দুৱাৰদলিৰ মানুহজন

লেখক- নয়নজ্যোতি শৰ্মা

মূলঃ হৰ্হে লুই বৰ্হেছৰ “El hombre en el umbral”
ইংৰাজী অনুবাদঃ এণ্ড্ৰু হাৰ্লীৰ “The Man on the Threshold”
অনুবাদঃ নয়নজ্যোতি শৰ্মা

বিয়’ই কাচাৰেজে (১) লণ্ডনৰ পৰা উভতি আহোঁতে লগত এখন আচহুৱা ডেগাৰ লৈ আহিছিল৷ ব্ৰিটিছ কাউন্সিলত কৰ্মৰত আমাৰ বন্ধু ক্ৰিষ্টোফাৰ ডিৱিয়ে ইংৰাজী এইচ ( H) আখৰটোৰ দৰে মুঠিটোৰে সৈতে এই তিনিকোণীয়া ধাৰাল চুৰিখন দেখিছিল আৰু কৈছিল যে ভাৰতবৰ্ষত এনেকুৱা ডেগাৰৰ ব্যৱহাৰ অতি সুলভ৷ ভাৰতৰ কথা ওলাওঁতে তেওঁ লগতে এয়াও কৈছিল যে দুই বিশ্বযুদ্ধৰ মাজৰ সময়খিনিত তেওঁ ভাৰতবৰ্ষত কিছু কাল ব্যতীত কৰিছিল (ইয়াৰ প্ৰসংগতে তেওঁ জুভেনালৰ লাতিন ভাষাৰ এটা উক্তি ‘সূৰ্যোদয় আৰু গংগাৰ সিপাৰে’ বুলি ভুলকৈ উদ্ধৃতি দিছিল ২)৷ সেইদিনা তেওঁ আমাৰ আগত কোৱা কাহিনীবোৰৰ ভিতৰত এটা কাহিনী মই আপোনালোকৰ আগত নতুনকৈ ক’বলৈ ওলাইছোঁ৷ মই আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সূক্ষ্মতিসূক্ষ্ম ঘটনাৱলীৰ বিশদ বিৱৰণ দি কাহিনীৰ বিশ্বাসযোগ্যতা ভংগ কৰাৰ সুযোগ মোক নিদিয়ে অথবা কীপলিঙৰ উদ্ধৃতি আদিৰে কাহিনীৰ পূৰ্বাৰোপিত চমকপ্ৰদ পৰিভাষাক অধিক ব্যতিবস্ত কৰাৰ পৰা মোৰ অতুৎসাহক বিৰত ৰাখে৷ কিয়নো এহেজাৰ এটা আৰব্য ৰজনীৰ সাধুৰ দৰেই এই কাহিনীটিৰো এক সহজ অথচ বিৰল বিশেষত্ব আছে আৰু ইয়াক কোনোপধ্যেই হেৰাই যাবলৈ দিব নোৱাৰি৷
মই যিটুকুৰা ঠাইৰ কাহিনী ক’বলৈ ওলাইছোঁ তাৰ সুনিৰ্দিষ্ট ভূগোল-খগোল বিচাৰ কৰি লাভ নাই৷ বুয়েনছ আয়াৰ্ছৰ দৰে চহৰ এখনত অমৃতসৰ বা উধ কোনফালে বুলি সুধিলে মানুহে কিমান স্পষ্ট ধাৰণা পোষণ কৰিব সেয়াও মোৰ আয়ত্বৰ বাহিৰত৷ দৰকাৰী কথাটো হ’ল সেই সময়ছোৱাত কোনো এক মুছলমান অধ্যুষিত এলেকাত কিছু অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে এজন শক্তিশালী বিষয়াক সেই ঘটনাটিৰ মীমাংসা কৰিবলৈ পঠিয়াইছিল৷ এই স্কটিছমূলীয় মানুহজন এক মহাপৰাক্ৰমী যোদ্ধা পৰিয়ালৰ উত্তৰপুৰুষ আছিল আৰু তেওঁৰ তেজত বৈ আছিল জিঘাংসাৰ এক পুৰণি ইতিহাস৷ মই তেওঁক কেৱল মাত্ৰ এবাৰেই দেখিছিলোঁ আৰু সেই অবিন্যস্ত কৃষ্ণঘোৰ চুলি, দুগালৰ উন্নত হন্বাস্থি, মঙহাল নাক আৰু ওঁঠ, প্ৰসাৰিত দুই বাহুমূল আৰু কোনো প্ৰাচীন যোদ্ধাৰ দৰে মজবুত অস্থিপিঞ্জৰৰ সাঁচ তেতিয়াও মোৰ মনত বহি ৰৈছিল৷ মোৰ কাহিনীটোত আজি তেওঁৰ নাম দিয়া যাওক ডেভিড এলেকজেণ্ডাৰ গ্লেনকেইৰ্ণ৷
সসাগৰা পৃথিৱীক পদানত কৰি ৰখা এই দুই একচ্ছত্ৰী সম্ৰাটৰ নামেৰে ৰখা নামটো তেওঁৰ শৌৰ্যৰ সৈতে খাপ খাই পৰিছিল, কিয়নো ডেভিড এলেকজেণ্ডাৰ গ্লেনকেইৰ্ণৰ (হয়, এই দীঘলীয়া নামটোৰ সৈতে মই অভ্যস্ত হ’বই লাগিব) নামটোৱে নিশ্চিতভাবে কেউফালে ক্ষণিকতে সন্ত্ৰাস বিয়পাবলৈ সক্ষম হৈছিল৷ তেওঁ আহিব বুলি ৰাজ্য হোৱা খবৰ শুনিয়েই একোখন উত্তপ্ত চহৰত শান্তিৰ মেঘমালা বিয়পি পৰিছিল৷ তথাপি তেওঁ শান্তি স্থাপনৰ বাবে কেতবোৰ কঠোৰ নিয়ম বলবৎ কৰিছিল আৰু তেনেকৈয়ে শান্তিপূৰ্ণ বহুকেইটা বছৰ পাৰ হৈছিল, জিলা আৰু চহৰবোৰত সুশাসন পুনৰাধিস্থিত হৈছিল, শিখ আৰু মুছলমানসকলে শতিকা পুৰণি আখেজবোৰক নিলগাই থৈছিল৷ তেনেতে এদিন হঠাৎ গ্লেনকেইৰ্ণ নিখোজ হ’ল৷ তেওঁৰ হত্যা অথবা অপহৰণৰ অলেখ লঘু বাতৰি বহু দিনলৈকে উৰি ফুৰিল৷
এই কথাবোৰ মই মোতকৈ উচ্চ খাপৰ বিষয়া সকলৰ চুপতিৰ পৰা হে গম পাইছিলোঁ, কিয়নো গ্লেনকেইৰ্ণ সম্বন্ধীয় খবৰ-পাতি সন্দৰ্ভত এক স্পষ্ট নিষেধাজ্ঞা জাৰী কৰা হৈছিল আৰু মোৰ যিমানদূৰ মনত পৰে বাতৰি কাকতসমূহতো গ্লেনকেইৰ্ণৰ অন্তৰ্ধানৰ বাতৰি ঘূণাক্ষৰেও উল্লিখিত হোৱা নাছিল৷ মানুহে কয় ভাৰতবৰ্ষখন হেনো পৃথিৱীতকৈও বিশাল৷ ছীল মোহৰ মৰা কাগজ এখনে গ্লেনকেইৰ্ণক তেওঁৰ চহৰখনৰ ত্ৰিবিক্ৰমী নিয়মকৰ্তা পাতিলেও তেওঁ বৃটিছ সাম্ৰাজ্যৰ কুটিল জিঞ্জিৰিৰ টান কঢ়িওৱা এটা বৰ্তনী মাত্ৰ আছিল৷ স্থানীয় পুলিচৰ বিচাৰ খোচাৰত তেওঁৰ কোনো শুংসূত্ৰ নোলাল৷ মোৰ ওপৰৱালা বিষয়াসকলে আকৌ ভাবিবলৈ ধৰিলে যে এজন মানুহে যদি অকলে, নিজৰ মতে বিচাৰ-খোচাৰ আৰম্ভ কৰে তেতিয়া হয়তো গ্লেনকেইৰ্ণৰ সন্ধান পোৱাৰ সম্ভাৱনা বাঢ়িব আৰু যদি সেই সন্ধান বিফলেও যায়, তেতিয়াও ব্যৰ্থতালব্ধ অনুতাপ কিছু কমকৈ হ’ব৷ ফলশ্ৰুতিত তিনি-চাৰিদিনমান পাছত (ভাৰতবৰ্ষত যি পৰিমাণৰ সময় ধৰ্তব্যই নহয়) গোটে গোটে মানুহ গিলা সেই ধূসৰ চহৰখনৰ অলিয়ে গলিয়ে মই নিৰুৎসাহী মনেৰে টহল দিয়া আৰম্ভ কৰিলোঁ৷
গ্লেনকেইৰ্ণৰ সন্ধানত নামি পৰাৰ লগে লগেই মই তেওঁৰ উপস্থিতিক অনুক্ত কৰি ৰাখিবলৈ চলি থকা এক ষড়যন্ত্ৰৰ গোন্ধ পালোঁ৷ মোৰ সন্দেহ হ’ল যে চহৰখনত এনে এটি প্ৰাণী নাই যিয়ে এই ৰহস্যৰ সম্ভেদ পোৱা নাই অথচ সকলোৱে সেই গোপনীয়তাক ৰক্ষা কৰিবলৈ শপত খাই থৈছে৷ মই গ্লেনকেইৰ্ণ সন্দৰ্ভত সোধা-পোচা কৰোঁতে সৰহসংখ্যক লোকেই প্ৰচণ্ড অনীহা প্ৰদৰ্শন কৰিলে, তেওঁলোকে কোৱা মতে তেওঁলোকে গ্লেনকেইৰ্ণক চিনি পোৱা দূৰৰ কথা, তেওঁক কাহানিও দেখাও নাই আৰু আনকি তেওঁৰ নামেই শুনা নাই৷ আনহাতে একাংশ লোকে আকৌ তেওঁক দহ-পোন্ধৰ মিনিটৰ আগেয়ে অমুক-তমুকৰ লগত কথা পাতি থকা দেখিছিল, কিছুমানে আনকি মোক দুজন মানুহ সোমাই যোৱা ঘৰটোলৈও আঙুলিয়াই দেখাইছিল– য’ত অৱধাৰিত ভাৱেই তেওঁক কোনেও দেখা পোৱা নাছিল, অথবা মই অহাৰ অলপ আগত মাত্ৰ তাৰ পৰা তেওঁ ওলাই গৈছিল, মাত্ৰ দুই-তিনি মিনিটৰ ব্যৱধানত তেওঁক মই লগ পাবলৈ সক্ষম হ’ব পৰা নাছিলোঁ৷ দুই এবাৰ মই খঙত একো নাই হৈ সেই মিছলীয়া মানুহ কেইজনৰ মুখতে মুষ্টিবদ্ধ প্ৰহাৰ কৰিব ওলাইছিলোঁ৷ প্ৰত্যক্ষদৰ্শীসকলে মোৰ খঙৰ এই অভিব্যক্তি দেখি ৰং পাইছিল আৰু অধিক মিছা কথা হে ক’বলৈ ধৰিছিল৷ মই সিহঁতক বিশ্বাস কৰিব পৰা নাছিলোঁ অথচ অবিশ্বাস কৰিবলৈও মোৰ সত যোৱা নাছিল৷
এদিন সন্ধিয়া কোনোবাই মোলৈ এটা খাম পঠিয়ালে য’ত এক দিক-নিৰ্দেশনা সম্বলিত কাগজৰ টুকুৰা এটা ভৰোৱা আছিল৷
মই যেতিয়া সেই ঠিকনাত গৈ উপস্থিত হ’লোঁ, তেতিয়ালৈ বেলি ভালকৈয়ে ডুবিছিল৷ সেই চুবুৰীটোৰ মানুহখিনি দেখাই শুনাই সাধাৰণ আছিল, ঘৰটোও কিছু চাপৰ, জৰাজীৰ্ণ আছিল৷ পদূলিমুখৰ পৰাই বোকামাটিৰে লিপা কেইবাখনো চোতাল আৰু এক আলোকোজ্জ্বল পশ্চাৎপট মোৰ চকুত পৰিল৷ তাৰে শেষৰখন চোতালত এক ইছলামীয় পাৰ্বণৰ হেৰেম-গেৰেম জাৰী আছিল য’ত এজন অন্ধ মানুহে ৰঙচুৱা কাঠেৰে তৈয়াৰী বীণাৰ দৰে বাজনা এবিধ বজাই আছিল৷
মোৰ ভৰিপথানত এক নিঃশ্চল পদাৰ্থ সদৃশ জড়িমাৰে এজন অশীতিপৰ বৃদ্ধ ঘৰটোৰ দুৱাৰদলিতেই বাগৰি পৰি আছিল৷ মই তেওঁৰ বিষয়ে কিছু কথা কৈ লওঁ, কিয়নো মোৰ কাহিনীত তেওঁৰ এক বিশেষ গুৰুত্ব আছে৷ যিদৰে বোৱঁতী সোঁতে শিলৰ খহটা পিঠি নিমজ কৰে, যিদৰে ফকৰা একোটা মানুহৰ মুখে মুখে বাগৰি সুৱলা হৈ পৰে, তেনেদৰেই বিগত বছৰবোৰে তেওঁক কৰি তুলিছিল লেহুকা আৰু অস্থিচৰ্মসাৰ৷ তেওঁৰ শৰীৰটো দীঘল ফটাকানিৰে আবৃত যেন দেখা গৈছিল আৰু মূৰৰ পাগুৰীটোৱে সেই ফটাকানিৰ দ’মটোত আৰু এটুকুৰা কাপোৰ যোগ দিছিল৷ সন্ধিয়াৰ শেষহোতা পোহৰৰ অখা-মখাত তেওঁ বৰফৰ দৰে বগা দাড়িকোচাৰে সৈতে কৃষ্ণকায় মুখখন মোৰ ফালে ঘূৰালে৷ মোৰ মনত ইতিমধ্যে গ্লেনকেইৰ্ণক বিচাৰি পোৱাৰ শেষ আশাকণো নিৰ্বাপিত হৈছিল, সেয়েহে কোনো ভণিতা নকৰাকৈয়ে মই তেওঁক ডেভিড এলেকজেণ্ডাৰ গ্লেনকেইৰ্ণৰ কথা সুধিলোঁ৷ তেওঁ সম্ভৱতঃ মোৰ কথা ভালকৈ বুজি নাপালে (অথবা মোৰ কথাষাৰ ভালকৈ নুশুনিলে) আৰু সেয়েহে মই তেওঁক বুজাবলগীয়াত পৰিল যে গ্লেনকেইৰ্ণ এজন হাকিম আছিল, যাক বিচাৰি মই অৰঙে-দৰঙে ঘূৰি ফুৰিছোঁ৷ মই তেওঁক কথাটো সোধাৰ পিছতহে গমি চালোঁ যে সেই বৃদ্ধ, শীৰ্ণকায় মানুহজনৰ কাৰণে নিজৰ বৰ্তমানটোৱেই এক সন্ধিগ্ধ গুজৱতকৈ অধিক নাছিল, গতিকে তেওঁৰ আগত এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কৰাটো এক প্ৰহসন মাত্ৰ৷ (মই ভাবোঁ) বিদ্ৰোহৰ বাতৰি অথবা আকবৰৰ শেহতীয়া আদেশনামাৰ খবৰহে হয়তো এওঁৰ হাতত থাকিব পাৰে, কিন্তু তেওঁৰ ওচৰত গ্লেনকেইৰ্ণৰ বাতৰি পোৱাৰ আশা দুৰূহ৷ আৰু তেওঁৰ উত্তৰে মোৰ ধাৰণাক সত্য প্ৰতিপন্ন কৰিলে৷
:এজন হাকিম! -কিছু আশ্চৰ্যভৰা কণ্ঠেৰে তেওঁ ক’লে-
:এজন হাকিম সন্ধানহীন হৈ পৰিছে আৰু তেওঁক বিচাৰি জোৰদাৰ অভিযান চলি আছে৷ বুজিছানে, সাইলাখ এনেকুৱা ঘটনা এটা মই সৰু হৈ থাকোঁতে ঘটিছিল৷ তাৰিখৰ কথা বাৰু মোৰ মনত নাই কিন্তু তেতিয়াও দিল্লীৰ নিক্কল সেনৰ মৃত্যু হোৱা নাছিল।
-বুজিছে নহয়, তেওঁ নিকলছনৰ কথা কৈছিল, :আমাৰ অতীতৰ ঘটনাবোৰ স্মৃতিতেই লীন যায়৷ মোৰ বিশ্বাস স্মৃতিৰ বালি খান্দিলে নিশ্চয় সেই ঘটনাৱলী মই মনত পেলাব পাৰিম৷ শুনা শুনা, এবাৰ আল্লাহে খঙতে মানুহক নীতিভ্ৰষ্ট হোৱাৰ অভিশাপ দিলে আৰু তেতিয়াৰে পৰা মানুহৰ মুখত অশ্ৰাব্য গালি-গালাজৰ আৱিৰ্ভাৱ হ’ল, মন‌‌‌-মগজু মিথ্যাচাৰ তথা ঠগবাজীৰে ভৰি পৰিল৷ অৱশ্যে সকলো মানুহৰেই মনৰ এনে অধম বিকৃতি ঘটা নাছিল আৰু যেতিয়া মহাৰাণীয়ে ইয়াতো ইলেণ্ডৰ নিয়ম‌‌-কানুন বলবৎ কৰিবলৈ এজন মানুহ নিয়োগ কৰিব বুলি এক জনৰৱ উঠিল, সুমতি থকা মানুহবোৰ ভিতৰি ভিতৰি সুখী হ’ল, কিয়নো বিশৃংখলতাতকৈ নিয়মাধীন পৰিস্থিতিয়েই ভাল বুলি তেওঁলোকে বুজি উঠিছিল৷ খ্ৰীষ্টিয়ানজন আহিল আৰু কপট আৰু দমনমূলক শাসনৰ পৰম্পৰা জাৰী কৰিবলৈ, গুৰু অপৰাধৰ লঘু অজুহাত দেখাবলৈ তথা টকাৰ বিনিময়ত ফয়চলা শুনোৱাৰ নিয়ম আৰম্ভ কৰোঁতে তেওঁৰ বেছি দিন নালাগিল৷ প্ৰথমাৱস্থাত আমি তেওঁৰ ওপৰত দোষাৰোপ কৰা নাছিলোঁ, কিয়নো তেওঁ প্ৰদান কৰা বিলাতী ন্যায়ৰ সৈতে আমাৰ চিনা-পৰিচয় নাছিল আৰু আমাৰ এনেকুৱা লাগিছিল তেওঁৰ এই কুৰীতিবোৰৰ আঁৰত উদ্ভট হ’লেও একোটা অকাট্য যুক্তি আছিল৷ আমি প্ৰথমতে মানি ল’বলৈ চেষ্টা কৰিছিলোঁ যে আইনৰ কিতাপত তেওঁৰ সকলো কৰ্মকাণ্ডৰে ন্যায্যতা আছে৷ কিন্তু পৃথিৱীখনৰ আন চয়তানী হাকিমবোৰৰ লগত তেওঁৰ একো তফাৎ আমি ধৰিব নোৱাৰিলোঁ আৰু অৱশেষত বুজি উঠিলোঁ যে তেৱোঁ এজন চয়তানেই আছিল৷ অতি সোনকালেই তেওঁ এজন মাতব্বৰ শাসকত পৰিণত হ’ল আৰু আমাৰ মানুহবোৰে (এসময়ত তেওঁৰ ওপৰত থাপিত দুৰাশাৰ পোটক তুলিবলৈ) তেওঁক অপহৰণ কৰি এখন বিচাৰ পতাৰ পৰিকল্পনা কৰিবলৈ ধৰিলে৷ কেৱল পৰিকল্পনাতেই ক্ষান্ত নাথাকি আমি তাক কাৰ্যত ৰূপায়িত কৰিবলৈ আগবাঢ়িলোঁ৷ অপৈণত বয়সৰ অথবা আঁপইতা বুদ্ধিৰ দুই-এক মানুহৰ বাদে কোনোৱেই অন্তৰেৰে বিশ্বাস কৰা নাছিল যে এই পৰিকল্পনা কাহানিবা ৰূপায়িত হ’ব, কিন্তু হেজাৰ হেজাৰ মুছলমান আৰু শিখ লগ লাগি এই অসম্ভৱক সম্ভৱ কৰি পেলালে৷ তেওঁলোকে হাকিমজনক অপহৰণ কৰিলে আৰু উপকণ্ঠ অঞ্চলৰ এক আওচেৰীয়া পামঘৰত বন্দী কৰি থ’লে৷ তাৰ পিছত তেওঁলোকে হাকিমৰ কেৰমতালিৰ ভুক্তভোগী ব্যক্তিসকলৰ সৈতে, আৰু কোনো কোনো ক্ষেত্ৰত ভুক্তভোগীৰ অনাথ শিশু অথবা বিধৱাসকলৰ সৈতে আলোচনাত বহিল, কিয়নো সেই সময়ছোৱাত হকে বিহকে মৃত্যুদণ্ডৰ আদেশ কাৰ্যকৰী কৰা হৈছিল৷ অৱশেষত তেওঁলোকে এক অদ্ভুত, অকল্পনীয় আৰু অত্যন্ত জটিল সিদ্ধান্ত ল’লে৷ সেই হাকিমজনৰ বিচাৰ কৰিবলৈ তেওঁলোকে অন্য এজন বিচাৰক নিয়োগ কৰিলে৷
এইখিনিতে কেবাগৰাকীও মহিলাই ঘৰৰ ভিতৰলৈ সোমাই আহি মানুহজনৰ কথনৰ ধাৰাবাহিকতা ভংগ কৰিলে৷ কিছু বিৰতি লৈ তেওঁ ধীৰগতিত পুনৰাই ক’বলৈ ধৰিলে, “কোৱা হয় যে প্ৰতিটো প্ৰজন্মতে চাৰিজন এনে মহাপুৰুষৰ আৱিৰ্ভাৱ হয় যিয়ে অত্যন্ত গোপনে ধৰাতলৰ সমতা ৰক্ষা কৰি থাকে আৰু ঈশ্বৰৰ দূত হিচাপে পৰিগণিত হয়৷ এনে এজন মানুহহে প্ৰকৃততে সেই বিচাৰকৰ পদটোৰ বাবে উপযুক্ত হ’লহেঁতেন৷ কিন্তু তেনেকুৱা ব্যক্তি এজন বিচাৰি পোৱাটো দুৰূহ আছিল, কিয়নো তেওঁলোকে এক নামাড়ম্বৰহীন, দুৰ্জ্ঞেয় ৰূপত জনসমাগত বিলীন হৈ আছিল, কেতিয়াবা সাক্ষাৎ পালেও তেওঁলোকক চিনি পোৱাটো অসম্ভৱ আছিল আৰু হয়তো তেওঁলোক নিজেও তেওঁলোকৰ ওপৰত ন্যস্ত অভিযানৰ গৰিমা সম্বন্ধে সন্দিহান আছিল! তেতিয়াই কোনোবা এজনে জ্ঞানবাণী উচ্চাৰিলে বোলে ভাগ্যই যদি আমাক জ্ঞানী লোকৰ সম্ভেদ দিয়া নাই আমি এজন মুৰ্খৰ সন্ধানহে কৰিব লাগে৷ এই কথাটো সকলোৰে মনঃপূত হ’ল৷ সেই ন্যায়াধিকৰণত কোৰানৰ পণ্ডিতসকল, আইনৰ বিশেষজ্ঞসকল, নামত সিংহৰ গৰ্জন ফুটি উঠাৰ পিছতো ভগৱানক প্ৰাৰ্থনা কৰি ফুৰা শিখসকল, তেত্ৰিশ কোটি দেৱতাৰ উপাসনা কৰা হিন্দুসকল, ব্ৰহ্মাণ্ডখনৰ আকৃতি দুভৰি প্ৰসাৰিত কৰি থকা এজন মানুহৰ দৰে বুলি বিশ্বাস কৰা মহাবীৰৰ উপাসক ভিক্ষুসকল, অগ্নিৰ আৰাধনা কৰা সকল তথা কৃষ্ণকায় ইহুদীসকলো, আনকি সন্নিৱিষ্ট আছিল যদিও সৰ্বোপৰি সিদ্ধান্ত লোৱাৰ অধিকাৰ পালে এজন উন্মাদে৷”
এইবাৰ তেওঁৰ কথাৰ গতিত বাধা দি কেইজনমান লোকে উৎসৱৰ পৰা বাহিৰলৈ ওলাই গ’ল৷
:এজন উন্মাদ।
তেওঁ পুনৰ ক’লে-এজন অহৌবলিয়া ব্যক্তিক শেষ সিদ্ধান্ত ল’বলৈ দিয়া হ’ল এই ভাবিয়েই যাতে তাৰ মাজেৰে ভগৱানৰ প্ৰজ্ঞাই প্ৰকাশৰ মুখ দেখে আৰু মানুহৰ অহমিকা আৰু স্পৰ্ধাক ই লজ্জানত কৰিব পাৰে৷ সেই উন্মত্ত মানুহজনৰ নাম কালৰ কুটিলতাত হেৰাই গৈছে, হয়তো তেওঁৰ নাম কাহানিও কাৰো মুখত নাছিলেই, কিন্তু সি নাঙঠ হৈ অথবা ফটাকানিৰে গা ঢাকি চহৰৰ অলিয়ে-গলিয়ে ঘূৰি আছিল, দিনৰ দিনটো সি আঙুলিৰ মূৰত কিবাকিবি গন্তি কৰি আছিল আৰু বাটৰ কাষৰ গছবোৰক উদ্দেশ্যি গালি-শপনি পাৰি আছিল৷
কথাবোৰ শুনি মোৰ বুদ্ধি-যুক্তিয়ে মনৰ ভিতৰত আলোড়ন তুলিলে৷ মই ক’লোঁ যে এজন উন্মাদৰ হাতত বিচাৰ প্ৰক্ৰিয়াৰ ভাৰ তুলি দিয়াটো কৌতুকৰ বাদে অইন একো নহয়৷
:কিন্তু অভিযুক্তই বিচাৰকজনক স্বীকাৰ কৰি লৈছিল৷
তেওঁ পুনৰ ক’বলৈ ধৰিলে-হয়তো তেওঁ বুজি পাইছিল যে কোনোমতে মুকলি হৈ আহিলেও মানুহবোৰে তেওঁৰ দশা তথৈবচ কৰি পেলাব আৰু এজন অহৌবলিয়া মানুহৰ বাদে কোনেও তেওঁক মৃত্যুদণ্ডতকৈ লঘু শাস্তি নিদিয়ে৷ মই শুনিছিলোঁ বিচাৰকজন নিয়োগ কৰা বুলি, শুনাৰ লগে লগে তেওঁ হাঁহিবলৈ ধৰিছিল৷ সেই বিচাৰখন বহুদিন বহুৰাতি চলিছিল, সাক্ষীৰ আধিক্যই বিচাৰৰ সময়সীমা বঢ়াই নিছিল৷
তেওঁ কিছু সময় মৌন হৈ ৰৈছিল৷ কিবাকিবি কথাই তেওঁক ব্যতিব্যস্ত কৰিবলৈ ধৰিছিল৷ নীৰৱতাৰ ধাৰাটো ভাঙিবলৈয়ে মই তেওঁক বিচাৰখন কিমান দিন ধৰি চলিছিল সুধিছিলোঁ৷
:অতি কমেও ঊনৈশ দিন।
তেওঁ উত্তৰ দিছিল৷ সেই সময়তে বহু কেইজন মানুহৰ আহ্ যাহে কথোপকথনত ব্যাঘাত জন্মাইছিল৷ ইছলামত সুৰাপান নিন্দনীয় হ’লেও সেই মানুহকেইজনৰ চাল-চলন আৰু বাক্যব্যয়ত মই সুৰাপায়ীৰ লক্ষণ প্ৰকট হোৱা দেখিলোঁ৷ সিহঁতৰ এজনে মানুহজনক উদ্দেশ্যি চিঞৰি কিবা এষাৰ কৈ গ’ল৷
:হয় হয়, সম্পূৰ্ণ ঊনৈশ দিন।
তেওঁ শুধৰালে৷
:সেই অধৰমী, অবিশ্বাসী জানোৱাৰটোৱে নিজৰ শাস্তিৰ কথা শুনিলে আৰু পিছ মুহূৰ্ততে তৰোৱালৰ ধাৰে তাৰ শৰীৰ দ্বিখণ্ডিত কৰিলে৷
এক উল্লাসপূৰ্ণ ক্ৰুৰতাৰে কাহিনীটোৰ আৰম্ভণি ঘটিলেও শেষলৈ তেওঁৰ সুৰটো সলনি হ’ল৷
:সম্পূৰ্ণ নিৰ্ভয় মনেৰে তেওঁ মৃত্যুক স্বীকাৰ কৰি ল’লে৷ হয়তো একোজন অনৈতিক মানুহৰ গাতো এটা নহয় এটা ভাল গুণ থাকেই৷
:মোক যে আপুনি এই ঘটনাটিৰ কথা ক’লে, প্ৰকৃততে ঘটনাটি ঘটিছিলনো ক’ত?
মই তেওঁক সুধিলোঁ-
:সৌ পামঘৰটোত?
পোন প্ৰথমবাৰৰ বাবে তেওঁ মোৰ চকুলৈ চালে আৰু ধীৰে ধীৰে, এটা এটা শব্দ জুখি-মাখি ক’বলৈ ধৰিলে-
:সেই পামঘৰটো তেওঁৰ বন্দীশাল হে আছিল৷ তেওঁৰ বিচাৰ তাত হোৱা নাছিল৷ তেওঁৰ বিচাৰ হৈছিল এই চহৰৰ চাৰিসীমাৰ ভিতৰত, দেখিবলৈ সাইলাখ এই ঘৰটোৰ দৰেই কোনোবা এটা ঘৰত……দৰাচলতে ঘৰবোৰ সকলো ঠাইতে একেই থাকে, মাত্ৰ ঘৰৰ ভেটিটো সৰগত আছে নে নৰকত সেইটো বুজি উঠা দৰকাৰ৷
মই তেওঁক সুধিলোঁ যে সেই পৰিকল্পনাত ভাগ লোৱাসকলৰ কি হ’ল?
:সেইবোৰ মই নাজানো।
তেওঁ সধৈৰ্যে ক’লে-এই ঘটনাটি বহু বছৰ আগতেই ঘটা৷ সিহঁতৰ কথা এতিয়া সকলোৱে পাহৰি গৈছে৷ মানুহৰ চকুত অপৰাধী হ’লেও ঈশ্বৰৰ চকুত তেওঁলোক অপৰাধী নহ’ল৷
কথাখিনি শেষ কৰি তেওঁ থিয় হ’ল৷ মোৰ লাগিল তেওঁৰ শেষ কথাখিনিয়ে মোক প্ৰস্থানৰ নিৰ্দেশ দিলে, মই যেন তেওঁৰ অস্তিত্বৰ পৰিধিৰ পৰা আঁতৰি আহিলোঁ৷ তেনেতে গান-ভজন কৰি হেতা-ওপৰা লগাই আগবাঢ়ি অহা পঞ্জাৱৰ প্ৰায় আটাইবোৰ পুৰুষ আৰু মহিলাৰ জুম এটাই আমাক উটুৱাই নিয়াৰ উপক্ৰম ঘটিল৷ মই কল্পনাই কৰিব পৰা নাছিলোঁ যে পদূলিবোৰতকৈ অলপহে বহল সেই সৰু-সৰু চোতালবোৰত ইমান মানুহ কেনেকৈ থাকিব পাৰে! ইতিমধ্যে ওচৰ-পাজৰৰ ঘৰবোৰৰ পৰাও মানুহবোৰ সোমাই আহিবলৈ ধৰিলে৷ কিছুমানে দেৱাল বগাইও অহা মই দেখা পালোঁ আৰু ঠেলি-হেঁচি, দুই এটা অবাইচ মাত মাতি কোনোমতে মই নিজৰ বাবে সুৰুঙা এটা উলিয়াই ল’লোঁ৷ সম শেষৰ চোতালখনত মই মূৰত হালধীয়া ফুলৰ ভৰণ দিয়া নাঙঠ মানুহ এজন দেখা পালোঁ যাক আগচি ধৰি সমবেত সকলোৱে চুমা খাই, সম্ভাষণ জনাই আছিল আৰু যাৰ হাতত এখন খোলা তৰোৱাল আছিল৷ তৰোৱালখনত লাগি থকা তেজৰ কৰাল মই স্পষ্টকৈ দেখিবলৈ পাইছিলোঁ, কাৰণ ইয়েই গ্লেনকেইৰ্ণক হত্যা কৰিছিল৷ কিছু পৰ পিছত তেওঁৰ ৰক্তাক্ত মৃতদেহটো মই পিছফালৰ গোহালিটোত বিচাৰি পালোঁ৷
—————————————————–
১-আড’ল্ফ’ বিয়ই কাচাৰেজ: আৰ্হেণ্টিনীয় লেখক, সাংবাদিক, অনুবাদক আৰু বৰ্হেছৰ বন্ধু, বিখ্যাত উপন্যাস দ্য ইনভেনশ্যন অৱ মৰেলৰ ৰচক৷
২-জুভেনালৰ মূল উক্তিটো আছিল usque Aurorem et Gangen যাৰ অৰ্থ হ’ল ‘সূৰ্যোদয় আৰু গংগালৈ যিমান দূৰ’, ইয়াত সেই উক্তিটো Ultra aurorem et Gangem অৰ্থাৎ ‘সূৰ্যোদয় আৰু গংগাৰ সিপাৰে’ বুলি এটা চৰিত্ৰই ভুলকৈ উদ্ধৃত কৰিছে যিয়ে গল্পটিত আলোচিত দেশখনৰ বিষয়ে বিশ্ববাসীৰ অস্পষ্ট ধাৰণাৰ কথা সূচাইছে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!