বংশগতিৰ বাহক “জিন"কি?

লেখক- দেবানন্দ বৰুৱা

পিতৃ-মাতৃৰপৰা সন্তানলৈ উত্তৰাধিকাৰী সূত্ৰে বৈশিষ্ট্যসমূহ অহা প্ৰক্ৰিয়াটোকে সহজ অৰ্থত বংশগতি (Inheritance) বুলি কোৱা হয়। পিতৃ-মাতৃৰপৰা সন্তান বা পিছৰ পুৰুষলৈ অহা বৈশিষ্ট্যবোৰ যেনে ওখ-চাপৰ, শৰীৰৰ ৰং বা বিশেষ ৰোগ আদিবোৰ মানৱ সভ্যতাৰ আদি স্তৰতে জ্ঞানীলোকসকলে লক্ষ্য কৰিছিল। এইসকলৰ ভিতৰত গ্ৰীক সকলো আছিল। আধুনিক চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হিপ্প’ক্ৰেটচ, চিন্তাবিদ তথা প্ৰাকৃতিক বিজ্ঞানৰ চৰ্চাকাৰী এৰিষ্টটল আদিয়ে বংশগতিৰ বিষয়েও মতামত দি গৈছে। অৱশ্যে বংশগতিৰ বিষয়ে প্ৰণালীবদ্ধ অধ্যয়ন আৰু বিজ্ঞানভিত্তিক তত্ত্বটোৰ বাবে আমি উনৈশ শতিকালে বাট চাবলগীয়া হ’ল। এজন অষ্ট্ৰিয়ান ধৰ্মযাজক গ্ৰেগৰ জোহান্স মেণ্ডেলে ১৮৫৬-৬৩ চনৰ ভিতৰত তেওঁৰ বাগিচাত কিছুমান বিশেষ বৈশিষ্ট্যপূৰ্ণ মটৰমাহৰ বীজলৈ সংকৰণ (hybridization) ঘটালে। এই সংকৰণ প্ৰক্ৰিয়াত জন্ম হোৱা নতুন নতুন মটৰমাহৰ গছ/বীজবোৰৰ বৈশিষ্ট্যবোৰ তেওঁ সূক্ষ্মভাৱে পৰ্য্যবেক্ষণ কৰি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ দেখিলে যে এইদৰে সংকৰণ পদ্ধতিৰে গজা নতুন মটৰমাহৰ গছবোৰে আগৰ পিতৃ-মাতৃ গছবোৰৰপৰা কিছুমান বিশেষ নিয়মৰে সংকৰিত হৈছে। গছবোৰ জেন’টাইপ (zenotype) হ’লেও কিন্তু ফেন’টাইপ (phenotype ) হিচাপে দেখা যায়। এই পিতৃ-মাতৃৰপৰা পিছৰ প্ৰজন্মলৈ লৈ যোৱা বংশবাহকবোৰ যোৰা যোৰাকৈ থাকে। এই বংশবাহকবোৰক কোৱা হ’ল Alleles। কেতিয়াবা এই বংশবাহক বা allelesবোৰ একে, তেনেবোৰক কোৱা হয় homozygous আৰু কেতিয়াবা ভিন্ন তেতিয়া কোৱা হয় heterozygous.
এই অধ্যয়নসমূহৰপৰা তেওঁৰ সিদ্ধান্তসমূহ তিনিটা সূত্ৰত প্ৰকাশ কৰে ১৯৬৫-৬৬চনত যিকেইটা আধুনিক বিজ্ঞানৰ জীৱবিদ্যাত মেণ্ডেলৰ বংশগতিৰ সূত্ৰ বা মেণ্ডেলৰ সূত্ৰ বুলি বিখ্যাত।
এই সূত্ৰ তিনিটা হ’ল –
১/ প্ৰভাৱশালী আৰু প্ৰভাৱহীনতাৰ সূত্ৰ (Law of dominance and recessiveness)
২/ পৃথক্কৰণ সূত্ৰ (Law of segregation)
৩/ স্বাধীনভাৱে বিন্যাসৰ সূত্ৰ (Law of independent assortment)
চমুকৈ সহজভাৱে ক’বলৈ হ’লে, সংকৰিত পাছৰ প্ৰজন্মলৈ প্ৰভাবশালী বৈশিষ্ট্যবোৰ যায়। এই এলিলচ(alleles)বোৰে যিবোৰ বৈশিষ্ট্যক দমন (supress) কৰি ৰাখে সেইবোৰক প্ৰভাৱহীনবাহক (recessive) বুলি কোৱাহয়। যিবোৰ বাহকে নিৰ্ণয় কৰে সেইবোৰক প্ৰভাবশালী বাহক (dominant trait) বুলি কোৱা হয়।
দ্বিতীয়তে, গেমেট বা শুক্ৰাণু আৰু ডিম্বানু (gametes) গঠন হ’বৰ সময়ত পিতৃ-মাতৃৰ বংশগতিবাহকযোৰ বা এলিলযোৰ পৃথকভাৱে থাকে আৰু পিচত পিতৃ-মাতৃৰপৰা এটাকৈ নিষেচনৰ (fertilization)ৰ সময়ত নতুন প্ৰজন্মলৈ গুছি যায়।
তৃতীয় সূত্ৰ মতে, গেমেট বা শুক্ৰাণু আৰু ডিম্বানু গঠন সময়ত কিছুমান বংশগতি বাহক স্বাধীনভাৱে পৃথক্কৰণ হয় আৰু নিষেচন (Fertilization) সময়ত সেইদৰে স্বাধীন বিন্যাস হয়।
মেণ্ডেলৰ এই তিনিটা সূত্ৰৰ উদ্ভাৱনৰ পিচত সমসাময়িক বিজ্ঞানীসকল বা আনসকলৰপৰা বিশেষ গুৰুত্ব লাভ নকৰিলে আৰু তেনেভাৱেই আন্ধাৰতে থাকি যায়। সেই সময়ত মেণ্ডেলৰ গৱেষণাক গুৰুত্ব নিদিলেও পিছৰ বিজ্ঞানীসকলে মেণ্ডেলৰ তিনি সূত্ৰৰ আঁত ধৰিয়েই বংশগতিতত্ত্বৰ গৱেষণা চলাই নিয়ে আৰু গ্ৰেগৰ জোহানচ মেণ্ডেলকে বংশগতিবিদ্যাৰ (genetics) জনক বুলি স্বীকৃতি দিয়ে। মেণ্ডেলৰ এই প্ৰখ্যাত তিনি সূত্ৰ ১৯০০ চনত পুনৰ চৰ্চালৈ আহে যেতিয়া তিনিজন বিজ্ঞানী হুগো ডি ভ্ৰিচ, কাৰ্ল লৰেঞ্চ, এৰিকভন শ্বেৰমাৰ্কে মেণ্ডেলৰ তিনি সূত্ৰৰ পুনৰ আৱিষ্কাৰ কৰে। ১৯০৯ চনত মেণ্ডেলে কোৱা এই বংশগতিৰ বাহকবিধক ক’বলৈ উইলিয়ম ৱাটচনে জেনেটিক্স শব্দটো ব্যৱহাৰ কৰে। অৱশ্যে বিৱৰ্তনবাদৰ উদ্ভাৱক ডাৰউইনেও গ্ৰীক শব্দ পানজেনেচিচ ব্যৱহাৰ কৰিছিল। অৱশেষত ১৯০৯ চনত উইলহেম জোহান্সে উদ্ভিদ বা প্ৰাণীৰ বংশগতিৰ বাহক এই কাৰক বিধৰ নামকৰণ কৰে “জিন“বুলি। জিনৰ বিষয়ে সকলোতকৈ তাত্ত্বিক গৱেষণা কৰি মানৱ জাতিলৈ অৱদান আগবঢ়ায় আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানী টি এইচ মৰগানে। ১৯১২ চনত ড্ৰচফিলা মাখিৰ বিষয়ে গৱেষণা কৰি মৰগানে নিৰ্ণয় কৰে জীৱৰ ক্ৰম’জমত থাকে মানৱদেহৰ বৈশিষ্ট্য বহনকাৰী উপাদান এই ‘জিন’। মৰগেনে জিনৰ বিষয়ে কৰা গৱেষণাৰ বাবেই নবেল পুৰস্কাৰেৰে সন্মানিত হয়। পিচৰ জীৱবিজ্ঞানীসকলে জিনৰ বিষয়ে গৱেষণা চলাই নি উপলব্ধি কৰে জিন অকল বংশগতিৰে বাহক নহয় সমগ্ৰ জীৱন প্ৰক্ৰিয়াটোৰে মুখ্য কাৰক।
জিন ক্ৰম’জমত থাকে আনহাতে ক্ৰম’জম থাকে জীৱকোষৰ কোষবিন্দু বা নিউক্লিয়াচত। ক্ৰম’জম সদায় যোৰ পাতি থাকে আৰু বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ বা প্ৰাণীৰ ক্ৰম’জমৰ সংখ্যাও ভিন ভিন হয়। যেনে মটৰ মাহৰ ক্ৰম’জমৰ সংখ্যা ৭যোৰ বা ১৪ ডাল, এন্দুৰৰ ২০যোৰ বা ৪০ ডাল, আৰু মানুহৰ ২৩যোৰ বা ৪৬ ডাল। মানুহৰ ২৩ যোৰৰে এযোৰ হল চেক্স ক্ৰম’জম। এই ৪৬ ডাল ক্ৰম’জম যদি এডালৰ পিচত এডাল সজোৱা হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য হব ২ মিটাৰতকৈ অলপ বেছি। তথাপিও কিন্তু ইহঁত থাকে নিউক্লীয়াচৰ বা কোষকেন্দ্ৰৰ ভিতৰত যাৰ আকাৰ হল এক ইঞ্চিৰ চল্লিশ হাজাৰ ভাগৰ এভাগ। এই কোষকেন্দ্ৰটোত দুবিধ নিউক্লীয় এচিদ থাকে যাৰ নামকৰণ কৰা হৈছে ডাই অক্সিৰাইব’ নিউক্লিক এচিদ বা চমুকৈ ডি এন এ (DNA) আৰু ৰাইব’ নিউক্লিয় এচিদ বা আৰ এন এ (RNA) . এই ডি এন এ ক্ৰম’জমত থকাৰ বিপৰীতে আৰ এন এ ঘনীভূত হৈ থাকে নিউক্লিয়লিৰ লগত। আজিকালি DNA test কৰা কথাটো প্ৰায় সকলোৰে মুখত শুনা যায়। গতিকে সকলোৱে DNA ক’ত থাকে আৰু কিয় টেষ্ট কৰিব লাগে এতিয়া বুজি পালে নিশ্চয়। এতিয়া আমি জানিলোঁ যে জিন পিতৃ-মাতৃৰ দেহৰপৰা সন্তানৰ দেহলৈ উত্তৰাধিকাৰ সূত্ৰে আহে আৰু পিতৃ-মাতৃৰ বৈশিষ্ট্যবোৰ সন্তানৰ দেহত প্ৰতিবিম্বিত হয়। এই বৈশিষ্ট্যবোৰ একেলগে একোটা দলত নাহে প্ৰতিডাল জিনে ভিন ভিন বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে। অৰ্থাৎ ক’ব পাৰি যে প্ৰতিটো বিশেষ বৈশিষ্ট্যৰ বাবে ক্ৰম’জমৰ একোটা বিশেষ স্থানত থকা একোডাল বিশেষ জিন দায়ী।
অৰ্থাৎ একোডাল বিশেষ জিনৰ বাবে কোনোবা ওখ, চাপৰ বা কাৰোবাৰ চকু পিতলবৰণীয়া বা সাগৰ নীলা হ’ব পাৰে। সেইদৰে মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটোও জিনৰ ওপৰতে নিৰ্ভৰ কৰে।
স্ত্ৰী লিংগৰ বাবে প্ৰয়োজনীয় ক্ৰম’জম দুডাল হল XX আৰু পুৰুষৰ দুডাল হল XY. পুৰুষৰ শুক্ৰাণু আৰু মাতৃৰ ডিম্বানুৰপৰা নিষেচন (fertilization)ৰ সময়ত শিশুটোৰ ভ্ৰুণটোত মাতৃৰ ফালৰপৰা সদায় এডাল X ক্ৰম’জম থাকে।
আনহাতে পিতৃৰ ফালৰপৰা যদি এডাল X ক্ৰম’জম আহে তেন্তে XX ক্ৰম’জম হৈ ছোৱালী আৰু Y ক্ৰম’জম আহিলে XY ক্ৰম’জম হৈ ল’ৰা সন্তান হ’ব। ইয়াত মাতৃগৰাকীৰ লিংগ নিৰ্ণয়ত কোনো বেলেগ ভূমিকা নাই।
মানুহৰ দেহত থকা কোষবোৰৰ এটা প্ৰধান কাম হ’ল দেহৰ বাবে লগা প্ৰয়োজনীয় প্ৰটিন তৈয়াৰ কৰা। মানুহৰ দেহত এহাজাৰটাত কৈ অধিক বিভিন্ন প্ৰটিনৰ আৱশ্যক। এই সকলোবিধ তৈয়াৰী হয় ২০ বিধ এমাইন এচিদৰপৰা। প্ৰতিদাল জিনে নিদ্দিষ্ট কিছুমান প্ৰটিন তৈয়াৰ কৰাৰ নিৰ্দেশনা থাকে। জিনত থকা এই নিৰ্দেশনা(instruction) বোৰকে জেনেটিক কোড বুলি কোৱা হয়।
১৯৫৩ চনত জে ডি ৱাটচন আৰু ফ্ৰাঞ্চিচ ক্ৰিকে ডি এন এ গঠনৰ আৱিষ্কাৰ কৰাৰ লগে লগে জিনৰ বিষয়ে থকা বহু ৰহস্যৰ সমাধা হয়। জীৱৰ জীৱন ৰহস্য লুকাই থকা জিনৰ অধ্যয়নৰ বাবে জীৱ বিজ্ঞানৰ এটি নতুন শাখা জেনেটিক ছায়েঞ্চৰে উদ্ভৱ হ’ল। জেনেটিক কোডৰ পাঠোদ্ধাৰ কৰাৰ লগে লগে জীৱবিজ্ঞানীসকলে চেষ্টা কৰিবলৈ ধৰিলে নতুন বা কৃত্ৰিম জিন সংযোজন বা বিয়োজন বা পৰিবৰ্তন কৰি জেনেটিক কোডৰ স্থায়ী পৰিবৰ্তন কৰাৰ বাবে। ১৯৬৯ চনত আমেৰিকা প্ৰৱাসী ভাৰতীয় হৰগোৱিন্দ খোৰাণাই কৃত্ৰিম জিন তৈয়াৰ কৰি নবেল পুৰস্কাৰ লাভ কৰে। এতিয়া জেনেটিক কোডৰ পাঠ উদ্ধাৰ কৰি বেমাৰী বা বেয়া জিনবোৰ replacement কৰি বংশানুক্ৰমিক বেমাৰ যেনে থেলাচেলমিয়া, হিম’ফেলিয়া, ডায়েবেটিচ জন্মগত আনবেমাৰবোৰ আৰোগ্য কৰিবৰ বাবে বিজ্ঞানীসকলে চেষ্টা কৰি আছে। জেনেটিক ইঞ্জিনীয়াৰিং বুলি জীৱবিজ্ঞানৰ এই শাখাত জেনেটিক কোডৰ এই সংযোজন বিয়োজন কামবোৰত সক্ষম হোৱাৰ লগে লগে বেমাৰ আৰোগ্য লাভ কৰাৰ লগতে হয়তো এদিন মানুহে অমৰত্বৰ কথাও চিন্তাও কৰিব। অ’ ক’বলৈ থাকি গল মানুহৰ দেহত থকা জিনৰ সংখ্যা প্ৰায় ২০০০০-২৫০০০ বুলি বিজ্ঞানীসকলে কয়।

তথ্যসূত্ৰ: NCERT Class XI & XII ৰ বিজ্ঞানৰ কিতাপ আৰু ইন্টাৰনেটৰ পৰা লোৱা হৈছে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!