নীলকণ্ঠ
লেখক- -চিত্তৰঞ্জন ওজা
পুৱা পুহৰি পুহৰি হওঁতেই পাৰ্বতী বিছনাৰপৰা উঠিল। মূল দুৱাৰখন খুলি চোতালত ভৰি থ’লে। নিশাটোৰ ভিতৰত সৰি পৰা সোণাৰু ফুলেৰে চোতালখন হালধীয়া হৈ পৰিছে। হালধীয়াখিনিৰ ওপৰত ভৰি দিবলৈ গৈ ৰৈ গ’ল। ৰাজীৱে সোণাৰু ফুল বৰ ভাল পায়। সি আহি ফুলবোৰ দেখিলে ভাল পাব। পাৰ্বতীয়ে ঝাড়ুডাল হাতত লৈ চোতালখন সাৰিবলৈ ধৰিলে। ফুলবোৰ এঠাইত দম কৰি থ’লে। আজি তাইৰ বহুত কাম। ৰাজীৱ ঘৰলৈ উভতিব। সম্পূৰ্ণ চাৰি বছৰ দুমাহৰ মূৰত। চাৰিটা বছৰ সি কেনেকৈ কটালে, তাক এৰি দুজনী ছোৱালীক লৈ তাই কিমান কষ্টৰ মাজত সময় পাৰ কৰিলে তাই হে বুজি পায়। চাওঁতে চাওঁতে সিহঁত দুজনী ডাঙৰে হ’ল। আগদিনা ডাঙৰজনী জীয়াৰী ৰূপালীয়ে কৈছিল দেউতাকক তাই নিজ হাতেৰে ৰান্ধি খুৱাব। লিষ্ট এখনো পাৰ্বতীক শুনাইছে- সিদলৰ চাতনি, সৰিয়হেৰে চিংড়ি আৰু পাতত দিয়া মোৱা মাছ। জীয়েকৰ কথামতে তাই বজাৰ-সমাৰ আগদিনাই কৰি থৈছে। সৰুজনী জীয়াৰী জোনালী আৰু এখোপ চৰা। মাক-বাপেকৰ বিছনাখন হেনো ফুলেৰে সজাব। কথাবোৰ শুনি পাৰ্বতীৰ খঙ উঠে, হাঁহিও উঠে। বাপেকক লৈ তাহাঁতৰ কিমান যে জল্পনা-কল্পনা।
ঘৰৰ কাম-কাজ কৰিবলৈ লৈ পাৰ্বতীয়ে তাৰ কথাই ভাবি থাকিল। ৰাজীৱক প্ৰথম লগ পোৱা দিনটোৰ স্মৃতি আজিও তাইৰ মনত সজীৱ হৈ আছে। পঁচিছ বছৰে পাৰ হ’ল। কলেজ সপ্তাহত সি এটা কবিতা আবৃতি কৰিছিল। কি দুৰ্দান্ত কণ্ঠ! কি আছিল কবিতাটো? কবি নজৰুলৰ কবিতা নাছিল নে? তাই নিজে আগবাঢ়ি তাৰ লগত কথা পাতিছিল। চিগাৰেট হুপি আছিল সি। চিগাৰেট ক’ত লুকাব, বাহিৰলৈ ওলাই আহা ধোৱাখিনি টানি লৈ যেন গিলি হে পেলাব, তাৰ অৱস্থা দেখি তাইৰ হাঁহি উঠি গৈছিল। বিপ্লৱী ধৰণৰ আছিল সি। চিষ্টেমক লৈ সদায়ে আপত্তি। চৰকাৰকলৈ তাৰ আপত্তি, তাৰ বাপেকক লৈ আপত্তি, তাইৰ দেউতাকক লৈ তাৰ আপত্তি।
কলেজ এৰাৰ এবছৰৰ ভিতৰত পাৰ্বতীয়ে নাৰ্চৰ পাঠ্যক্ৰমত নাম ভৰ্তি কৰিবলৈ সুবিধা পালে আৰু ৰাজীৱেও আৰক্ষী বিভাগত কনিষ্টবল চাকৰিত যোগদান কৰে। প্ৰাথমিক প্ৰশিক্ষণ শেষ কৰি এবছৰৰ মূৰত সি শিলচৰলৈ আহিছিল। সেইদিনা আছিল শিৱৰাত্ৰি। ৰাতিপুৱাই তাইক লৈ নগৰৰ সীমামূৰীয়া কাঁঠাল পাহাৰৰ ওপৰত অৱস্থিত শিৱ মন্দিৰলৈ গৈছিল। হাজাৰৰ ওপৰত ভক্তই শাৰী পাতি বাবাৰ আশীৰ্বাদ ল’বলৈ থিয় হৈ আছিল। কোনোমতে তিনিঘণ্টাৰ পাছত সিহঁত ওলাই আহিছিল মন্দিৰৰ ভিতৰৰ পৰা। চৌহদৰ গছৰ তলত শিৱ ভক্তসকলৰ লগত ৰাজীৱে বহি লৈছিল। চিলিমত দীঘলকৈ টান মাৰিছিল। পাৰ্বতীৰ খং উঠিছিল। সি কৈছিল, “মই নীলকণ্ঠ, বিষ পান কৰিব পাৰোঁ।” পাৰ্বতীয়ে ঈষৎ হাঁহিৰে কৈছিল, “তেনেহ’লে আজিৰ পৰা তোমাক নীলকণ্ঠ বুলি মাতিম।”
পাহাৰৰ পৰা নামিবলৈ লওঁতেহে পাৰ্বতীৰ হাহাকাৰ লাগি গৈছিল। তাৰ খোজবোৰ থৰক-বৰক হৈ পৰিছিল। কেতিয়াবা নিজে নিজে হাঁহিবলৈ ধৰে, কেতিয়াবা আকৌ কান্দিবলৈ ধৰে। তাক হাতত ধৰি মন্দিৰৰ পৰা নমাই আনোতে বহু সময় লাগিছিল। দুবাৰমান সি মাটিত বাগৰি পৰিছিল। শিলচৰ পোৱা মানে তাৰ হুচ আহিছিল। তেতিয়ালৈ এন্ধাৰ নামিছিল।
ঘৰ পায়ে সন্মুখত তাই দেউতাকক দেখিলে। কোনো এষাৰ মাত নমতাকৈয়ে দেউতাকে তাইৰ গালত চৰ সোধাইছিল। চিঞৰি চিঞৰি তাক কৈছিল, “আজিৰ পৰা মোৰ ছোৱালীৰ পিছ নলবি। দুয়োৰে জাত-পাত নিমিলে। তোৰ লগত বিয়া নিদিওঁ। দ্বিতীয়বাৰ তাইক লগ ধৰিলে তোক চাবি কি কৰোঁ।” সি কিবা কোৱাৰ আগতে দেউতাক ঘৰৰ ভিতৰলৈ সোমাই গৈছিল। সেইদিনাখনৰপৰা সিহঁত দুয়োৰে মাজৰ সংযোগ হেৰাই গ’ল। চাকৰিৰ বাবে সি মাইবং যাবলগীয়া হ’ল। তেতিয়ালৈ তায়ো শিলচৰত নাৰ্চৰ চাকৰিত যোগদান কৰিছিল। ইপিনে পাৰ্বতীৰ দেউতাক তাইৰ বাবে দৰা চাবলৈ লাগি গৈছিল। তাক এৰি জীয়াই থকাৰ কথা তাই ভাবিব পৰা নাছিল। এদিন তাক কোনো খবৰ নিদিয়াকৈ তাই পোনাইছিল মাইবঙলৈ। দুয়ো মন্দিৰতগৈ বিয়াত বহিছিল।
সিদিনা জোনালীয়ে মাকক সুধিছিল, “তোমালোক দুজনৰ কোনে আগে প্ৰপ’জ কৰিছিল?”
“সেই লাজকুৰীয়া বাপেৰই মোক প্ৰপ’জ কৰিবলৈ সাহস হ’ব নে? কলেজলৈ আহোঁতে, উভতি যাওঁতে মোৰ পিছ লৈ থাকে। মূৰ ঘূৰাই পিছপিনে চালেই সি বেলেগ পিনে চায়। এদিন তাক আগভেটা দি ধৰিলোঁ। মই বোলো এনেকৈ মোৰ পিছা লৈ গোটেই জীৱন কটাবা, নে আগলৈ কিবা কৰাৰ কথা ভাবিছা?”
“তাৰ পাছত কি ক’লে দেউতাই?” দুয়ো জীয়েকে আগবাঢ়ি আহিছিল মাকৰ কথা শুনিবলৈ।
“তাৰ পাছত সি মোক লৈ গ’ল নৈৰ পাৰলৈ আৰু ক’লে, তোমাক নাপালে মই মৰি থাকিম।” মা-দেউতাৰ আগত থিয় হ’বলৈ সাহস নাই, তাৰ নিজৰ ঘৰৰ মানুহৰ আগত মোৰ কথা ক’বলৈও সাহস নাই। চব মই কৰি দিব লাগিব। সি কেৱল বিয়া হে কৰাব মোক।”
“মা, ককাদেউতাই তোমালোকৰ বিয়াখনত কিয় সন্মতি জনোৱা নাছিল?”
“জাত-পাতৰ কথা সেইবোৰ। আমি হেনো কায়স্থ, সিহঁত হেনো সৰু জাতৰ। তাতে আমাৰ পৰিয়ালটো গুৱাহাটীৰ পৰা শিলচৰলৈ আহিছিল আৰু সিহঁত আহিছিল সিলেটৰ পৰা। আমাৰ ভাষা আৰু সিহঁতৰ ভাষাৰ মাজত প্ৰভেদ আছে, যদিও বঙালী ভাষী আমি দুয়ো।”
“মাত্ৰ সেইটো কাৰণতে বিয়া দিবলৈ মান্তি হোৱা নাছিল নে?” ৰূপালীয়ে আশ্চৰ্য প্ৰকাশ কৰি ক’লে।
ৰাজীৱৰ সৈতে তাইৰ বিয়াৰ খবৰ পাই দেউতাকে কৈ পঠিয়াইছিল কোনো দিনে যেন তাই ঘৰৰ চোতালত ভৰি নথয়। পৰিয়ালৰ কোনো মানুহে খবৰ ল’বলৈ অহা নাছিল। অকলে অকলে থাকিয়ে দুজনী ছোৱালীৰ মাতৃ হ’ল। ডাঙৰ দীঘল কৰিবলৈ ল’লে। দুমাহ-তিনিমাহৰ মূৰত ৰাজীৱ মাইবঙৰ পৰা আহি ওলায়। সংসাৰখন তাইৰ ভালেই চলি আছিল। কিন্তু ৰাজীৱৰ এটা ঘটনাৰ বাবে সকলো দৃশ্যপট সলনি হৈ পৰিল।
পোন্ধৰ বছৰ আগৰ সেই দিনটোত ৰাজীৱ যাবলগীয়া হৈছিল গোষ্ঠী সংঘৰ্ষৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ। মাইবঙৰ কিছু ভিতৰুৱা গাঁৱৰ শ শ ডেকা ল’ৰাৰ ওপৰত গুলীচালনা কৰিবলৈ সি বাধ্য হৈছিল। কোন জনগোষ্ঠীৰ মানুহ সেইবোৰ সি নাজানে। ওপৰৱালাৰ নিৰ্দেশ পালন কৰিবলৈ বাধ্য হৈছিল। পৰিণতি-তাৰ গুলীত কেইজনমান যুৱক ধৰাশায়ী হ’ল আৰু দুজন যুৱকৰ ঠিতাতে মৃত্যু হয়। প্ৰায় দুমাহ ধৰি সি থাকিবলগীয়া হ’ল গুলীচালনা, জুই, ধোৱাৰ মাজত। পাছলৈ সি পাহৰি গ’ল তাৰ হাতত কেইজনৰ মৃত্যু হ’ল। কেইজনৰ দেহত তাৰ বন্দুকৰ গুলীৰে শৰীৰ বিদীৰ্ণ হৈ পৰিল।
সেই দিনাখনৰ পৰা মৃত মানুহকেইজনৰ ছবিকেইখন তাৰ চকুৰ আগত ভাহি উঠে। সিহঁতে যেন প্ৰশ্ন কৰে, “কিহৰ অপৰাধত আমাৰ ওপৰত গুলীচালনা কৰিলা?” সি নিৰূপায়। তাৰ টোপনি নাহে। সাৰ পাই উঠে। সিহঁতৰ দেহৰ পৰা ওলোৱা তেজে তাক ধুৱাই পেলায়। সি শান্তি নাপায়। সি চিঞৰে। উত্তৰ নাপায়। কান্দিবলৈ ধৰে। চকুপানী শুকাই যায়। মনৰ শান্তি হেৰাই যায়। আৰু শেষত সি সমিধান বিচাৰি মদৰ নিচাত নিজকে সপি দিয়ে। মদৰ নিচাত সি পাহৰিব খোজে হত্যাৰ পাপবোধৰপৰা।
পাৰ্বতীয়ে তাক লৈ আহিছিল মাইবঙৰ পৰা। কিছুদিন ছুটী লৈ সি তাইৰ লগতে থাকিছিল। সি চাকৰি এৰিব নোৱাৰিলে। কাৰণ ঘৰখন নচলে। এইবাৰ তাৰ কৰ্মস্থলী সলনি হৈ হাফলঙ পালে। দুদিনমান ঠিকেই গ’ল। লাহে লাহে সি থাকিব নোৱৰা হৈ পৰে। মদ বিচাৰি ভৰি দুখন নিজে নিজে গুচি যায়। সুৰাৰ ৰাগীত সি সকলো পাহৰিব খোজে। আগেয়ে কেৱল সন্ধিয়া নামিলেহে মদ্যপান আৰম্ভ কৰিছিল। পিছলৈ দিন-দূপৰতে, শেষত গৈ ৰাতিপুৱাৰ চাহ কাপৰ সলনি মদকে পিবলৈ ল’লে।
এটা সময়ত সি চাকৰিৰ দায়িত্ব পালন কৰিব নোৱৰা হৈ পৰিল। কৰ্মস্থানৰ পৰা পলাই আহি ঘৰ পালে। শেষৰ এটা বছৰ সি ঘৰত কি কৰে নিজেই ক’ব নোৱৰা হৈ পৰিল। কেতিয়াবা পেণ্টতে প্ৰস্ৰাব কৰি দিয়ে। পায়খানা কৰি দিয়ে। ইতিমধ্যে তাৰ দৰমহা বন্ধ হৈ পৰিছিল। পাৰ্বতীৰ ব্যক্তিগত হাস্পতালখনৰ নাৰ্চৰ চাকৰিৰে সংসাৰ চলাব লাগে, দুজনী জীয়াৰীৰ শিক্ষা, ভাড়াঘৰৰ বাবে দিবলগীয়া ঘৰভাৰা। তদুপৰি ৰাজীৱে দিনৰ দিনটো চলাই থকা অত্যাচাৰ-ৰাস্তাত, ড্ৰেইনত পৰি থকাৰ পৰা উঠাই ঘৰলৈ আনি গা ধোৱা, কাপোৰ ধোৱা, লেতেৰাবোৰ চাফা কৰা। ঘিণ লাগি যায় তাইৰ। বমি হ’ব খোজে। জীৱনৰ ৰং হেৰাই গ’ল তাইৰ। কোনোবাখিনিত ভুল হৈ গ’ল তাই নিজেই নাজানিলে।
পাৰ্বতীৰ মনলৈ বহু কথাই পাক ঘূৰণি খাই আহিল। সেইদিনা ৰাতিপুৱা ৰূপালীয়ে দেউতাকক দেখি চিঞৰি উঠিল, “মা, দেউতাৰ কিবা হৈছে চাহিচোন। দৌৰ মাৰি আহা।” পাৰ্বতীয়ে দেখিলে সি তেজ বমি কৰিছে আৰু পেটৰ বিষত চিঞৰি আছে। লগে লগে শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰায়। দুদিন পাছত পাৰ্বতীয়ে দেখে ৰাজীৱে মদ খাই ঘৰৰ চোতালত বেহুচ হৈ পৰি আছে। হাস্পতালৰ পৰা সুবিধা বুজি পলাই আহে সি। ৰাস্তাতে চুলাই মদ গললৈ ঢালি ঘৰ পায়। তাই মাটিত বহি পৰে। পাগলীৰ দৰে তাই চিঞৰিবলৈ ধৰে। বিয়াৰ দিনৰপৰা যিখন ঘৰলৈ নাযাওঁ বুলি প্ৰতিজ্ঞা কৰিছিল সেই ঘৰখনলৈ ল’ৰ মাৰে।
:“তোৰ নিজৰ জুইকুৰা নিজেই নুমাব লাগিব।” অলপ পৰ ৰৈ দেউতাকে ক’বলৈ আৰম্ভ কৰে, :“এনেয়ো সি মৰিলে তই মুক্তি পাবি।”
নিজৰ দেউতাকজন ইমান নিষ্ঠুৰ হ’ব পাৰে নে?
কান্দি-কাতি বাউলি হৈ তাই উভতিবলৈ লয়। তাই প্ৰায় দৌৰাৰ নিচিনাকৈ খোজ কাঢ়িবলৈ লয়। ৰাস্তাত ৰিক্সা এখনো তাই দেখিবলৈ পোৱা নাছিল সিদিনা সেই ভৰ-দুপৰীয়াত। ঘামি-জামি তাই এঠাইত ৰৈ দিলে। ভৰিদুখন আগুৱাব পৰা নাই। ভাগৰে হেঁচা মাৰি ধৰিছিল তাইক। গছৰ তলত থিয় হৈ থাকোঁতে তাইৰ চকু গ’ল ৰাস্তাৰ আনটো ফালে থকা এটা বৃহৎ চৌহদলৈ। গেটৰ ওপৰত ওলমি আছে এখন ফলক “New Life Foundation–Centre for Alcohol and Drug dependency।” লগে লগে তাই গেটখন খুলি ভিতৰত সোমায়। প্ৰায় চাৰিশ ৰোগী থাকিব পৰা এখন বিশাল আশ্ৰম। চৌহদটো বহুত ডাঙৰ। ডাক্তৰৰ সৈতে কথা পাতিলে। অগ্ৰিম পঞ্চাশ হাজাৰ টকা জমা দিব লাগিব। তেওঁলোকে গাড়ী আৰু মানুহ পঠিয়াই ৰোগীক আশ্ৰমলৈ লৈ আনিব। চিকিৎসা হ’ব। ভাল হ’ব নিশ্চয়। ভাল হোৱাৰ আশাৰেই চাৰিশ ৰোগী ইয়াত আছে। ইমান টকা তাইৰ হাতত নাছিল। কাৰ ওচৰত হাত পাতিব তাই? নিজৰ দেউতাকৰ নে ৰাজীৱৰ দেউতাকৰ ওচৰত? দুয়োটা পৰিয়ালে দেখোন সিহঁতক মৰিবলৈ এৰি দিলে। তাই ডিঙিটো চুলে, সোণৰ হাৰডাল আছে গলত। সোণাৰিৰ ওচৰলৈ তাই ল’ৰ মাৰিলে।
পাৰ্বতীৰ ঘৰৰ কাম প্ৰায় শেষ হৈ আহিল। আলমাৰীটো খুলি এখন এখন কৈ শাড়ীবোৰ উলিয়াই চালে। ৰাজীৱে সিহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকীত উপহাৰ দিয়া নীলা ৰঙৰ শাড়ীখন হাতত ল’লে। ৰাজীৱে নীলা ৰঙ বৰ ভাল পায়, সি যে নীলকণ্ঠ। সোনকালে তাই যাবলৈ সাজু হ’ল। চিনাকি অট’ৰক্সা চালকজন আহি পাবলৈ তেতিয়াও আধাঘণ্টা সময় আছে। তাই টেবুলৰ ওপৰত থকা ডায়েৰীখন উলিয়াই ল’লে। ডায়েৰীৰ উৱলি যাব ধৰা পাতবোৰৰ মাজৰপৰা কেইখিলামান পাত পঢ়িবলৈ ল’লে।
১৭ চেপ্তেম্বৰ, ২০১৯:
নিউ লাইফ ফাউণ্ডেচনৰপৰা ৰাতিপুৱা আঠ বজাতে এম্বুলেঞ্চখন আহি পায়। সি তেতিয়া ঘৰতে আছিল। তিনিজন হৃষ্টপুষ্ট মানুহে আহি ৰাজীৱক প্ৰথমে বান্ধি লয়। হাতত এটা বেজী দিয়ে। অলপ পৰ চটফটাই থাকি সি টোপনিত লালকাল দি পৰিল। তাক দাঙি লৈ এম্বুলেঞ্চত সুমুৱাই দিলে। গাড়ীখন চলিবলৈ ধৰে। মই চাই থাকিলোঁ চকুৰ আঁতৰ নোহোৱাকৈ। এয়াই কি শেষ দেখা? কেতিয়াও নহয়। মোৰ ৰাজীৱ ভাল হ’ব। জীয়াই থাকিব।
২৪ চেপ্তেম্বৰ, ২০১৯:
ৰাতিপুৱা ফোন এটা আহে। “নিউ লাইফ ফাউণ্ডেচনৰ পৰা ক’লোঁ। এবাৰ ডাক্তৰ চাহাবক দেখা কৰিব। আজিয়ে।”
ৰাজীৱক হাত ভৰি বান্ধি থৈছে। বিছনাত শুই আছে সি। চেলাইন দিছে যোৱা সাত দিন ধৰি। অকণমান ফলৰ ৰস খাবলৈ দিছে। কিন্তু সি খোৱা নাই। সি ভীষণ খঙাল আৰু আক্ৰমণাত্মক হৈ পৰিছে। দূৰৰ পৰা চালোঁ। ওচৰ চাপিবলৈ দিয়া নাই।
:“আপোনালোকে ৰোগীক শেষ পৰ্যায়তহে ইয়ালৈ আনিলে। আমি যিমান পাৰো চেষ্টা চলাম। হয়তো সম্পূৰ্ণ ভাল হ’বলৈ দুবছৰ লাগিব নতুবা তিনি বছৰ। আমি চাই আছোঁ প্ৰথম এমাহ যাতে ৰোগীৰ অৱস্থা অধিক বেয়ালৈ নাযায়।” ডাক্তৰে মোৰ পিনে নোচোৱাকৈয়ে ক’লে।
মই কি ক’ম?
:“ছাৰ, আপোনালোকে যি ভাল দেখে কৰক। ৰাজীৱক সুস্থ কৰি তোলক।”
:“বাট আই ৱাণ্ট তু মেক ইট ক্লিয়াৰ ডেট চাৰভাইভেল চান্স ইজ লেছ।”
:“কিমান? “
:“ধৰক ২০%।”
মোৰ ৰাজীৱ নমৰে, বাবা ভোলানাথৰ ওপৰত মোৰ বিশ্বাস আছে।
ৰাজীৱ জীয়াই থাকিব।
নীলকণ্ঠ সি। বিষপান কৰিলেও নমৰে।
১১ মাৰ্চ, ২০২০:
শুনি আছোঁ কিবা হেনো কৰ’না নামৰ ভয়ানক ভাইৰাচ এবিধ ওলাইছে। মানুহবোৰ এফালৰ পৰা মাৰি নিঃশেষ কৰিব। ৰাজীৱক চাবলৈ বৰ মন গৈছে। দুয়ো জীয়াই থাকিম। নহ’লে একেলগে মৰিম। অলপমান শুকান মাছৰ চাটনি লৈ গ’লোঁ।
দূৰৰ পৰা তাক দেখুৱালে। দাড়ী-চুলি ভোবাকাৰ হৈ পৰিছে। ক্ষীণাইছে সি। নিজে খোজ কাঢ়িব পৰা হৈছে। সি নিজৰ নিত্যকৰ্মখিনি কৰিব পৰা হৈছে। মোৰ পিনে এবাৰ চালে। চিনি পোৱা যেন নালাগিল। সি যেন মোক দেখি বিৰক্তিবোধ কৰিছে। মুখৰ ভিতৰতে কিবা-কিবি কৈ থাকিল। টিফিন বাকছত লৈ যোৱা চাটনিখিনি দিবলৈ পাহৰি গ’লোঁ। চকুপানীৰে নেদেখা হৈ উভতি আহো।
২ জানুৱাৰী, ২০২১:
কৰ’না ভাইৰাচৰ উপদ্ৰৱ অলপ কমিছে। দহ মাহৰ পাছত ৰাজীৱক চাবলৈ অনুমতি দিছে। জোনালী পুষ্পিতা হ’ল। ঘৰতে নিয়মখিনি মানি চলিলোঁ। এখন শাড়ী তাইক উপহাৰ দিলোঁ। তাক ক’ব লাগিব। সি খুব স্স্ফূৰ্তি পাব। ডাঙৰ মা এইবাৰ মেট্ৰিক দিব। ভালদৰে পঢ়াশুনা কৰি আছে। তাক জনাব লাগিব।
মোৰ পিনে সি চালে। বহু দেৰিৰ পাছত সি হাঁহি এটা মাৰিলে। অলপ যেন চিনি পাইছে। তাৰ পাছতে সি ভীষণ শব্দ কৰি কান্দিব ধৰিলে। হাত-ভৰি মাৰিবলৈ ধৰে। লগে লগে মোক আঁতৰাই আনিলে।
:“পুৰণি কথাবোৰ সি মনত পেলাবলৈ চেষ্টা কৰি আছে। মনত পেলাব নোৱাৰিলে অসহায় হৈ পৰে। তেতিয়া কান্দিবলৈ ধৰে। হেৰুৱা স্মৃতিশক্তি ঘূৰাই আনিব লাগিব। ধৈৰ্য ধৰিব লাগিব।” ডাক্তৰে কথাখিনি কৈ মোলৈ বিল এখন উলিয়াই দিলে। এক লাখ টকা দিব লাগে। হাত দুখন চালোঁ। চাৰিপাট খাৰু, দুযোৰ কাণৰ, এটা আঙুঠি (ৰাজীবে মোৰ জন্মদিনত এবাৰ উপহাৰ হিচাপে দিছিল আঙুঠিটো)। টকা এক লাখমান পামগৈ চাগে। ভাল হওক সি। গহনাবোৰে মাত নিদিয়ে। নিজৰ মানুহজন মেইন।
২৭ এপ্ৰিল, ২০২১:
এটা ফোন পালোঁ। নিউ লাইফ ফাউণ্ডেচনৰ পৰা।
:“কেম্পাচত কেইবাজনৰ দেহত কৰ’না ভাইৰাচ পাইছে। চাৰিজনৰ ইতিমধ্যে মৃত্যু হৈছে। ৰাজীৱ ভালে আছে। সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি আছোঁ।”
গাটো কঁপি উঠিল। বুকুৰ ধপধপনি শুনিবলৈ পালোঁ। ধৈৰ্য ধৰিবই লাগিব। জীয়াই থকাটো ডাঙৰ কথা।
২ ফেব্ৰুৱাৰী, ২০২২:
কৰ’না ভাইৰাছৰ আক্ৰমণ কমিছে। নিউ লাইফ ফাউণ্ডেচনলৈ গ’লোঁ। আশ্ৰমৰ সকলো ৰোগী মুকলি মনেৰে ঘূৰি ফুৰিছে। মোক শাক-পাচলিৰ বাগিচাখনলৈ লৈ গ’ল। ৰাজীৱে শাকনিডৰাত পানী দি আছে। মই ওচৰলৈ গ’লোঁ। প্ৰথমবাৰ লগ পাওঁতে মৰা হাঁহিটোৱে যেন। মোৰ গা-মন ৰিমঝিম কৰিলে। তাৰ শৰীৰটো আটিল হৈ পৰিছে। কাম-বন কৰিব পৰা হৈছে।
:“ডাঙৰ মা, সৰু মা ক’ত? মোক চাবলৈ অহা নাই কিয়?”
:“পিছৰ বাৰ লৈ আনিম। সিহঁতৰ লগত খেলি থাকিবা। বহুত ডাঙৰ হ’ল সিহঁত দুটা।”
আধা ঘণ্টা সময় ৰাজীৱৰ সৈতে থাকিবলৈ দিলে। তাৰ পাছত অফিচলৈ গ’লোঁ।
:“প্ৰগ্ৰেছ ইজ ভেৰি স্ল’। মে টেক এনাডাৰ ওৱান ইয়াৰ।” ডাক্তৰে ক’লে আৰু ডেৰ লাখ টকাৰ বিলখন হাতত গুজি দিলে।
যিমান পাৰো সোনকালে টকা জমা দিম বুলি ক’লোঁ।
:“এবছৰ থাকিবলগীয়া হ’লে তিনি লাখৰ ওপৰত টকা জমা দিব লাগিব।”
সকলো বুজোঁ, কিন্তু টকা দিম ক’ৰ পৰা? ৰাজীৱৰ চাকৰি ইমান দিনলৈ কেতিয়াও নাথাকে। তাৰ পৰাও আশা কৰি লাভ নাই।
১৫ আগষ্ট, ২০২২:
তিনিটা বছৰ পাৰ হ’বলৈ বেছিদিন নাই। ডাঙৰ মা, সৰু মাক লৈ গ’লোঁ। আমি চাৰিওজনে মাটিত বহি লওঁ। মাজনীহঁতক দেখি কেনেবাখন কৰিলে ৰাজীৱে। ইমান ডাঙৰ হোৱা বুলি সি ভবাই নাছিল। এঘণ্টামান সময় কটালোঁ তাৰ লগত। ডাক্তৰে ক’লে কেইমাহ মান আৰু লাগিব। ইমোচন কণ্ট্ৰ’ল কৰা বৰ প্ৰয়োজন। ভিতৰি ভিতৰি ষ্ট্ৰং হ’ব লাগিব হেনো।
বিলৰ টকা বাঢ়ি তিনিলাখ হ’ল। মেনেজমেণ্টে মোক বহুৱাই বুজাবলৈ ধৰে,“ৰাজীৱক ইমান দিনে আমাৰ খৰচত ঔষধৰ পৰা আৰম্ভ কৰি সকলোখিনি দি আছোঁ, কেৱল মানৱতাৰ খাতিৰত। কিন্তু কিমান দিন চলাই থাকিম? আমাৰো এটা লিমিটেচন আছে।”
বেঙ্কৰ লোন এটা অতি সোনকালে ল’ম বুলি ক’লোঁ। ঘৰলৈ উভতি আহোঁ।
২১ মে’, ২০২৩:
তিনি বছৰ আঠ মাহ পাৰ হ’ল। কালি ডাঙৰ মাৰ হায়াৰ চেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ওলায়। ৯০ শতাংশ নম্বৰ পাই পৰীক্ষাত উত্তীৰ্ণ হৈছে। মিঠাই অলপ কিনি আশ্ৰমলৈ গ’লোঁ। ৰাজীৱে দুটাকৈ মিঠাই খালে। আজি বহুত সময় কথা-বতৰা পাতিলোঁ। সি প্ৰথমবাৰ কবি নজৰুলৰ কবিতা আবৃতি কৰে। তাৰ ভাল লগা এটা গান গাওঁ। বৰ ভাল লাগিছে আজি। এনে লাগিছে যেন বেয়া দিন শেষ হৈ আহিছে। সি ঘৰলৈ যাবলৈ বৰকৈ ইচ্ছা কৰিছে। এটা দিনো সি ইয়াত থাকিব নোখোজে।
ডাক্তৰক লগ ধৰোঁ। এক-দুমাহৰ ভিতৰত তাক যাবলৈ দিব। তাৰ নামত বিলৰ পৰিমাণ বাঢ়ি গৈ চাৰি লাখ হ’বৰ হ’ল। সেইখিনি পৰিশোধ কৰিব পাৰিলেহে তাক নিব পৰা যাব। তাৰ পাছত ঘৰতে ঔষধ লৈ থাকিব পাৰিব। পিছে চাৰি লাখ টকা ক’ৰ পৰা দিম? ঘৰ, মাটি, সম্পত্তি একো নাই। টকা নিদিলে তাক আশ্ৰমৰ পৰা মোকলাই আনিব নোৱাৰিম। কি কৰিম? হে ভগৱান, মোক ৰাস্তা দেখুওৱা। মেনেজমেণ্টক মুখ দেখুৱাব পৰা নাই।
এই সংকটৰ সময়তো মোৰ চকুৰ পৰা চকুপানী এটুপিও ওলোৱা নাই।
ঘৰ পাই চকীখনত বহি ল’লোঁ। এঘণ্টা হ’ল ইহঁত দুজনীৰ লগতো মাত-বোল কৰা নাই। দুয়ো মোৰ কাষতে বহি ল’লে। সিহঁতে জানে এটা ডাঙৰ সমস্যাত পৰিছোঁ।
এনেতে ঘৰলৈ দুজন মানুহ সোমাই আহিল। কথা পাতিব অলপো মন যোৱা নাই।
:“আপুনি ৰাজীৱৰ পত্নী নেকি? “
:“হয়, কিবা আছিল নেকি? “
:“আমি ৰাজীৱে চাকৰি কৰা কাৰ্যালয়ৰ পৰা আহিছোঁ। ৰাজীৱে যোৱা পাঁচবছৰ চাকৰিত নথকা বাবে বিভাগৰ পৰা আগতীয়াকৈ অৱসৰ দিয়া হৈছে। চৰকাৰী নিয়মত এনেকৈ ডিউটিত অনুপস্থিত থাকিলে চাকৰিৰ পৰা বাহিৰ কৰি দিয়া নিয়ম। তেতিয়া কোনো ধৰণৰ টকা, পেঞ্চন নাপায়। কিন্তু ৰাজীৱৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বিভাগৰ মুৰব্বীয়ে অৱসৰৰ সকলো সুবিধা কৰি দিছে। এতিয়া দৰকাৰী কাগজ-পত্ৰবোৰত চহী কৰিলে অৱসৰৰ সময়ত পাবলগীয়া ধন মোকলাব পৰা যাব। যোৱা এবছৰে ৰাজীৱক বিচাৰি বিচাৰি আজিহে আপোনালোকক পালোঁ। বহু আগতে টকাখিনি পালেহেঁতেন। এতিয়া সি মাহিলী পেঞ্চনো পাব। তাৰ আগৰ ফোন নম্বৰ, ঠিকনা, সকলো সলনি হ’ল কিজানি।”
মই হাঁহিম নে কান্দিম ভাবি পোৱা নাই। বাবা ভোলানাথ। তুমি যে কিমান ভোলা। দয়াৰ সাগৰ।
২২ মে’, ২০২৩ৰ পাছত তাই ডায়েৰীত একো লিখা নাছিল। পাৰ্বতীয়ে কলমটো হাতত ল’লে আৰু ডায়েৰীৰ শেষ পৃষ্ঠাটো লিখিবলৈ ল’লে।
১০ নভেম্বৰ, ২০২৩:
ৰাজীৱৰ চহী লোৱা, নথি-পত্ৰ, কাগজ সকলো গোটাই হাফলঙলৈ তাঁত-বাটি কাঢ়ি ছয় মাহ পাৰ কৰিলোঁ। পেঞ্চনৰ টকাৰ পাছত লাগি লাগি ভাগৰি গ’লোঁ। তথাপি আশা এৰি নিদিলোঁ। শেষত কালিহে পাঁচ লাখ টকা বেঙ্কৰ একাউণ্টত সোমাল।
বন্দী জীৱনৰপৰা ৰাজীৱে আজি মুক্তি পাব। বন্দীত্বৰপৰা ময়ো আজি মুক্তি পাম।
পাৰ্বতীয়ে অটোখনৰপৰা নামি গেটখন খুলি ভিতৰলৈ সোমাই গ’ল। ৰাজীৱে তাইৰ বাবে ৰৈ আছে। কিয় জানো তাৰ ডিঙিটো যেন নীলা হৈ পৰিছে, তাইৰ মনলৈ তেনে এটা ভাবেই আহিল।