গল্পকাৰ – পিণ্টু দেৱনাথ
অনুবাদ প্ৰদীপ বৈশ্য
বাঙলা ভাষাৰ অনুবাদ গল্প !
লেখক- – পিণ্টু দেৱনাথ অনুবাদ প্ৰদীপ বৈশ্য
বৰ্তমান সমাজখন অতি কঠিন পৰিস্থিতিৰ মাজেদি পাৰ হৈ আছে। ধন-সম্পত্তি অবিহনে এই সমাজত জীয়াই থকাটো মূল্যহীন। আকৌ বেছি সা-সম্পত্তি থাকিলেও বিপদ। ল’ৰা-ছোৱালীয়ে সেইবোৰৰ ভাগ-বতৰা কৰিবলৈ উঠিপৰি লাগে। শেষত বৃদ্ধ পিতৃ-মাতৃ পদপথত থাকিবলগীয়া অৱস্থা হয়। অৱশ্যে সকলো ল’ৰা- ছোৱালীয়েই তেনে নহয়। এই সমাজত এতিয়াও কিছু ভাল মানুহ আছে।
আজি ৰাতিপুৱা অলপ বেছি সোনকালেই পৰিতোষ বাবু বজাৰলৈ যাবলগীয়া গ’ল। কাৰণটো হ’ল- জী-জোঁৱাই আৰু লগতে পুতেকো ঘৰলৈ আহি আছে। জীয়ৰীৰ ইলিশ, পুতেক আৰু জোঁৱাইৰ খাহী মাংস বৰকৈ প্ৰিয়, লগত আনিছে তেওঁৰ প্ৰিয় চিকেন। পৰিবাৰে বকফুল, পানীলাও আৰু কিমান যে কি বস্তুৰ এখন দীঘলীয়া তালিকা দিছে তাৰ হিচাপ নাই। সকলোখিনি কিনি ঘৰত সোমাওঁতে ঘড়ীটোৰ ঘণ্টাৰ কাটাডালে ন বাজিবৰ ইংগিত দিলে।
– ক’ত গ’লা হে? মোক একাপ চাহ খাবলৈ দিয়া।
– মোৰ মৰিবলৈকো সময় নাই। মায়া তয়েই ককাক চাহ একাপ বনাই দেচোন।
চাহকাপ লৈ মায়া কোঠাটোলৈ সোমাই অহাত পৰিতোশ বাবুই ক’বলৈ ল’লে- “বুজিছ মায়া। মই যে বুঢ়া ঘোঁৰাটো, সেয়েহে কোনেও গুৰুত্ব নিদিয়ে। আইতাৰক মাতিলেই টিঙিৰি-তুলা হৈ উঠে।”
– নহয় ককা। আচলতে মাহী আৰু মামা আহিব বাবেই আইতা খুব ব্যস্ত।
অলপ পাছতেই তেওঁলোকৰ ঘৰৰ সন্মুখত এখন উবেৰ টেক্সি আহি উপস্থিত হ’ল। পৰিতোষ বাবুৰ জীয়ৰী আৰু জোঁৱাই দিল্লীত থাকে, দুয়োজনেই এইমছৰ ডাক্তৰ। পুত্ৰও দিল্লীত চাকৰি কৰে। ফলত বায়েক আৰু ভায়েক দুয়োৰে মাজত যোগাযোগখিনি ভালকৈ আছে।
দুপৰীয়াৰ ভাত খোৱাৰ সময়ত পৰিতোষ বাবুৰ জীয়েকে টেবুলত বহি ক’লে – “মা, তুমি এতিয়াও মোক ষোল্ল বছৰীয়া ছোৱালীজনী হৈ আছোঁ বুলি ভাবিছা নেকি? ইমান অয়লি বস্তুবোৰ কিয় ৰান্ধিছা? আমি কোনেও ভাপত দিয়া ইলিশ মাছ নেখাওঁ। আৰু খাহীৰ মাংস খুৱাই আমাক মাৰিবা নেকি?
– বনাইছোঁ যেতিয়া অলপ খাই ল। তোৰ বাবেই বনাইছোঁ।
– মা। মই আৰু তোমাৰ জোঁৱাই কোনোৱেই এইবোৰ নেখাওঁ। তোমাৰ নাতিয়ে খালে খাব পাৰে।
ল’ৰাও দেখিলো একেই। কোনেও অয়লি খাদ্য খাবলৈ সন্মত নহয়। বাধ্য হৈ পৰিবাৰে বৰ্তনকেইটা ডাইনিং টেবুলৰ পৰা নি ফ্ৰিজত সুমুৱাই দিলে। পৰিবাৰৰ চকুযুৰি কাৰো চকুত নপৰিল যদিও সেমেকি উঠিল।
খোৱা-বোৱা শেষ হোৱাৰ পাছত ল’ৰাটোৱে ক’লে –
“মা-দেউতা, তোমালোকৰ লগত কিছু কথা পাতিবগীয়া আছে। আচলতে আমি সেই কাৰণেই ইয়ালৈ আহিছোঁ।”
– বাইদেউ আৰু মই এই পুৰণি ঘৰটো প্ৰমোটাৰক দিবলৈ সিদ্ধান্ত লৈছোঁ। আমি তিনিটা ফ্লেট পোৱাৰ লগতে নগদ টকাও পাম। তোমালোকৰ বয়সো হৈ আহিছে। কাৰ কেতিয়া কি হ’ব কোনে জানে?
পৰিতোষ বাবুৱে একদম সঠিক ধাৰণাই কৰিছিল। নহ’লে আগতীয়া খা-খবৰ নোহোৱাকৈ জী- জোঁৱাই আৰু পুতেক যে একেলগে আহিব, সেই কথা ভাবিবই নোৱাৰি।
– দেউতা, তুমি কিবা এটা উত্তৰ দিয়া।
– তহঁতৰ ৰিটাৰ্ণ টিকট কেতিয়া?
– পৰহিলৈ। কিয় সুধিলা?
– শুন, তহঁতে তো আমাক আমাক চাবলৈ ইয়ালৈ অহা নাই। আহিছ নিজৰ স্বাৰ্থ সিদ্ধি কৰিবলৈহে। একেখিনি কথা দিল্লীৰ পৰা ফোনটো ক’ব পাৰিলিহেঁতেন। এটা কাম কৰ! তহঁতে কোনো হোটেলত থকাকৈ গুচি যা। মই আৰু তহঁতৰ মা বাচি থকালৈ এই ঘৰটোৰ এচটা ইটাও ভাঙিব নিদিওঁ।
– কিন্তু দেউতা, আমি কথাখিনি তোমালোকৰ ভালৰ বাবেই কৈছিলোঁ।
– তহঁতে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমি নিজৰ ভালখিনি ভালদৰে বুজি পাওঁ।
– মই তহঁতৰ বাবে কেবৰ টেক্সি মাতি পঠাইছোঁ। ভালে ভালে ঘৰৰ পৰা বাহিৰ হ।
তেওঁৰ পত্নীয়ে শোৱনি কোঠাৰ বিছনাত চকু ফুলি যোৱাকৈ কান্দিছিল। পৰিতোষ বাবুই ঘৰত সোমাই পৰিবাৰৰ পিঠিত হাতখন থ’লে। তাৰ পাছত পকেটৰ পৰা এটা অৰেঞ্জ চকলেট উলিয়াই বাকলিটো গুচালে। পৰিবাৰৰ মুখত গুজি দি সাৱটি ধৰিলে আৰু ক’লে- “হেপ্পী চকলেট ডে, হেপ্পী হাগ ডে, হেপ্পী ভেলেণ্টাইন ডে। মই সিহঁতক ঘূৰাই পঠিয়ালোঁ, মিনু। আমাৰ পৃথিৱীখন মই আৰু তুমি দুয়ো মিলিয়েই হ’ম। আমিয়েই আমাৰ ভৰসা, আমাক কাৰোৰে প্ৰয়োজন নাই।”
মিনু দেৱীয়ে পৰিতোষ বাবুৰ কান্ধত মূৰটো গুজি দিলে। আজি নিজৰ মানুহজনক আৰু বেছি আস্থাত ল’বলৈ তেওঁৰ মন গৈছে। ভাগৰুৱা হোৱাৰ বাবে চকু দুটাও যেন জাপ খাই যাব খুজিছে! দিনৰ দিনটো কমখন কষ্ট হৈছেনে! পৰিতোষ বাবুৰ কান্ধত মূৰটো থৈয়েই মিনু গভীৰ নিদ্ৰাত মগ্ন হ’ল।
পৰিতোষ বাবুই উঠি গৈ খিৰিকীখন খুলি দিলে। দূৰৈৰ ক’ৰবাত মুকেশৰ কণ্ঠত গান বাজি আছে –
‘তু ধাৰ হ্যায় নদীয়া কি,
মে তেৰা কিনাৰা হু।
তু মেৰা চাহাৰা হ্যায়,
মে তেৰা চাহাৰা হু। ’