দেও কথা
লেখক- ৰশ্মিতা শইকীয়া
‘আছোঁ। থাকিমেইতো সদায়।’
নৈখনে জলকুঁৱৰী অপেশ্বৰীক কৈ যোৱাৰ দৰেই সৰল আছিল কথাবোৰ।
যখিনীজনীয়েও দুপৰৰ নিৰ্জনতাক আপোন কৰি চাপৰি বজাই বিৰবিৰাই কিবা গাইছিল।
জয়াল ৰাতি এটাৰ ভৌতিকতাক পিশাচ এটাই পহৰা দিয়াৰ দৰেই সহজ
আছিল কথাবোৰ এসময়ত।
সুগভীৰ অৰণ্য এখনে
প্ৰাচীনতা ঘোষণা কৰাৰ দিনাই যেন
আৰম্ভ হৈছিল তেনে অলেখ আৰণ্যক সাধুকথা।
শেলুৱৈ লগা সাধুবোৰত জীৱ আছিল।
কিমান দিনৰ আগৰ কথা এয়া?
কিমান দিনৰ?
সাধুকথাবোৰত এতিয়া দেও লাগিল
নৰমনিচৰ গাত দেওধনী উঠিল।
সিহঁতৰ অট্টহাস্যত
দুপৰ পৰত চাপৰি বজোৱা
যখিনীজনীও ওচপ খাই উঠি বটগছজোপাৰ আৰত লুকায়।
অপেশ্বৰী, জলকুঁৱৰীয়ে
ইনাই বিনাই কান্দে
নৈখন মৰাসুঁতি হোৱাৰ যন্ত্ৰণাত।
একান্ত জয়াল পৃথিৱীখন হেৰুৱাই
পিশাচেও চিঞৰি উঠে-
নৰপিশাচ!
বুঢ়াডাঙৰীয়াই বাট সলায়,
নৰমনিচৰ ছাঁ দেখিম বুলি।
জালতৰা সময়বোৰত
সাধুকথাবোৰ দৰক লাগি ৰ’ল,
ৰাতিবোৰত নি:সাৰ হ’ল।
কেৱল দেওলগা কথাবোৰতহে
দিনবোৰ সাৰে ৰ’ল।