নামনি অসমৰ কৃষিভিত্তিক উৎসৱৰ গীত-মাত

লেখক- নিভা ৰাণী ৰায়

কৃষিপ্ৰধান ৰাজ্য অসম। সেইগুণেই কৃষিক লৈ ৰাজ্যখনত নানা লোক উৎসৱ, তৰহে তৰহে লোকবিশ্বাস, ৰকমে ৰকমে ৰীতি-নীতি, বিধে বিধে লোকাচাৰ। আকৌ সেইবোৰক লৈ কত গীত-মাত! ৰাজ্যখনত যিমান জাতি-জনগোষ্ঠী আছে প্ৰতিটোৱেই অতীজৰে পৰা কৃষিকাৰ্যৰ সৈতে জড়িত আৰু প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজতে কৃষি সম্পৰ্কীয় নিজ নিজা লোকাচাৰ-ৰীতিনীতি আদিৰ প্ৰচলন হৈ আহিছে। কৃষিকাৰ্যৰ আৰম্ভণিৰ পৰা শেষলৈ ভিন ভিন লোকবিশ্বাস, পৰম্পৰাৰে অসমীয়া জাতি সমৃদ্ধ। কি উজনি কি নামনি সকলোতে এনে আপুৰুগীয়া উৎসৱ আৰু ৰীতি-নীতি চলি আহিছে আৰু সময়ে ইয়াৰ প্ৰচলন সংকুচিত কৰি আনিলেও ঠায়ে ঠায়ে এতিয়াও এনেবোৰ উৎসৱ চহা ৰাইজে হেঁপাহেৰে পালন কৰে। প্ৰকৃতিৰ সৈতে এনে উৎসৱবোৰ নিবিড়ভাৱে সম্পৰ্কিত। এই লেখাৰ জৰিয়তে নামনি অসমত প্ৰচলিত কৃষিভিত্তিক উৎসৱ কেইটিমানৰ আভাস দিবলৈ প্ৰয়াস কৰিছোঁ। লখিমী আদৰাৰ মাহ আঘোণত পালন কৰা হয় প্ৰকৃতিৰ সৈতে সংপৃক্ত এনে কেবাটাও পৰৱ। আঘোণ আহিলেই আমি শৈশৱত দিন গণিছিলোঁ এটা বৰ হেঁপাহৰ দিনলৈ, আঘোণৰ পূৰ্ণিমা কাৰণ আঘোণৰ পূৰ্ণিমাতে নামনি অসমত পালন কৰা হয় মহোহো উৎসৱ।

মহোহো উৎসৱঃ মহোহো নামনি অসমৰ উৎসৱ। আঘোণৰ পূৰ্ণিমাৰ দিনা সন্ধিয়া এই উৎসৱ পালন কৰা হয়। কিংবদন্তি অনুসৰি আগৰ দিনত ধানখেতিৰ পথাৰলৈ জাকে জাকে বনৰীয়া ম’হ আহি ধান নষ্ট কৰিছিল। সেই সময়ত গাঁৱৰ লোকসকলে সন্ধিয়া হাতত টোকোন লৈ ম’হ খেদিবলৈ ওলাই আহিছিল। ম’হ খেদিবলৈ বা হুৰাবলৈ তেওঁলোকে সমস্বৰে কিছুমান গীত গাইছিল। সেই গীতবোৰক নামনি অসমত ম’হ খেদা বা মহোহো গীত বুলি কোৱা হয়। এনেদৰেই উৎপত্তি হোৱা এই উৎসৱটো পিছলৈ গঞাই ঘৰে ঘৰে গৈ গীত গাই স্ফুৰ্তি কৰি পালন কৰিবলৈ ল’লে।
মহহো উৎসৱৰ সৈতে বিভিন্ন ধৰণৰ গীত জড়িত হৈ আছে। এই গীতবোৰ লোকবিশ্বাসৰ ভেটিতে প্ৰতিষ্ঠিত। অন্যান্য গীতৰ তুলনাত ম’হ খেদা গীতৰ ভাষা বেলেগ ধৰণৰ। এই গীতবোৰ নামনি অসমৰ ভাষাত ৰচিত।
ম’হ খেদিবলৈ যোৱা ল’ৰাবোৰে গায়—
আঘোণ মাহৰ পূৰ্ণিমা হ’ল
ম’হ খেদিবৰ হুকুম হ’ল

আন এটা গীতৰ কলি—
‘মহোহৌ মহোহৌ ভাল ভলুকা খেদি থৌ।।
চাৰা ৰাতি ভাল-ভলুকা খেদি
পইচা আনিম খুজি-মাগি।।
মাগি মাগি যত পাম।
মাঘ বিহুত দলভাত খাম।’

অঞ্চলভেদে মহোহো উৎসৱৰ গীতো বেলেগ বেলেগ। আন এটা গীতৰ উদাহৰণ—
অ’ হৰি মহোহো।
ম’হ খেদিবা টোকান ল।।
থুপৰি হউ ৰে থুপৰি হউ।
কাণা কুঁজা, একফাল হউ।।
কাণা কুঁজা ধন গুৱা।
ওজা মাতিলোঁ বৰেৰ পুৱা।।
ওজা মাতি ল’লোঁ লাজ।
অ’ হৰি মহোহো।
ম’হ খেদিবা টোকান ল।।
থুপৰি হউ ৰে থুপৰি হউ।
কাণা কুঁজা, একফাল হউ।।
কাণা কুঁজা ধন গুৱা।
ওজা মাতিলোঁ বৰেৰ পুৱা।।
ওজা মাতি ল’লোঁ লাজ।
তিনি বামুণৰ তিনি কাজ।।
কলৰ চোঁচনি বাঁহৰ দৈ।
ভাল-ভলুকা নাচন দেই।।
ম’হ গেল পাতালে।
হাল কেল সীৰালে।।
সকল ম’হক পাৰ কইল্লু।
বুঢ়াদিয়াৰ ঘাটে।।

 

বৰপেটা জিলাৰ বজালী অঞ্চলত ম’হ খেদা গীতৰ উদাহৰণ—
অহোহো মহোহো
ম’হ খেদবা যাং যউ
ম’হে বুলে মল্লু দে
টেপৰ পোৰা খালু দে
টেপৰত নহ’ল নুন
চাউল চৰিছে দুন দুন
চাউল নেদি দিলাক খৰি
আইথেৰ ঘৰ লৰি চৰি….
আহাৰ ঘৰোত তুহোৰ ধহা
কেউচাই কান্দে টহা টহা

বাঁহৰ পাত চিকিমিকি…
আমাক লাগে বগা সিকি,
বাঁহৰ পাত পকা, পকা
আমাক লাগে নগদ টাকা

গৃহস্থই মাননি লৈ অহাত পলম কৰা যেন দেখিলে ম’হ খেদিবলৈ অহাসকলে আকৌ গীত জোৰেঃ

আইচু ভকত,
মাইচ্ছু খুটি,
নেদা মেনি নাযাওঁ গুচি…

গৃহস্থই আগবঢ়োৱা মাননি সভক্তিৰে গ্ৰহণ কৰি আশীৰ্বাদ দিয়ে এইবুলি,
ভাল হক,
কুশল হক,
ভাখ্ৰিৰ ধান দুইগুণ হক
অ’ৰি মাগা উৎসৱ।।
বছৰৰ একে সময়তে কোঁচ ৰাজবংশীসকলেও অনুৰূপ এটা উৎসৱ পালন কৰে। সেইটো হৈছে অ’ৰি মাগা উৎসৱ। কোঁচ-ৰাজবংশী সমাজত প্ৰচলিত অ’ৰিমাগা পৰ্বটো ঠিক মহ’হো উৎসৱৰ দৰেই। এই পৰ্বটোক কিছুমানে পুষণামাগা বুলিও কয়। ধান কটা হোৱাৰ পিছত আঘোণৰ পূৰ্ণিমা তিথিত এই পৰ্ব আৰম্ভ কৰা হয়। সৰু ল’ৰা-ছোৱালীৰপৰা আৰম্ভ কৰি ডেকা-বুঢ়া সকলোৱে ঘৰে ঘৰে গৈ গৃহস্থৰ চোতালত গীত গাই ধান বিচাৰে। গৃহস্থই কুলাত ধান লৈ অ’ৰিমাগা লোকসকলক সাধ্য অনুসাৰে দি বিদায় দিয়ে। এই ধান গোটাই সকলোৱে লগভাত খায়। অ’ৰিমাগাৰ সময়ত গোৱা বিশেষ বিশেষ গান কিছুমান আছে। এটি উদাহৰণ—
অ’ৰি অ’ৰি
অ’ৰিৰ মুখ হাপাংপাং
এক চিলিম তাংখু খাং
তাংখু খাইতে হইল ৰাতি
অ’ৰি মাগুং কুন ৰাতি
অ’ৰি অ’ৰি
আইলুং গৃহস্থেৰ বাৰী
অ’ৰিৰ মাও লেচেৰী
ধান দি খচৰি
আইদৰতে কলৰ মূৰা
বাপ্পে আনে ধান কুলা
অ’ৰি অ’ৰি….

ভালুক নাচনৰ গীতঃ নামনি অসমৰ মহহো আৰু কোঁচ-ৰাজবংশীসকলৰ অ’ৰিমাগা উৎসৱৰ দৰেই অনুৰূপ এটি উৎসৱ পাতিৰাভা আৰু বিতলীয়া ৰাভা জনগোষ্ঠীৰ মাজতো প্ৰচলিত। এই উৎসৱটোক ভালুক নাচনৰ গীত বুলি কোৱা হয়। ভালুক নাচনৰ গীত সাধাৰণতে ডেকা ল’ৰাসকলে আঘোণ মাহৰ পূৰ্ণিমাত ৰাতি ঘৰে ঘৰে গাই ফুৰে আৰু গৃহস্থই ধান-চাউল, টকা-পইচা আদি যি বৰঙণি দিয়ে পিছদিনাখন তাৰে লগ হৈ ভোজ ভাত খায়। এই অনুষ্ঠানত এজন ডেকা ল’ৰাক শুকান কলপাত আৰু মৰাপাটৰ আঁহেৰে ভালুকৰ দৰে সজাই লয় আৰু ভালুকৰ অংগী-ভংগীৰে তেওঁক মাজত ৰাখি নচুৱাই বাকীসকলেও গীত গাই নাচে। এই গীত পৰম্পৰাগতভাৱে চলি আহিছে। অতীজতে ৰাভাসকলৰ খেতিপথাৰৰ চৌপাশে হাবি আছিল। আঘোণ মাহৰ সময়ত বনৰীয়া ভালুকবোৰে আহি পকা সৰিয়হ খাই খাস্তাং কৰিছিল। জনবিশ্বাস অনুসৰি এই অনুষ্ঠান পাতিলে ভালুকে আহি ধান-সৰিয়হ আদি নষ্ট নকৰে। সেয়ে এই গীতক ভালুকখেদা গীত বুলিও কোৱা হয়। ভালুক খেদা গীতৰ কেইটামান নমুনা তলত দিয়া হ’ল।
ভালুক খেদিবলৈ অহা ডেকাসকলে গৃহস্থৰ নঙলামুখত গায়—
‘ওলাওৰে গিৰিঘৰ,
ছাতি পোহৰ দিয়া,
আমাৰ ভালুক নাচন দে
কোমৰ হেলান দিয়া।’

গীত গাই গাই সিহঁতে পৰিচয় দিয়ে—
‘তেতেলিৰে গুটিনা
ভীম কলৰ গুটি
চিনে না নিচিনে
ঠেকাছু গায়া গুটি।’
গৃহস্থক ব্যংগ কৰি গায়—
‘কলপাত ঝিলি লিউ
ৰাতি কুকুৰ ভুকে
ছাওয়া নাই ছোট নাই
প্ৰাণ ফাটি থাকে।’

ভিক্ষা নিদিয়া যেন পালে গৃহস্থক নিন্দা কৰি গায়—
‘বাঙাল পণ্টাত আছেৰে ভাই
বৰ ইংকৰা,
এই গিৰি মানুষটা
বৰ চিপিৰা।’
গৃহস্থই ভিক্ষা দিয়া যেন পালে গায়—
‘কাঁঠলৰে মুচিৰে ভাই
কাঁঠলৰে মুচি,
ভাল কৰিয়া ভিক্ষা দিবি
আমি যাং গুচি।’

ভিক্ষা লৈ যোৱাৰ সময়ত ৰসপূৰ্ণ ভংগীৰে গায়—
‘নদী কোলাত উৰিয়া যায়
বগা বগিলা।
ভালুক নাচন চাই যদি
আয় গধূলা।– ইত্যাদি।’

বাম্বোলপিটা বা হেপৰপিটা উৎসৱঃ উত্তৰ কামৰূপৰ বাক্সা অঞ্চলৰ জনজাতীয় লোকসকলৰ মাজত মহোহো উৎসৱৰ সৈতে সাদৃশ্য থকা এটি উৎসৱ আছে। অৱশ্যে এই উৎসৱটো ভাদ মাহৰ পূৰ্ণিমা তিথিতহে পালন কৰা হয়। ভাদ মাহত কৃষকসকলৰ খেতিৰ কাম হৈ উঠে। পথাৰৰ কাম কৰি আজৰি হোৱা কৃষকসকলে মনৰ আনন্দতে বাম্বলপিটা উৎসৱ পালন কৰে। ভাদ মাহৰ পূৰ্ণিমাৰ ৰাতি ডেকা ল’ৰাবোৰে দল বান্ধি ঘৰে ঘৰে গৈ হাতত নিয়া টোকোন, হুলাবাৰী বা ওখনামাৰিৰে চোতালত জোৰেৰে ধুমুচি ধুমুচি গীত গায়। গীতৰ শেষত গৃহস্থই দলটোক চাউল দি বিদায় দিয়ে। আজিকালি এই উৎসৱ বাক্সা অঞ্চলৰ অজনজাতীয় লোক কিছুমানেও পালন কৰা দেখা যায়। বাম্বলপিটা বা হেপৰপিটা উৎসৱত গোৱা গীতবোৰক বাম্বলপিটা গীত বুলি কোৱা হয়। ভাদ মাহত কৃষকসকলে খেতিৰ কাম সামৰি বোকা-পানীৰ কাম এৰি খৰালি কালৰ খেতিৰ বাবে সাজু হ’বলৈ মনতে বল বান্ধে। সেয়ে বাম অৰ্থাৎ বৰি বা আৰু বল মানে বোকা পানীৰপৰা বামলৈ যোৱা অৰ্থাৎ বাম্বলপিটা গীত গোৱা হয়। এই উৎসৱত সাধাৰণতে পুৰুষে অংশগ্ৰহণ কৰে। বাম্বলপিটা লোকসকলে বিভিন্ন সুৰত গীত গাই নৃত্য কৰে। বাম্বলপিটা গীত এনে ধৰণৰ—
কোপোতিয়ে চোৰে নিলা চেপা
কি কৰি চেপা পাতছা
মুখত নাই সোপা
হিচি হিচি চেপা পাতছোং
মুখত দি সোপা
কি আইহাঁত ঔ বোলে
বাইহাঁত ঔ বোলে
বাম্বোল বাম্বোল পিটিবা যায়।
অ’ হুৰেই অ’ হুৰেই।।
চেপোতিয়ে চোৰে নিলা চেপা
তোৰ চেপা কোনে নিলা
আমাক ধৰা কিয়া
হিচি হিচি চেপা পাতছোং
মুখত সোপা দিয়া
কি আইহাঁত ঔ বাচা
বাইহাঁত ঔ বাচা
বাম্বোল বাম্বোল পিটিবা যাংহে যাংহে ৰাম
অ’ দাদাই অ’ ককাই
বাম্বোল বাম্বোল পিটিবা যাং
অ’ হুৰেই অ’ হুৰেই।।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!