বহুপৰ বৰষুণত

লেখক- জোনমণি দাস

বহুপৰ বৰষুণত ভিজি আছিল
এটা চাতক চৰাই
আইনাখনত ওপঙি আছিল দুটা চকু

মোৰ স্বস্তি স্বপ্ন সৃজনৰ সিপাৰে
চৰাইৰ মাতৰ দৰে সৰিছিল
বৰষুণৰ টোপালবোৰ

কাকডোঙাৰ দুপাৰত
এজাৰে আকাশ ছানিছিল
সৰি থকা এজাৰৰ পাহিত উবুৰি খাই পৰিছিল
মোক মাতি থকা হাতখনৰ হাতবাউল

এখিলা উকা কাগজত
নদীৰ নক্সা আঁকি আঁকি মই
দিশ হেৰুওৱা নাবিক এজনক বিচাৰি ফুৰিছিলোঁ

এজাৰে আকুল কৰা আকাশ চুবলৈ
সময়ে ক’ত পোছাক খুলিছিল
ঘূৰি চাবলৈ ঘড়ীৰ আহৰি নাছিল

আইনাখনত ওপঙি থকা চকু দুটাই
দুখন চিলা হৈ উৰিবলৈ আহিছিল মোৰ চকুত
আৰু খেলিব খুজিছিল সূতা ছিঙা-ছিঙিৰ খেল

ইমান বৰষুণতো পিয়াহে
মোৰ ডিঙি মুচৰিছিল; আৰু মোৰ গোটেই গাত গজিছিল
অজস্ৰ কেকটাছ

বৰষুণত ভিজি ভিজি তেতিয়াও
এটা চাতক চৰায়ে পিয়াহত
চিঞৰি আছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!