পাৰফেক্ট ডেইজ
লেখক- চাও পাৰ্থ প্ৰতিম বড়া
আপুনি চিনেমা এখনক কেনেদৰে পচন্দ কৰে? মুখ্য চৰিত্ৰৰ ভূমিকাৰ জৰিয়তে! খুব মাৰ-পিত, হিংসাৰ (যুঁজ) দৃশ্যৰ দ্বাৰা! নে কিবা প্ৰেম-ভাললগা-ভালপোৱা মানে ৰোমাণ্টিক কাহিনীৰে ভৰা যাৰ এক সফল পৰিসমাপ্তি আছে?
আৰু যদিহে আপোনাৰ দ্বাৰা পচন্দ কৰা চিনেমাখনো তেনে শাৰীতে পৰে, তেন্তে আপুনি এই কাহিনীটো নপঢ়াকৈ এৰাই চলিব পাৰে৷ কাৰণ এই কাহিনীটো ‘পাৰফেক্ট ডে’ নামৰ এখন জাপানীজ অ’স্কাৰ মনোনীত (শ্ৰেণী – শ্ৰেষ্ঠ আন্তৰ্জাতিক বৈশিষ্ট্য) ছবিৰ বিষয়ে৷ হয়, কিছুমান সঠিক বা ইংৰাজীত কোৱা ‘পাৰফেক্ট’ দিনৰ বিষয়ে।
চিনেমাখনৰ পৰিচালনা ৱিম ৱেণ্ডাৰছৰ (Wim Wenders), য’ত তেওঁ এজন পায়খানা চফাইকৰ্মীৰ দৈনন্দিন জীৱনটো এক নিখুঁত ৰূপত ছবিৰ মাধ্যমেৰে বৰ্ণিত কৰিছে! সেই চফাইকৰ্মীজন, যিয়ে জাপানৰ ৰাজধানী চহৰ টকিঅ’ৰ ৰাজহুৱা শৌচালয়বোৰ পৰিষ্কাৰ কৰে৷ তেওঁ কেছেটৰ সংগীত শুনে। ঠিক ১৯ দশকৰ আমাৰ জানমণি, অজ্ঞনা আদি বিহু কেছেটবোৰৰ দৰে। ইমানেই কাহিনীটো আৰু বেছি একো নাই। মাজে মাজে আন দুই-এক উপ চৰিত্ৰই ভূমুকি মাৰে। হ’লেও মুখ্য চৰিত্ৰত অভিনয় কৰা হীৰায়ামাই গোটেই ছবিখনতে মাত্ৰ ৮-৯ শাৰীমান সংলাপহে আওৰাই! ভাৱক এখন দুঘণ্টা দৈৰ্ঘ্যৰ ছবি আৰু সংলাপ ইমানেই কম!
আচৰিত লাগে বহুতে হয়তো আধা চায়েই আঁতৰি আহিব! কিন্তু ছবিখনৰ মজা ইয়াতেই! তেওঁৰ মুখেৰে যিখিনি কোৱা নাই তাক প্ৰকাশ কৰিছে মুখৰ গভীৰ ভাৱ-ভংগীমাৰে, আৰু ভংগীমাবোৰ ইমানেই গভীৰ আৰু নিখুঁত যে শেষত ছবিখন আধৰুৱা হৈ ৰ’ল যেন লাগিল। (আৰু অলপ দেখুওৱা হ’লে!)
সঁচায়ে বহুতেই আমনি পাব, নহয় নে? কিন্তু চিনেমাখনৰ সৌন্দৰ্যখিনিও তাতেই হীৰায়ামাৰ মুখৰ ভাবাৱেশই তেওঁৰ কণ্ঠস্বৰ।
নিসংগতাও যে জীৱন হ’ব পাৰে, যিটো মই কল্পনা কৰা নাছিলোঁ! তাকেই চৰিত্ৰটোৱে ইমান সাৱলীল ভাৱে ফুটাই তুলিছে নহয়, কি এক ৰুটিনমাফিক পৰিপাটি জীৱনশৈলী, যিয়ে আমাৰ দৈনন্দিন জীৱনকো দি যাব পাৰে বহুমূলীয়া শিক্ষা। তেনে বিশুদ্ধ আনন্দ আমি হয়তো প্ৰায় কমেই লভিছোঁ।
মুখ্য চৰিত্ৰটোক পৰিচালকে সৰু সৰু মুহূৰ্তবোৰৰ জৰিয়তে লাহে লাহে উলিয়াই আনিব খুজিছে, মাজে মাজে কিছু বাৰ্তালাপ আৰু মুখ্য চৰিত্ৰটোৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা বস্তুবোৰৰ জৰিয়তে ই ক্ৰমাত সাৱলীল হৈ পৰে। ক’জি য়াকুশ্বৱে (Kōji Yakusho) অভিনয় কৰা মুখ্য চৰিত্ৰটোৱে হিৰায়ামাৰ জীৱনক তেওঁৰ ভংগীমাৰ জৰিয়তে সুন্দৰভাৱে চিত্ৰিত কৰিছে। খুব প্ৰয়োজনৰ বাহিৰে বাকী সকলো সময়তে তেওঁৰ মুখত কেৱল নীৰৱতা। এক গভীৰ নীৰৱতা।
ছবিখনক মই এতিয়ালৈকে চোৱা শ্ৰেষ্ঠ ছবিৰ শাৰীত ৰাখিব পাৰোঁ, কাৰণ এইটোৱেই যে কিবা মনটো ফৰকাল-ফৰকাল যেন লাগিল৷ অৱশ্যে আজিৰ তাৰিখৰ ব্যৱসায়ধৰ্মী ছবিবোৰৰ প্ৰায় সকলোতেই কেৱল হিংসা আৰু ৰোমাঞ্চহে মূল বিষয়বস্তু হয়।
মুখ্য চৰিত্ৰ হীৰায়ামাৰ মুখত মিঠা হাঁহিটো প্ৰায়ে লাগি থাকে, যদিওবা শৌচাগাৰ পৰিষ্কাৰ কৰে, কামৰ প্ৰতি তেওঁৰ উৎসাহ শলাগিবলগীয়া। মাজতে যদি কোনোৱা ব্যৱহাৰকাৰী আহেও তেওঁ ধৈৰ্য্য সহকাৰে বাহিৰত অপেক্ষা কৰে। বনচাই আৰু ফটোগ্ৰাফীৰ প্ৰতি ৰাপ থকা হীৰায়ামাই চাৰিওফালৰ গছবোৰলৈ লক্ষ্য ৰাখি পাতবোৰৰ ফটো তোলে। তাৰে কিছু ফটো তেওঁৰ মনোপুত হয়, নোহোৱাবোৰ জাবৰ।
ছবিখনত চিত্ৰিত কৰা চৰিত্ৰটো জীৱনৰ বিষয়ে সদায়ে ইতিবাচক! সৰু সৰু মুহূৰ্তবোৰক উপভোগ কৰা, একেখন দৈনন্দিন ৰুটিনক অনুসৰণ কৰাৰ পৰা আদি কৰি একে মাৰ্কাৰ কফি খোৱালৈ। কেনেকৈ যে পাৰিছে? কেনেকৈ যে দেখুৱাইছে? তেনেকুৱা অনুভৱেই মন খেলায়! পিছে মোৰ বোধেৰে এনেকুৱাও হ’ব পাৰে যে আমি সততে জীৱনৰ সৰু সৰু মুহূৰ্তবোৰক গুৰুত্ব নিদিও, আমি সদায়ে ভাল, ডাঙৰ আদিবোৰৰ প্ৰতিহে আকৰ্ষিত আৰু নাপালেই হতাশ হওঁ, মন ভাগে। আমি এনে জীৱনৰ প্ৰতিয়ে অভ্যস্ত, সদায়ে খৰখেদা। সেয়ে মোৰ বিশ্বাস যে আমি আটাইতকৈ বেছি কষ্টও পাওঁ।
পিছে, জীৱনটোক কেতিয়াও একোটা দ জেপেৰে, কোমল বিছনা আৰু এসোপামান বয়-বস্তুৰে জীয়াব নোৱাৰি! লগতে মই এইটো ক’ব খোজা নাই যে টকা-সিকা বা বয়-বস্তু অপ্ৰয়োজনীয়। কিন্তু সৰু সৰু অথচ মূল্যৱান মুহূৰ্তবোৰৰ লগতে তাকৰীয়া বস্তুৰে অনুশোচনা নোহোৱাকৈ জীয়াব পৰা জীৱন এটা সঁচাই কাম্য! ইয়াকেই বুজিলোঁ ‘পাৰফেক্ট ডেইজ’ চোৱাৰ পিছত!