নিমন্ত্ৰিত অতিথি – দেৱজিত শইকীয়া
গেটখনত লিখি থোৱা “কুকুৰৰ পৰা সাৱধান“ বৰ্ড খন দেখি কিছু সময় ৰৈ থাকিলো৷ কুকুৰ বুলিলে মোৰ এনেও অলপ ভয়টো বেছি৷ তাতে মাহ টো বেয়া, বান্ধি থোৱা কুকুৰ, কি বা কৰে? ইফালে সিফালে চাই মৰনত শৰন দি গেটখন জোৰ কৈ শব্দ কৰি খুলিলো৷ ভাবিলো যদি গেটৰ শব্দত কুকুৰৰ মাত শুনো ফোন কৰি কম বোলো গেটৰ সন্মুখত ৰৈ আছো৷ নাই, কুকুৰৰ মাত নুশুনি পদূলিৰ পৰা পিৰালিলৈ আগবাঢ়িলো৷ বাৰাণ্ডাত দেখিলো একান্তমনে সৰু ল’ৰা এটাই ম’বাইলত ব্যস্ত হৈ আছে৷ হয়তো তেখেতৰ ল’ৰাই হ’ব৷ মই মাত দিলো
বাবা, দেউতা ঘৰত আছেনে?
ল’ৰা জনে কোনো কানসাৰ নকৰিলে৷
আকৌ একেটা প্ৰশ্নকে পুনৰাই কৰিলো৷
ওহো, কেতকুতেই নকৰে৷
উপাই নাপাই কলিং বেলটো বজাই দি মনতে ভাবিলো, ল’ৰাটোৱে বোধ হয় কানেৰে নুশুনে, নহ’লে বৰ মনোযোগী, নহ’লেনো মোৰ মাতটো নুশুনিবনে? বেয়াও লাগিল৷ হয় দেই ভগৱানৰো কি লীলা৷ ইমান ধুনীয়া ল’ৰাটো৷ বেয়াই লাগিল৷
কোনো ওলাই নহা দেখি আকৌ কলিং বেল টিপিলো৷
ভিতৰৰ পৰা “ বিটু কোন আহিছে ৰখিব ক’ গৈ আছো“ বুলি মহিলা কণ্ঠ এটা ভাঁহি আহিল৷
হঠাৎ ল’ৰাটোৱে মূৰটো সামান্য লৰাই ইংগিতৰে মোক খালি থকা চকীখন দেখুৱাই দিলে৷
নাই কলা নহয়, বোবা হে হ’ব চাগৈ৷ এনেতে তাৰ হাতত থকা ম’বাইলটো বাজি উঠিল৷
“মৰ্ণিং প’ … না, জাষ্ট…অকে…গিমি টেন মিনিটচ“
ম’ম আই হেভ টু গ’
নাই বোবাও নহয়৷ হয়তো অসমীয়া ভাষা বুজি নাপাই৷
এনেতে ভিতৰৰ পৰা মানুহ এগৰাকীৰ দৰে কিবা এটা ওলাই আহিল৷ মুখত, আমাৰ গাৱঁত ভাৱৰীয়াক সজাবলৈ ব্যৱহাৰ কৰা ফাউণ্ডেশ্চনৰ দৰে বগা ৰং আৰু চুলিত এসোপা মান ৰঙা সেউজীয়া খাৰুৰ দৰে কিবা চুলিৰে পাক খোৱাই বন্ধা আছিল৷ মই ঠিয় হৈ দিলো৷
কাক লাগে?
(কাক লাগে কথাষাৰ শুনি নিজকে পাতল যেন অনুভৱ হ’ল যদিও একো নক’লো)
মই বোলো দাদা আছেনে?
টুনু, চাহাবক মাতি দে বুলি কৈ মানুহ গৰাকী ভিতৰলৈ সোমাই গ’ল৷
দহ মিনিট, পোন্ধৰ মিনিট .. নাই কোনো ওলাই নাহে৷ বিশ মিনিট মান পাৰ হোৱা পিছত ভাবিলো নাই উভতি যোৱাই ভাল হ’ব৷ এনেতে দহ বাৰ বছৰীয়া বয়সৰ বনকৰা ছোৱালী এজনীয়ে ট্ৰে এখনত পানী এগিলাছ লৈ আহি মোৰ আগত থলে৷ লগতে ওলাই আহিল সৰু ল’ৰা এটা৷ মই বোলো দাদাৰ দেৰি হ’ব নেকি?
চাহাব ব্ৰেকফাষ্ট কৰি আছে, আপুনি বহক৷
মই ঘৰৰ পৰিবেশটো চালো, হয়, চাহাব বুলিব পাৰি৷ বনকৰা ছোৱালী জনিয়ে পানীৰ গিলাছটো লৈ ভিতৰলৈ সোমাই গ’ল৷ ল’ৰাটোৱে চকী এখনত বহি মোক নিৰীক্ষন কৰা আৰম্ভ কৰিলে৷ ময়ো সময় পাৰ কৰিবলৈ দুই এটা কথা আৰম্ভ কৰিলো৷
বাবা, তোমাৰ নাম কি?
ল’ৰা নিমাত৷ মনতে ভাবিলো ককায়েকৰ দৰেই, অসমীয়া হয়তো নুবুজিব৷ সেয়ে ভঙা ভঙা ইংৰাজীতে সুধিলো৷
হোৱাট ইজ ইয়ৰ নেম?
চেন্দ’
ধুনীয়া নাম?
হুইজ ক্লাছ ডু ইউ ৰিড?
ক্লাচ ফ’৷
ভেৰি গুড৷
ইয়াৰ পিছত কিবা প্ৰশ্ন কৰিবলৈ ইংৰাজীয়ে লগ এৰা দিলে৷ গতিকে মনে মনে থাকিলো৷ ইফালে সিফালে চাই দেখিলো বিদেশী মেগাজিন কেইখনমান৷ এনেতে হাতত মোবাইল ফোনটো লৈ মানুহ এজন ওলাই আহিল৷ মই ঠিয় হৈ দিলো৷
বহা বহা (মোৰ ফালে নোচোৱাকৈয়ে বহিবলৈ দি মোবাইলত কাৰোবালৈ নম্বৰ লগালে)
এই টাৱাৰ বোৰ বুজিছানে?
হয়, বৰ দিগদাৰ দিয়ে৷
বাৰু, দেৰি নকৰো, তোমাৰ লগতটো ফোনত কথা পাতিছিলোৱেই, তোমালোকৰ মিটিংখন কেতিয়া আছে কৈছিলা?
দাদা, পচিশ তাৰিখে৷ মই নিমন্ত্ৰণী পত্ৰ খন আগুৱাই দিলো৷
টুৱেণ্টি ফিফ্ট৷
অহ, নহ’ব, বুজিছা মোৰ সেইদিনা বেলেগ এটা এপইণ্টমেণ্ট আছে৷ মই তোমালোকৰ অৰ্গেনাইজাৰ জনক কৈছিলো, দুদিন পিছুৱাই দিবলৈ৷
কিবা এটা যদি মিলাব পাৰিলে হয়, আপুনি আহিলে গাৱঁৰ ৰাইজে ভাল পালে হয়৷
ইম্পচিবল বুজিছা৷ বাৰু ময়ো সেইখন গাৱঁতে জন্ম, চ’ নিৰাস নকৰো৷ টুনু (হয়তো বনকৰা ছোৱালীজনিৰ নাম)৷ মোৰ টেবুলতে এনভেলপ এটা আছে লৈ আহ৷ টুনুৱে এনভেলপটো লৈ আনি দিলে, ভিতৰৰ বগা কাগজ এখিলা উলিয়াই “এই খন আচলতে মোৰ বেলেগ এখন মিটিংত দিয়া স্পীছ আছিল, তথাপি জাতীয়তাবাদ, অসমীয়া ভাষা আৰু ভৱিষ্যতৰ ওপৰত এই স্পীচটো বহুতে আদৰি লৈছিল৷ মই অলপ এডিট কৰি দিছো, তোমালোকে মিটিংত মোৰ শুভেচ্ছাবাণী হিচাপে পাঠ কৰি দিবা আৰু তোমালোকে উলিয়াব খোজা মেগাজিন খনতো দিব পাৰিবা, আই ডণ্ট মাইণ্ড৷ ময়ো বাৰু হ’ব বুলি কৈ বহাৰ পৰা উঠিলো৷
গেট খন জপাবলৈ লৈ আঁৰি থোৱা বৰ্ড খন আকৌ এবাৰ পঢ়িলো “কুকুৰৰ পৰা সাৱধান”……
■■■