পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা (অচিন্ত বৰঠাকুৰ)
পৰিষ্কাৰ পৰিচ্ছন্নতাই ঈশ্বৰ পৰায়ণতা
অচিন্ত বৰঠাকুৰ
(১)
পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সৈতে মোৰ জীৱনৰ এক এৰাব নোৱাৰা সম্পৰ্ক আছে । জন্ম হৈ চকু মেলিবলৈ পোৱাৰ আগতেই মোক উদ্দেশ্য কৰি পাকঘৰৰ বাচনৰ শব্দ বা ঢেঁকীশালৰ ঢেঁকীৰ শব্দৰ লগতে ধান-চাউল জৰা বা চোঁতাল সৰাৰ শব্দ শুনাই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগত মোক চিনাকি কৰাই দিয়া হয় । জীৱনৰ সেই ব্ৰহ্মমুহূৰ্তৰ পৰাই মানুহে মোৰ ওপৰত সমগ্ৰ পৃথিৱীক পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ দায়িত্ব দিব লৈ আৰম্ভ কৰি দিয়ে, যাক মই আমৃত্যু পালন কৰি যাব লাগিব । মা-দেউতাৰ লগত থাকি ডাঙৰ দীঘল হওঁতে সেইখন ঘৰত প্ৰতিটো ক্ষণতে খণ্ড-খণ্ডকৈ মোক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিশাল পাঠ শিকোৱা হয় । সময় বাগৰি যায়, মোৰো নাম-পদমৰ্যাদা সলনি হয়, জীয়াৰীৰ পৰা বোৱাৰী ৰূপ লৈ এখন ঘৰৰ পৰা আন এখন ঘৰলৈ স্থানান্তৰিত হ’ব লগা হয়, কামৰ পৰিসৰৰ হীন-দেড়ি ঘটে, কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সেই দায়িত্বই মোৰ লগ এৰি নাযায়, বৰঞ্চ অধিক গুৰুতৰ হৈ মোক খামোচ মাৰিহে ধৰে ।
হয়, ময়েই নাৰী । মানুহে মোক অৰ্ধ-আকাশ বুলি কয়, পুৰুষে কয় মই তেওঁৰ অৰ্ধাংগিনী । কিন্তু দৰাচলতে সেয়া মোক তেওঁলোকে দিয়া এক আক্ষৰিক মৰ্যাদাৰ বাদে আন একো নহয় । মৰ্ত্যত থকা মোৰ সৰু ঘৰখনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি নজৰ দি থাকোঁতেই আকাশৰ ফালে মূৰ তুলি চাবলৈ মোৰ সময়েই নহয়গৈ! আকাশৰ কেৱল আধা অংশহে মোৰ বুলি খুটি পুটি বহিলে বাকী আধা অংশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্বনো কোনে ল’ব ? আৰু সেই আধা অংশটো যদি কলীয়া ডাৱৰেই আগুৰি থাকে, সম্পূৰ্ণ আকাশখনৰ সৌন্দৰ্যনো ক’ত থাকিব! পতিদেৱৰ অৰ্ধাঙ্গিনী হিচাপে ঘৰখনৰ কেৱল অৰ্ধাংশ পৰিষ্কাৰ কৰি সামৰি থ’লে বাকী অংশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা তেওঁ যে কেতিয়াও চম্ভালিব নোৱাৰে, সেয়া মই ভালকৈয়ে জানো দেখোন! হয়তো মোৰ মাতৃগৃহত মোৰ ভ্ৰাতৃসকলৰ ক্ষেত্ৰত মোৰ মা-দেউতাই কৰাৰ দৰে সৰুৰে পৰা তেওঁকো তেওঁৰ অভিভাৱক সকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কোনো পাঠেই নিশিকালে, নতুবা মোৰ দৰে তেওঁৰ মাতৃ বা ভগ্নীসকলে এনেবোৰ কাম নিজে কান্ধ পাতি লৈ তেওঁক এই কামসমূহ শিকাৰ পৰা আঁতৰাই ৰাখিলে! গতিকে, সাতে-সোতৰই মিলাই কেৱল অৰ্ধ-আকাশ বা অৰ্ধ-অংগই নহয়, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত ময়েই “সম্পূৰ্ণা” ৰূপে ঘৰখনৰ সমগ্ৰ দ্বায়িত্ব কান্ধ পাতি ল’ব লগীয়া হয় ।
নিজৰ আদৰৰ ঘৰখনিত উপজি পূৱা শুই উঠাৰে পৰাই হাতত ঝাড়ুডাল লৈ যি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামসমূহ কৰিবলৈ আৰম্ভ কৰোঁ, ৰাতি শোৱাৰ আগে আগে ৰন্ধা/খোৱা বাচন-বৰ্তন সমূহ ধুই সামৰি অঁতৰোৱালৈকে সেয়া নিৰৱচ্ছিন্ন ভাৱে চলি থাকে । ঘৰ সৰা, মজিয়া মচা, গৃহস্থ আৰু ল’ৰা-ছোৱালী হঁতৰ হাতত দাঁতোন, চাবোন, গামোছা আদি তুলি দিয়া আৰু গা ধুবৰ বাবে পানী যোগাৰ কৰি দিয়া, পিন্ধিবলৈ পৰিষ্কাৰ কাপোৰ আগবঢ়াই দিয়া, খাবলৈ অনা সা-সামগ্ৰী সমূহ পৰিষ্কাৰকৈ ৰান্ধি আহাৰ হিচাপে পৰিষ্কাৰ-পৰিচ্ছন্নকৈ পৰিবেশন কৰা আদি কামবোৰ মই নহ’লে নচলেই দেখোন । কেচুৱাৰ মাক হৈ থকা অঅৱস্থাত সন্তানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামসমূহৰ পৰা মইতো উশাহ-নিশাহ ল’বলৈকো সময় নোপোৱা যেন অনুভৱ কৰিছিলোঁ । লাহে লাহে সিহঁতক নিজেই নিজৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কামসমূহ জোৰা মাৰিবলৈকো ময়েই শিকাই যাবলগীয়া হৈছে । ঘৰৰ আচবাব-পত্ৰৰ পৰা বৰচাঙলৈকে বিভিন্ন অংশত জমা হোৱা ধূলি-বালি, মকৰা-জাল বা এলান্ধু আদিত মোৰেই চকু প্ৰথমে পৰে আৰু সেয়া দেখিলে মই হাত সাৱটি বহি থাকিব নোৱাৰো । স্নানাগাৰ, শৌচাগাৰৰ পৰা পাকঘৰ বা চোঁতাল-পদূলিলৈকে যিকোনো অংশতে অপৰিষ্কাৰ বোলা শব্দটোৰ লেখমানো প্ৰভাৱ পৰাটো মোৰ সহ্য নহয় । ভঁৰালত চপাবলৈ যোগাৰ কৰা শস্যৰ পৰা ঘৰৰ ঈশ্বৰ আৰাধনাৰ থলীলৈকে সকলোখিনিৰে পৰিষ্কাৰ-পৰিচ্ছন্নতালৈ মই চকু নিদিলেই নহয় । আগ-চোঁতালৰ মনোৰম ফুলনিখন বা শাকনি বাৰীৰ লোভনীয় শইচৰ সমাহাৰ পৰিষ্কাৰ-পৰিচ্ছন্নভাৱে মই কৰা আপদালৰ ওপৰতো ভালেখিনি নিৰ্ভৰশীল ।
কেৱল ঘৰৰ চাৰিসীমাৰ ভিতৰতেই নহয়, আনৰ ঘৰতো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বহুতো কামৰ বাবে মোৰ দৰে মহিলা কৰ্মীকেই প্ৰাধান্য দিয়া হয় । ৰাজহুৱা স্থান সমূহতো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে মহিলা কৰ্মীৰ অৱদান উল্লেখযোগ্য । বিভিন্ন কাৰ্যালয়ত বহু ধৰণৰ কাম নিয়াৰিকৈ চলাই নিবৰ কাৰণে মোৰ দৰে মহিলাৰ ওপৰত দায়িত্ব দিয়া হয় । মহিলাৰ শাৰীৰিক সৌন্দৰ্যক মানুহৰ আগত অনন্য ৰূপত তুলি ধৰিবলৈ প্ৰয়োজন হোৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা যোগান ধৰিবলৈ সৌন্দৰ্য/প্ৰসাধনথলী বা বিউটি-পাৰ্লাৰ বিলাকতো আমিয়েই সেৱা আগবঢ়াবলগীয়া হয় । কেৱল সেইয়াইনে ? লক্ষ্মীবাই, কনকলতা বা ভোগেশ্বৰী ফুকননী হিচাপেও এটা সময়ত মই অপৰিষ্কাৰ মানসিকতাৰ বিদেশীসকলৰ বিৰুদ্ধে যুঁজ-বাগৰ কৰি ইতিহাসত নাম লিখাই থৈছোঁ । ফুলেশ্বৰী কুঁৱৰীৰ পৰা কিৰণ বেদীলৈকে এইখন ভাৰততে বিভিন্ন সময়ত ৰাজনীতি আৰু প্ৰশাসনযন্ত্ৰৰ লগত ওতঃপ্ৰোত ভাবে জৰিত হৈ পৰিষ্কাৰ সেৱা আগবঢ়াই আৰু দেশত পৰিষ্কাৰ পৰিবেশৰ দাবী সজোৰে উত্থাপন কৰি কাললৈ নাম ৰাখি যাবলৈ সক্ষম হৈছো মই । অভিনয়, সাহিত্য, সংগীত, কলা বা বিজ্ঞানৰ ক্ষেত্ৰতো অনেক সময়ত পৃথক পৃথক নামেৰে নিজৰ অৱদান আগবঢ়াই মোৰ পৰিষ্কাৰ ভাৱমূৰ্ত্তি সময়ৰ বুকুত খোদিত কৰি থৈ যাব পাৰিছোঁ ।
কেৱল অৰ্ধ-আকাশেই নহয়, মানুহে মোক সতী বুলিও কয় । এই শব্দটোও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতেই জৰিত । দৃশ্যমান পৰিষ্কাৰ-পৰিচ্ছন্নতা সমূহৰ উপৰিও চাৰিত্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰখাতো মোৰ সুনাম বহুদিনৰে পুৰণি । সতী হিচাপে পাৰ্বতী, সীতা, বেউলা বা আন বহুতো নামেৰে মই যুগে যুগে চাৰিত্ৰিক সততাৰ প্ৰমাণ দি আহিছোঁ । মোৰ চাৰিত্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাই মোৰ ব্যক্তিত্বত এক স্বকীয় সৌন্দৰ্য প্ৰদান কৰাৰ উপৰি মোৰ বংশ-পৰিয়ালৰ ভাৱমূৰ্ত্তি উজলাই ৰখাতো এক অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । মোৰ সতীত্বই অনেক প্ৰকাৰে পতিদেৱতাৰ হিত সধাৰ উপৰিও নতুন জীৱন প্ৰাপ্তিলৈকে বহুতো কালজয়ী কাহিনীৰ সৃষ্টি কৰি আহিছে । সতীত্ব মোৰ বাবে ব্ৰহ্মাস্ত্ৰ । সতীত্বৰ বলত মই লক্ষীন্দৰক যমলোকৰ পৰা উধাৰি আনিব পাৰোঁ, কামৰূপত ভস্ম হোৱা কামদেৱক মোৰ সতীত্বৰ বলেৰে পুনৰ জীৱিত ৰূপলৈ ঘূৰাই আনিব পাৰোঁ । সতীত্বৰ বলেৰে মই ব্ৰহ্মাকো শপিব পাৰোঁ, অগস্ত্যক লিংগহীন কৰিব পাৰোঁ, ৰাৱণৰ দৰে ৰাক্ষসকো বিনাকষ্টে নিলগাই ৰাখিব পাৰোঁ । দেশে-বিদেশে, যুগে যুগে মই অবশ্যে সমাজৰ আগত মোৰ এই চাৰিত্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰমাণ দি আহিব লগা হৈছে, যাক কেতিয়াবা মই অপমানজনক যেন বোধ কৰিলেও কেতিয়াও পিছ-হুঁহকি যাবলগীয়া হোৱা নাই । মোৰ চাৰিত্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰতেই যে মোৰ সন্তানৰ চৰিত্ৰ আৰু ভবিষ্যতো নিৰ্ভৰ কৰে, সেয়া মই ভালকৈয়ে অনুভৱ কৰোঁ । “মাক ভালেই জীয়েক জাতি” বা
“ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল”
-বুলি যে মানুহে কোৱা-কুই কৰে, সিবিলাকে মোৰ সন্তানক অপকাৰ কৰিব নোৱাৰাকৈ মই ব্যৱস্থা গ্ৰহণ কৰিব লগীয়া হয় ।
“ভাল বাৰী নষ্ট হয় মাজে দিলে বাট,
ভাল তিৰী নষ্ট হয় নিতে বেহায় হাট । “
সামাজিক বাধা-নিষেধ নামানি অনবৰতে অলৌ-তলৌকৈ য’ত-ত’ত গা ঘেলাই ঘূৰি ফুৰিলে যে মোৰ নিজৰেই পৰিষ্কাৰ পৰিচ্ছন্ন ভাৱমূৰ্ত্তি নষ্ট হয়- এই সকলো বিলাকৰ প্ৰতি মই লক্ষ্য ৰাখিব লগীয়া হয় ।
মনুষ্যই মোক দেৱী ৰূপতো কল্পনা কৰিছে, কিন্তু তাৰ অধিকাংশ সময়তে মোৰ ওপৰত জাপি দিছে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্ব । দেৱী দূৰ্গা হৈ মই নিধন কৰিব লাগে অপৰিষ্কাৰ মানসিকতাৰ প্ৰতীক মহিষাসুৰ বিলাকক । ৰাৱণ বধৰ আশীষ লভিবৰ উদ্দেশ্যে কোনোবা কালতে মোৰ অকাল বোধন কৰিছিল শ্ৰীৰামচন্দ্ৰই । কালী ৰূপে মষিমূঢ় কৰিব লগীয়া হয় অপৰিষ্কাৰ দৈত্য-দানৱক, লক্ষ্মীৰূপে কৰিব লাগে পৰিষ্কাৰ ধনৰ ক্ষৰণ-ৰক্ষণ, সৰস্বতী ৰূপে বিলাব লাগে শুভ্ৰ-উজ্বল পৰিষ্কাৰ জ্ঞান । মানৱ গৃহত লখিমী ৰূপে অৱস্থিত হৈ আকৌ দৈনিক গোঁসাইঘৰত ঈশ্বৰ উপাসনাৰে ময়েই মোৰ সংসাৰলৈ অসতৰ পৰা সৎ বা পৰিষ্কাৰ হৃদয়ৰ অধিকাৰী হোৱাৰ, তমসাচ্ছন্ন মনৰ নিভৃত কোণ সমূহত পৰিষ্কাৰ জ্যোতিৰে আলোকিত কৰাৰ আৰু মৃত্যুক অমৃতলৈ পৰিবৰ্তন কাৰাৰ উদ্দেশ্যে পৰিষ্কাৰ পৰিচ্ছন্ন আশীশ বিচাৰি গুণগুণাও, ”অসতো মা সদ্গময়, তমসো মা জ্যোতিৰ্গময়ঃ, মৃত্যু মা অমৃতং গময়, ওঁম শান্তি শান্তি শান্তি” ।
পৰিষ্কাৰ-পৰিচন্নতাৰ সংজ্ঞা, উপায় বা সা-সামগ্ৰীসমূহ কেতিয়াও স্বয়ংসম্পূৰ্ণ নোহোৱাৰ দৰে ময়ো সদায় নিজকে পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব পাৰিছোঁ বুলি ন দি ক’ব নোৱাৰো । মোৰ দৰে বহুতো নাৰীৰ মনত কিন্তু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি ভক্তি বৰ সন্তোষজনক নহয় । ঘৰত ঝাড়ু মাৰিব নজনা, কাপোৰ ধুব নজনা, মকৰাজাল নেদেখা বা অপৰিষ্কাৰ উপায়েৰে খাদ্য পৰিবেশন কৰা নাৰীৰ সংখ্যাও বৰ তাকৰ নহয় আমাৰ এই পৃথিৱীত । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে কেৱল বনকৰা লোকৰ ওপৰত নিৰ্ভৰ কৰি জীৱন কটোৱা নাৰীও মোৰ চকুৰ আগতে দেধাৰ ওলাব । চাৰিত্ৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো তিল মান গুৰুত্ব নিদিয়া নাৰী মাজে মাজে দেখা পাওঁ । নিজৰ পতিৰ প্ৰতি অপৰিষ্কাৰ ব্যৱহাৰ কৰি সুখ পোৱা নাৰী বা পৰপুৰুষৰ প্ৰতি প্ৰৱলভাবে আগ্ৰহী নাৰীৰ সংখ্যাও যথেষ্ট আছে । বহুগামীতাক নিজৰ গৌৰৱযোগ্য ব্যক্তিত্ব বুলি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰা অপৰিষ্কাৰ মানসিকতাও বহুতো নাৰীৰ মাজত দেখা পোৱা যায় । বিবাহ-বিচ্ছেদ আৰু পুনৰ বিবাহেৰে অভিলেখ সৃষ্টি কৰিবলৈ বিচৰা নাৰীক পৰিষ্কাৰ মনৰ অধিকাৰীণী বুলি কেনেকৈ ক’ব পৰা যাব, তাৰ যুক্তি মোৰ ওচৰতো নাই ।
ময়েই লক্ষিমী, ময়েই কুলক্ষণী; ময়েই সতী, ময়েই দুঃচৰিত্ৰা; ময়েই সীতা, ময়েই মন্থৰা; ময়েই লক্ষ্মীবাই, ময়েই ইন্দিৰা; মোৰ নাম হ’ব পাৰে কল্পনা অথবা চিল্ক স্মিতা; মোৰেই নাম হ’ব পাৰে অজন্তা কিম্বা ৰাণী, মায়াৱতী কিম্বা ৰুমী, সংঘমিত্ৰা অথবা জয়শ্ৰী, মণিকা বা হিলাৰী । অশেষ কষ্টেৰে ৰজা দশৰথক ৰোগমুক্ত কৰিব পৰা আৰু মোৰ স্বাৰ্থৰ বাবে তেওঁকেই মনোকষ্ট দি হত্যা কৰিব পৰা ময়েই কৈকেয়ী; বহুজনৰ সন্তান নিজৰ গৰ্ভত ধাৰণ কৰিও সতী হৈ থকা ময়েই কুন্তী, পাঁচজনকৈ পতিৰ অংকশায়িনী ময়েই সতী দ্ৰৌপদী, পৰপুৰুষৰ প্ৰেমত মত্তহৈ বিশ্ববন্দিত হোৱা ময়েই সতী ৰাধিকা । মই নাৰী, যদিও মোৰ চৰিত্ৰ সকলো দিশৰ পৰাই সদায় ৰহস্যাবৃত বা মোক সাধাৰণীকৰণ কৰি ব্যাখ্যা কৰাটো অসম্ভৱ, মই সতী, মই অৰ্ধাঙ্গিনী, মই অৰ্ধআকাশ, মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিমূৰ্ত্তি, যুগে যুগে মোৰ সৈতে জৰিত পৰিষ্কাৰ-পৰিচ্ছন্নতা নামৰ শব্দ কেইটি আৰু ময়েই তাৰ আজন্ম পালিকা ।
(২)
পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু মাছৰ বাকলিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। অৱশ্যে প্ৰথম দৃষ্টিত আপুনি এই সম্পৰ্ক “অহি-নকুল” সম্পৰ্ক বুলিয়েই ক’ব চাগে। বাকলিযুক্ত মাছ মানুহে খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ হ’লে প্ৰথমে মাছৰ গাৰ পৰা এই “অপৰিষ্কাৰ” বাকলি সমূহ আঁতৰাই লয়। আচলতে, মাছৰ গাৰ পৰা ওলোৱা অ’জ’ন গেছ সদৃশ অপৰিষ্কাৰ যেন লগা কেচেমা-কেচেম গোন্ধে গোটেই জীৱটোকেই এবিধ অপৰিষ্কাৰ সামগ্ৰী যেন ধাৰণা কৰিবলৈ বাধ্য কৰে। মাছ বচা বা বিক্ৰী কৰা স্থানত পৰি ৰোৱা মাছৰ বাকলি সমূহে ঠাইখনক কেনেদৰে অপৰিষ্কাৰ কৰি তোলে, সেয়া সকলোৱে জনা কথা। কেৱল দৃষ্টিকটু কৰাই নহয়, বছা মাছৰ পেটু আৰু বাকলিৰ পৰা ওলোৱা দুৰ্গন্ধই চৌপাশৰ কেইবা নল দূৰত্বলৈকে এক বিৰক্তিদায়ক অপৰিষ্কাৰ পৰিৱেশৰ সৃষ্টি কৰে। মাছৰ বাকলি আৰু দেহৰ বিশিষ্ট অপৰিষ্কাৰ গোন্ধটোৰ বাবেই হয়তো প্ৰায় বিলাক চহৰতে পৌৰ নিকায় সমূহে মাছ ব্যৱসায়ী সকলৰ বাবে অন্য সামগ্ৰীৰ ব্যৱসায়িক স্থানসমূহৰ পৰা নিলগাই “মাছৰ বজাৰ” বুলি এডোখৰ সুকীয়া স্থান নিৰ্দেশ কৰি দিয়ে।
কেৱল মাছ বা মাছৰ বাকলিয়েই নহয়, মাছৰ ব্যৱসায় কৰি পেট প্ৰৱৰ্তোৱা লোক সকলে দিনটোৰ অধিকাংশ সময়েই মাছৰ লগত জড়িত হৈ থাকিব লগীয়া হোৱা বাবে সেই লোকসকলৰ গাৰ পৰাও মাছৰ দৰে গোন্ধ নিৰ্গত হয়। এইটো কাৰণতে আগৰ দিনত সকলো সম্প্ৰদায়ৰ লোকে মাছৰ ব্যৱসায় নকৰিছিল আৰু মাছৰ ব্যৱসায় কৰা লোকসকলক ভাৰতৰ বহুতো স্থানত অপৰিষ্কাৰ, অৰ্থাৎ অস্পৃশ্য বা নীহকুলিয়া বুলি অনাদৰ কৰা হৈছিল। আনকি অসমতো এই লোকসকলৰ ওপৰত অস্পৃশ্য বুলি হোৱা অলেখ অন্যায় আচৰণৰ কাহিনী বিভিন্ন বিখ্যাত সাহিত্যত পঢ়িবলৈ পোৱা যায় । কোনো কোনো সাহিত্যিকে সেই লোক সকলক বুজাবলৈ “মৎস্যগন্ধা” শব্দটো ব্যৱহাৰ কৰিছিল । ইপিনে আকৌ, পৌৰাণিক উপাখ্যান অনুসৰি পৰাশৰ ঋষিৰ সান্নিধ্যলৈ অহাৰ আগলৈকে সত্যৱতী, অৰ্থাৎ পঞ্চ-পাণ্ডৱৰ আজু আইতাক তথা মহাকাব্য মহাভাৰতৰ স্ৰষ্টা ব্যাসদেৱৰ মাতৃৰ শৰীৰৰ পৰাও এটা সময়ত মাছৰ দৰে গোন্ধ নিৰ্গত হৈছিল বাবে তেওঁক মৎস্যগন্ধা বুলি জনা গৈছিল । মাছৰ গৰ্ভৰপৰা জন্ম হোৱা আৰু মাছমৰীয়াৰ ঘৰত ডাঙৰ-দীঘল হোৱা বাবে সেই সুন্দৰী কন্যাৰ শৰীৰৰ পৰা তেনেধৰণৰ অপৰিষ্কাৰ গন্ধ নিৰ্গত হোৱা বুলি কোৱা হয় ।
মাছ খাই ভাল পোৱা বহু লোকে কেৱল মাছৰ এই বিশিষ্ট অপৰিষ্কাৰ গোন্ধটো নিজৰ শৰীৰত লাগি ধৰাৰ ভয়ত মাছ বছা-কূছা কামটো কৰিবলৈ হেলা কৰা দেখা যায় । মাছৰ বাকলিতকৈয়ো শুকান মাছৰ গোন্ধ বেছি উগ্ৰ; শুকান মাছ ৰান্ধিলে নিৰ্গত হোৱা গোন্ধ অতি মাৰাত্মক যেন লাগে । অবশ্যে অপৰিষ্কাৰ যেন লগা এই বাকলিৰ আঁৰৰ মাছটোৰ শৰীৰৰ অংশ সমূহক খাদ্য হিচাবে পৰিবেশন কৰিলে শেষ উৎপাদন/উপকৰণ (বা End Product)বিলাকক কোনেও অপৰিষ্কাৰ বুলি দলিয়াই পেলাব নোৱাৰে। কিছুমান মাছৰ বাকলি বিশেষ ধৰণে ৰান্ধি কোনো কোনো স্থানত উপাদেয় খাদ্য হিচাবে গ্ৰহণ কৰা হয় । বিজ্ঞানৰ দৃষ্টিৰ পৰা চাবলৈ গ’লেও মাছক অতি পুষ্টিকৰ খাদ্য সামগ্ৰী বুলিহে কোৱা যায় । তাতোতকৈ আচৰিত কথা যে মাছৰ বাকলিৰ ওপৰত হোৱা শেহতীয়া অধ্যয়ন আৰু গৱেষণা সমূহৰ পিছত এতিয়া আৰু সেই বিধ সামগ্ৰীক অপৰিষ্কাৰ বুলি কোৱাতকৈ ওলোটাই পৰিষ্কাৰকাৰী সামগ্ৰী বুলিহে ক’ব লগীয়া হ’ব ।
ৰাসায়নিক ভাৱে চাবলৈ গ’লে মাছৰ বাকলিত ৪০ৰ পৰা ৮৫ শতাংশ পৰ্যন্ত কলাজেন আৰু ইছ্থিলেপিডিন, গুৱানিন জাতীয় জৈৱ প্ৰটিন থাকে আৰু বাকী অংশ হ’ল মেগনেছিয়াম আৰু কেলছিয়ামৰ কাৰ্ব’নেট আৰু দুই এবিধ অজৈৱ খনিজ লৱণ । ইয়াৰ অধিকাংশই মানৱ দেহৰ বেলেগ বেলেগ অংশতো পোৱা যায় । অৰ্থাৎ মানুহৰ গাত পোৱা কিছুমান মৌলিক সামগ্ৰীকেই মাছৰ শৰীৰতো পোৱা যায় । গতিকে, আচলতে মাছৰ বাকলিক অপৰিষ্কাৰ বুলি ক’বলৈ মানুহৰ যুক্তি নাই ।
বাৰ্কেলিৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত হোৱা এক অধ্যয়নত মাছৰ বাকলিক পানী পৰিষ্কাৰ কৰা কামত ব্যৱহাৰ কৰিব পৰা হয় বুলি প্ৰমাণ কৰা হৈছে । ২০০৭ চনতে টিলাপিয়া নিল’টিকা(Tilapia nilotica) আৰু আটলান্টিক কড মাছ গেদাছ মৰ্হুৱা (Gadus morhua)ক লৈ হোৱা এই অধ্যয়নত গৱেষণাকাৰী গোটটোৱে উদ্যোগ সমূহৰ পৰা বৰ্জিত পানীৰ পৰা অতিৰিক্ত তাম বা ক’পাৰ আঁতৰোৱাত বিশেষ সফলতা লাভ কৰিছিল । সেই স্থানত সহজলভ্য সেই দুই বিধ মাছৰ বাকলিৰ জৰিয়তে গৱেষক সকলে পৰীক্ষাগাৰত অশুদ্ধ পানীৰ পৰা অতি সফল ভাবে দ্ৰৱীভূত তামৰ যৌগ সমূহক অধিশোষণ প্ৰক্ৰিয়াৰে আঁতৰ কৰিব পাৰিছিল । অৱশ্যে ব্যৱসায়িক ভাৱে এই পদ্ধতিক এতিয়ালৈকে কামত লগোৱা হৈছে নে নাই, সেয়া জনা নাযায় ।
সূক্ষ্ম দৃষ্টিৰে মাছৰ বাকলিৰ ধুনীয়া চকচকীয়া উজ্জল গুণটোলৈ চালেও ইয়াক অপৰিষ্কাৰ বুলিবলৈ মন নাযাব । মাছৰ বাকলিৰ এই উজ্বলতা আচলতে বাকলিৰ তলৰ অংশৰ গুৱানিন নামৰ ৰসায়ণিক পদাৰ্থ বিধৰ এক বিশেষ ধৰণৰ স্ফটিক সদৃশ (Photonic Crystals) গাঁথনিৰ বাবে দেখা পোৱা যায় বুলি ইজৰাইলৰ এক হোৱা এক অধ্যয়নত প্ৰকাশ । এই প্ৰাকৃতিক স্ফটিকৰ গঠন পৰীক্ষাগাৰত তৈয়াৰ কৰা একে সাংগঠনিক যৌগৰ স্ফটিকৰ চেহেৰাতকৈ পৃথক হোৱাৰ কাৰণ সম্বন্ধে বিজ্ঞানীসকল এতিয়াও নিশ্চিত নহয় । মাছৰ বাকলি বিলাকৰ গাঁথনিৰ ওপৰত নিৰ্ভৰ কৰি প্লেছয়ড্, কছমইড্, গেনয়ড্, ইলাছমইড্, ছাইক্ল’ইড্ আৰু ছেটিনইড্ আদি কেইবাটাও ভাগত ভগাব পাৰি । সকলো বিলাকেই কিন্তু দেখাত ধুনীয়া ।
টকিয়’ অভিযান্ত্ৰিক শিক্ষানুস্থান (Tokyo Institute of Technology)ত হোৱা এক অধ্যয়নত আকৌ মাছৰ বাকলিৰ পৰা মানুহৰ বাবে কৃত্ৰিম হাড় তৈয়াৰ কৰাৰ কথা চিন্তা-চৰ্চা কৰি থকা হৈছে। অস্থি প্ৰতিস্থাপন চিকিৎসাৰ ক্ষেত্ৰত ইমান দিনে ব্যৱহাৰ কৰি অহা গাহৰিৰ হাড়ৰ ব্যৱহাৰৰ জৰিয়তে হ’ব পৰা সংক্ৰমণৰ দুঃচিন্তা এই ব্যৱস্থাই দূৰ কৰিব বুলি আশা কৰা হৈছে। মানৱ দেহত মাছৰ বাকলিৰ পৰা নিৰ্মিত হাড় প্ৰতিস্থাপন কৰিলে সেই হাড় গাহৰিৰ জীৱিত হাড় প্ৰতিস্থাপনৰ ক্ষেত্ৰত হোৱাতকৈয়ো সোনকালেই জীৱিত অস্থি কলালৈ ৰূপান্তৰিত হৈ পৰে । তদুপৰি মাছৰ বাকলিৰ পৰা নিৰ্মিত এই হাড়ৰ ঘনত্ব বেছি হোৱা বাবে ই অধিক মজবুতো হয়। জাপানী গৱেষণা প্ৰতিস্থানটোৱে এই ক্ষেত্ৰত “টিলাপিয়া” নামৰ মাছ বিধৰ পৰা নিষ্কাশন কৰা প্ৰথম শ্ৰেণীৰ কলাজেন ব্যৱহাৰ কৰিছিল। উল্লেখযোগ্য যে টিলাপিয়া পৰিষ্কাৰ আৰু আপেক্ষিক ভাৱে অলপ কুহুমীয়া উষ্ণতাৰ পানীত বাস কৰে আৰু ইহঁতৰ গাৰ পৰা মাছ মাছ গোন্ধ নোলায়। ইহঁতৰ বাকলি বিলাকত চৰ্বিৰ পৰিমাণ একেবাৰে কম আৰু কেৰাটিনৰ পৰিমাণেই অধিক। এই কেৰাটিন আকৌ মাত্ৰ ৩৬ ডিগ্ৰী ছেঃতেই জিলেটিনলৈ পৰিৱৰ্তিত কৰিব পাৰি বাবে অস্থি প্ৰতিস্থাপন চিকিৎসাৰ ক্ষেত্ৰত ই এক প্ৰৱল সম্ভাৱনা বহন কৰিছে ।
ট’কিয়’ৰ সেই বিজ্ঞানীসকলে মানুহৰ চকুৰ কৰ্ণিয়েল ষ্ট্ৰ’মাৰ সৈত্যে মাছৰ বাকলিত পোৱা কলাজেন আঁহ সমূহৰ বিশেষ সাদৃশ্য দেখা পাইছে। অদূৰ ভবিষ্যতে সেয়েহে তেওঁলোকে মাছৰ বাকলিৰ পৰা মানুহৰ চকুত প্ৰতিস্থাপিত কৰিব পৰাকৈ কৰ্ণিয়েল ষ্ট্ৰ’মা তৈয়াৰ কৰিব পৰা হ’ব বুলি আশা কৰিছে। মাছৰ বাকলিৰ পৰা ইতিমধ্যে প্ৰসাধন সামগ্ৰী তৈয়াৰ কৰা বিজ্ঞানীৰ দলটোৱে অদূৰ ভবিষ্যতত কোষ আৰু কলাৰ বিভিন্ন ধৰণৰ কৰ্ষণ আৰু অনেক প্ৰতিস্থাপনযোগ্য অংগ-প্ৰত্যংগ (cell culture substrates, scaffolds for tissue engineering, and implantable biomaterials) তৈয়াৰ কৰি মানৱ জাতিৰ কল্যাণৰ হকে মাছৰ বাকলিক বহুল ভাবে ব্যৱহাৰ কৰিব পাৰিব বুলি উল্লেখ কৰিছে ।
ভাৰতীয় ৰেল বিভাগৰ অধীনত মুম্বাইৰ লোকমান্য তিলক আস্থানৰ পৰা মেংগালোৰৰ কেন্দ্ৰীয় আস্থানলৈকে ১২৬১৯ মৎস্যগন্ধা এক্সপ্ৰেছ নামেৰে এখন ৰেলগাড়ীও চলাচল কৰে ।
ইমানৰ পিছতো আপুনি মাছৰ বাকলিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰিপন্থী বুলি ক’ব পাৰিবনে?
লেখাটো তৈয়াৰ কৰাত আন্তঃজালৰ কেইবাটাও সূত্ৰৰ লগতে নিম্নোক্ত পৃষ্ঠা সমূহৰ পৰা সহায় লোৱা হৈছে:
http://en.wikipedia.org/wiki/Fish_scale
http://www.newton.dep.anl.gov/askasci/zoo00/zoo00275.htm
http://www.rsc.org/chemistryworld/News/2008/January/11010802.asp
http://nature.berkeley.edu/classes/es196/projects/2007final/Huang.pdf
http://phys.org/news/2012-06-artificial-bones-fish-scales.html
(৩)
বোকা-পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ মাজত এক ঐতিহাসিক (প্রাক-ঐতিহাসিক?) সম্পর্ক আছে। খোলা-খুলিকৈ ক’বলৈ গ’লে , এই সম্পর্ক আচলতে অহি-নকুলৰ মাজৰ সম্পর্কৰ নিচিনা । এই পৃথিৱীত বোকা-পানী দেখিলে দূৰতে তিনি জাঁপ মৰা লোকৰ সংখ্যাও বৰ তাকৰ নহয় । বোকা লগা কাপোৰ-কানি বা যান-বাহনৰ ক্ষেত্রত আপোনাৰ ঘৰখনে যেনে স্থিতি লয় , পৃথিৱীৰ অধিকাংশ লোকৰে অভ্যাস সেয়াই । শৰীৰত বা পিন্ধা কাপোৰ- কানিত বোকা পানী লাগি থকা মানুহৰ প্রতি বহুতো লোকৰ দৃষ্টিভঙ্গী বৰ সন্তোষজনক নহয় । আপোনাৰ সন্মুখত পৰিবেশন কৰা খাদ্য বস্তু বা বাচন-বর্তনসমূহত কেনেবাকৈ বোকা লাগি থাকিবলৈ হ’লে তেনে খাদ্য গ্রহণ কৰিবলৈ কেৱল আপুনিয়েই নহয় , পৃথিৱীৰ অধিকাংশ লোকেই যে প্রচণ্ড আপত্তি দর্শাব , সেয়া বহলাই নক’লেও হ’ব । কিন্তু কোনোবাই যদি আপোনাৰ মুখৰ আগতে বোকাক প্রশংসা কৰি বোকা সৃষ্টিকাৰীজনক বাঃ বাঃ দিয়ে , তেনে পৰিস্থিতিত আপোনাৰ মগজুত কেনে এক ভাৱে ক্রিয়া কৰি যাব বাৰু ?
হয় , আচৰিত নহ’ব , বোকা পৰিষ্কাৰ-পৰিচ্ছন্ন হ’ব পাৰে , বোকা সুন্দৰ হ’ব পাৰে , বোকা কাৰোবাৰ হিয়াৰ আমঠু হ’ব পাৰে , কাৰোবাৰ বাবে বোকা জীৱনৰ অৱলম্বন হ’ব পাৰে… আৰু বোকা কাৰোবাৰ বাবে একমাত্র তথা প্রাণদায়ী আহাৰো হ’ব পাৰে ।
ৰাসায়নিকভাৱে চাবলৈ গ’লে প্রাকৃতিক বোকা আচলতে পৃথিৱীত সহজে পোৱা মৌল সমূহৰ এক জটিল আৰু স্বয়ংসুস্থিৰ জোঁটবন্ধন । বিভিন্ন স্থানত পোৱা বোকাৰ অণুসমূহৰ (কেতিয়াবা একে স্থানৰে বোকাৰ দুটা অণুৰ ক্ষেত্রতো) ৰসায়নিক সংযুতি একে নহ’ব পাৰে । বোকাই আকৌ নিজৰ মাজত বহুতো খনিজ পদার্থ বা ধাতুৰ অণুও সামৰি ৰাখিব পাৰে । সেয়েহে , সাতে সোতৰই মিলাই ৰসায়ন বিজ্ঞানত বোকাক ঘাইকৈ পাঁচটা মূল প্রকাৰত ভগাই বিভিন্ন ধৰণে অধ্যয়ন কৰা হয় । সেইকেইটা হ’ল কেৱ’লিনাইট (KAOLINITE) , মণ্টমর্ল’নাইট (MONTMORLONITE) , ইলাইট (ILLITE) , স্মেকটাইট (SMECTITE) আৰু ক্ল’ৰাইট (CHLORITE) বোকাৰ অণু বুলি কোৱাতকৈ বোকাৰ কণা (Particle) বুলিহে উল্লেখ কৰা হয় । গতিকে ৰসায়ন বিজ্ঞানৰ দৃষ্টিৰে চালে বোকাত অপৰিষ্কাৰ বুলিব লগা একো নাই , ই মাত্র পৃথিৱীতে পোৱা কিছুমান মৌলৰ সংঘবদ্ধ অৱস্থান ।
বোকাৰ বিষয়ে ৰসায়ন বিজ্ঞানৰ এনেবোৰ জটিল ধাৰণাৰ পৰোৱাই নকৰি বোকাৰ মাজতে বহুতো প্রাণীয়ে আকৌ জীৱন বিচাৰি পায় । বোকাৰ মাজত বহুতো জীৱ-অণুজীৱই বাস কৰি সিহঁতৰ বাবে প্রয়োজনীয় আহাৰ যোগাৰ কৰে আৰু বংশ বৃদ্ধি ঘটায় । এনে প্রাণীৰ উদাহৰণ দিবলৈ গ’লে সেই সংখ্যাই লাখৰ ঘৰ চুবগৈ । কিছুমান অণুজীৱই এই বোকাৰ কণাসমূহৰ দীঘল ৰসায়নিক শৃঙ্খলসমূহ ভাঙিবলৈও সক্ষম হয় । বোকাত গজা উদ্ভিদসমূহে আকৌ এই বোকাৰ মাজত সোমাই থকা পৰা ধাতৱীয় পৰমাণুসমূহ গ্রহণ কৰি পুষ্টি লাভ কৰে ।
চহা-কৃষকৰ বাবে বোকা এক অপৰিহার্য সামগ্রী । খেতিৰ বাবে উত্কৃষ্ট বোকাক তেওঁ ধুনীয়া দেখে । চহা জীৱন আৰু কেঁচা মাটিৰ গোন্ধৰ মাজৰ সম্পর্ক অতি পুৰণি ।
চিকিত্সা শাস্ত্রতো বোকাৰ ব্যৱহাৰ অতি পুৰণি । কোনো কোনো পেটৰ অসুখত কিছুমান বোকা লেপন হিচাবে লগালে বা সেৱন কৰিলে আৰোগ্য লাভ কৰা যায় । আর্মেনিয়ান বোকা তেনে এক উদাহৰণ । কেৱ’লিনাইট আৰু আট্টাপালগাইটক হাগনি বা ডায়েৰীয়া ৰোগৰ চিকিত্সাত ব্যৱহাৰ কৰা হয় । বিষ উপশমৰ বাবে , সৌন্দর্য সাধনাত আৰু কিছুমান মানসিক ৰোগৰ চিকিত্সাত বোকা ব্যৱহাৰ কৰা হয় ।
পেট্র’লিয়ামৰ সন্ধান আৰু খননৰ ক্ষেত্রত বোকা এক অবিচ্ছেদ্য অংগ । ইয়াৰ বাবে প্রকৃতিক বোকাৰ উপৰি কৃত্রিম উপায়েৰেও বোকা তৈয়াৰ কৰি লোৱা হয় ।
…
ভূগৰ্ভত খনিজ তেল বা গেছৰ অঅৱস্থিতিৰ বাবে বোকাৰ কিছুমান নিৰ্দ্দিষ্ট তৰপ (ভূ-বিজ্ঞানৰ ভাষাত আচ্ছাদন শিলা বা Cap Rocks)ৰ প্ৰাকৃতিক উপস্থিতি নিতান্তই প্ৰয়োজনীয়। এই বোকাৰ তৰপ বিলাকে প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা ভূগৰ্ভস্থ খাৰুৱা তেল বা গেছ বিলাকক একোডোখৰ নিৰ্দ্দিষ্ট স্থানত আগুৰি ধৰি ৰাখে। বোকাৰ এনে তৰপ সমূহ নথকা হ’লে ভূগৰ্ভত খাৰুৱা তেল/গেছসমূ্হ মুক্তভাবে ঘূৰি ফুৰিলেহেঁতেন আৰু তাক আহৰণ কৰা সম্ভৱ নহ’লহেঁতেন । সেয়ে পেট্ৰলিয়ামৰ সন্ধান কৰোঁতে খাৰুৱা তেল থকাৰ সংকেত পোৱা স্থানৰ চৌপাশে আচ্ছাদন শিলা হিচাপে বোকাৰ উপস্থিতিৰ বিষয়েও গম-গতি লৈ লোৱা হয়, অন্যথাই তেনে ঠাইত খনন কাৰ্য চলোৱাই নহয় । অৰ্থাৎ সেই অপৰিষ্কাৰ যেন লগা বোকাই খনিজ তেলসমূহক ভূগৰ্ভত আমাৰ বাবে সুৰক্ষিত ভাবে ধৰি ৰাখে ।
পেট্ৰ’লিয়াম উদ্যোগত কেৱল খনন কাৰ্য বা Drilling নিজেই এক বৃ্হৎ উদ্যোগ । এই খনন কাৰ্যতো বোকা এক অপৰিহাৰ্য অঙ্গ । খনিজ তেল আহৰণৰ বাবে ভূপৃষ্ঠৰ পৰা ভূগৰ্ভৰ ৩-৪ বা ৫ কিলোমিটাৰ পৰ্যন্ত তললৈকে সুৰঙ্গপথ (Drilled Hole) খান্দিব লগীয়া হয়, যাৰ বাবে খনন ব্যৱস্থাটোত বিজ্ঞানসন্মতভাৱে কিছুমান বোকাৰ ব্যৱহাৰ কৰা হয়। ঘাইকৈ নিউটনীয় তৰলৰ সূত্ৰসমূহ মানি নচলা এনে বোকা সমূহক অনিউটনীয় তৰলৰ সূত্ৰ সমূহ ব্যৱহাৰ কৰি নিয়ন্ত্ৰণ কৰা হয় । খনন কাৰ্যত উৎপন্ন হোৱা মাটি/বালি/শিল/কয়লাকে ধৰি অন্যান্য টুকুৰা-টুকুৰ অংশ বিলাকক তলৰপৰা উঠাই অনা, খোদিত পথটোক বহুসময়লৈকে ভাগি নপৰাকৈ বা সুস্থিৰকৈ ধৰি ৰখা, এই ৰাস্তাত ভূগৰ্ভৰ পৰা আহিব পৰা অন্য কোনো অনাকাংক্ষিত পদাৰ্থৰ প্ৰবেশ বন্ধ কৰি ৰখা, খনন কাৰ্যত ব্যৱহাৰ হোৱা বিট(bit) টোক হাইড্ৰ’লিক বল যোগান ধৰা তথা চেঁচা কৰি ৰখা, ধাতু সমূহৰ ক্ষয়ীভৱন ৰোধ কৰা আদি বহুতো কামৰ বাবে এই বোকা সমূহক ব্যৱহাৰ কৰা হয় । এসময়ত এই কাৰ্যৰ বাবে প্ৰাকৃতিক ভাৱে উৎপন্ন হোৱা বোকাকেই ব্যৱহাৰ কৰা হৈছিল যদিও আজিকালি বহুতো উন্নত মানদণ্ডৰ ৰসায়ণিক পদাৰ্থ ব্যৱহাৰ কৰি এই উদ্যোগত পূৰ্বতে সন্মূখীন হোৱা বিভিন্ন সংকট আনায়াসে অতিক্ৰম কৰিব পৰাকৈ নিৰ্দ্দিষ্ট ভৌতিক তথা ৰসায়ণিক গুণা-গুণ (Physical properties) সম্পন্ন বোকা উৎপাদন কৰি ব্যৱহাৰ কৰা হয় । এনে বোকা উৎপাদন কৰিবৰ বাবে ৰসায়ণিক পদাৰ্থসমূহক পৰিস্থিতিভেদে পানী, সংশ্লেষিত তেল অথবা কোনো সময়ত বতাহ(air)ৰ সৈত্যেও মিহলি কৰা হয় । এই খিনিতে উল্লেখ কৰিব পাৰি যে বিশেষজ্ঞই (Mud Engineer)এ এই বোকা সমূহৰ পৰীক্ষা-নিৰিক্ষা কৰি কিছুমান ভৌতিক গুণা-গুণৰ মানত সন্তুষ্ট হ’লে সেইখিনি বোকাক “পৰিষ্কাৰ” বা “সুন্দৰ” আখ্যা দিয়ে । এনে পৰিষ্কাৰ-পৰিচ্ছন্ন বোকা উৎপাদনৰ বাবে আৰু বোকা উৎপাদন কৰিবপৰা ৰাসায়নিক পদাৰ্থ তৈয়াৰ কৰিবৰ বাবে বিভিন্ন দেশৰ বিভিন্ন প্ৰতিষ্ঠানত অনেক উচ্চ শিক্ষিত ৰসায়ন শাস্ত্ৰজ্ঞ লোক আৰু অভিযন্তা নিয়োজিত হৈ আছে।
প্ৰাক-ঐতিহাসিক যুগৰে পৰা আকৌ বোকাৰ পৰা নিৰ্মিত বিভিন্ন বাচন-বৰ্তনক পৰিষ্কাৰ বুলিয়েই ৰন্ধা-বঢ়া আৰু খোৱা-বোৱাৰ কামতো বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰি অহা হৈছে । তাৰ উপৰিও বিভিন্ন শোভা বৰ্ধনকাৰী সা-সামগ্ৰীৰ উৎপাদনতো বোকা মাটি ব্যহাৰ কৰা হয় । তেনে উদ্যোগত আচলতে কেঁচা বোকাক ইচ্ছাকৃত ৰূপ দি নিৰ্দ্দিষ্ট তাপমাত্ৰাত নিৰ্দ্দিষ্ট সময়ৰ বাবে তপতাই বোকাৰ ভৌতিক গুণ আৰু ৰসায়নিক সংযুতিৰ স্থায়ী পৰিবৰ্তন ঘটোৱা হয়। এনেদৰে বোকাকেই কেঁচামাল হিচাপে ব্যৱহাৰ কৰি আজিও বহুতো সৰু-বৰ বৰ্তন উদ্যোগ চলি আছে। অপৰিষ্কাৰ বোকাৰ পৰা পৰিষ্কাৰ সামগ্ৰী তৈয়াৰ কৰা অসমৰ কুমাৰ শিল্প বা তেনেকৈয়ে চীনা-মাটিৰ সামগ্ৰী, প’ৰচেলিন অথবা ঢেকীয়ালৰ কলহৰ পৰা ভুৰুকালৈকে বহুতো শব্দ আমাৰ সকলোৰে বাবে অতি পৰিচিত।
পুথিগত শিক্ষাৰ আদিপাঠ গ্ৰহণ কৰিবৰ বাবৰ বোকাৰ পৰা নিৰ্ম্মিত ফলি অতি পুৰণি কালৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে । তেনে ফলিত লিখিব পৰা পেঞ্চিল বিলাকো বোকাৰ পৰাই নিৰ্মিত। কাগজ উদ্যোগতো বোকাৰ ব্যৱহাৰ হয় । তবলা-মৃদঙ্গকে ধৰি অনেক বাদ্যযন্ত্ৰও বোকাৰ পৰাই তৈয়াৰ কৰা হয় । সাঁজ পানীৰ কলহ বা ধপাত সেৱনৰ গুৰগুড়িৰ অংশবিশেষ বোকাৰ পৰা তৈয়াৰ কৰা হয়।
মানুহকে ধৰি বহুতো চৰাই বা প্ৰাণীয়ে নিজৰ ঘৰ বা বাহ সাজিবলৈকো বোকা মাটি ব্যৱহাৰ কৰে । এড’ব্, কব্, কৰ্ডউড্ আদি ঘৰৰ আৰ্হিৰ উপৰিও আমাৰ অতিকে চিনাকি বাঁহৰ ঘৰ বিলাকৰ বেৰ লিপিবলৈ আৰু মজিয়া মচিবলৈ বোকাৰ ব্যৱহাৰ অতীজৰে পৰা কৰি অহা হৈছে । ইটা আৰু চিমেণ্ট উদ্যোগতো বোকাৰ ব্যৱহাৰ অপৰিহাৰ্য । বোকাৰ কণা সমূহৰ মাজত খালী স্থান কম হোৱাৰ বাবে তাৰ মাজেৰে সহজে পানী সৰকি নোৱাৰা গুণটোক কামত লগাই বোকাক পানী ভেটা আৰু মথাউৰি নিৰ্ম্মাণ আদি কামত সফল ভাবে প্ৰয়োগ কৰা হয় ।
বোকাত পদুম ফুলে, বোকাই লক্ষ লক্ষ জীৱক আশ্ৰয় প্ৰদান কৰে, লক্ষ লক্ষ প্ৰাণীক জীৱন ধাৰণৰ কাৰণে আহাৰৰ যোগান ধৰে, বোকাৰ মাধ্যমেদিয়েই লক্ষ লক্ষ প্ৰজাতিৰ বংশ ক্ৰমণিকা চলে । এবুকু শান্তি বিচাৰি ম’হে ঘূলি লয় বোকাৰ মাজত, বোকাৰে লেটি লৈ সমৃদ্ধ হয় চহা জীৱন, কেঁচা মাটিৰ গোন্ধত উদ্বাউল হয় গাঁৱলীয়া জন-জীৱন ….
সৰ্ব্বশেষত, অপৰিষ্কাৰ যেন লগা এই বোকাৰ বিষয়ে এক শেহতীয়া অধ্যয়নৰ বিষয়ে জনাই বোকাক পৰিষ্কাৰ নে অপৰিষ্কাৰ বুলি ক’লে ভাল হ’ব – সেই দায়িত্ব আপোনালোকলৈ ঠেলি দিলোঁ ।
পৃথিৱীৰ কেইবাখনো আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানত বোকাৰ অৱশোষণ আৰু অধিশোষণৰ বিষয়ে বিভিন্ন পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন চলাই থকা হৈছে আৰু অতি সোনকালেই ইয়াক প্ৰদূষিত পানীৰ পৰা গধুৰ ধাতু আঁতৰোৱা আৰু বায়ু পৰিশোধণৰ কামত লগাব পৰা হ’ব বুলি আশা ব্যক্ত কৰিছে বিদ্বান মহলে । অৰ্থাৎ আপুনি ইমান দিনে অপৰিষ্কাৰ বুলি ভাবি অহা বোকাক এতিয়া আপোনাৰ বাবে বায়ু-পানী পৰিষ্কাৰ কৰা কামত খটোৱাটোও হৈ উঠিবগৈ পাৰে । কিম্অধিকম্ !!
hhh