নিহ’ন হিডানকিঅ’ – এজাক হিবাকুশ্বাৰ (হিবাকুছা) যুদ্ধমুক্ত পৃথিৱীৰ এক জীয়া প্ৰয়াস

লেখক- পাৰ্থ প্ৰতীম বড়া

কাহিনীটোৰ প্ৰায়ভাগ একেই বুলিলেও বঢ়াই কোৱা নহ’ব আগতেও হিবাকুশ্বাক লৈ দুটা কাহিনী লিখা হৈছিল! তাৰে এটাৰ নামেই আছিল হিবাকুশ্বা আৰু দ্বিতীয়টো চাডাকৌ চাছাকী আৰু হাজাৰ কাগজৰ ক্ৰেইন নামেৰে!

 

দুয়োটা কাহিনীতে কেৱল হিবাকুশ্বাসকলৰ দুখ আৰু দুৰ্দশাৰ বৰ্ণনা দিয়া হৈছিল। এইবাৰ পিছে অলপ শান্তিৰ কথা পতা যাওক, আৰু তেনে পৰিস্থিতিৰ প্ৰেক্ষাপটত চৰ্চালৈ অহা সবাতোকৈ ভাল লগা বাতৰিটো হৈছে – এইবছৰৰ শান্তিৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে নিহ’ন হিডানকিঅ’ক।

 

এই নিহ’ন হিডানকিঅ’ হৈছে হিৰ’শ্বিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমাৰ দ্বাৰা পীড়িতসকলৰ একোটা সংগঠন যিসকলক স্থানীয় জাপানীজ ভাষাত হিবাকুশ্বা নামেৰে জনাজাত। ১৯৫৬ চনৰ ১০ আগষ্টত প্ৰতিষ্ঠিত সংগঠনটোৰ দুটাই মুখ্য উদ্দেশ্য –

প্ৰথমটো হৈছে জাপানৰ বাহিৰত বসবাস কৰা লোকসকলকে ধৰি প্ৰতিজন হিবাকুশ্বাৰ সামাজিক আৰু অৰ্থনৈতিক অধিকাৰক প্ৰচাৰ কৰাৰ, দ্বিতীয়তে এইটো নিশ্চিত কৰা যে পুনৰ হিবাকুশ্বাৰ দৰে অন্য এজনো লোকে এনে দুৰ্যোগ-দুৰ্দশাৰ সন্মুখীন যাতে হ’ব নালাগে।

 

আৰু এনেবোৰ নহ’বৰ উদ্দেশ্যৰে নিহ’ন হিডানকিঅ’য়ে জীৱিত হিবাকুশ্বাসকলৰ বিবৃতিৰ জৰিয়তে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ভয়ানক মানৱীয় পৰিণামৰ ওপৰত ব্যাপক শৈক্ষিক কাম চলাই গৈছে। এই হিবাকুশ্বাসকলৰ ভিতৰত কিছু উল্ল্যেখনীয় নাম হৈছে ছুনাও শ্বুৱই (Sunao Tsuboi), কিয়মী ইগুৰ’ (Kiyomi Iguro) আৰু আন এজন হিবাকুশ্বা য়ামাগুচি ছেঞ্জি (Yamaguchi Senji) যি জুন ২৪, ১৯৮২ চনত ৰাষ্ট্ৰসংঘৰ মজিয়াত পাৰমাণবিক শক্তি মুক্ত (এক প্ৰকাৰৰ যুদ্ধমুক্ত) পৃথিৱী বিচাৰি (পাৰমাণবিক বিস্ফোৰণৰ ফলত জ্বলি যোৱা নিজৰে এখন ছবি হাতত লৈ) চিঞৰি চিঞৰি এইদৰে কৈছিল—

Please take a good look at my face and hand. We cannot allow the nuclear to cause any more suffering and deaths. For our children and those to come. Not even one soul. As long as I live I’ll never stop saying No more Hiroshima, No more Nagasaki, No more war, No more Hibakusha. য়ামাগুচি ছেঞ্জিৰ ভাষণটোৰ No more Hiroshima, No more Nagasaki, No more war, No more Hibakushaৰ বাহিৰে সকলোখিনিয়েই জাপানীজ ভাষাত আছিল। ইয়াৰ অসমীয়া ভাবাৰ্থখিনি এনেকুৱা হ’ব।

 

“অনুগ্ৰহ কৰি মোৰ মুখ আৰু হাত দুখনলৈ ভালদৰে চাওক। আমাৰ ল’ৰা-ছোৱালী আৰু আহিবলগীয়া সকলৰ বাবে, আমি পাৰমাণৱিক শক্তিৰ (বিকিৰণ) ফলত দুখৰ লগতে মৃত্যুৰ কাৰণ হ’বলৈ দিব নোৱাৰোঁ। আনকি এটা আত্মায়ো যাতে কষ্ট পাব নোৱাৰে। মই জীয়াই থকালৈকে কেতিয়াও কোৱা বন্ধ নকৰোঁ যে আৰু হিৰ’শ্বিমা নালাগে, নালাগে নাগাছাকি, নালাগে যুদ্ধ, নালাগে হিবাকুশ্বা!”

 

গতিকে বুজিব পাৰি যে নিহ’ন হিডানকিঅ’ৰ মূলমন্ত্ৰই হৈছে (No more war) যুদ্ধমুক্ত এখন পৃথিৱীৰ। যাতে হিবাকুশ্বাসকলৰ দৰে অন্য এজনেও যুদ্ধৰ ফলত হ’ব পৰা কষ্ট পাব নালাগে। সেয়া লাগিলে শাৰীৰিক-মানসিক বা অন্য যিকোনো প্ৰকাৰৰে নহওক কিয়। তাৰ কাৰণেই তেওঁলোকে নিৰন্তৰ প্ৰচেষ্টা চলাই গৈছে, সেইবোৰৰ ভিতৰত জাপানীজ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হিবাকুশ্বাসকলে ব্যক্তিগত দুৰ্দশাৰ বিষয়ে নিজ মুখে দিয়া বৰ্ণনা। লগতে যুদ্ধমুক্ত পৃথিৱীৰ হকে কৰা ওকালতি। এইবোৰ কাৰণতে চাগে জাপানে আজিও নিজাকৈ সেনা নাৰাখে। শান্তিৰ হকে কৰা দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ ফলশ্ৰুতিত নিহ’ন হিডানকিঅ’ই লাভ কৰিবলৈ সক্ষম হৈছে শান্তিৰ ন’বেল বঁটা। ইয়াতে লক্ষ্য কৰিবলগীয়া কথাটো হৈছে বঁটা প্ৰাপ্তিৰ সময়খিনি।

 

কাৰণ পৃথিৱী এতিয়া একপ্ৰকাৰ ৰুগ্ন, মাত্ৰ মুষ্টিমেয় কিছুমান (তথাকথিত নেতা) ক্ষমতা পিপাসুৰ উচ্চাকাংক্ষী চিন্তা এনে পৰ্যায় পাইছে গৈ যে পৃথিৱীত তৃতীয় বিশ্বযুদ্ধৰ সম্ভাৱনীয়তাক নুই কৰিব নোৱাৰি। এইবোৰত সাৰ-পানী যোগাইছে ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-পেলেষ্টাইন, চুডান, ম্যানমাৰৰ গৃহযুদ্ধৰ লগতে প্ৰতি মুহূৰ্তে উচ্চাৰিত আন কিছুমান সংগতিপূৰ্ণ নাম ইৰাণ, হামাছ, হোটি, হিজবুল্লা, ইৰাক, ছিৰিয়া আদিয়ে।

 

লগতে এইটোও উল্লেখ কৰিবই লাগিব যে ইজৰাইলৰ দৰে দেশে ৰাষ্ট্ৰসংঘকো উপেক্ষা কৰিবলৈ ভয় নকৰাৰ ক্ষণত নিহ’ন হিডানকিঅ’ক প্ৰদান কৰা এনে বঁটাই নিশ্চিতকৈ ইয়াকেই প্ৰমাণ কৰে যে পৃথিৱীয়ে শান্তি বিচাৰে, যুদ্ধ নহয়।

 

Peace!

 

বিঃদ্ৰঃ— নিহ’ন হিডানকিঅ’, হিবাকুশ্বা আদিৰ বিষয়ে অধিক জানিবলৈ মোৰ আন দুটা লেখা পঢ়ি পাৰে লগতে কেইখনমান জাপানীজ ছবিও চাব পাৰিব য’ত দ্বিতীয় যুদ্ধৰ সময়ৰ দুৰ্দশাক ভালকৈয়ে দৰ্শোৱা হৈছে৷ তাৰ ভিতৰত  In This Corner of the World (2016),  Grave of the Fireflies (1988) লগতে DW Newsৰ তথ্যচিত্ৰ The girl that became Hiroshima’s icon for world peace – Sadako Sasaki and the 1000 paper cranes চাব পাৰিব৷

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!