকুপানীৰ বন্যাৰ মাজেৰে তেওঁ কোনোমতে মন্তব্যটো শেষ কৰিলে, “কিয় এনেকৈ ফাকি দি গুছি গ’লা বন্ধু। বিদায় জনাবলৈও সুযোগ নিদিলা।”
তেওঁ জানে এই মন্তব্যৰ আৰু কেতিয়াও উত্তৰ নাহে।