দৈৰে পটল

লেখক- মনিদীপা কৌৰ

উপকৰণ

পটল আধাকেজি ( মাজে মাজে বাকলি চুচি দুফালকৈ কাটি ল’ব)
আলু- দুটা ( ডাঙৰ আকাৰত কাটি ল’ব)
কাজু- এমুঠি
আফুগুটি- এক টেবুলচামুছ( কাজুৰে সৈতে কেইঘণ্টামান তিয়াই মিহিকৈ বটি
পিয়াজ- ডাঙৰ দুটা (মিহিকৈ কাটি ল’ব)
আদা এক ইঞ্চি নহৰুকেইকোঁহ মানৰ সৈতে বটি ল’ব)
কেঁচা জলকীয়া- সোৱাদ অনুসৰি
কচুৰি মেথি আধাচামুছ
দৈ- একাপ (বেছি টেঙা হ’ব নালাগে; ভালকৈ ফেটি ল’ব)
জিৰা-ধনীয়া গুড়ি এচামুছ, হালধি-নিমখ গুড়ি জোখমতে

প্ৰণালী
কাটিলোৱা পটলখিনি সামান্য নিমখ দি ভাজি ল’ব। আলুখিনিও বেলেগে ভাজি ল’ব। কেৰাহীত জিৰাকেইটামান ফুটাই পিয়াঁজখিনি সোণালী বৰণ ধৰালৈ ভাজি লৈ তাৰ পাছত আদা নহৰু বটাখিনি দি তেল পৃথক হোৱালৈকে ভাজিব। তাত শুকান মছলাখিনি দি সামান্য ভাজিব। তাৰপাছত পটল আৰু আলুখিনিও দি দিব। ভালকৈ ভাজি হোৱাৰ পাছত গেছৰ জুই একেবাৰে কমাই দৈ, কাজু আৰু আফুগুটি বটাখিনিও দি দিব। এতিয়া এইখিনি পুনৰ ভাজিব, ভাজোঁতে সাৱধান হ’ব যাতে দৈখিনি ফাটি নাযায়। কচুৰিমেঠিখিনিও দি দিব। একাপ গৰম পানী মিহলাই উতলিবলৈ দিব। উতলি পানী শুকালে সামান্য গৰম মছলা দি নমাই থ’ব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!