প্ৰযুক্তিত আমি আৰু সময়

লেখক- নৱদীপ শইকীয়া

#মহাকাশত ভাৰতীয়ৰ গগনচুম্বী প্ৰয়াস

সেয়া আছিল ১৯৬১ চনৰ ১২ এপ্ৰিল৷ ইতিহাস ৰচনা কৰি পোনপ্ৰথমবাৰৰ বাবে য়ুৰি গাগাৰিনে ভস্তক মহাকাশ যানখনেৰে ঘণ্টাত প্ৰায় ২৭, ৪০০ কি মি বেগেৰে পৃথিৱীক মহাকাশতে প্ৰদক্ষিণ কৰিছিল৷ তাহানিৰ ছোভিয়েট সংঘৰ বাসিন্দা গাগাৰিনে মহাকাশত প্ৰায় ১০৮ মিনিট সময় আছিল৷ প্ৰায় ছটা দশকৰ অধিক কালৰ পিছত বৰ্তমান ২০২৩ আৰু যোৱা ২১ অক্টোবৰত প্ৰথমবাৰৰ বাবে প্ৰথম ভাৰতীয় মহাকাশ যান এখনে মহাকাশলৈ ভাৰতীয়ক পঠিওৱাৰ সফল প্ৰাৰম্ভিক পৰীক্ষণ সমাপন কৰে৷ অৱশ্যে, আমি বহুতে ভবাৰ দৰে সেয়া মহাকাশলৈ ভাৰতীয় যোৱা নাছিল৷ ২০২৫ চনত হ’বলগীয়া মহাকাশলৈ মানুহ পঠিওৱা অতি জটিল অভিযানটোৰ সফলতা নিৰ্ভৰ কৰিব ভাৰতীয় প্ৰযুক্তিৰ গ্ৰহণযোগ্যতাৰ ওপৰত৷ সেয়েহে মানৱ বিহীন যান এখনেৰে মহাকাশলৈ যোৱাৰ কেইবা লানি পৰীক্ষাৰ প্ৰথমটোহে সমাপন হয়৷ গগনযান নামেৰে অভিহিত এই অভিযানৰ প্ৰথম পৰীক্ষণ আছিল চৰম উৎকণ্ঠাৰে পৰিপূৰ্ণ৷ পূৰ্বে নিৰ্ধাৰিত সময় আছিল ২১ অক্টোবৰৰ পুৱা ৮ বজাত, কিন্তু বেয়া বতৰৰ বাবে উৎক্ষেপন দুবাৰকৈ পিছুৱাব লগা হয়৷ এবাৰ ৮: ৩০ বজাত আৰু তাৰ পিছতে ৮: ৪৫ বজালৈ পিছুৱাব লগা উৎক্ষেপণ কিন্তু মসৃণ নাছিল৷ যেতিয়া সমগ্ৰ দেশবাসীৰ দৃষ্টি নিৱদ্ধ আছিল শ্ৰীহৰিকোটাৰ উৎক্ষেপন স্থলীত সগৌৰৱে থিয় হৈ থকা গগনচুম্বী গগনযানৰ ওপৰত, তেতিয়া পোনপটীয়া সম্প্ৰচাৰৰ পৰ্দাত ভাঁহি আছিল ওলোটাকৈ আগবাঢ়ি থকা ঘড়ীটো৷ কিন্তু উৎক্ষেপনলৈ আৰু মাত্ৰ ৫ ছেকেণ্ড থাকোঁতে সকলোকে আচৰিত কৰি পৰ্দাত ওলোৱা ছবি খনত থকা শব্দটো আছিল HOLD অৰ্থাৎ স্থগিত৷ দেখা গৈছিল গগনযানক কঢ়িয়াই নিব লগীয়া LVM3 ৰকেট বা TVD1 উৎক্ষেপন যানখনৰ তলৰ পৰা নিৰ্গত হৈছিল কিছু ৰঙচুৱা ধোঁৱা৷ যানখনত থকা কম্পিউটাৰে উৎক্ষেপনৰ মাত্ৰ ৫ ছেকেণ্ডৰ আগত ধৰা পেলাইছিল এটি যান্ত্ৰিক আসোঁৱাহ আৰু সকলোৰে আশাত চেঁচাপানী ঢালি গগনযানে উৰি যোৱাৰ পৰিৱৰ্তে উৎক্ষেপন স্থলীত থিয় হৈ ৰৈছিল৷ আৰম্ভ হৈছিল বিজ্ঞানীসকলৰ সেই আসোঁৱাহ দূৰীকৰণ অভিযান৷ প্ৰায় এঘণ্টাৰ পিছতেই, যিকোনো পৰিস্থিতিত হাৰ নমনা ভাৰতীয় বিজ্ঞানীসকলৰ প্ৰচেষ্টাই সকলোকে আচৰিত কৰি ১০ বজাত মহাকাশলৈ বুলি উৰা মাৰে গগনযানে৷
আকাশলৈ বুলি উৰা মৰাৰ ৬১ ছেকেণ্ডৰ পিছতে পৰীক্ষণ যান TVD1 এ ১৪৮০ কি. মি. প্ৰতি ঘণ্টা বেগেৰে গৈ পৃথিৱী পৃষ্ঠৰ পৰা ১১.৯ কি. মি. উচ্চতাত উপনীত হৈছিল৷ সেই সময়তে, পূৰ্ব নিৰ্ধাৰিতভাৱেই ৰকেটটো বন্ধ হয় আৰু ৰকেটটোত থকা যাত্ৰী পলায়ন ব্যৱস্থা (crew escape system)টো আৰম্ভ হয়৷ যাৰ ফলত ৰকেটৰ আগভাগত থকা মহাকাশচাৰীসকল যাবলগীয়া crew module অংশটো যাত্ৰী পলায়ন ব্যৱস্থা সহিতে ৰকেটৰ পৰা স্বয়ংক্ৰিয়ভাৱে পৃথক হয় আৰু বহুদূৰলৈ আঁতৰি যায়৷ প্ৰায় ৩০ ছেকেণ্ডৰ পিছত প্ৰায় ১৭ কিলোমিটাৰ উচ্চতাত যাত্ৰী পলায়ন ব্যৱস্থাটোৰ পৰা crew moduleটো পৃথক হয় আৰু ৰকেটৰ আন আন অংশবোৰৰ সৈতে যাত্ৰী পলায়ন ব্যৱস্থাটো বংগোপ সাগৰৰ ফালে তীব্ৰবেগে সৰি পৰে৷ অৱশ্যে সেইখিনি পুনৰ্ব্যৱহাৰ কৰিব নোৱাৰি৷ আনহাতে, Crew Module অংশটোৱে কেইবাটাও পেৰাচুটৰ সহায়ত সাগৰতীৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ আঁতৰত পৰিকল্পনা কৰাৰ দৰেই বংগোপ সাগৰৰ পানীত পৰি উপঙিবলৈ লয়৷ এই সমগ্ৰ অভিযান আছিল প্ৰায় ৯ মিনিটৰ৷ তাৰপিছতেই বিশেষভাৱে প্ৰশিক্ষিত ভাৰতীয় নৌ সেনাই Crew Moduleটো উদ্ধাৰ কৰে৷ আচলতে এই অভিযান আছিল এক আখৰা৷ এনে কেইবালানি আখৰাৰ পিছতহে ভাৰতীয় মহাকাশচাৰীসকলক লৈ অহা ২০২৫ চনত গগনযান অভিযান সমাপন হ’ব৷ তাৰ পূৰ্বে ব্যোমমিত্ৰ নামৰ এক ৰ’বটেৰে শেষৰটো পৰীক্ষণ চলোৱা হ’ব৷ মানুহক মহাকাশলৈ পঠিওৱাৰ আগতে সাধাৰণতে আন জীৱক মহাকাশ যানত পৰীক্ষণৰ বাবে পঠিওৱা হয়, উদাহৰণ স্বৰূপে লাইকা নামৰ কুকুৰটো৷ কিন্তু ইছৰোৱে আন জীৱৰ ঠাইত ৰ’বট পঠিওৱাৰ পৰিকল্পনাহে কৰিছে৷
যি সকল লোকে যোৱা ২১ অক্টোবৰৰ গগনযান উৎক্ষেপনৰ পোনপটীয়া সম্প্ৰচাৰ চাইছিল, তেওঁলোকৰ মনত নিশ্চয় এটা প্ৰশ্ন আছিল৷ সেইটো হ’ল, ৰকেট উৎক্ষেপনত সাধাৰণতে দেখা বগা ধোঁৱাৰ পৰিৱৰ্তে ৰঙচুৱা ধোঁৱা কিয় উলাইছিল? ৰকেটৰ ধোৱাৰ বৰণ নিৰ্ভৰ কৰে তাত ব্যৱহাৰ কৰা ইন্ধন আৰু জাৰক পদাৰ্থৰ ওপৰত৷ সাধাৰণতে ইন্ধন বা আন যিকোনো বস্তু জ্বলিবলৈ প্ৰয়োজন হয় অক্সিজেনৰ৷ সেয়েহে ৰকেটসমূহত এবিধ ইন্ধন (যি ইঞ্জিনক শক্তিৰ যোগান ধৰে) আৰু এবিধ জ্বলনত সহায়কাৰী জাৰক পদাৰ্থ (যি জ্বলনৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ যোগান ধৰে) ভৰোৱা থাকে৷ যেতিয়া এই ইন্ধন জুলীয়া হাইড্ৰ’জেন হয় আৰু জাৰক পদাৰ্থ বিধ জুলীয়া অক্সিজেন হয়, তেতিয়া ৰকেটৰ ধোৱা বগা হয়৷ আচলতে সেয়া হাইড্ৰ’জেন আৰু অক্সিজেনৰ সংমিশ্ৰণত সৃষ্টি হোৱা জলীয় বাষ্পহে৷ সাধাৰণতে ক্ৰায়’জেনিক ইঞ্জিনত এই ইন্ধন ভৰোৱা হয়৷ একেদৰে ২১ অক্টোবৰৰ ৰঙচুৱা ধোঁৱাৰ কাৰণ হ’ল ৰকেটত ব্যৱহাৰ হোৱা অসমমিত ডাইমিথাইল হাইড্ৰাজিন (UDMH – Unsymmetrical dimethylhydrazine) নামৰ ইন্ধন আৰু জাৰক হিচাপে ব্যৱহৃত ডাই নাইট্ৰ’জেন টেট্ৰ’ক্সাইড (N2O4)ৰ বিক্ৰিয়াত উৎপন্ন হোৱা পদাৰ্থসমূহ৷ সেয়েহে ধোঁৱাৰ ভিন ভিন ৰং দেখিলে আচৰিত হ’বলগীয়া একো নাথাকে, সেয়া সম্পূৰ্ণ নিৰ্ভৰ কৰে ইন্ধন আৰু জাৰক হিচাপে ব্যৱহাৰ কৰা দ্ৰৱ্যৰ ওপৰত৷
গগনযান মূলতঃ এনে এক মহাকাশ অভিযান, যাৰ লক্ষ্য হৈছে পৃথিৱীৰ চাৰিওফালে ৪০০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত তিনিজন ভাৰতীয় মহাকাশচাৰীক তিনিদিনৰ বাবে প্ৰদক্ষিণ কৰাই আনি ভাৰতীয় জলৰাশিত অৱতৰণ কৰা৷ এই অভিযানৰ বাবে আবণ্টিত ধনৰ পৰিমাণ হৈছে প্ৰায় ৯০০০ কোটি টকা৷ এই অভিযানত মহাকাশচাৰী ৰূপে অংশগ্ৰহণ কৰিব লগীয়া চাৰিজন সম্ভাৱ্য, ভাৰতীয় বায়ুসেনাৰ পাইলটে ২০২০ চনতেই ৰাছিয়াৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান ৰছক’ছম’ছৰ তত্ত্বাৱধানত প্ৰশিক্ষণ সমাপ্ত কৰিছে৷ পিছৰ পৰ্যায়ৰ প্ৰশিক্ষণসমূহ ইছৰোৰ বাংগালোৰ স্থিত প্ৰশিক্ষণ কেন্দ্ৰত চলি আছে৷ এই অভিযানৰ মানৱবিহীন পৰ্যায়ৰ দুটা মূল পৰীক্ষণ ইতিমধ্যে সফলভাৱে শেষ হৈছে৷ অন্ততঃ আৰু দুটা পৰ্যায়ৰ মানৱবিহীন পৰীক্ষণৰ পিছতেই ভাৰতীয় মহাকাশ বিজ্ঞানীয়ে অনন্য ইতিহাস ৰচিবলৈ সক্ষম হ’ব৷ ৬০ ৰ দশকত যেতিয়া য়ুৰি গাগাৰিন মহাকাশলৈ গৈছিল, তেতিয়া ভাৰতীয় মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনৰ জন্মই হোৱা নাছিল৷ কিন্তু বিক্ৰম চাৰাভাইৰ সপোনৰ ভাৰতীয় মহাকাশ বিজ্ঞানে আজি মাত্ৰ ছটা দশকতে এনে অভিযানসমূহৰ দ্বাৰা নিজকে বিশ্বৰ দৃষ্টিত এক অন্যতম শ্ৰেষ্ঠ ভাৰতক প্ৰতিষ্ঠা কৰিছে৷ এতিয়া আমি বাট চাম ২০২৫ ৰ সেই দিনটোলৈ, যিদিনা ভাৰতীয় মহাকাশচাৰীয়ে মহাকাশলৈ পোন প্ৰথমবাৰলৈ গৈ পৃথিৱীক প্ৰদক্ষিণ কৰিব আৰু বিশ্বৰ মহাকাশ অভিযানৰ ক্ষেত্ৰখনত ভাৰতৰ নাম সগৌৰৱেৰে খোদিত কৰিব৷

 

ষ্টাৰলিংক: মাস্কৰ মুকুতাৰ মালা

“ইমান ধুনীয়া মুকুতাৰ মালা, ক’ত পালা তুমি দান” – সৰুতে ৰেডিঅ’ত গানটো শুনা মনত পৰে৷ গানটো শুনি বৰ ভাল পাইছিলোঁ৷ গীতিকাৰ, সুৰকাৰ বা গায়ক গৰাকীৰ বিষয়ে একো মনত নাছিল৷ ইণ্টাৰনেট খুচৰি জানিব পাৰিলোঁ, গীতৰ কথা মলিন বৰাৰ, সুৰ কৰিছিল দুৰ্গাপ্ৰসাদ ভূঞাই আৰু গীতত কণ্ঠ নিগৰাইছিল তাৰিকুদ্দিন আহমেদে৷ দূবৰিত লাগি থকা বা ফেহুঁজালিৰ সময়ত মকৰাৰ জালত লাগি থকা নিয়ৰৰ টোপালবোৰৰ মাজেৰে বেলিৰ পোহৰ পাৰহৈ আহোঁতে দেখা পোৱা মুকুতাৰ মালা বৰ ধুনীয়া নহয় নে? গল শুৱনি কৰা মুকুতাৰ মালাও কম ধুনীয়া নহয়৷ অৱশ্যে আজি আমি নিশাৰ আকাশত দেখা এডাল একেই ধুনীয়া মুকুতাৰ মালাৰ কথাহে আলোচনা কৰিবলৈ ওলাইছো৷ এই ডাল বৰ ৰহস্যময় মালা৷ এই মালা ডাল আজিকালি সঘনে ওলাবলৈ লৈছে আৰু বহুতেই সেইডালক ইউ এফ অ’ (UFO = Unidentified Flying Object অচিন উৰণীয়া বস্তু) বুলি উৰা বাতৰিও বিলাই ফুৰিছে৷ UFO মানে বহিৰ্গ্ৰহৰ বস্তু বুলিও আটাহ পাৰি খবৰ বিলাইছে৷ আচলতে সাধাৰণ জনগণৰ মাজত খবৰ বিলাবলৈ যাওঁতে, বিশেষকৈ যিটো বিষয়ত আমাৰ সম্যক জ্ঞান নাথাকে, তেনেকুৱা খবৰ পৰিৱেশন কৰোঁতে আমি সাৱধান হোৱা উচিত৷ খন্তেক সময় খৰচ কৰি অলপ অধ্যয়ন কৰিলেই আজিকালি বহুতো নজনা কথাৰ সম্ভেদ পোৱা যায়৷ শুদ্ধ বাতৰিয়ে জনগণক উৎকণ্ঠিত নকৰে, অৱশ্যে আজিকালি উৎকণ্ঠা অবিহনে যেন বাতৰি বিলোৱা অসাৰ৷
এতিয়া আহোঁ উৎকণ্ঠাৰ কাৰণ বিছাৰি৷ শেহতীয়াকৈ নিশাৰ আকাশত দেখিবলৈ পোৱা মুকুতাৰ মালাৰ দৰে তৰাৰ লানিটো হৈছে একেশাৰীতে গৈ থকা কৃত্ৰিম উপগ্ৰহৰ সমষ্টি৷ UFO বুলি হৈ চৈ লগাবলগীয়া একোৱেই নাই ইয়াত৷ আকাশত কৃত্ৰিম উপগ্ৰহবোৰে বিভিন্ন উদ্দেশ্যেৰে পৃথিৱীক প্ৰদক্ষিণ কৰি থাকে৷ লানি লানি কৈ গৈ থকা এই উপগ্ৰহ কেইটাৰ উদ্দেশ্য হৈছে গোটেই পৃথিৱীতে অতি উন্নতমানৰ দ্ৰুত ইণ্টাৰনেট সেৱা আগবঢ়োৱা৷ সাধাৰণতে যোগাযোগ ব্যৱস্থাৰ লগত জড়িত উপগ্ৰহসমূহ পৃথিৱীৰ পৰা প্ৰায় ৩৬০০০ কিলোমিটাৰ উচ্চতাত থকা ভূ–স্থৈতিক কক্ষপথত থাকে, অৰ্থাৎ যোগাযোগ ব্যৱস্থাৰ বাবে ব্যৱহৃত উপগ্ৰহবোৰক পৃথিৱীৰ কোনো এক ঠাইৰ পৰা সদায় একে ঠাইতে দেখা যায় (উপগ্ৰহৰ কক্ষপথ সম্পৰ্কে আমি পৰৱৰ্তী সময়ত সুকীয়াকৈ আলোচনা কৰিম )৷ তেনেহ’লে এইকেইটা উপগ্ৰহ কিয় একেঠাইতে নেদেখি? কাৰণ এই উপগ্ৰহ কেইটা গড়ে প্ৰায় ৫৫০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত অতি উচ্চ কক্ষীয় বেগেৰে গতি কৰি থাকে৷ এনে কক্ষপথক Low Earth Orbit (LEO) বুলি জনা যায়৷ এই উপগ্ৰহসমূহৰ নাম হৈছে ষ্টাৰ লিংক (Starlink)৷
টেছলা নামৰ বিদ্যুৎশক্তিৰে চালিত বাহন নিৰ্মাতা সংস্থাটোৰ নাম নিশ্চয় শুনিছে৷ ইয়াৰ স্বত্ত্বাধিকাৰী হৈছে এলন ৰিভ্‌ মাস্ক (Elon Reeve Mask)৷ পহিলা ডিচেম্বৰ, ২০২৩ ৰ হিচাপ মতে ২৫৩ বিলিয়ন আমেৰিকান ডলাৰ পৰিমাণৰ ধন–সম্পত্তিৰে বৰ্তমান বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি গৰাকী হৈছে এলন মাস্ক৷ তেওঁৰ মহাকাশ বিজ্ঞান আৰু অভিযান সম্পৰ্কীয় সংস্থাটো হৈছে “স্পেছ এক্স (SpaceX)” বা স্পেছ এক্সপ্ল’ৰেচন টেকন’ল’জিছ ক’ৰ্প’ৰেচন, যিটোৰ প্ৰতিষ্ঠা হৈছিল ২০০২ চনত৷ এই স্পেছ এক্স সংস্থাটোৰেই কৃত্ৰিম উপগ্ৰহ প্ৰণালীৰ নাম হৈছে ষ্টাৰ লিংক বা আমি UFO বুলি ভৱা উপগ্ৰহসমূহ৷ প্ৰচলিত ধাৰণা মতে ভূ – স্থৈতিক উপগ্ৰহেৰে ইণ্টাৰনেট বা যোগাযোগ ব্যৱস্থা সহজ হয়, কাৰণ কোনো একে ঠাইৰ প্ৰেৰক কেন্দ্ৰ বা গ্ৰাহক কেন্দ্ৰ বা গ্ৰাহক যন্ত্ৰই সদায় একে ঠাইৰ পৰা উপগ্ৰহটোৰ লগত প্ৰত্যক্ষ যোগাযোগ পাই থাকে৷ ৩৬০০০ কিলোমিটাৰৰ উচ্চতাত থকাৰ বাবে একো একোটা উপগ্ৰহে পৃথিৱীৰ বিস্তৃত অঞ্চলত সেৱা আগবঢ়াব পাৰে৷ কিন্তু এলন মাস্কৰ দৃষ্টিত এই উপগ্ৰহসমূহ যোগাযোগৰ বাবে উপযুক্ত নহয়৷ কাৰণ, কোনো সংকেত পৃথিৱীৰ পৰা ইমান উচ্চ উচ্চতাৰ উপগ্ৰহলৈ গৈ আকৌ উভতি আহিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন, সেয়েহে এনে উপগ্ৰহসমূহ যিমান পাৰি সিমান কম উচ্চতাৰ কক্ষপথত সংস্থাপিত হ’ব লাগে৷ গতিকে কথা মতেই কাম, স্পেছ এক্সে ২০১৯ চনত প্ৰথম বাৰলৈ ৬০টা উপগ্ৰহ উৎক্ষেপন কৰিছিল আৰু যোৱা ২৮ নৱেম্বৰত শেহতীয়াকৈ পঠিওৱা ২৩টা উপগ্ৰহেৰে বৰ্তমান এই সংখ্যা হৈছেগৈ ৫৫১৪ টা৷ অকল্পনীয় নহয়নে? এই সংখ্যা তেওঁলোকে নিকট ভৱিষ্যতত ১২০০০ লৈ বঢ়োৱাৰ লক্ষ্য লৈছে আৰু সুদূৰ ভৱিষ্যতৰ সৰ্বমুঠ লক্ষ্য ৪২০০০টা ষ্টাৰ লিংক উপগ্ৰহ৷ সাধাৰণ মানুহৰ কল্পনাৰো অগোচৰ এই সংখ্যা৷ আলোকীয় তন্তু বা অপ্টিকেল ফাইবাৰ (Optical Fibre)ৰ সহায়ত যদিও আমি দ্ৰুতবেগী ইণ্টাৰনেট সেৱা পাওঁ, এতিয়াও কিন্তু পৃথিৱীৰ চুকে – কোণে ইণ্টাৰনেট সেৱা উপলব্ধ নহয় বা অতি বেয়া মানৰ লেহেমীয়া ইণ্টাৰনেট সেৱা উপলব্ধ৷ মাস্কৰ লক্ষ্য আছিল পৃথিৱীৰ সকলোৱে কম খৰচতে দ্ৰুত ইণ্টাৰনেট সেৱা যাতে লাভ কৰে৷ আকৌ, যিহেতু ষ্টাৰ লিংক উপগ্ৰহ একোটা যথেষ্ট নিম্ন উচ্চতাত থাকে, সেয়ে তেনে উপগ্ৰহে ভূ–স্থৈতিক উপগ্ৰহৰ দৰে বিশাল ঠাই আগুৰিব নোৱাৰে৷ সেয়েহে এই অকল্পনীয় যেন লগা কামটোত ইমান বেছি সংখ্যক উপগ্ৰহৰ প্ৰয়োজন হ’ব, যাতে বিশ্বৰ সকলো প্ৰান্তকে আগুৰি দ্ৰুত ইণ্টাৰনেট সেৱা আগবঢ়াব পৰা যাব৷ কোনো এক স্থান সাপেক্ষে উপগ্ৰহসমূহ গতি কৰি থকাৰ বাবে পৃথিৱীত থকা প্ৰেৰক বা গ্ৰাহক, কোনো যন্ত্ৰই কোনো এক সময়ত ভূ – স্থৈতিক উপগ্ৰহৰ দৰে নিৰ্দিষ্ট এটা উপগ্ৰহৰ লগত যোগাযোগ নাপাব, কিন্তু এই উপগ্ৰহ লানিৰ ইটোৱে সিটোলৈ সংকেত প্ৰেৰণ কৰি এই অসুবিধা নোহোৱা কৰিব৷ সেয়েহে, ওচৰে ওচৰে থাকিব লগা হোৱাৰ বাবে আমি তলৰ পৰা কেইবাটাও উপগ্ৰহক মুকুতাৰ মালাৰ দৰে লানি লানিকৈ দেখা পাওঁ৷ মাস্কে কোৱাৰ দৰেই, এটা ভূ–স্থৈতিক উপগ্ৰহলৈ সংকেত গৈ উভতি আহিবলৈ সময় লাগে প্ৰায় ২৪০.২ মিলি ছেকেণ্ড, যি সময়ত ষ্টাৰলিংক উপগ্ৰহলৈ ৭০ বাৰ সংকেত অহা যোৱা কৰে, অৰ্থাৎ ৭০ গুণ দ্ৰুত ইণ্টাৰনেট সেৱা৷ কিন্তু এই ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বায়ুমণ্ডলৰ দ্বাৰা উপগ্ৰহসমূহে পোৱা বাধা৷ উপগ্ৰহবোৰ ভূ–পৃষ্ঠৰ যিমানে ওচৰৰ হয়, সিমানে তীব্ৰ হয় এই বাধা আৰু এই বাধা অতিক্ৰম কৰিবলৈ উপগ্ৰহবোৰক কিছুমান থিয়কৈ ৰখা হাংগৰ (Shark Fin)ৰ ফিছাৰ দৰে আকৃতিত সজোৱা হয়, যাতে ধাৰ থকা ফিছাৰ আকৃতিটোৱে বতাহ কাটি আগুৱাই যাব পাৰে৷ গড়ে ৫ বছৰৰ আয়ুস থকা এনে একোটা ষ্টাৰলিংক উপগ্ৰহৰ ভৰ প্ৰায় ২৫০ কেজি, কিন্তু শেহতীয়াকৈ পঠিওৱা উপগ্ৰহসমূহৰ এটাৰ ভৰ প্ৰায় ৮০০ কেজি৷ অৱশ্যে, কেতিয়াবা ভূ–চুম্বকীয় ধুমুহাই এই উপগ্ৰহসমূহৰ অকাল মৃত্যুও ঘটোৱাৰ উদাহৰণ আছে৷ যিমানেই দুৰ্গম নহওক কিয়, পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই এখন বিশেষ ধৰণৰ এণ্টেনাৰ সহায়ত উপভোক্তা এগৰাকীয়ে এই উপগ্ৰহসমূহৰ লগত যোগাযোগ স্থাপন কৰি ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰে৷ যুদ্ধ জৰ্জৰ ইউক্ৰেইনৰ জৰুৰীকালীন অৱস্থাত ষ্টাৰলিংকে সাংঘাতিক সহায় আগবঢ়ায়, যেতিয়া তাত যোগাযোগৰ সকলো মাধ্যম অচল হৈ গৈছিল৷ স্পেছ এক্সৰ ৱেবছাইটত প্ৰকাশিত তথ্য মতে সাগৰ–মহাসাগৰৰ ওপৰতেই হওক বা কোনোবা ভিতৰুৱা ঠায়েই হওক, য’লৈ তাঁৰৰ সহায়ত ইণ্টাৰনেট সেৱা নিব পৰা নাযায়, তেনে ঠাইতো, ন্যূনতম ২০ মিলিছেকেণ্ডৰ ভিতৰতে পাব পৰাকৈ, ১০০ ৰ পৰা ২০০ মেগাবাইট প্ৰতিছেকেণ্ড হাৰত ডাউনল’ড কৰিব পৰাকৈ ইণ্টাৰনেট সেৱা পোৱা যায় আৰু৷ অৱশ্যে আইনী কাৰণত ভাৰতত এই সেৱা এতিয়ালৈকে আৰম্ভ হোৱা নাই, কিন্তু আমি আমাৰ ওপৰেৰে উপগ্ৰহসমূহ পাৰ হৈ যোৱা দেখিয়েই থাকোঁ৷ আকৌ চীন, ৰাছিয়া, উত্তৰ কোৰিয়া আৰু কিউবাত এই সেৱা বিলোৱাৰ কোনো পৰিকল্পনাই হেনো স্পেছ এক্সৰ নাই, যাৰ কাৰণ সহজেই অনুমেয়৷
অৱশ্যে এই উপগ্ৰহসমূহ বহুতৰে বাবে চিন্তাৰ কাৰণ হিচাপে পৰিগণিত হৈছে, লগতে যথেষ্ট সমালোচনাৰো সন্মুখীন হৈছে৷ প্ৰতিটো উপগ্ৰহকে সক্ৰিয় হৈ থাকিবলৈ শক্তিৰ প্ৰয়োজন আৰু এই শক্তিৰ চাহিদা পূৰণ কৰে সৌৰশক্তিয়ে৷ সৌৰশক্তি লাভ কৰিবলৈ সাধাৰণতে উপগ্ৰহসমূহত ডেউকাৰ দৰে এখন বা দুখন সৌৰ ফলক থাকে৷ ষ্টাৰলিংকৰ সৌৰ ফলকসমূহে সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত বেলিৰ পোহৰক প্ৰতিফলিত কৰি পপীয়া তৰাৰ দৰে পোহৰৰ চমকৰ সৃষ্টি কৰে, যাৰ বাবে জ্যোতিৰ্বৈজ্ঞানিক পৰ্যবেক্ষণ বিলাকত যথেষ্ট অসুবিধা হয়৷ স্পেছ এক্সে এই অসুবিধা আতৰাবলৈ চেষ্টা চলাই আছে, যাতে সেই ফলকসমূহৰ পৰা প্ৰতিফলন কম হয়৷ ইয়াৰ উপৰি, মহাকাশত উৰি থকা আন উপগ্ৰহ বা মহাকাশ যান, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ আদিৰ সৈতে ষ্টাৰলিংক উপগ্ৰহ সমূহৰ মুখামুখি সংঘৰ্ষৰ সম্ভাৱনাও আছে, ইতিমধ্যে এনে দুই – এক ঘটনা ঘটিছেও৷ যেতিয়া এই বৃহৎ সংখ্যক উপগ্ৰহ বেয়া হ’বগৈ তেতিয়া, মহাকাশীয় আৱৰ্জনাৰ পৰিমাণো বুজন পৰিমাণে বাঢ়িব৷ এই সমস্যাৰ সমাধান হিচাপে স্পেছ এক্সে ঘোষণা কৰিছে যে, কাৰ্যকাল শেষ হোৱাৰ পিছত প্ৰতিটো বিকল উপগ্ৰহক পৃথিৱীৰ ফালে নমাই অনা হ’ব আৰু বায়ুমণ্ডলত সেইবোৰ জ্বলি শেষ যাব৷ কিন্তু এই কামে আন এটা সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইটো হৈছে এনে বুজন সংখ্যক উপগ্ৰহ জ্বলি যোৱাৰ ফলত সৃষ্টি হ’ব লগীয়া গেছীয় আৱৰ্জনা বা অৱশেষসমূহে বায়ুমণ্ডলৰ ৰাসায়নিক সংযুতি সলনি কৰিব আৰু ই পৃথিৱীত অনাকাংক্ষিত প্ৰভাৱ পেলাব পাৰে৷ ২০২১ চনৰ মে’ মাহত ছাইণ্টিফিক ৰিপ’ৰ্টছ নামৰ এখন পত্ৰিকাত প্ৰকাশিত, কানাডাৰ গৱেষক এৰ’ন ব’লিৰ এখন গৱেষণা পত্ৰৰ মতে উপগ্ৰহসমূহ তৈয়াৰ কৰা এলুমিনিয়াম জ্বলাৰ ফলত সৃষ্টি হ’ব লগীয়া এলুমিনিয়াম অক্সাইডে অজ’ন স্তৰৰ অৱক্ষয় ঘটাব আৰু ইয়াৰ পৰিণাম কি আমি সকলোৱে জানো৷ বিশ্বৰ আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানসমূহে এই ক্ষেত্ৰত অধিক গৱেষণাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰিছে৷ যিদৰে আমি প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে জানিও, সদায়েই ব্যৱহাৰ কৰি আছো আৰু যাৰ ফলত সাগৰ–মহাসাগৰৰ প্লাষ্টিক প্ৰদূষণ এটা ডাঙৰ সমস্যা ৰূপে দেখা দিছে, সেই একেদৰে বায়ুমণ্ডলৰ ওপৰৰ স্তৰ সমূহৰ প্ৰদূষণেও অনাগত দিনত অকল্পনীয় সমস্যাৰ সৃষ্টি কৰিব বুলি বিজ্ঞানীসকলে মত পোষণ কৰিছে৷
ইতিমধ্যে এই আলোচনাৰ পৰা অনুমান কৰিছে যে, ষ্টাৰলিংক কি? নিশাৰ আকাশত দেখা লানি লানি তৰাবোৰ প্ৰকৃততে এলন মাস্কৰ উপগ্ৰহ কেইটাৰ বাহিৰে একো নহয়৷ শেহতীয়াকৈ আমি দেখিবলৈ পাইছো যে, সামাজিক মাধ্যমৰ প্ৰসাৰৰ লগে লগে সঁচাই হওক বা মিছাই হওক, চাঞ্চল্যকৰ বা অলৌকিক জাতীয় কথাবোৰ সহজে বিয়পি পৰে৷ আমি কাল্পনিক কথাবোৰ অতিৰঞ্জিত কৰি প্ৰচাৰ কৰি ভাল পাওঁ, এইটো আগতে আমাৰ সমাজত দুই এজনৰ আছিল৷ আমাৰ ওচৰে পাজৰে এনে ব্যক্তিক লগ পাওঁ, যি বহুতো মনে সজা কাহিনী কৈ ফুৰে৷ কিন্তু এই গুণটো যদি বাতৰি পৰিৱেশনকাৰীসকললৈ বিয়পে, তেন্তে সি সমাজত অনাহক চাঞ্চল্য বিয়পায়, অন্ধবিশ্বাস বিয়পায়, অল্পবিদ্যাৰ পৰিৱেশৰ সৃষ্টিও কৰে আৰু আমি জানো যে অল্পবিদ্যা কিমান ভয়ংকৰ৷ সেয়েহে বাতৰি পৰিৱেশন কৰোঁতা সকলে সামাজিক দায়ৱদ্ধতাটোক অনুভৱ কৰি এনেধৰণৰ বাতৰি বিলোৱাৰ আগতে কোনোবা বিজ্ঞজনৰ পৰামৰ্শ বা মত যাতে লয়, সেয়া আমাৰ কাম্য৷ সামাজিক মাধ্যম বা বৈদ্যুতীন মাধ্যমত চাঞ্চল্যই যথেষ্ট দৰ্শক গোটায়, যিটোৱে আৰ্থিক লাভালাভত সহায় কৰে, সেয়া সকলোৱে বুজি পায়৷ কিন্তু তাৰ স্বাৰ্থত অৰ্ধসত্য, অপবিজ্ঞান, মনে সজা কাহিনী, দুই এখন অতিৰঞ্জিত চিত্ৰৰ প্ৰচাৰে আনক নহ’লেও ভৱিষ্যত প্ৰজন্মক ভুল তথ্যৰ যোগান ধৰিব৷ বাতৰিত প্ৰকাশ পোৱাৰ লগে লগেই সাধাৰণ লোকে তাৰ সত্যাসত্য বিচাৰ নকৰে আৰু বিশ্বাস কৰে, কাৰণ যিটো প্ৰত্যয়েৰে বাতৰি পৰিৱেশন হয়, সহজতে বিশ্বাস কৰাটো স্বাভাৱিক৷ বাতৰি কাকতৰ জনপ্ৰিয়তালৈ চাই, এই কথাখিনিও কেইজনে পঢ়িব সেয়াও সহজে অনুমেয়৷ কিন্তু যদিহে কোনোবা বাতৰি পৰিৱেশনৰ লগত জড়িত ব্যক্তিয়ে এইখিনি পঢ়ে, তেন্তে তেখেতে অলপ ধৈৰ্যৰে বিচাৰ কৰিলে মাস্কৰ মুকুতাৰ মাল ডাল যে ইউ এফ অ’ নহয় সহজেই অনুমান কৰিব পাৰিব ৷ সন্দেহত থকা পাঠক সমাজেও নিশ্চয় অনুমান কৰিব পাৰিলে ইউ এফ অ’ৰ কাহিনী৷ লগতে জে্যষ্ঠজনৰ মাধ্যমেৰে নৱপ্ৰজন্ময়ো যদি এইখিনি বুজি পায়, তেন্তে লেখকৰ শ্ৰম সাৰ্থক হ’ব৷

#প্ৰযুক্তিয়ে দিয়া ভেকুলীৰ বিয়াখন

নামটো পঢ়ি নিশ্চয় ভাৱিছে যে কিবা এখন উচ্চ প্ৰযুক্তি সম্পন্ন ভেকুলীৰ বিয়াৰ কথা আছে নেকি বাৰু ইয়াত! অসমীয়া সমাজত ভেকুলী বিয়া এটা প্ৰচলিত ধাৰণা, হয়তো এক প্ৰকাৰৰ অন্ধবিশ্বাস৷ অতিমাত্ৰা খৰাং বা কেইবাদিনো বৰষুণ নিদিয়াকৈ থাকিলে এটোপাল বৰষুণৰ আশাত অসমীয়া সমাজত ভেকুলী বিয়া পতাৰ প্ৰথা এটা আছে বা আছিল বা হয়তো ভৱিষ্যতলেও থাকি যাব কোনো কোনো ঠাইত৷ অৱশ্যে আজিলৈকে সেইখন বিয়াৰ চাক্ষুস অভিজ্ঞতা নাই৷ সেইখন বিয়াই আমি বিছৰা ধৰণে বৰষুণ দিয়াব পাৰিছে নে নাই নাজানো৷ হয়তো নাই পৰা, নোৱাৰাৰ সম্ভাৱনাই বেছি বা একেবাৰে ডাঠি ক’ব পাৰি নোৱাৰে, কাৰণ বৰষুণ দিয়াতো মানুহে পতা ভেকুলী বিয়াৰ ওপৰত নিৰ্ভৰ নকৰে, বা ভেকুলীয়ে বিয়াৰ অৰ্থ বুজি পায় জানো? বৰষুণ বা বৰফ পৰা ঘটনাটো আমি সকলোৱে শুনা বা জনা জলচক্ৰ নামৰ প্ৰক্ৰিয়াটোৰ অংশ৷ ভেকুলীৰ বিয়া আমাৰ সমাজৰ এটা ধেমেলীয়া অন্ধবিশ্বাস৷ আমি সেইটো কৰি ফুৰ্টিও পাওঁ৷ কেতিয়াবা ভেকুলীৰ বিয়া আৰু বৰষুণ কাকতালীয়ভাৱে মিলিহে যায়৷ কিন্তু সেয়া যিয়েই নহওক কিয়, খৰাঙৰ বাহিৰেও আজিৰ সময়ত আমাক আমাৰ ইচ্ছা বা প্ৰয়োজন অনুযায়ী বৰষুণ লগা হয়৷ যেন, “ইচ্ছা বৰষুণ”, কেতিয়াবা বৰষুণ জাক লাগে বা কেতিয়াবা নালাগে৷ উদাহৰণস্বৰূপে, ডুবাই, আবুধাবি বা সংযুক্ত আৰৱ এমিৰেটছৰ বিভিন্ন ঠাইত এনে বৰষুণৰ প্ৰয়োজন হয়৷ উপকূলীয় অঞ্চলৰ বাহিৰে সেই দেশৰ অধিকাংশ ঠাইৰে জলবায়ু অত্যন্ত শুকান৷ বছৰটোত বৰষুণ নহয় বুলিবই পাৰি৷ কিন্তু উদ্যোগীকৰণৰ ফলত হোৱা প্ৰদূষণ, জনসংখ্যাৰ বৃদ্ধি আৰু ভূগৰ্ভস্থ জলভাণ্ডাৰৰ পৰিমাণ কমি যোৱাত পানীৰ অভাৱগ্ৰস্ততা বা “জল সুৰক্ষা” ৰ সমস্যাৰ সৃষ্টি হয়৷ সেয়েহে তেওঁলোকক “ইচ্ছা বৰষুণ” বা “কৃত্ৰিম বৰষুণ”ৰ প্ৰয়োজন হৈছে৷ এই প্ৰয়োজন তেওঁলোকে ইতিমধ্যে প্ৰযুক্তিৰ সহায়ত পূৰাইছে৷ ২০১১ চনৰ, বাৰিষাৰ বতৰত ইংলেণ্ডৰ ৰাজ পৰিয়ালৰ এখন বিয়াত যাতে বৰষুণ নিদিয়ে, তাৰ বাবে আকৌ বৰষুণ ৰখাই থোৱাৰ ব্যৱস্থাও কৰা হৈছিল৷ ২০০৮ চনৰ বেইজিং অলিম্পিকৰ সময়ত বৰষুণে যাতে বিধি পথালি নিদিয়ে, তাৰ বাবে চীনৰ চৰকাৰে বৰষুণ ৰখাই থোৱাৰ কৃত্ৰিম ব্যৱস্থা কৰিছিল৷ এই কৃত্ৰিম বৰষুণৰ ইতিহাস ইয়াতকৈও পুৰণি৷ বিংশ শতিকাৰ ত্ৰিশৰ দশকৰ উদাহৰণো পোৱা যায়৷ কিন্তু শেহতীয়াভাৱে এই কৃত্ৰিম বৰষুণৰ যো জা ভাৰততো চলিছে, সেইটোহে একপ্ৰকাৰ চিন্তাৰ বিষয়৷
কৃত্ৰিম বৰষুণৰ প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰাৰ আগতে বৰষুণ হোৱাৰ প্ৰাকৃতিক পদ্ধতিটোৰ বিষয়ে অলপ মনত পেলাই লওঁ৷ আমাৰ চৌপাশৰ জলাশয়বোৰৰ পানী সূৰ্যৰ তাপত ভাপ হয় অৰ্থাৎ পানী জুলীয়াৰ পৰা গেছীয় অৱস্থালৈ সলনি হয়৷ গেছীয় হোৱাৰ লগে লগে পাতল হয়, মানে জুলীয়া অৱস্থাত পানীৰ কণিকাবোৰ ইটোৱে সিটোৰ কাষত ঘনকৈ থাকে কিন্তু গেছীয় হোৱাৰ লগে লগে কণিকাবোৰৰ মাজৰ ব্যৱধান কমি আহে বা পানী পাতল হয়৷ ফলত আকাশৰ ফালে উৰিবলৈ লয়৷ কিন্তু ওপৰলৈ গৈ থাকোঁতে সেই পানীৰ ভাপসমূহ ঠাণ্ডা হ’বলৈ লয়৷ ঠাণ্ডা হোৱাৰ লগে লগেই ভাপৰ ঘণীভৱণ হয় মানে ভাপৰ কণিকাবোৰ আকৌ কাষ চাপিবলৈ লয়৷ তেনেতে বায়ুমণ্ডলত থকা ধূলি বা আন গোটা কণিকাৰ গাত লাগিবলৈ ধৰে, যেনেকৈ দূবৰিৰ গাত লাগি পানীৰ টোপাল হয়গৈ৷ আকাশৰ এই ঘণীভূত ভাপসমূহেই ডাৱৰ৷ শীতকালত এটা কথা নিশ্চয় মন কৰিছে৷ আবেলি বা সন্ধিয়া বগা পাতল ধোঁৱাৰ দৰে হিম পৰে৷ লাহে লাহে সেই বোৰ বাহিৰত থকা বস্তুত লাগে৷ কাপোৰত লাগিলে কাপোৰ সেমেকে, কিন্তু নিতিতে৷ বাইক–চাইকেলৰ ছিট বা বহা আসনত মোহাৰি দিলে হাতত পানী লাগি আহে৷ সময় বাগৰি যোৱাৰ লগে লগে ঘৰৰ টিংৰ তলত সেইবোৰেই পানীৰ টোপাললৈ সলনি হয় আৰু টোপ টোপ কৈ পৰিবলৈ লয়৷ কিন্তু প্ৰথমেই তেনেকৈ নপৰে কিয়? কাৰণ তললৈ সৰি পৰিব পৰাকৈ পৰ্যাপ্ত পানীৰ কণিকা সেইঠাইত ঘণীভূত হোৱা নাছিল, নহয়নে! আকাশতে একেদৰে ডাৱৰ সৃষ্টি হ’ল বুলিয়েই বৰষুণ নহয়৷ বৰষুণ হ’ব পৰাকৈ যথেষ্ট পৰিমাণৰ ভাপ জমা হ’ব লাগিব, তেতিয়াহে বৰষুণ দিব আৰু প্ৰকৃতিৰ জলচক্ৰটো সম্পূৰ্ণ হ’ব৷ এইখিনিতে প্ৰযুক্তিয়ে এটা সুযোগ পায়৷ যদি আগৰে পৰাই অলপ ডাৱৰ কোনো ঠাইৰ ওপৰৰ আকাশত আছে, কিন্তু বৰষুণ দিব পৰাকৈ অপৰ্যাপ্ত, তেন্তে প্ৰযুক্তিয়ে সেই ডাৱৰক বৰষুণ দিব পৰা ডাৱৰলৈ সলনি কৰিব পাৰে৷ এই প্ৰযুক্তিয়েই হৈছে কৃত্ৰিম বৰষুণৰ প্ৰযুক্তি বা ক্লাউদ ছিডিং (Cloud Seeding)৷
ইতিমধ্যে আমি অনুমান কৰিছো যে ক্লাউড ছিদিং হৈছে বতৰ সলনি কৰা এটা বৈজ্ঞানিক প্ৰক্ৰিয়া, যাৰ দ্বাৰা বৰষুণ দিব পৰা ডাৱৰ সৃষ্টি কৰিব পাৰি আৰু অৱশেষত বৰষুণ হয়৷ তেন্তে কেনেকৈনো বৰষুণ দিব পৰা ডাৱৰৰ সৃষ্টি কৰিব পাৰি৷ ইয়াৰ বাবে আকাশত আগৰ পৰাই ডাৱৰ বা পৰ্যাপ্ত জলীয় বাষ্প থকা প্ৰয়োজন৷ কেতিয়াবা কেলছিয়াম অক্সাইড, ইউৰিয়া আৰু এম’নিয়াম নাইট্ৰেটৰ যৌগ বা কেলছিয়াম কাৰ্বনেট আদি ব্যৱহাৰ কৰি কম ঘণীভূত বাষ্প ঘনীভূত হোৱাত সহায় কৰি ডাৱৰ সৃষ্টি কৰি লোৱা হয়৷ এনেদৰে ঘণীভূত হোৱা বা আগৰে পৰা থকা ডাৱৰত ছিলভাৰ আয়’ডাইড বা ছিলভাৰ ক্ল’ৰাইডৰ দৰে নিমখৰ গুড়ি চটিওৱা হয়৷ খোৱা নিমখ বা শুকান বৰফ (শুকান বৰফ মানে আমি দেখা বৰফ নহয়, ই হৈছে গোট মাৰি থকা কাৰ্বন ডাই অক্সাইড গেছ) ৰ প্ৰয়োগো যথেষ্ট জনপ্ৰিয় আৰু কম খৰচী৷ নিশ্চয় এইবোৰ কেনেকৈ চটিয়াই বুলি প্ৰশ্ন হৈছে নহয়নে? উত্তৰ তেনেই সহজ, তলৰ পৰা কোনোবা সৰু ৰকেটৰ সহায়ত ডাৱৰৰ ফালে মাৰি পঠিয়ায় বা বিমানেৰে ডাৱৰৰ ওপৰত চটিয়ায় এই কাম কৰা হয়৷ এই শুকান বৰফ বা ছিলভাৰৰ যৌগ সমূহ ডাৱৰত চটিয়ালে কি লাভ হয় বাৰু? ছিলভাৰ ব্ৰ’মাইড বা ছিলভাৰ ক্ল’ৰাইডৰ কণিকাবোৰৰ গঠন বৰষুণ দিব পৰা ডাৱৰত প্ৰাকৃতিকভাৱে থকা বৰফৰ কণিকাৰ গঠনৰ সৈতে প্ৰায় মিলে৷ সেয়েহে এই যৌগৰ কণিকাবোৰে বৰষুণৰ টোপালৰ কেন্দ্ৰ বা আধাৰ হিচাপে কাম কৰে৷ মানে, এই কণিকাবোৰ ডাৱৰৰ মাজত সোমোৱাৰ লগে ঠাণ্ডা জলীয় বাষ্পৰ কণিকাবোৰ ইহঁতৰ গাত লাগিবলৈ ধৰে, যিদৰে ধূলিকণাত লাগি ধৰে, অধিক ঘণীভূত হয়, থিক অলপ আগতে কোৱা দূবৰিত লগা নিয়ৰৰ টোপাল বা টিঙৰ তলত সৃষ্টি হোৱা টোপালবোৰৰ দৰেই৷ শুকান বৰফেও একেদৰে অধিক ঘণীভূত হোৱাত সহায় কৰে৷ এতিয়া নিশ্চয় অনুমান কৰিছে যে, ঘণীভৱণ অধিক হোৱাৰ ফলত পানীৰ টোপালৰ সৃষ্টি হয় আৰু পৰ্যাপ্তভাৱে গধুৰ হোৱাৰ লগে লগেই বৰষুণ হিচাপে তললৈ সৰি পৰে৷ অৰ্থাৎ এই ৰাসায়নিক যৌগ বোৰে বৰষুণ হোৱা প্ৰক্ৰিয়াটো খৰতকীয়া কৰি দিয়ে বা নোহোৱা বৰষুণ হোৱাই দিয়ে, যেন বৰষুণৰ অনুঘটকহে৷
ভাৰতত সাধাৰণতে খৰাং নহয়৷ তেন্তে কৃত্ৰিম বৰষুণৰ প্ৰয়োজনীয়তা কি? আমি ভাৰতীয়ই পৰম্পৰা ৰক্ষাৰ নামত পোহৰৰ উৎসৱ দীপাৱলীক বাৰুদৰ উৎসৱলৈ ৰূপান্তৰিত কৰিছো৷ অসমীয়া বিয়াত ফটকা ফুটোৱাৰ ইতিহাস কিমান শতিকা পুৰণি সেয়া লেখকৰ জ্ঞাত নহয়৷ ঢোল–তালৰ মাতত দৰা আদৰে বুলিহে পৰম্পৰাগতভাৱে দেখিছোঁ৷ দেৱালীত চাকি জ্বলোৱা হয়৷ এই উৎসৱ উদযাপনৰ ইতিহাসত অযোধ্যাবাসীয়ে ৰামক আদৰিবলৈ ফটকা ফুটাইছিল বুলি ক’ৰবাত লিখা আছে যদি বিছাৰি পঢ়িব লাগিব৷ খেল এখন জিকিলেও ফটকা ফুটোৱা হয়৷ পৰিৱেশ ৰক্ষাৰ বিধেয়ক বনোৱা মন্ত্ৰী–বিধায়কেও নিৰ্বাচন জিকিলে ফটকা ফুটায়৷ মুঠতে আমি ভাৰতীয়ই ধোঁৱাৰ অবিহনে ফুৰ্টি কৰিব নোৱাৰোঁ৷ অতীতৰ কথা বাদ দিলেও, বৰ্তমান আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এক বহনক্ষম পৰিৱেশ বা পৃথিৱী উপহাৰ দিয়াৰ কথা চিন্তা কৰাৰ সময় হ’ল৷ যান–বাহন, কল–কাৰখানা আছেই৷ এনে কথাবোৰ ক’লে বা লিখিলে বহু শিক্ষিত আৰু সংস্কৃতি, পৰম্পৰা ৰক্ষাৰ গুৰু দায়িত্ব শিৰোধাৰ্য কৰি থকা স্বয়ম্ভূ বিষাৰদে কয় যে কেৱল দেৱালীৰ দিনা ফটকা ফুটোৱাটোহে সমস্যা কৰে নে? কিয় কৰে জানে নে, সেয়া হৈছে দেৱালীৰ দুদিনত এশ চল্লিশ কোটি ভাৰতীয়ৰ অধিকাংশই পৰম্পৰাৰ নামত কোটি কোটি টকাৰ আতচবাজীৰে পৰিৱেশত বিশাক্ত প্ৰদূষক গেছৰ সমাহৰ কৰে৷ কেতিয়াবা ক’ৰবাত এদিন কৰিলে সিমান চিন্তনীয় প্ৰদূষণ নহয়৷ সমাজৰ শিশুৰ পৰা আৰম্ভ কৰি সকলোৱেই পৰোক্ষ ভাৱে ধূম্ৰপান কৰে সেই দুদিনত৷ বায়ুৰ গুণগত সূচ্যাংক (Air Quality Index) সাংঘাতিক ধৰণে সলনি হয়৷ দেশৰ ৰাজধানী দিল্লীৰ দেৱালীৰ দুদিনৰ এই সূচ্যাংক আছিল সৰ্বোচ্চ ৮৪৯, অৰ্থাৎ অতিশয় শোচনীয়৷ এই লেখা প্ৰস্তুত কৰা সময়ত লেখকৰ নিজ ঠাইৰ সূচ্যাংক ২২, তেন্তে অনুমান কৰক ৰাজধানী অঞ্চলৰ অৱস্থা কেনে ধৰণে শোচনীয়৷ আচলতে দিল্লীৰ সূচ্যাংক মতে সেয়া মানুহৰ বসতিৰ বাবে একেবাৰেই অনুপযোগী৷ একে বাটেৰে আমাৰ গুৱাহাটী বা অন্যান্য ঠাই সমূহো গৈ আছে, আমি নি আছো৷ যেতিয়া বায়ুত প্ৰদূষকৰ মাত্ৰা বাঢ়ি যায়, তেতিয়া বৰষুণে সেই প্ৰদূষকসমূহ নোহোৱা কৰাত আটাইতকৈ বেছি সহায় কৰে৷ আমি খুব ধূলি হ’লে যিদৰে বৰষুণ এজাকৰ আশা কৰোঁ, সেই একেদৰেই বৰষুণে বায়ুৰ প্ৰদূষকবোৰক দ্ৰৱীভূত কৰি বোৱাই নিয়ে, অৱশ্যে জলাশয়ৰ পানীবোৰ প্ৰদূষিত হয়৷ কিন্তু বায়ু সেৱনৰ উপযোগী হয়৷ সেয়েহে দিল্লীত শেহতীয়াভাৱে কৃত্ৰিম বৰষুণৰ প্ৰয়োজন হৈছে৷
দিল্লী চৰকাৰে এই সন্দৰ্ভত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ (IIT Kanpur)ৰ সৈতে ইতিমধ্যে যোগাযোগ কৰিছে৷ কানপুৰ আই আই টিৰ বিজ্ঞানীসকলে যোৱা ২০ আৰু ২১ নৱেম্বৰত দুটা পৰ্যায়ত কৰিবলৈ পৰিকল্পনা কৰা কৃত্ৰিম বৰষুণৰ অভিযানৰ বাবে প্ৰতি বৰ্গ কিলোমিটাৰৰ প্ৰাকল্পিক খৰচ হ’ব এক লাখ টকা আৰু মুঠ খৰচ প্ৰায় ১৩ কোটি টকা৷ আচৰ্যকৰ নহয়নে, ফটকা ফুটাই প্ৰদূষণ কৰোঁতে সমূহীয়াকৈ কোটি টকাৰ খৰচ আৰু পৰিষ্কাৰ কৰাৰ বাবেও কোটি কোটি টকাৰ খৰচ৷ স্বাস্থ্যজনিত সমস্যাবোৰ আছেই৷ এইয়াই হৈছে আমাৰ শিক্ষাৰ দ্বাৰা আৰ্জিত জ্ঞানৰ মানদণ্ড৷ অৱশ্যে নিৰ্ধাৰিত তাৰিখত কৃত্ৰিম বৰষুণ কৰিব পৰা নগ’ল, কাৰণ আগতে উল্লেখ কৰাৰ দৰে দিল্লীৰ আকাশত পৰ্যাপ্ত আৰু উপযুক্ত ডাৱৰৰ অনুপস্থিতি৷ আকৌ দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ইমানেই বেছি যে, এই বৰষুণে হেনো মাত্ৰ এসপ্তাহৰ বাবেহে সকাহ দিলে হেতেন৷ অতিশয় চিন্তনীয়, নহয় নে? দিল্লীৰ এই প্ৰদূষণৰ আন এটা মূল কাৰণ হৈছে খেৰ আৰু নৰা জ্বলোৱা কাৰ্য৷ দিল্লী আৰু ইয়াৰ চৌপাশৰ পঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ খেতি চপোৱাৰ পিছত সৃষ্টি হোৱা খেৰ আৰু নৰা সমূহ জলাই পেলোৱা হয়, যাতে কৃষিভূমি সমূহ পিছৰ পৰ্যায়ৰ খেতিৰ বাবে সাজু হয়৷ ইয়াৰ ফলত চিন্তনীয় পৰিমাণৰ খেৰৰ ছাইৰ গুড়ি আৰু ধোঁৱাই দিল্লীৰ বায়ুমণ্ডল প্ৰদূষিত কৰে৷ তাৰ পিছতেই আমি ভূতৰ ওপৰত দানহৰ দৰে আতচবাজীৰ ধোঁৱাৰে আৰু যোগ দিওঁ৷ ন্যায়ালয়ৰ নিৰ্দেশ, প্ৰশাসনৰ নিৰ্দেশ কাগজতেই থাকি যায়৷ সমাজৰ গণ্যমান্যসকলেও আতচবাজী কৰাৰ চিত্ৰৰে সকলোকে শুভেচ্ছা দিয়ে৷ আমি আজিয়েই যদি চিন্তা নকৰোঁ, তেন্তে বহনক্ষম ভৱিষ্যৎ এটা আমাৰ পিছৰ প্ৰজন্মক দিব নোৱাৰিম আৰু প্ৰযুক্তিয়ে দিয়া এই ভেকুলীৰ বিয়াখন অনাগত সময়ত সঘনে পাতিব লগাত পৰিম৷ এই বিয়াত অৰ্থাৎ কৃত্ৰিম বৰষুণত ব্যৱহাৰ হোৱা ছিলভাৰ আয়’ডাইড এবিধ বিষাক্ত দ্ৰৱ্য৷ ইয়াৰ ব্যৱহাৰে জলাশয়বোৰৰ পানী জলজ জীৱৰ বাবে অনুপযুক্ত কৰি তুলিব পাৰে, খেতি–বাতিৰ মাটিও প্ৰদূষিত কৰিব পাৰে বা অজ’ন ছিদ্ৰ হোৱাত অৰিহণা যোগায় বুলিও গৱেষণাত প্ৰকাশ পাইছে৷ অৱশ্যে কৃত্ৰিম বৰষুণৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে এতিয়াও জানিবলৈ বাকী আছে৷ কিন্তু, এনে হ’বও পাৰে যে এঠাইত কৃত্ৰিমভাৱে বৰষুণ দিয়ালে কাষৰীয়া আন ঠাইত বৰষুণ নহ’বও পাৰে৷ মুঠতে ই পাৰিপাৰ্শ্বিক ভাৰসাম্য নোহোৱা কৰিব পাৰে৷ ই প্ৰদূষণৰ ক্ষন্তেকীয়া সমাধান হে, স্থায়ী সমাধান নহয়৷ স্থায়ী সমাধান আমাৰ বিবেকত আছে, আমাৰ কাৰ্যত আছে৷ যিদৰে অন্ধবিশ্বাসৰ ভেকুলী বিয়াখন আমাৰ বাবে অযুক্তিকৰ, সেইদৰে প্ৰযুক্তিয়ে দিয়া ভেকুলী বিয়াখনো আমাৰ বাবে ক্ষতিকাৰক৷ আমাক এই দুইখনৰ এখনো নালাগে, প্ৰকৃতিয়ে নিজ গতিত সকলো কৰক৷ আমি প্ৰকৃতিক সলাবলৈ চেষ্টা নকৰাই ভাল, বা তেনে পৰিস্থিতিৰ সৃষ্টি নকৰাই ভাল৷ আমাক লাগে মাথোঁ এক বহনক্ষম ভৱিষ্যত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!