বনলতা দেৱীৰ বনবাস
লেখক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
হঠাৎ মানুহবোৰৰ মৃদু গুণগুণনি সাম কাটিল। বহুতে যেন কেইবাদিনৰ অন্তত কিছু সকাহ পালে। এটা যুগৰ অন্ত পৰিল নে এটা জীৱনৰ? নে এটা অভিমানৰ অন্ত পৰিল! বনলতা দেৱীয়ে নাজানে। মানুহৰ গুণগুণনি কমি অহাৰ বিপৰীতে ব্যস্ততাবোৰ ক্ৰমাৎ বাঢ়ি গৈছে। কোনোৱে খৰি কাটিছে। কোনোৱে ধুপ-ধুনাৰ যোগাৰ কৰিছে। ঘিউ, মৌ, ফুল, তুলসী আদিবোৰ বাৰু ঘৰতে পোৱা যাব। ওচৰৰ গোবিনে চাইকেলখন লৈ পুৰোহিত জনক মাতিবলৈ গৈছে। লৰাহালে ফোনতে আত্মীয় কুটুম্বক খবৰ দিছে। কোনে কি কৰিব? ঘৰখনৰ কোনটো বস্তু কত আছে, কাক কেতিয়া, কি লাগিব এইবোৰৰ দিহাও সিহঁতেয়েই দি আছে। ঘৰখন অৱশ্যে ইতিমধ্যে জী-জোঁৱাই, ভাই-বোৱাৰী, ভাগিন, ভতিজাৰে ভৰি পৰিছে। যি যেনেকৈ পাৰে লগে ভাগে কামবোৰ সমাধা কৰাত লাগিছে। মাধু হে শোকত অধীৰ হৈ আছে। কিবা এটা কৰিব পৰাকৈ এই মুহূৰ্তত তাই সুস্থিৰ নহয়। হবই বা কেনেকৈ! দেউতাকে তাইক কমখন মৰম কৰিছিলনে? একমাত্ৰ ছোৱালী বুলি তেওঁ তাইক টোপ এটাও পৰিবলৈ নিদিছিল। অভিমানী মানুহজন একমাত্ৰ এই ছোৱালীজনীকে অৱলম্বন কৰি জীয়াই আছিল যেন ভাৱ হৈছিল বনলতাৰ। ছোৱালীজনী উপহাৰ দিব পাৰি বনলতাৰো অপৰাধবোধ কিছু কমিছিল। ইমান ব্যস্ততাৰ মাজতো বনলতা সদায় থকাৰ দৰে নিৰ্লিপ্ত হৈয়ে আছে। প্ৰচণ্ড ভাগৰ এটাই আজি তাইক জুমুৰি মাৰি ধৰিছে। আঠচল্লিশ বছৰৰ এই দীঘলীয়া ভাগৰে কি ইমান সহজে তাইৰ লগ এৰিব? পিছ বাৰাণ্ডাত পাৰি থোৱা আৰামী চকীখনত গাটো হেলান দি বনলতাৰ মনটো আঠচল্লিশ বছৰ আগৰ সেই কলপাতৰ ৰভাখনৰ তললৈ উভতি গল। বনলতাই জীৱন বিশ্লেষণ কৰেনে? প্ৰশ্ন উত্তৰৰ খেলখনত এশৰ ভিতৰত এশ পাব পৰাকৈ খেলিব পাৰেনে বনলতাই? নাই, কেতিয়াও তাই বিচাৰ কৰি চোৱা নায়। অৱশ্যে স্কুলৰ পৰীক্ষাত তাই সদায় এশৰ ভিতৰত এশ পাইছিল। সেয়েহে দেউতাকে তাইক পঢ়োৱাইছিল। ছোৱালী হৈ ককায়েক হতৰ দৰেই সমানে সমানে পঢ়িবলৈ যোৱাটো সিহঁতৰ ভিতৰুৱা গাঁওখনত সেইসময়ত বেচ চৰ্চাৰ বিষয়েই আছিল। পিছে দেউতাকে সেইবোৰলৈ কেৰেপ নকৰিছিল। উজ্জ্বল ৰঙৰ, চকুৱে নাকে গোসাঁনী হেন সুন্দৰী জীয়েকজনী কেৱল দেহবল্লৱীৰেই নহয়, জ্ঞানৰ সৌন্দৰ্যৰেও যাতে উজ্জ্বলি উঠিব পাৰে তাৰ বাবে দূৰদৰ্শী দেউতাকজন বদ্ধ পৰিকৰ আছিল। দেউতাকৰ মুখখন মনত পৰি বনলতাৰ বুকু কঁপি উঠিল। পাৰিছিল জানো তাই দেউতাকৰ সেই সপোন পূৰণ কৰিব? সপোনৰ লগতে দেউতাকৰ মান সন্মান সকলো ধূলিসাত কৰি তাই প্ৰমাণ কৰা নাছিলনে যে গাভৰু ছোৱালীক সময়মতে বিয়া নিদি কলেজ পঢ়িবলৈ পঠাই ভুল কৰিছে বুলি কোৱা গাঁৱৰ মানুহখিনিৰ কথাবোৰ সত্য আছিল! তাইৰ চকুৰে বাগৰি অহা পানীৰ ঢলতো মচি দি জা’কগৰাকীয়ে কৈ উঠিল-নাকান্দিব বাইদেউ। দাদাক মৰমেৰে বিদায় দিয়কচোন, চকুপানীৰে নহয়। লৰালৰিকৈ চকুপানী মচি লৈ বনলতা পুনৰ দোধোৰ মোধোৰত পৰিল। গিৰিহঁতৰ অন্তিম যাত্ৰাৰ পৰত তাই দেউতাকলৈ মনত পেলাই কান্দিছে কিয়? কথাবোৰ যেন কৰবাত সংপৃক্ত হৈ আছে। গিৰীহঁতৰ মৃত্যুত তাই শোকে সন্তাপে জৰ্জড়িত হৈ পৰিব নালাগিছিল জানো আজি? শোক তাইৰো আছে, মৃত্যুতকৈও ডাঙৰ শোক। যি শোক তাই কাৰো সৈতে ভগাব নোৱাৰে। মানুহজনৰ এয়া মৃত্যু বুলি তাই ভৱা নাই, এয়া তেখেতৰ মুক্তিহে। পিছে জা’কে কোৱাৰ দৰে বিদায়? বনলতাই নিজকে প্ৰশ্ন কৰিলে, আঠচল্লিশ বছৰীয়া সুদীৰ্ঘ বিবাহিত জীৱনত মানুহজনে তাইক কোনোবা দিনা বুকুৰ আৱেগেৰে আমন্ত্ৰণ কৰিছিলনে? আমন্ত্ৰণ নাথাকিলে বিদায় কিদৰে দিয়া যায়! বনলতাই দেৱীয়ে নাজানে। নাকে মুখে বদ্যধনন্তৰী হেন ওখপাখ তেজগোড়া মানুহজনে যিদিনা তাইক চাবলৈ গৈছিল আমন জিমনকৈ তাঁতশালত বহি তাই মাকো মাৰি আছিল। ইতিমধ্যে হাতৰ কলম এৰুৱাই দি তাৰ ঠাইত মাকো এটা গুজি দিয়া হৈছিল তাইক। এক অদ্ভুত নিৰ্লিপ্ততাত বুৰ গৈ তাই মাথোঁ মাকো মাৰিছিল। খতৰ…….খতৰ…….. খতৰ……..খতৰ…….
প্ৰত্যেকটো “খতৰ”ৰ লগতে তাইৰ বুকুত বাজিবলৈ ধৰা আবেগৰ তাঁৰবোৰ এডাল এডালকৈ নিৰ্দয়ভাৱে ছিগি গৈছিল। তথাপি তাই থমকি ৰোৱা নাছিল। দিনৰ দিনটো মাথোঁ মাকো মাৰি মাৰি আউল লগা তাঁৰবোৰ ছিঙি দলিয়াই পেলাবলৈ চেষ্টা কৰিছিল। ইমানেই ডাঙৰ ভুল কৰিছিলনে তাই? এটা ভুল অৱশ্যে তাই কৰিছিল, এই দেৱতুল্য মানুহজনক সত্যৰ পৰা দূৰত ৰখাৰ ভুল। যাৰ বাবে আজিও তাইৰ বুকুখন দহি থাকে। যাৰ বাবে তাই চিৰকাল প্ৰেমৰ প্ৰতিমা ভাগীক কলিজাৰ ৰং সনা এপাহী ফুল যাঁচিব নোৱাৰাকৈ সংকুচিত হৈ থাকিল। আজি আৰু সেই সুযোগ তাই নাপায়। সৌৱা, চোতালত শুই থকা এটা শুভ্ৰ শৰীৰ সকলোৱে ফুলেৰে ওপচাই পেলাইছে। একমাত্ৰ তাইহে দূৰ হৈ আছে, বুকুত শত সহস্ৰ ফুলৰ মালা এধাৰী লৈ। কিন্তু দেউতাকে কোৱাৰ দৰে তাইতো সেয়া ভুল বুলি ভৱা নাছিল, সেয়াতো তাই প্ৰেম বুলিহে গণ্য কৰিছিল। স্থানীয় কলেজখনত তেতিয়া ছোৱালীৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰাকৈ কম। সাংঘাতিক ব্ৰেইনী ছোৱালী এজনী কলেজলৈ নতুনকৈ অহা বুলি ইতিমধ্যে কলেজখনত প্ৰচাৰ হৈ গৈছিল। তাইৰ লগত চিনাকি হবলৈ অহা প্ৰত্যেকজন সহপাঠী উভতি যাওঁতে তাইৰ মেধাৰ লগতে ৰূপৰো প্ৰশংসক পৰিছিল। পিছে এইবোৰৰ প্ৰতি তাইৰ কোনো ভ্ৰূক্ষেপ নাছিল। দেউতাকৰ সপোনটোৱে ইতিমধ্যে তাইৰ মূৰতো কুণ্ডলী পকাই বহি লৈছিল। ঘৰ-কলেজ আৰু কলেজৰ পিছত নতুনকৈ অহা ডেকা প্ৰফেছৰ জনৰ ওচৰত সপোনৰ পথ সুগম কৰাৰ কৰ্ষণ। বচ… ইমানেই কাম আছিল বনলতা দেৱীৰ। গাঁৱৰ অন্য ছোৱালীৰ দৰে ৰান্ধনিশাল, তাঁতশাল, চোতাল, পথাৰ আদিৰ পৰা সৎযোজন দূৰত থকা বনলতাৰ গাঁৱত তাইৰ উপৰুৱা নাম আছিল থুপৰি। ডেকা প্ৰফেছৰজনে অৱশ্যে দেউতাকৰ দৰেই এইবোৰ কথাত গুৰুত্ব নিদিছিল। সেয়েহে মানুহজনক তাইৰ ভাল লাগিছিল। জ্ঞান, মান, সুনাম, প্ৰতিষ্ঠাৰ সপোনৰ লগতে ডেকা প্ৰফেছৰজনে বনলতাক আৰু এটা সপোন দেখুৱাইছিল। প্ৰেমৰ সপোন। কুমলীয়া বনলতাৰ সপোনৰ লগত এটা আলফুল সপোনৰ কোমলতা যোগ হৈ অন্য এক মাত্ৰা লাভ কৰিছিল। বনলতাৰ সপোনে ডেকা প্ৰফেছৰৰ আটিল দুবাহুত ভৰ দি লতা বগোৱাদি বগাবলৈ ধৰিছিল। আঃ পৃথিবীও কি অ’ত’ সুন্দৰ! সপোনো কি ইমান আটোলটোল হব পাৰে! বনলতাই কল্পনাও কৰিব পৰা নাছিল। বনলতাই গম নোপোৱাকৈয়ে তাইৰ প্ৰেম, সপোন, জীৱন সকলোবোৰ ডেকা প্ৰফেছৰৰ বহল বুকুৰ উমত লাহে লাহে লীন হবলৈ ধৰিছিল। দেউতাকৰ মতে সেয়া পাপ আছিল। মচিব নোৱাৰা পাপ। আৰু ডেকা প্ৰফেছৰৰ মতে? নাই নাই..সেয়া প্ৰেম আছিল, মাথোঁ প্ৰেম। প্ৰেমত কোনো ভুল নাথাকে, নাথাকে কোনো পাপ। প্ৰাৰ্থনা থাকে প্ৰেমত। আকুলতা থাকে, আবেগ থাকে, স্বৰ্গীয় প্ৰশান্তিৰে ভৰি থাকে প্ৰেম। কিন্তু ডেকা প্ৰফেছৰে কথাবোৰ তাইৰ দৰে ভৱা নাছিল। তেওঁৰ কথাবোৰ বনলতাৰ দেউতাকৰ দৰেহে আছিল। “সেয়া পাপ আছিল। ভুল হৈছিল তেওঁৰ, চূড়ান্ত ভুল। ঠিক এনেকৈয়ে কৈছিলনে সেইদিনা বন্ধ কোঠাৰ শ্বাসৰুদ্ধকৰ পৰিবেশত ডেকা প্ৰফেছৰে? বাক্যবোৰ ঠিকমতে তাই মনত পেলাব পৰা নাই যদিও অৰ্থ কিন্তু এইটোৱেই আছিল। ভয়ে ভয়ে তাই দেউতাকৰ মুখলৈ চাইছিল। ককয়েকহঁতৰ ক’লা পৰা মুখ দুখন তলমুৱা হৈ আছিল। কিয় জানো তাইৰ এনে লাগিছিল তাইৰ দৰে দেউতাক আৰু ককায়েক হতেও আশা কৰিছিল ডেকা প্ৰফেছৰে তেওঁৰ বহল বুকুখন আৰু কিছু বহল কৰি কওক ..হয় এয়া প্ৰেমেই আছিল, মাথোঁ প্ৰেম। বাহিৰত সম্বলিত ধ্বনিৰে দিয়া হৰি বল, ৰাম বলৰ শব্দত বনলতা দেৱীৰ সম্বিত ঘূৰি আহিল। উঃ প্ৰিয়জনৰ বিদায় পৰ্বও যে কেনে বিষাদভৰা। প্ৰকৃতিৰ ওচৰত মানুহ কিমান যে নিঃস্ব? কিমান যে অসহায়? বনলতা যিদিনা অসহায় হৈছিল সেইদিনা বাৰু প্ৰকৃতি তাইৰ বিৰোধ হৈছিল নে ভাগ্য? ডেকা প্ৰফেছৰৰ প্ৰতাৰণাৰ বীজ বহন কৰা বনলতা দেৱীক ভাগ্যই সেইদিনা লগ দিয়া নাছিল সঁচা কথা, কিন্তু এই নিৰ্মল মানুহজনৰ লগত বিয়াত বহিবলৈ মত দিয়াৰ সময়ত তাইক ভাগ্যই নহয়, সাহসেহে লগ দিয়া নাছিল। ডেকা প্ৰফেছৰে সেইদিনা বন্ধ কোঠাৰ ভিতৰত তাইৰ সৈতে প্ৰেমৰ চূড়ান্ত শিখৰত আৰোহণ কৰাৰ সাহস দেখুওৱাৰ দৰে যদি ৰুদ্ধ কোঠাত তাইৰ দেউতাকৰ সন্মুখতো প্ৰেম স্বীকাৰৰ সাহস দেখুৱালেহেঁতেন আজি হয়তো বনলতা দেৱীৰ জীৱনৰ ছবিখন সম্পূৰ্ণ বেলেগ হলহেঁতেন। বাৰু, থাওক আজি প্ৰফেছৰৰ কথা। অন্তত তাই যদি সেইদিনা এই শুভ্ৰ পুৰুষজনৰ লগত বিয়াত নবহাৰ সাহসিকতা দেখুৱালে হেঁতেন তেতিয়াও হয়তো তাইৰ জীৱনৰ, এই মানুহজনৰ জীৱনৰ ছৱিখন কিছু অন্যধৰণৰ হলহেঁতেন। নিজৰ ওপৰতে ধিক্কাৰ জন্মে বনলতা দেৱীৰ। সকলো মানুহেই আচলতে কোনোবাখিনিত স্বাৰ্থপৰ হৈ উঠে। নিজৰ সন্মুখত আনৰ ভাৱনাবোৰ সদায় তৰল হৈ পৰে। মানুহজনৰ সন্মুখত তাই নীৰৱ হৈ আছিল যদিও দেউতাকৰ সন্মুখত কিন্তু তাই জোৰ দিয়েই কৈছিল-এয়া পাপ, এয়া ভুল, এয়া বিশ্বাসঘাটকতা দেউতা। দেউতাকৰ মুখত সেইদিনা প্ৰথম তাই বিদ্ৰূপৰ হাঁহি দেখিছিল। ভুল? পাপ? বিশ্বাসঘটকতা? তুমিতো এই সকলোবোৰৰেই প্ৰতিমূৰ্তি বনলতা। কান্দি উঠিছিল তাই। হাহাকাৰ কৰি উঠিছিল তাইৰ অন্তৰে। তাৰ পাছত এই শব্দবোৰৰ সৈতে তাই সহজ হৈ পৰিছিল। যোৱা আঠচল্লিশটা বছৰে তাই মানুহজনৰ পৰা কিমানবাৰ যে শুনিছে এই কেইটা শব্দ! মানি লৈছে তাই। কোনো ক্ষোভ, কোনো ৰাগ নাই মানুহজনৰ প্ৰতি। বৰঞ্চ তেওঁৰ অৱহেলাক বনলতাই তাইৰ
পাপৰ প্ৰায়শ্চিত্ত বুলিয়েই ধৰি লৈছিল। সময়ত তিনিটা সন্তানৰ মাতৃ হল বনলতা। সমাজত তেওঁলোক সুখী আৰু সফল দম্পতী। মানুহজনৰ আচৰণত লৰা ছোৱালীহতে প্ৰায়েই কৈছিল দেউতা তুমি ইমান আনৰোমেণ্টিক কিয়? যৌথ পৰিয়ালত উৎসৱে পাৰ্বনে সকলোকে নিজ হাতে উপহাৰ দিয়া দেখি মাধুৱে প্ৰায়ে দেউতাকক আব্দাৰ কৰিছিল সকলোকে দিয়াৰ দৰে মাক তোমাৰ হাতেৰেই উপহাৰ দিয়া না দেউতা। বনলতায়ো আশা কৰিছিল কোনোবাদিনাতো তেওঁৰ ক্ষোভ কমিব, কোনোবাদিনাতো তেওঁৰ হৃদয়ে বনলতাক বিচাৰিব। সন্মোহণৰ সেই নিশাবোৰৰ অন্তত সদায়েই বনলতাই আশা কৰিছিল এক নতুন প্ৰভাতৰ। পিছে প্ৰতিবাৰেই পুৱাতে স্নান কৰি সূৰ্য নমস্কাৰ কৰা মানুহজনৰ স্নিগ্ধ মুখখনত তাই দেখা পাইছিল মাথোঁ দায়িত্ব আৰু কৰ্তব্য। বনলতাই আশা কৰা সেই আকুল চাৱনিবোৰ, উত্তপ্ত স্পৰ্শবোৰ আৰু প্ৰেমাতুৰ শব্দবোৰৰ সামান্য আভাসো দিনৰ পোহৰে ধৰি ৰাখিব পৰা নাছিল। মাজে মাজে হতাশ হৈছিল বনলতা। প্ৰেমৰ বাহিৰে আন সকলো দিয়া মানুহজনৰ পৰা মাথোঁ প্ৰেমৰ আশাতে তাই নিশাবোৰ জীপাল কৰি তুলিছিল। তাইক প্ৰেম লাগে। মুক্তি লাগে কুৰুকি কুৰুকি খাই থকা অপৰধবোধৰ কীটতোৰ পৰা। বনলতা দেৱীৰ ভাৱ হৈছিল মানুহজনো যেন তাইৰ বাবে মাজে মাজে ব্যাকুল হৈ পৰিছিল। অথচ এক বুজাব নোৱাৰা সংকোচবোধত তেওঁ বনলতাক উপেক্ষা কৰি গৈছিল। বিয়াৰ নিশাই ধৰা পৰি যোৱা তাইৰ স্ফীত উদৰে ঘৰখনৰ সকলোকে সেইদিনা অবাক কৰি তুলিছিল। মাক দেউতাক, ভায়েক, ভনীয়েক হতৰ হুমুনিয়াহৰ ভাৰখনত ইমান ওজন আছিল যে তাৰ তুলনাত বনলতাৰ প্ৰতি নমনীয় হব খোজা তেওঁৰ আৱেগৰ ভাৰখন সদায় পাতল হৈ পৰিছিল।
পৰিপূৰ্ণ পৰিয়ালটোত নিশাবোৰৰ বাদে দিনৰ পোহৰত মানুহজনক নিলগাই পোৱাতো সম্ভৱ নহৈছিল। একক পৰিয়ালত বাৰু কথাবোৰ কিছু বেলেগ হলহেঁতেন নিকি? বনলতা দেৱীৰ আকুল হৃদয়ে কথাবোৰ এনেদৰে ভাবিবলৈও বাধ্য কৰায়। ইমানৰ পিছতো কিন্তু সম্ভ্ৰান্ত পৰিয়ালটোত তাই সম্ভ্ৰমেৰে চলি যোৱাত কোনো বাধা পোৱা নাছিল। এনে সংস্কাৰ, এনে দায়িত্ববোধৰ ছায়াতে তাই ডেকা প্ৰফেছৰৰ সন্তান প্ৰসৱ কৰিছিল। এদিনীয়া আয়ুস লৈ অহা সন্তানটি গুচি যোৱাত তাইৰ দুখ লগা নাছিল। প্ৰতাৰণাৰ বীজে গঁজালি মেলিলেও তাৰ ফল বিষাক্ত হোৱাৰে সম্ভাৱনা অধিক। তাই অন্তত তেনেকৈয়ে ভাবিছিল। দুখ লাগিছিল কেৱল প্ৰেমৰ পবিত্ৰতাই শৰীৰৰ অশুচিতা ধুই নিব নোৱাৰাৰ বাবেহে। ইতিমধ্যে ধৰালৈ সন্ধিয়া নামিছিল। দুই পুত্ৰই সাঙিখন দাঙি নিয়াৰ আগতে বনলতা দেৱীয়ে মানুহজনক এটা সেৱা জনালে। কপালখন মহাৰি দি কাণৰ কাষলৈ মুখখন লৈ গৈ কলে ডেকা প্ৰফেছৰৰ বুকুখন বহল আছিল, কিন্তু আপোনাৰ হৃদয়খন বিশাল আছিল। বনলতা দেৱীৰ হৃদয়ৰ বেদীত মাথোঁ আপুনি আছিল, আপুনি। কাঁহ তালৰ শব্দ আৰু ঘুপ-ধুনাৰ গোন্ধত চোতালখনে এক স্বৰ্গীয়ৰূপ পাইছে। সাঙিখন জপনা পাৰহৈ যায় মানে বনলতা দেৱী কম্পিত খোজেৰে বাৰাণ্ডাত উঠিলহি। মানুহবোৰ সাঙিৰ পিছে পিছে খোজ লৈছে। বাৰাণ্ডাত তেতিয়া মাথোঁ বনলতা দেৱী আৰু মাধু। মা, দেউতাৰ কাণত তুমি কি কলা? নিজ কোঠাৰ দিশে যাবলৈ ওলোৱা বনলতা দেৱীয়ে ক্ষন্তেক ৰৈ মাধুলৈ ঘূৰি নোচোৱাকৈয়ে কলে-বহু প্ৰশ্ন তেওঁ মোক নোসোধাকৈয়ে গুচি গল অ মাধু। বিদায় বেলাত মাথোঁ তেওঁক জনালোঁ বিনা দোষতে সীতাদেৱীয়ে বনবাস খাটিব লগা হৈছিল। বনলতা দেৱীয়েতো দোষ কৰিছে। সেয়েহে তেওঁৰ বনবাস কিছু দীঘলীয়া হব। কিন্তু এই বনবাসৰ অন্তত তেওঁ সীতাৰ দৰে পাতাল প্ৰৱেশ নকৰে। মানুহজনৰ বিশাল হৃদয়ত প্ৰেমৰ এক সুকীয়া সংজ্ঞা লৈ তেওঁ বিলীন হৈ যাব। নাতিদূৰত জ্বলি উঠা চিতাৰ জুইকুৰাই বাৰাণ্ডাখন জান নিজানকৈ পোহৰাই তুলিলে। বুজা নুবুজাৰ ভাৱত মাধু বাৰাণ্ডাত এচুকতে থিয় হৈ থাকিল। বনলতা দেৱীৰ বনবাসৰ অন্তকাল চমু চাপি আহিছে, মাধুৱে তাকেই বুজিলে।