নিয়ম ভঙা নিয়ম

লেখক- পিনাক পাণি বশিষ্ঠ

 

সন্ধিয়াৰ হুমুনিয়াহত ডুব যোৱাৰ আগতেই 

চন্দ্ৰটোৱে উপলব্ধি কৰিছিল

 

আচলতে–

পিঞ্জৰাবদ্ধ মানুহ এজনেহে 

স্বাধীনতাৰ ছবি আঁকিব পাৰে

লাঠী লোৱা অন্ধ মানুহ এজনেহে

দেখিব পাৰে শ্ৰীদেৱীৰ যৌৱন অথবা মৃত্যু আৰু,

হুইল চেয়াৰত বহা পংগু মানুহ এজনেহে 

হিমালয়ৰ সৰ্বোচ্চ শৃংগ বগোৱাৰ সপোন দেখিব পাৰে।

 

হয়, সপোনত অসম্ভৱো সম্ভৱ হৈ পৰে–

পিঞ্জৰাবদ্ধ মানুহজনে বতাহ হৈ উৰা মাৰে, 

অন্ধজনে সাক্ষী হৈ পৰে কত অপেশ্বৰীয় মুহুৰ্তৰ,

আৰু পংগু মানুহজনে খোজ দিব পৰা হয় মুক্তভাৱে। 

 

নতুনকৈ পোৱা স্বাধীনতাৰ অনুভূতিৰে

তেওঁলোকৰ হৃদস্পন্দন বশ কৰিব নোৱাৰা 

আত্মা এটাৰে তেওঁলোকৰ আত্মা উৰি যায়

 

কল্পনাৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ শক্তি বিচাৰি পায়

পায় এনে এখন পৃথিৱী– 

য’ত সীমাবদ্ধতাবোৰ মাথোঁ দূৰৈৰ দৈৰ্ঘ্য

য’ত বাস্তৱৰ সীমা ছিন্নভিন্ন 

আৰু অসম্ভৱ মানেই ‘নিয়ম’ ভঙা নিয়ম।



Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!