দুটিমান অনুভৱ
লেখক- যাদৱ হাজৰিকা
১)
লিখোঁ বুলি লিখিব নোৱাৰিলোঁ
এটি প্ৰেমৰ কবিতা
নাইবা
সমন্বয়ৰ বাৰ্তাবাহক এটি কবিতা
কি বিষয়কলৈ কবিতা লিখোঁ!
প্ৰকৃতিলৈ উলটি যাবলৈও
ৰমন্যাসৰ পদূলিমুখত
নঙলা দি ল’লোঁ নিজেই
মানুহৰ কথা লিখিবলৈ অনুভৱৰ নাটনি
প্ৰেম, ভালপোৱা, সহনশীলতাত পয়া লাগিল
মানুহৰ ধমনীত বিভেদৰ ৰক্তবীজে পোখা মেলে নিতে
ধৰ্ম-সংস্কৃতিও বিজতৰীয়া হ’ল
স্বাৰ্থপৰতাৰ কৰাল গ্ৰাসত পৰি অন্ধ হ’ল সকলো
দেশ-মাটি আৰু ভেটি থৰক বৰক
আইৰ-পিতাইৰ ভাষা
সন্তানৰ মুখত নুফুটা হ’ল
সেয়েহে
লিখোঁ বুলি লিখিব নোৱাৰিলোঁ
এটি প্ৰেমৰ কবিতা
নাইবা সমন্বয়ৰ
বাৰ্তাবাহক এটি কবিতা
২)
কবিতাই কি কৰিব পাৰে?
কবিতাই পাৰে জানো
শোকৰ সাগৰ মথি
সুখামৃত নিগৰাব
পাৰে জানো বুভুক্ষজনৰ
ক্ষুধা দূৰ কৰিব
পাৰে জানো সমাজলৈ
আনিব পৰিৱৰ্তন
এলান্ধুৰে আৱৰা সমাজক
নিকা কৰিব পাৰিবনে কবিতাই
পৰা হ’লে ভাল আছিল
কবিতাই ছিগি যোৱা সূতা এডালো
যোৰা লগাব নোৱাৰে
সাতভনীক সাতামপুৰুষীয়া
চেনেহৰ এনাজৰীৰে
পুনৰ বান্ধিব পাৰিবনে কবিতাই
একেডালি মালাৰ পৰা ছিন্ন-ভিন্ন হৈ
টুকুৰা টুকুৰ হোৱা জাতিক
কবিতাই যোৰা লগাব পাৰিবনে?
নে, পাঠকৰ অৱহেলিত হৈ
পঢ়ুৱৈৰ পৰিত্যক্ত আলোচনীৰ পৃষ্ঠাত
নীৰৱেই থাকিব?
তথাপি কবিয়ে কবিতা লিখে
লিখিও থাকিব
কবিৰ দুখ আৰু হতাশাক
কবিতাৰ কোলাত তুলি থ’বলৈ।
কবিতাৰ স্ৰোত বৈ থাকিব
কবিৰ অন্তৰে অন্তৰে
অন্তঃসলি
লাহৈ
শ্বসনৰ দৰে নিৰন্তৰ।