বাজী ( THE BET by ANTON CHEKHOV)
অনুবাদ- ভক্তিদেৱী চহৰীয়া
সেয়া আছিল শৰৎ কালৰ এটা তমসাবৃত গধূলি। বৃদ্ধ বেংকাৰজনে তেওঁৰ পঢ়া কোঠাত ইফালৰ পৰা সিফালে খোজ কাঢ়ি আছিল। তেওঁৰ মনত পৰিছিল পোন্ধৰ বছৰৰ আগৰ শৰৎ কালটোত তেওঁ দিয়া পাৰ্টিটোৰ কথা। সেই পাৰ্টিটোত বহুতো গুণী-জ্ঞানী পণ্ডিত গোট খাইছিল আৰু বিভিন্ন আমোদজনক কথাৰ আলোচনা হৈছিল। আন বিষয় বিলাকৰ লগতে এটা আলোচ্য বিষয় আছিল- চৰম শাস্তি, মৃত্যুদণ্ড। আলহী সকলৰ মাজত থকা পণ্ডিত আৰু সংবাদদাতা সকলৰ অধিকাংশই এনে দণ্ডৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁলোকৰ মতে খৃষ্টান ধৰ্মত বিশ্বাসী সমাজ এখনৰ বাবে এনে দণ্ড অনুপযুক্ত আৰু নীতি বহিৰ্ভূত, গতিকে ইয়াক বন্ধ কৰিব লাগে। তেওঁলোকৰ কেইজনমানে মত পোষণ কৰিছিল-সমগ্ৰ বিশ্বতে মৃত্যুদণ্ডৰ ঠাইত আজীৱন কাৰাবাস চৰম শাস্তি হিচাপে প্ৰয়োগ কৰিব লাগে।
“মই আপোনালোকৰ লগত একমত নহয়”, বেংকাৰজনে ক’লে৷ “মোৰ নিজৰ মৃত্যুদণ্ড নাইবা আজীৱন কাৰাবাসৰ দৰে শাস্তিৰ অভিজ্ঞতা নাই। মোৰ মতে কাৰাবাসতকৈ মৃত্যুদণ্ড অধিক গ্ৰহণযোগ্য। মৃত্যুদণ্ডত দোষীজনৰ ক্ষণিকতে মৃত্যু হয়, আনহাতে কাৰাবাসে দোষীজনক তিলতিলকৈ মৃত্যুৰ ফালে লৈ যায়। মানবীয় দণ্ড কোনটো- যিটোৱে কেই চেকেণ্ড মানতে মৃত্যু দিয়ে সেইটো নে যিটোৱে প্ৰতি পলতে, বছৰৰ পিছত বছৰ ধৰি মৃত্যুৰ মুখামুখি কৰাই থাকে সেইটো?
“দুই ধৰণৰ দণ্ডই সমানে অনৈতিক। দুয়োটাৰ উদ্দেশ্য একেই- জীৱন কাঢ়ি নিয়া।” -এজন অতিথিয়ে ক’লে। তেওঁ ক’লে, ” আদালত ভগৱান নহয়। আইন ব্যৱস্থাই জীৱন কাঢ়ি নিব নোৱাৰে, যদিহে এনে ব্যৱস্থাই ঘূৰাই বিচাৰিলে জীৱন ওভোতাই দিব নোৱাৰে।”
অতিথি সকলৰ মাজত এজন উকিল আছিল, তেওঁ এজন চফল ডেকা, পঁচিছ বছৰীয়া। তেওঁকো আলোচনা কৰি থকা বিষয়টোৰ ওপৰত মতামত সোধা হ’ল। তেওঁ ক’লে,
”মৃত্যুদণ্ডই হওক বা আজীৱন কাৰাবাসেই হওক দুয়োটা সমানেই অমানৱীয়। কিন্তু মোক যদি দুটাৰ মাজৰ এটা বিবেচনা কৰিবলৈ দিয়া হয় নিঃসন্দেহে মই পিছৰটো কৰিম। কাৰণ এবাৰতে জীৱন হেৰুৱাই পেলোৱাতকৈ কেনেবাকৈ জীয়াই থকাটো ডাঙৰ কথা।”
ইয়াৰ পিছত বিষয়টোৰ ওপৰত এটা উত্তপ্ত আলোচনা চলিল। বেংকাৰজন সেইসময়ত যুৱক আছিল, সহজতে উত্তেজিত হৈছিল। হঠাতে তেওঁ ধৈৰ্য হেৰুৱালে, টেবুলখনত ভুকু
মাৰি দিলে আৰু উকিলজনৰ পিনে চাই চিঞৰি উঠিলঃ
“এইটো এটা মিছা কথা, মই দুই মিলিয়নৰ বাজী মাৰিলো, তুমি বন্ধ চেল এটাৰ ভিতৰত মাত্ৰ পাঁচ বছৰো থাকিব নোৱাৰা।”
“আপুনি যদি কথাটো ইমান ডাঙৰকৈ লৈছে, ” উকিলে ক’লে, ”তেনেহ’লে ময়ো বাজী মাৰিলো – মই পাঁচ বছৰ নহয়, পোন্ধৰ বছৰ থাকিম।”
”পোন্ধৰ বছৰ! ঠিক আছে।”
বেঙ্কাৰজনে চিঞৰি উঠিল, ” ডেকাল’ৰা, মই দুই মিলিয়নৰ বাজী ৰাখিলোঁ।”
“ঠিক আছে। আপোনাৰ দুই মিলিয়ন আৰু বিনিময়ত মই মোৰ স্বাধীনতা।”
আৰু এনেকৈয়ে এটা পাশৱিক, অযুক্তিকৰ বাজী আৰম্ভ হ’ল। ইফালে বেংকাৰজন, যাৰ অগণিত সম্পদ আছিল, যি নষ্ট চৰিত্ৰ আৰু অস্থিৰ মনৰ আছিল, আনন্দত উথলি উঠিল। খোৱাৰ মাজতে তেওঁ হাঁহি হাঁহি উকিলজনক ক’লেঃ
”সময় থাকোঁতেই সজাগ হোৱা, ডেকাল’ৰা। দুই মিলিয়ন মোৰ বাবে একো কথাই নহয়, কিন্তু তুমি জীৱনৰ বাছকবনীয়া তিনি বা চাৰিটা বছৰ হেৰুৱাবা। মই তিনি বা চাৰি বছৰ বুলি কৈছো এই কাৰণেই যে তাতকৈ বেচি দিন তুমি থাকিব নোৱাৰা। লগতে মনত ৰাখিবা, অসুখী বন্ধু, স্বেচ্ছাই গ্ৰহণ কৰা এই বন্দীত্ব জোৰ কৰি দিয়া কাৰাবাসতকৈ বহুত বেচি কষ্টকৰ। যিকোনো সময়তে তোমাৰ যে চেলৰ পৰা ওলাই যোৱাৰ অধিকাৰ আছে এই চিন্তাটোৱে তোমাৰ জীৱন যন্ত্ৰণাময় কৰি তুলিব। মোৰ তোমালৈ পুতৌহে হৈছে।”
এতিয়া এই বেংকাৰজনে ইফালৰ পৰা সিফালে খোজ কাঢ়ি কাঢ়ি সেই কথাবোৰ মনত পেলাইছে আৰু নিজকে নিজে সুধিছেঃ
“মই এই বাজীটো কিয় মাৰিছিলোঁ? ইয়াৰ পৰা কাৰ উপকাৰ হ’ল? উকিলজনে নিজৰ জীৱনৰ পোন্ধৰটা বছৰ হেৰুৱালে আৰু মই দলিয়াই দিলোঁ মোৰ দুই মিলিয়ন। এইটোয়ে প্ৰমাণ কৰিবনে মৃত্যুদণ্ড আজীৱন কাৰাবাসতকৈ ভাল নে বেয়া? নাই, নাই। এইবিলাক কেৱল মূৰ্খামি। মোৰ কথা যদি ভাবোঁ, মই আছিলোঁ এটা বিত্তৱান, খেয়ালি মনৰ মানুহ আৰু উকিলৰ আছিল টকাৰ প্ৰতি লালসা।”
বেংকাৰৰ মনত পৰিল সেই পাৰ্টিৰ গধূলিৰ পিছত কি কি ঘটনা ঘটিল। সিদ্ধান্ত কৰা হ’ল যে বেংকাৰজনৰ বাগিচাৰ এমূৰত থকা এটা ঘৰত অতি চোকা পহৰাৰ মাজত উকিলজন থাকিব লাগিব। এই কথাত সন্মত লোৱা গ’ল যে গোটেই সময় চোৱাত তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলোৱাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব, কোনো মানুহ নেদেখিব, মানুহৰ মাত শুনিব নোৱাৰিব, কোনো চিঠি বা বাতৰি কাগজ নাপাব। বাদ্য-যন্ত্ৰ, কিতাপ, চিঠি লিখাৰ যোগাৰ, সুৰা আৰু ধপাত অৱশ্যে তেওঁ লাভ কৰিব। চুক্তিমতে বাহিৰৰ পৃথিবীৰ লগত এখন বিশেষ ভাবে নিৰ্মিত খিৰিকীৰে তেওঁ নীৰৱে সংযোগ স্থাপন কৰিব পাৰিব। তেওঁক প্ৰয়োজন হোৱা সকলো বস্তু-কিতাপ, মদ, সংগীত যিমান বিচাৰে সিমান পৰিমাণে তেওঁ লাভ কৰিব; কেৱল এটুকুৰা কাগজত লিখি খিৰিকীখনেৰে পাৰ কৰি দিলেই হ’ব। চুক্তিপত্ৰখনত সকলো কথা পুংখানুপুংখ ভাবে লিপিবদ্ধ কৰা হ’ল, সেই মতে এই বন্দীত্ব সম্পূৰ্ণ নীৰৱ নিঃসংগ হ’ব আৰু উকিলজনে ১৮৭০ চনৰ ১৪ নৱেম্বৰৰ ১২ বজাৰ পৰা ১৮৮৫ চনৰ ১৪ নৱেম্বৰৰ ১২ বজালৈ সম্পূৰ্ণ পোন্ধৰ বছৰ বন্দী হৈ থাকিব লাগিব। উকিলজনে যদি এই চুক্তিৰ চুলি এডালমানো ইফাল- সিফাল কৰিবলৈ চেষ্টা কৰে, সময়তকৈ আনকি দুই মিনিট আগতো যদি ওলাই যায় তেনেহ’লে বেংকাৰজনে কোনো ধন দিব নালাগিব।
বন্দীত্বৰ প্ৰথম বছৰটোত উকিলজনে টুকুৰা কাগজত চুটি চুটি যিবিলাক কথা লিখিছিল তাৰপৰা নিৰ্ণয় কৰিব পৰা গৈছিল যে তেওঁ চৰম নিঃসংগতাত ভুগিছিল আৰু অতিশয় আমনি পাইছিল। তেওঁ থকা দিশৰ পৰা ৰাতিয়ে- দিনে পিয়ানোৰ সুৰ শুনিবলৈ পোৱা গৈছিল। তেওঁ মদ আৰু ধপাত অগ্ৰাহ্য কৰিছিল।
প্ৰথমটো বছৰত উকিলজনে লঘু কিতাপবোৰ- জটিল প্ৰেমৰ উপন্যাস, অপৰাধমূলক কহিনীবোৰ আৰু কাল্পনিক কমেডিবিলাক বা সেইধৰণৰ কিতাপবোৰ খুজিলে।
দ্বিতীয় বছৰত পিয়ানোৰ শব্দ শুনিবলৈ পোৱা নগ’ল। উকিলজনে কেৱল ক্লাছিকবোৰ বিচাৰিলে। পঞ্চম বছৰত আকৌ সংগীত শুনা গ’ল। বন্দীজনে সুৰা খুজিলে। যিসকলে তেওঁক পহৰা দি আছিল তেওঁলোকে জনালে যে সেই বছৰটো তেওঁ খালে, মদ পান কৰিলে আৰু শুই শুই কটালে। তেওঁ প্ৰায়ে হামিয়াই আছিল আৰু নিজকে খঙেৰে কিবাকিবি কৈ আছিল। তেওঁ কিতাপ নপঢ়িলে। কেতিয়াবা ৰাতি বহি বহি লিখিলে। বহুত সময় ধৰি লিখি থাকে আৰু ৰাতিপুৱা ফালি পেলায়। একাধিক বাৰ তেওঁক উচুপি উচুপি কন্দাও শুনা গৈছিল।
ষষ্ঠ বছৰৰ দ্বিতীয় ভাগৰ পৰা বন্দীজনে ঈৰ্ষণীয় ভাবে বিভিন্ন ভাষা বিষয়ক গ্ৰন্থ, দৰ্শন আৰু ইতিহাস পঢ়িবলৈ ধৰিলে। তেওঁ কিতাপবোৰ এনেদৰে গোগ্ৰাসে হজম কৰিবলৈ ধৰিলে যে বেংকাৰজনে কিতাপ কিনি তৎ নোপোৱা হ’ল। বন্দীজনৰ অনুৰোধত চাৰি বছৰত বেংকাৰজনে প্ৰায় ছয়শ কিতাপ কিনিলে।
কিতাপ পঢ়াৰ নিচাত এনেকৈ আচ্ছন্ন হৈ থকাৰ সময়তে বেংকাৰজনে বন্দীজনৰ পৰা এনে এখন চিঠি পালে-”মোৰ মৰমৰ জেইলাৰ, আপোনালৈ এই চিঠিখন মই ছটা ভাষাত লিখিছোঁ। এই চিঠিবোৰ আপুনি কোনোবা ভাষাবিদক দেখুৱাওক। তেওঁলোকক পঢ়িবলৈ দিয়ক। তেওঁলোকে যদি ভুল উলিয়াব নোৱাৰে তেনেহ’লে বাগিচাত বন্দুক ফুটাবলৈ দিব। সেই শব্দত মই বুজি পাম যে মোৰ চেষ্টা অথলে যোৱা নাই। সৰ্বকালৰ আৰু সকলো দেশৰ শ্ৰেষ্ঠ মনিষীসকলে বেলেগ বেলেগ ভাষা কয়; কিন্তু তেওঁলোকৰ পাণ্ডিত্যই একে অগ্নিশিখা প্ৰজ্বলিত কৰে। আস্, আপুনি যদি এই কথা জানিলেহেঁতেন তেতিয়া বুজিব পাৰিলেহেঁতেন মই কি স্বৰ্গীয় সুখ অনুভৱ কৰিছোঁ!”
বন্দীজনৰ আকাঙ্ক্ষা পূৰ্ণ কৰা হ’ল। বেংকাৰৰ আদেশত বাগিচাত দুই জাঁই গুলী ফুটুৱা হ’ল।
দশম বছৰটোৰ পিছত উকিলজনে টেবুলৰ সন্মুখত নিথৰ হৈ বহি কেৱল নিউ টেষ্টামেণ্টখন পঢ়িলে। বেংকাৰে ভাবি আচৰিত হ’ল যে যিজন মানুহে চাৰি বছৰত ছয়শ তত্ত্বগধুৰ গ্ৰন্থৰ জ্ঞান আয়ত্ত কৰিলে সেইজন মানুহক নিউ টেষ্টামেণ্টৰ দৰে এখন সহজ আৰু সৰু গ্ৰন্থ পঢ়িবলৈ এবছৰ কিয় লাগিল। তাৰপিছত নিউ টেষ্টামেণ্টৰ সলনি তেওঁ বিভিন্ন ধৰ্মৰ ইতিহাস আৰু ধৰ্মতত্ত্ব সমূহ পঢ়িবলৈ ধৰিলে।
বন্দীত্বৰ শেষৰ দুটা বছৰত তেওঁ কিছুমান বাছকবনীয়া গ্ৰন্থ পঢ়িলে, অৱশ্যে খেলিমেলিকৈ। এইমাত্ৰ যদি তেওঁ প্ৰাকৃতিক বিজ্ঞান পঢ়িলে পিছ মুহূৰ্ততে তেওঁ বায়ৰন বা ছেক্সপিয়েৰৰ ৰচনা পঢ়িলে। তেওঁৰ পৰা কাগজৰ টুকুৰাবোৰ আহিবলৈ ধৰিলে- একে সময়তে তেওঁ ৰসায়ন আৰু আয়ুধ বিজ্ঞান-শাস্ত্ৰ খুজি পঠিয়ালে। লগে লগে উপন্যাস আৰু দৰ্শন আৰু ধৰ্মতত্ত্ব সম্বন্ধীয় গ্ৰন্থবোৰো বিচাৰিলে। এনেকুৱা লাগিল উকিলজন যেন সাগৰৰ বুকুত কিছুমান ভগ্নস্তূপৰ মাজত সাঁতুৰি আছে আৰু জীৱন বচাবৰ বাবে ইটোৰ পিছত সিটো টুকুৰাক জোৰেৰে সাৱটি ধৰিছে।
বেংকাৰজনে এই সকলো কথা আজি মনত পেলালে আৰু ভাবিলেঃ
কালিলৈ বাৰ বজাত তেওঁ মুক্তি লাভ কৰিব। চুক্তিমতে মই তেওঁক দুই মিলিয়ন ধন দিব লাগিব। কিন্তু সেইখিনি ধন দি দিলে মোৰ সঞ্চয়ত একো নাথাকিব। মই চিৰদিনৰ বাবে সৰ্বস্ব হেৰুৱাম—
পোন্ধৰ বছৰ আগতে বেংকাৰজনৰ অলেখ ধন-সম্পত্তি আছিল কিন্তু এতিয়া তেওঁৰ প্ৰায় লাওলোৱা অৱস্থা, তেওঁৰ সন্দেহ হয়-তেওঁৰ ধন অধিক নে ঋণ অধিক। ষ্টক এক্সেঞ্জৰ জুৱা, বিপদজনক পৰিকল্পনা, আৰু তেওঁৰ যি দুঃসাহসিক পদক্ষেপ, যাৰ পৰা তেওঁ বৃদ্ধ কালতো মুক্ত হ’ব পৰা নাছিল, এইবোৰে ক্ৰমান্বয়ে তেওঁৰ ব্যৱসায়ক মৃত্যুৰ ফালে লৈ গ’ল আৰু সেই নিৰ্ভীক, মদগৰ্বী লোকজন সাধাৰণ এজন বেংকাৰত পৰিণত হ’ল আৰু বৰ্তমান তেওঁ ষ্টক মাৰ্কেটৰ উঠা-নমা প্ৰত্যক্ষ কৰি কঁপি থাকিব লগাত পৰিল।
“সেই অভিশপ্ত বাজীটো!” – নিৰাশাত নিজৰ চুলি নিজে আঁজুৰি বেংকাৰে বিৰবিৰায়- “এই মানুহটো নমৰিল কিয়? তাৰ মাত্ৰ চল্লিশ বছৰ বয়স। সি মোৰ অৱশিষ্ট মুদ্ৰাটোও কাঢ়ি লৈ যাব, বিয়া কৰাব, ষ্টকত জুৱা খেলিব আৰু মই হিংসুক ভিক্ষাৰীৰ দৰে চাই ৰ’ম আৰু সদায় একেবোৰ কথাই শুনি থাকিমঃ ‘মোৰ জীৱনৰ সুখৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ, লওক, আপুনি মোৰ সহায় লওক। ’
নাই, নাই ইমান সহ্য কৰিব নোৱাৰি। এই কপৰ্দক শূন্য আৰু অসন্মানজনক অৱস্থাৰ পৰা মুক্তি পোৱাৰ এটাই উপায় হৈছে – এই মানুহটোৰ মৃত্যু।
ঘড়ীত তিনি বজাৰ শব্দ হ’ল। বেংকাৰজনে শুনি আছিল। সকলো নিদ্ৰাত মগ্ন। কেৱল খিৰিকীৰ সিফালে বৰফ পৰা গছবিলাকৰ পৰা কান্দোনৰ দৰে শব্দ শুনা গৈছিল। তেওঁ শব্দ নকৰিবলৈ চেষ্টা কৰিলে, বাকচৰ পৰা পোন্ধৰ বছৰে ব্যৱহাৰ নোহোৱা ছাবিপাত লৈ অভাৰ কোটটো পিন্ধি ল’লে আৰু ঘৰৰ পৰা ওলাই গ’ল। বাগিচাখন আন্ধাৰ আৰু ঠাণ্ডা আছিল। বৰষুণ দিছিল। এজাক সেমেকা, গা শিৰশিৰাই যোৱা বতাহে বাগিচাখন তৎ নোহোৱাকৈ নচুৱাই আছিল।
বেংকাৰজনে চকু দুটা জোৰকৈ মেলিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ না মাটি দেখিলে, না বগা মূৰ্তিটো দেখিলে। তেওঁ বাগিচাখনৰ সেই অংশটো নেদেখিলে, গছবোৰো নেদেখিলে। বাগিচাৰ বন্দী থকা অংশটোলৈ গৈ তেওঁ ৰখীয়াজনক দুবাৰ মাতিলে, কোনো উত্তৰ নাহিল। নিশ্চিতভাবে ৰখীয়াজনে বেয়া বতৰৰ বাবে কৰবালৈ আশ্ৰয় বিচাৰি গৈছিল আৰু তেতিয়া পাকঘৰ নাইবা সেউজগৃহত টোপনিত লালকাল দি আছিল।
“যদি মই মোৰ উদ্দেশ্য সফল কৰিবলৈ সাহস কৰো”, বুঢ়া মানুহজনে ভাবিলে, ”প্ৰথমতে সন্দেহ হ’ব ৰখীয়াজনৰ ওপৰত।”
আন্ধাৰত খুপি খুপি গৈ তেওঁ দুৱাৰখন পালেগৈ আৰু বন্দীশালৰ হলটোত সোমালগৈ। তাৰপিছত ঠেক বাটটোৰে গৈ চলাইৰ কাঠি এটা জ্বলালে। কোনো জনপ্ৰাণী তাত নাছিল। কাৰোবাৰ বিছনা এখন আছিল, কাপোৰ-কানি নাছিল। আন্ধাৰ চুক এটাত কিম্ভূত-কিমাকাৰ ৰূপত লোহাৰ চৌকা এটা আছিল। বন্দীৰ কোঠাৰ দুৱাৰখনৰ ছীলটো অক্ষত অৱস্থাত আছিল।
চলাই কাঠিটো নুমাই গ’ল। উত্তেজনাত কঁপি কঁপি বুঢ়া মানুহজনে খিৰিকীখনেদি জুমি চালে।
কোঠাটোৰ ভিতৰত মম এডালে শেঁতা পোহৰ বিলাই আছিল। বন্দীজন টেবুলৰ কাষত বহি আছিল। তেওঁৰ পিঠিখন, চুলিবোৰ আৰু হাত দুখন মাত্ৰ চকুত পৰিছিল। খোলা কিতাপবোৰ কোঠাটোৰ য’তে-ত’তে-চকী, টেবুল, বিছনা, কাৰ্পেট-সকলোতে সিঁচৰতি হৈ আছিল।
পাঁচ মিনিট পাৰ হৈ গ’ল। বন্দীজনে এবাৰো লৰচৰ নকৰিলে। পোন্ধৰ বছৰৰ বন্দীত্বই তেওঁক স্থিৰ হৈ বহি থাকিবলৈ শিকাইছিল। বেংকাৰজনে আঙুলিৰে দুৱাৰত টুকুৰিয়ালে, কিন্তু বন্দীজনে কোনো সঁহাৰি নিদিলে। বেংকাৰজনে এইবাৰ অতি সাৱধানৰে দুৱাৰৰ ছীলটো ছিঙি পেলালে আৰু তলাটোত ছাবিডাল লগালে। মামৰ জ্বলি থকা তলাটোৱে এটা বিকৃত শব্দ কৰিলে আৰু দৰ্জাখনে কেৰকেৰাই উঠিল। বেংকাৰজনে শুনিবলৈ আশা কৰিছিল- বন্দীজনে তেতিয়াই আশ্চৰ্যত চিৎকাৰ কৰিব আৰু আগুৱাই আহিব। তিনি মিনিট পাৰ হ’ল। ভিতৰত পূৰ্বৰ দৰেই নীৰৱতা। তেওঁ ভিতৰ সোমাই যাবলৈ ঠিক কৰিলে।
টেবুলৰ সন্মুখত এজন মানুহ বহি আছিল। তেওঁক সাধাৰণ মানুহ যেন লগা নাছিল। এইটো এটা অস্থি-চৰ্মসাৰ নৰ-কংকাল আছিল-মহিলাৰ দৰে দীঘল কেঁকোৰা চুলি, দীঘল বিশৃংখল দাড়ি। তেওঁৰ মুখৰ ৰং হালধীয়া হৈ গৈছিল, মটিয়া ৰঙৰ আৱৰণ এটাৰ দৰে; গাল দুখন সোমাই গৈছিল, পিঠিখন দীঘল আৰু ঠেক হৈ পৰিছিল আৰু যিখন হাতৰ ওপৰত তেওঁ জপৰা চুলিৰ মূৰটো ভেঁজা দি আছিল সেইখন ইমান জীৰ্ণ-শীৰ্ণ হৈ পৰিছিল যে চাবলৈ দুখ লাগিছিল। তেওঁৰ চুলিবোৰে ইতিমধ্যে ৰূপালী বৰণ লৈছিল, তেওঁৰ অস্বাভাৱিক ভাবে ৰুগীয়া আৰু বৃদ্ধ যেন লগা মুখখন দেখিলে কোনেও নক’ব যে তেওঁৰ বয়স মাত্ৰ চল্লিশ বছৰ হৈছিল। টেবুলৰ ওপৰত য’ত তেওঁৰ মূৰটো দোঁ খাই আছিল তাত এখন কাগজত সৰু সৰু আখৰৰে কিবা লিখা আছিল।
দুৰ্ভগীয়া চয়তান, বেংকাৰজনে ভাবিলে, সি টোপনি গৈ আছে আৰু সম্ভৱ অলেখ টকাৰ সপোন দেখিছে। মোৰ কাম কেৱল এই আধামৰা প্ৰাণীটোক আনি বিছনাত পেলাই দিব লাগে আৰু গাৰুটোৰে ক্ষন্তেক সময় মুখত হেঁচা মাৰি ধৰিব লাগে। অতি সুদক্ষ পৰীক্ষকেও কব নোৱাৰিব যে এইটো এটা অস্বাভাৱিক মৃত্যু। কিন্তু প্ৰথমতে চোৱা যাওক কাগজখনতনো কি লিখিছে।
বেংকাৰে টেবুলৰ পৰা কাগজখন ল’লে আৰু পঢ়া আৰম্ভ কৰিলেঃ
“কাইলৈ মাজৰাতি বাৰ বজাত মই মুক্তি পাম আৰু মানুহৰ সংগ লাভ কৰিব পাৰিম। কিন্তু এই কোঠাটো এৰি যোৱাৰ আগতে আৰু বেলিটো দেখাৰ আগতে মই কেইটামান কথা আপোনাক ক’ব খোজোঁ। মই মোৰ পৰিষ্কাৰ আত্মজ্ঞানেৰে মোক দেখি থকা ভগৱানৰ সন্মুখত ঘোষণা কৰোঁ যে তোমালোকৰ কিতাপত যিবোৰ ঈশ্বৰৰ আশীৰ্বাদ বুলি কোৱা হৈছে- স্বাধীনতা, জীৱন, স্বাস্থ্য- এই সকলোবোৰ মই ঘিণ কৰোঁ। পোন্ধৰ বছৰ ধৰি মই বৰ কষ্টৰে পাৰ্থিৱ জীৱনৰ বিষয়ে অধ্যয়ন কৰিলোঁ। সঁচা কথা যে মই পৃথিৱীখন আৰু মানুহবোৰ দেখা নাই, কিন্তু তোমালোকৰ গ্ৰন্থ সমূহৰ মাধ্যমেৰেই মই সুগন্ধি মদিৰা পান কৰিলোঁ, গীত গালোঁ, বনৰ মাজত হৰিণা আৰু বনৰীয়া গাহৰি চিকাৰ কৰিলোঁ, নাৰীৰ প্ৰেমত পৰিলোঁ——–আৰু তেওঁলোক আছিল সুন্দৰী ৰমণী, তোমালোকৰ মহান কবিসকলে যাদুৰে সৃষ্টি কৰা আকাশৰ মেঘৰ টুকুৰা বোৰৰ দৰে। নিশা তেওঁলোক মোৰ ওচৰলৈ আহিল আৰু মোৰ কাণে কাণে বিস্ময়কৰ সাধুকথাবোৰ ফুচ-ফুচাই ক’লে। মোৰ মস্তিষ্ক নিচাগ্ৰস্ত হ’ল।
তোমালোকৰ কিতাপৰ মাজেৰে মই এলবৰ্জ আৰু মণ্ট ব্লেঙ্ক পৰ্বতৰ চূড়াত আৰোহণ কৰিলোঁ আৰু তাৰ পৰা ঊষাৰ সূৰ্যোদয় আৰু অপৰাহ্ণৰ বেলিয়ে আকাশত বিচ্ছুৰিত কৰা হেঙুলীয়া বোল দেখিলোঁ, মহাসাগৰ আৰু পৰ্বতৰ বেঙুনী-সোণালী ৰঙৰ সীমাবোৰ দেখিলোঁ। মই মোৰ মূৰৰ ওপৰত ডাৱৰৰ বুকু চিৰি বিজুলীয়ে চিকমিকোৱা দেখিলো, মই দেখিলো সেউজীয়া বনানীবোৰ, শস্য ক্ষেত্ৰবোৰ, নদীবোৰ, হ্ৰদবোৰ, মহানগৰবোৰ। মই চাইৰেনবোৰ বজা শুনিলোঁ আৰু শুনিলোঁ পেন(Pan) দেৱতাৰ বাঁহী। মোৰ ওচৰলৈ উৰি উৰি ভগৱানৰ বাৰ্তা দিবলৈ অহা ধুনীয়া অপদেৱতা বোৰৰ ডেউকাবোৰ স্পৰ্শ কৰিলোঁ———–অপোনাৰ গ্ৰন্থৰ জৰিয়তে মই নিজকে অটল গহ্বৰত নিক্ষেপ কৰিলোঁ, বিস্ময়কৰ কাম কৰিলোঁ, মহানগৰবোৰ জ্বলাই ভষ্মীভূত কৰিলোঁ, ধৰ্মৰ নতুন বাণী প্ৰচাৰ কৰিলো, গোটেই পৃথিৱী জয় কৰিলো———
“আপোনাৰ গ্ৰন্থসমূহে মোক জ্ঞান দিলে। সেই অৱসাদ বিহীন, শতিকা জোৰা মানবীয় চিন্তাৰ সৃষ্টি সমূহ মোৰ মস্তিষ্কত সৰু এটা লাৰু হৈ সোমাই পৰিছিল। মই জানো যে মই আপোনালোকতকৈ অধিক চতুৰ।
“মই আপোনালোকৰ কিতাপবোৰ, পাৰ্থিৱ সকলো আশীৰ্বাদ আৰু জ্ঞানৰ প্ৰতি বিতশ্ৰদ্ধ। সকলো শূন্য, ভংগুৰ, কল্পনাপ্ৰসূত আৰু মৰিচিকাৰ দৰে ভ্ৰম। আপুনি অহংকাৰী আৰু জ্ঞানী আৰু সৌন্দৰ্যশালী হব পাৰে, মৃত্যুয়ে সেই সকলোবোৰ ধৰাৰ বুকুৰ পৰা নোহোৱা কৰি পেলাব, যেনেকৈ নিগনিয়ে মাটিৰ তলৰ পৰা কুটি কুটি সকলো বিলীন কৰি পেলায়; আপোনালোকৰ ভৱিষ্যত, আপোনালোকৰ ইতিহাস, আপোনালোকৰ অমৰ পণ্ডিতসকল হিমীভূত লাভাত পৰিণত হ’ব, সকলো জ্বলি মাটিত মিলি যাব।
“আপোনালোক পাগল, ভুল পথে গতি কৰিছে। আপোনালোকে অসত্যক সত্য বুলি গ্ৰহণ কৰিছে, কুৎচিতক সুন্দৰ বুলি ধৰি লৈছে। হঠাতে যদি আপেল আৰু কমলা গছত ভেকুলী আৰু জেঠি লাগিবলৈ ধৰে আৰু যদি গোলাপে ঘৰ্মাক্ত ঘোঁৰাৰ দৰে দুৰ্গন্ধ বিলায় আপোনালোক আচৰিত হব। ময়ো আপোনালোকক আচৰিত কৰি তোলো কাৰণ মই স্বৰ্গৰ বিনিময়ত পৃথিৱী বিচাৰোঁ। মই আপোনালোকক বুজি পাব নোখোজোঁ।
“মই যে আপোনালোকৰ দৰে জীয়াই থাকিব খুজিছিলোঁ- অৱশ্যে সেই কথা এতিয়া মোৰ বাবে অৰ্থশূন্য। দুই মিলিয়ন ধন, যাক লৈ মই সৰগৰ সপোন দেখিছিলোঁ সেই ধন মই পৰিত্যাগ কৰিলোঁ। সেই ধন এতিয়া মই ঘৃণা কৰোঁ। সেই ধনৰ ওপৰত মোৰ যাতে অধিকাৰ নাথাকে তাৰ বাবে মই নিৰ্দিষ্ট সময়ৰ পাঁচ মিনিট আগতে ইয়াৰ পৰা ওলাই যাম আৰু সেইদৰে চুক্তিখন মই ভংগ কৰিম।”
চিঠিখন পঢ়াৰ পিছত বেংকাৰজনে টেবুলৰ ওপৰত কাগজখন ৰাখিলে, সেই আচৰিত মানুহটোৰ মূৰত চুমা খালে আৰু উচুপিবলৈ ধৰিলে। তেওঁ সেই ঠাইৰ পৰা আঁতৰি গ’ল। জীৱনত কোনোদিনে, আনকি ষ্টক এক্সেঞ্জৰ ভয়ানক ঘাটিৰ সময়তো তেওঁৰ নিজকে ইমান নিঃকিণ যেন লগা নাছিল। ঘৰলৈ উভতি আহি তেওঁ বিছনাত বাগৰ দিলে, কিন্তু গ্লানি আৰু চকুপানীয়ে তেওঁক বহুত সময় টোপনি অহাত বাধা দিলে।
পিচদিনা ৰাতিপুৱা বেচেৰা ৰখীয়াবিলাক ঢপলিয়াই আহি ক’লেহি যে সিহঁতে বন্দীঘৰৰ মানুহটোক খিৰিকীৰে পাৰ হৈ বাগিচাৰ ফালে যোৱা দেখিছে। মানুহটো গেটৰ ফালে গৈ অদৃশ্য হৈ গ’ল। বেংকাৰজন লগে লগে লগুৱাবোৰৰ লগত বন্দীশাললৈ গল আৰু বন্দীজন পলাই যোৱা কথাটো প্ৰতিপন্ন কৰিলে। অনাহক বু বু বা বা নহ’বৰ বাবে বন্দীজনে ধনৰ অধিকাৰ ত্যাগ কৰা বুলি ঘোষণা কৰা কাগজখন বেংকাৰজনে সামৰি ল’লে আৰু ঘৰলৈ গৈ বাকচত ভৰাই তলা মাৰি থলে।