পাতলৰচুক গাঁৱৰ ২৬৯ বছৰীয়া ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী আৰু বোকাখচা ভাওনা

লেখক- --ভাস্বতী ভূঞা

  অসমৰ সাহিত্য সংস্কৃতিৰ অন্যতম কঠীয়াতলি হিচাপে পৰিচিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাতলৰচুক এখন ঐতিহ্যমণ্ডিত গাঁও। গাঁওখন শংকৰী কলা-কৃষ্টিৰে চহকী এখন গাঁও। এইখন গাঁৱৰে নামঘৰ প্ৰাংগনত প্ৰায় ২৬৯বছৰ ধৰি উদযাপিত হৈ আহিছে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখচা ভাওনা। প্ৰতিবছৰে ভাদ মাহৰ শ্ৰীশ্ৰীকৃষ্ণ জন্মাষ্টমী তিথিত পাতলৰচুক গাঁৱৰ নামঘৰত এই ভাওনাভাগ মঞ্চস্থ কৰা হয়। ভাওনাভাগৰ বিষয়ে লিখাৰ আগতে গাওঁখনৰ সৃষ্টিৰ সময়লৈ ঘূৰি যাব বিচাৰিছোঁ। 

 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰিনাতি পাতল ডেকাগিৰি বা পাতল ভূঞাৰ নামেৰে এই গাঁৱৰ নাম পাতলৰচুক হ’ল। বহুত বছৰৰ আগতে সাতজন ককাই-ভাই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ নগাঁৱৰ বৰ্তমানৰ হাতিচুং কুঁজিদাহৰ পৰা আমাৰ জামুগুৰিহাটলৈ আহিছিল। আমি জনা মতে তেওঁ লোক আছিল- ৰত্নগিৰি, মদনগিৰি, সুন্দৰ ডেকাগিৰি, নোমলগিৰি, পাতলগিৰি, উদ্ধৱগিৰি, হুকাইগিৰি। তাৰে কেইজন মান জামুগুৰিহাটত ৰৈ গ’ল। তেওঁলোকৰে এজন আমাৰ পূৰ্বপুৰুষ পাতল ডেকাগিৰি বা পাতল ভূঞা। যাৰ নামেৰে এই গাঁৱৰ নাম পাতলৰচুক হ’ল। তেওঁ পেটালবুঢ়া হিচাপেও পৰিচিত আছিল। বৰ্তমানৰ নামঘৰৰ সন্মুখৰ ৰাস্তাটোৰে পশ্চিম দিশলৈ অলপ গৈয়ে  বাঁওহাতে বা‌হনি মাজৰ এটুকুৰা ঠাইত তেওঁ নামঘৰ প্ৰতিষ্ঠা কৰি তাতে থাকিবলৈ লৈছিল। আৰু দিনটো চাৰিবাৰ নাম প্ৰসংগ কৰিছিল। তেওঁৰ তালৰ শব্দত আকাশ (গগন) ৰজনজনাই গৈছিল বাবেই সেই চুবুৰিৰ নাম গেগানি চুক হৈছিল। পিছলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন বংশৰ বিভিন্ন উপাধিৰ মানুহ আহি ইয়াত বসতি কৰিবলৈ ল’লে। সেই অনুসৰি পিছলৈ সৰু বাৰভূঞা ঠালৰ শিৰোমণি ভূঞাৰ এই বংশৰ লগত কটকী, শ‌ইকীয়া, বৰুৱা, বৰা, কাকতি আদি বংশসমূহ লগ হৈ এখন বৃহৎ গাঁৱৰ সৃষ্টি হ’ল। আৰু এই গাঁওখনেই বৰ্তমানৰ পাতলৰচুক গাঁও। পৰৱৰ্তী সময়ত সংস্কৃতিৰ বিভিন্ন ধাৰাৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীকৃষ্ণ জন্মাষ্টমী আৰু বোকাখচা ভাওনাৰে বাবে এই গাঁওখন প্ৰখ্যাত হৈ পৰিল। 

 প্ৰতিবছৰে ভাদ মাহৰ শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী তিথিৰ দিনাৰ পৰা দুদিনীয়াকৈ এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰা হয়। ভাদমাহ সোমোৱাৰ পৰা গাঁৱৰ প্ৰতিঘৰতে ওখল-মাখল পৰিৱেশ বিৰাজ কৰে। সেইদিনা ৰাতিপুৱা, দুপৰীয়া, বিয়লি আৰু সন্ধিয়া – চাৰি প্ৰস‍ংগ কৰা হয়। দুপৰীয়া প্ৰসংগৰ সময়ত অৰ্থাৎ তিথিৰ অনুষ্ঠানৰ নাম আৰু খোল-প্ৰসংগ সামৰাৰ ঠিক পিছতে ‘ডবনি’ নামৰ এটি বিশেষ অনুষ্ঠানো থাকে। সেই সময়ত একে সময়তে ডবা, কাঁহ, ঢোল, তালৰ একেলগে বাজি উঠা ধ্বনিত আকাশ বতাহ ৰজনজনাই উঠে। সেই সময়ত তাত স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ অগণন ভক্তৰ সমাগম হয়। তাৰ পিছত প্ৰসাদ আগবঢ়োৱা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ যি পৰিৱেশ ৰচনা কৰা হয়, সেয়া কেৱল নামঘৰতে নহয় ; বৃহৎ গাঁওখনৰ প্ৰতিটো পথৰ কাষে কাষে শশ বন্তি প্ৰজ্বলন কৰা হয়। প্ৰতিঘৰৰ পদূলিয়ে পদূলিয়ে বন্তি প্ৰজ্বলন কৰা হয়। নামঘৰ চৌহদৰ পৰিৱেশ নিজে নেদেখিলে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি! পুখুৰীৰ মাজৰ আলোকসজ্জ্বাও লেখত ল’বলগীয়া। আগতে কলগছৰ ভূৰ সাজি তাত বন্তি প্ৰজ্বলন কৰি পুখুৰীৰ মাজত ৰখা হৈছিল। আজিকালি কাৰিকৰী দিশৰ উন্নত পদ্ধতি ব্যৱহাৰৰ ফলত এই আলোকসজ্জা বহুখিনি অত্যাধুনিক হৈ পৰিল। সেই সময়ত গাঁৱত বিৰ দি বাট নোপোৱা অৱস্থা হয়। উল্লেখযোগ্য যে জন্মাষ্টমীৰ দিনাৰ কেইবাটিও বিষয় কেৱল সেইদিনাৰ বাবেহে বিশেষ ভাৱে ৰখা হয়। তাৰে ভিতৰত এবিধ হ’ল বন্তি প্ৰজ্বলনৰ সময়ত ব্যৱহাৰ কৰা বৃহৎ গছা দুটি, য’ত ১০১গছিকৈ বন্তি জ্বলে। এই গছা দুটি কেৱল শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমীৰ সন্ধিয়াহে ব্যৱহাৰ কৰা হয় আৰু মূল গুৰু আসনৰ দুয়োকাষে ৰখা হয়। 

  পৰম্পৰাগতভাৱে ৰাতিলৈ শ্ৰীশ্ৰী গোপাল আতা ৰচিত ‘শ্ৰীশ্ৰীকৃষ্ণৰ জন্মযাত্ৰা’ নাটভাগ মঞ্চস্থ কৰা হয়। 

এই নাটভাগক বহুতে অংকীয়া নাটো বোলে। কাৰণ ইয়াত থকা ধনশ্ৰী ৰাগৰ গীতটিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হাত বোলাইছিল। নাটভাগ গীতিপ্ৰধান। নাটখনৰ কাহিনীভাগ চুটি। ‌ গতিকে মাজত বহুৱাৰ বহুৱালিৰ কিছু দৃশ্যাংশ থাকে। পুৱতি নিশা ৰোহিনী নক্ষত্ৰ মিলাৰ সময়ত শ্ৰী কৃষ্ণৰ জন্ম হয়। সেই সময়ৰ প্ৰকৃতিৰ ৰূপটোক প্ৰতিকী ৰূপত দেখুৱাবলৈ চেষ্টা কৰা হয়। ধুমুহা, গাজনি, শিলাবৃষ্টিৰ পৰিৱেশ সৃষ্টি কৰা হয়। সেই সময়তে লগে লগে কেৱল নন্দোৎসৱৰ দিনাৰ বাবে নামঘৰত থকা ভগৱান বিষ্ণুৰ চতুৰ্ভূজ মূৰ্তিজনাৰ পৰ্দাখন নামঘৰীয়াই উঠাই ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়ে। সকলোৱে লগে লগে সেৱা লয়। অৰ্থাৎ কৃষ্ণ জন্ম হ’ল। বছৰৰ বাকী সময়চোৱাত মূৰ্তিজনা দৰ্শনৰ বাবে মুকলি কৰি ৰখা নহয়। এয়া আন এক পৰম্পৰাগত নিয়ম। 

  পিছদিনা আবেলি নন্দোৎসৱ বা বোকাখচা ভাওনা। ইয়াক পাচতি উৎসৱো বোলা হয়। যিখন ভাওনাৰ বাবেই এই গাঁওখন বিখ্যাত। সেই সময়ত নন্দৰজাৰ ঘৰত গৰ্গমুনি উপস্থিতিত কৃষ্ণৰ নামকৰণ হয়। গোপীসকলে নাচি নাচি গাই গাই এইবুলি ওলাই আহে – “আহা সখি আহা মা নন্দৰ ঘৰে যাওঁ..।” 

তাৰ পিছত মূল বোকাখচা ভাওনাভাগ মঞ্চস্থ হয়। বোকাখচাৰ বাবে এটুকুৰা ঠাই নিৰ্দিষ্টকৈ আছে। ‌ সেই ঠাইটুকুৰা বোকা কৰি তাত ঘিউ, মৌ, দৈ আদি পঞ্চামৃত ঢলা হয়। ইয়াৰ অৰ্থ হ’ল – কৃষ্ণৰ জন্মৰ খবৰ পাই গোপ-গোপীসকলে হাতত লৈ অহা ঘিউ, মৌ আদি হাতৰ পৰা পৰি আগদিনা বৰষুণৰ বাবে হোৱা বোকাত পৰি মিহলি হৈ গৈছিল। সেয়েহে এই পৰিৱেশ ৰচনা কৰিবলৈ নামঘৰ চৌহদৰ উক্ত ঠাইডোখৰো তেনেকৈ বোকা কৰি লোৱা হয়। আৰু নাটভাগত থকা অনুসৰি “আজি গকূলত আনন্দ মিলিছে..” শীৰ্ষক গীতটি গাই গাই বোকাখচা হয়। সেই সময়ত পাতলৰচুক গাঁৱৰ নামঘৰ চৌহদ যেন এখন তীৰ্থভূমিলৈ ৰূপান্তৰ হয়! মানুহ ৰ’বলৈ ঠাইৰ টনাটনি হয়, বিশেষকৈ বোকাখচা ঠাইডোখৰৰ চৌপাশ! কিমান মানুহৰ সমাগম হয়, হিচাপ নাই! প্ৰতিবছৰে এই সংখ্যা বাঢ়ি গৈ আছে। ইয়াৰ পিছতে সকলো পৰম্পৰা মানি চলি সামৰণি ঘোষা আৰু সেৱাৰে নিয়মানুসৰি ভাওনাভাগৰ সামৰণি মৰা হয়। এয়াই পাতলৰচুকৰ ঐতিহ্যমণ্ডিত বোকাখচা ভাওনা। 

 পৰম্পৰা হৈছে সংস্কৃতিৰ অন্যতম চালিকা শক্তি। পৰম্পৰা ৰক্ষা কৰি নীতি – নিয়মৰ মাজেৰে ভাওনাখনৰ প্ৰতিটো অনুষ্ঠান আগবঢ়াই লৈ যোৱা হয়। এই ভাওনাভাগ নাপাতিলে গাঁওখনত অমংগল হয় বুলি এক লোকবিশ্বাস আছে। জনশ্ৰুতি অনুসৰি ভাওনাভাগ নাপাতিলে বোলে গাওঁখনৰ দুইমূৰে থকা আঁহত গছ দুজোপাত ‘যমডাকিনী’ নামৰ এবিধ চৰাই আহি বিকত চিঞৰ মাৰে! আৰু তাৰ পিছত অমংগলে দেখা দিয়ে। গতিকে গাঁওবাসীয়ে ধাৰাবাহিকতা ৰক্ষা কৰাত সদায় গুৰুত্ব দিয়ে। ভক্তিভাৱেৰে প্ৰতিবছৰে অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হয়, আনকি ক’ভিড মহামাৰীৰ সময়তো সকলো চৰকাৰী নীতি – নিৰ্দেশনা মানি বিশেষ নিয়মেৰে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা হৈছিল। আৰু এইবাৰ ২৬৯সংখ্যক বোকাখচা ভাওনা ভাগ অনুষ্ঠিত কৰা হ’ল। 

  গুৰুজনাৰ অৰ্থাৎ শিৰোমণি ভূঞাৰ বংশৰে সৃষ্টি হোৱা এইখন এখন গাঁও, যি এতিয়াও ঐতিহ্য বহন কৰি আছে ; যিখন গাঁৱৰ সকলোৱে গুৰুজনাৰ আদৰ্শেৰে প্ৰতিটো দিন আৰম্ভ কৰে সেই গাঁৱতে আজি ২৬৯ বছৰ ধৰি একেৰাহে অনুষ্ঠিত হৈ আহিছে এই বিখ্যাত শ্ৰীশ্ৰী কৃষ্ণ জন্মাষ্টমী আৰু বোকাখচা ভাওনা। 

  শেষত মোৰ ব্যক্তিগত আশা – পাতল ভূঞাই নামঘৰ পাতি চাৰিপ্ৰসংগ কৰা ঠাইডোখৰ সংৰক্ষণ হ’ব লাগে। সেয়া হৈ উঠিলে অন্ততঃ ভৱিষ্যৎ প্ৰজন্মৰ বাবে অধ্যয়নৰ বহু বাট মুকলি হ’ব। 

…….…………

(আলোকচিত্ৰ – কংকনজ্যোতি ভূঞা, চন্দন ভূঞা, বিনিতা ভূঞা আৰু আমাৰ নিজা। )

তথ্যসূত্ৰঃ লেখিকা বিখ্যাত বাৰভূঞা পৰিয়ালৰ জীয়ৰী। গতিকে পুৰুষানুক্ৰমে মুখবাগৰি চলি অহা কাহিনীভাগেই লিপিবদ্ধ কৰা হ’ল।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!