নগৰখনে কথা ক'বলৈ আৰম্ভ কৰিলে
লেখক- নূপুৰ হাজৰিকা
নগৰখনে কথা ক’বলৈ আৰম্ভ কৰিলে
মই দুৱাৰ মাৰি সোমাই থাকোঁ।
নগৰখন নিশ্চুপ আৰু ক্লান্ত হ’লে,
মই দিহিঙে দিপাঙে ওলাই যাওঁ।
নগৰখনৰ লাইটবোৰ নুমাই গ’লে
বিল্ডিংবোৰৰ, মন্দিৰ-মছজিদ গীৰ্জাৰ পোহৰ নোহোৱা হ’লে,
নৰ্দমাৰ কাষৰ গলিৰ মানুহ শুবলৈ ধৰিলে
মোৰ মনে মনে উচুপিবলৈ মন যায়
পিছদিনা নগৰখন শুই নুঠালৈকে যেন
মই পুহৰ কুঁৱলীৰ দৰে উচুপি থাকিম!
ইমান দিনে নগৰখনে মোক ভোকাতুৰ কৰি থৈছিল__
আৰু এতিয়া মই নিজেই এফালৰপৰা খাবলৈ আৰম্ভ কৰিছোঁ
মোৰেই সমস্ত;
সমস্ত সঞ্চিত
শোক-ক্ষোভ-গ্লানি-পৰাজয়ৰ বিষ
স্বাধীনতা-পৰাধীনতাৰ
প্ৰেম আৰু প্ৰতাৰণাৰ শুকান পৃষ্ঠাবোৰ
এখন এখনকৈ বাহি ৰুটিৰ দৰে,
নগৰখনে মোক শুবলৈ দিবনে কাহানিবা
ইমান পেট ভৰাই খোৱাৰ পিছতো!
_______________
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments