বাপু’ৰ আৱেগ সংপৃক্ত তেজপুৰৰ লিচু

লেখক- ডাঃ ৰমেন হাজৰিকা

লিচুৰ বতৰ। সেইদিনা তেজপুৰৰ বন্ধু এজনে হোৱাটচ্ছেপত এখৰাহী ‘মোক খা, মোক খা ’ পকা লিচুৰ ফটো পঠালে। লোভত মুখৰ পানী পৰা ইমজি এটাৰে আমি সঁহাৰি জনালো। বন্ধুৱে এইবাৰ কেইবাজোপাও লমা লমে পকা ফল ওলমি থকা লিচু গছৰ ফটো পঠাই থলীতে লিচু খাবলৈ তেজপুৰলৈ নিমন্ত্ৰণ কৰিলে। এইকেইদিনতে যাব নোৱাৰিম বুলি তেওঁক অলপ লিচুকে পঠাই দিবলৈ ক’লো। বন্ধুৱে এইবাৰ দুখেৰে লিখিলে … Very delicate, will get rotten during transit . …
সকলোৱে ভালপোৱা তেজপুৰৰ লিচু এইকেইদিন সামাজিক মাধ্যমৰ ‘হট টপিক’ হৈ থকা কাৰণে প্ৰকৃততে এইবোৰ আমাৰ দৈনন্দিন আজৰি সময়ৰ ধেমালিহে!
কিন্তু পাছদিনা আবেলি দৈৱক্ৰমে আমাৰ চেম্বাৰৰ স্বত্বাধিকাৰী বাইদেউগৰাকীয়ে চেম্বাৰৰ তিনিওজনকে তেখেতক কোনোবাই দিয়া তেজপুৰৰ ধুনীয়া লিচু তিনিটাকৈ দিলেহি। আনন্দৰে বাইদেউক ধন্যবাদ জনাই লগে লগে একোটাকৈ খাই আমি বাকী দুটা সাঁচি ৰাখিলো। বৰ্তমান গুৱাহাটী নিবাসী, গোৱালপাৰাৰ আমাৰ উমৈহতীয়া বন্ধু এজন গধূলি প্ৰায়ে আমাৰ চেম্বাৰলৈ আহে। অকণমান গল্প কৰে, কেতিয়াবা চাহ একাপ খাই যায়গৈ। বুৰঞ্জীত ৰাপ থকাৰ উপৰি সাময়িক ৰাজনীতিৰ খবৰ ৰখা মানুহজনৰে কথা পাতি ভাল লাগে। সেইদিনা বতৰ বেয়া যদিও নিয়মিত সময়তে তেখেত পালেহি। মই ওলাই আহিয়ে বন্ধুক এটা লিচু দিলো। তেজপুৰৰ লিচু বুলি শুনি মানুহজনে হাঁহি মাৰি লিচুটো ল’লে। অতি আগ্ৰহেৰে ল’লে যদিও খোৱাৰ সলনি মানুহজনে লিচুটো আলফুলকৈ চাৰ্টৰ পকেটতহে ভৰাই থ’লে। বগা চাৰ্টৰ পকেটত লিচু থোৱা দেখি আচৰিত হৈ মই মানুহজনলৈ চালো। আনন্দৰ মাজতো তেওঁৰ মুখখন যেন এচপৰা বিষাদৰ ডাৱৰে আৱৰি ধৰিছে!
“লিচুটো নাখালেযে?”
মোৰ প্ৰশ্নত হঠাতে উদাস হৈ পৰা মানুহজন বিব্ৰত হ’ল! কিছুসময়ৰ অস্বস্তিকৰ নিৰৱতাৰ পাছতহে লাহেকৈ ক’লে যে লিচুটো তেওঁ নবৌয়েকক দিবগৈ। এইবাৰ আমি আৰু আচৰিত হ’লো। ক্লাছ টেনত পঢ়া নিজৰ মৰমৰ জীয়েকলৈ নথৈ, পঞ্চাশোৰ্ধ দেউতাকজনে গুৱাহাটীত অকস্মাতে পোৱা ধুনীয়া ফলটো সাঁচিছে নবৌয়েকৰ বাবে ; তাকো পিন্ধি থকা বগলী পাখিহেন বগা চাৰ্টৰ পকেটত! আমাৰ তিনিওৰে আশ্চৰ্য আৰু উৎসুক চাৱনি দেখি মানুহজনে কালৈও নোচোৱাকৈ লাহে লাহে তেওঁৰ মৰমৰ সৰু বৌৱেকৰ কথা কৈ গ’ল …
কলেজৰ অন্তিম পৰীক্ষা শেষ কৰিয়েই মফচলীয়া চহৰখনৰ যৌথ পৰিয়ালটোৰ দ্বিতীয় বোৱাৰী হৈ পদাৰ্পণ কৰা বৌৱেকজনী শহুৰ-শাহু, খুৰা-খুৰী, বৰজনা আদি জ্যেষ্ঠজনৰে ভৰি থকা নতুন ঘৰখনত সহজ হ’ব পৰা নাছিল। সেইসময়ত প্ৰি-ইউনিভাৰ্চিতিত পঢ়ি থকা আমাৰ আজিৰ বন্ধু, তেওঁৰ একমাত্ৰ দেৱৰজনেই আছিল ঘৰখনত ন-বোৱাৰীজনীয়ে দু-আষাৰ মুকলিকৈ কথা পাতিব পৰা লগ। বয়সত তিনিবছৰমান সৰু ভগ্নীহীন দেওৰেকক সৰল মানুহজনীয়ে তেতিয়াই ভাতৃস্নেহেৰে আৱৰি লৈছিল। আমাৰ বন্ধু তেতিয়াৰে পৰা হৈ পৰিছিল তেওঁৰ প্ৰিয় ‘সৰুবৌ’ ৰ মৰমৰ ‘বাপু’।
সময় বাগৰি গ’ল। বাপুৱে শিক্ষা সাং কৰি চাকৰি কৰিব পৰা হ’ল। এইখিনি সময়তে এটি সন্তানৰ মাতৃ হৈ সংসাৰী কৰ্তব্যৰ পৰা মুক্ত হৈ সৰুবৌয়েও এটি চৰকাৰী চাকৰিত যোগ দিলে। সময়ত বাপুৰো সংসাৰ হ’ল। এটি কন্যা সন্তানৰ পিতৃ হৈ এদিন বাপুৱেও তেজপুৰৰ চাকৰি এৰি ককায়েকহঁতৰ পদাংক অনুসৰণ কৰি গুৱাহাটীত স্বাধীন ব্যৱসায় আৰম্ভ কৰিলেহি। পৰিস্থিতিৰ তাড়নাত তাহানিৰ যৌথ পৰিয়ালটি ভাগিল যদিও ভাই-ককাইহঁতৰ মিলা-প্ৰীতিৰ হীনডেঢ়ি নহ’ল। ডাঙৰ ককায়েক থকা তাহানিৰ ধুবুৰীৰ ঘৰখনেই আজিও সকলোৰে ‘আচল ঘৰ’! বিহু, পূজা আদি উৎসৱত সকলোৰে মিলনৰ থলী। আমাৰ বাৱন্ন বছৰীয়া ‘বাপু’ক এতিয়াও সেইখন ঘৰৰ পৰা আহিবৰ সময়ত সৰুবৌৱে বাছভাড়া বুলি পা’চশ টকীয়া নোট এখন পকেটত গুজি দিয়ে হেনো! এনেবোৰ সময়ত সাদৰী মানুহজনী তেওঁৰ বৌয়েক নে সহোদৰা বায়েক বন্ধুয়ে পাহৰি যায়!
আজি তিনি বছৰমানৰ পৰা সেইজনী সৰু বৌৰ অসুখ। দুৰাৰোগ্য ৰোগ! চিকিৎসাৰ বাবে চেন্নাই, মুম্বাই কৰি ককায়েকৰ হাৰাশাস্তি হৈছে। চিকিৎসাৰ সুবিধাৰ বাবেই গুৱাহাটীলৈ চৰকাৰৰ সহানুভূতিসূচক ট্ৰেন্সফাৰ পোৱা বৌৱেক, ব্যৱসায়ী দাদাকৰ সৈতে বৰ্তমান গুৱাহাটীতে আছেহি।
সৰুতে ‘সৰুবৌ’ ঘনাই তেজপুৰৰ মাহীয়েকৰ ঘৰলৈ গৈছিল। তেতিয়াৰে পৰা তেজপুৰৰ লিচুৰ সোৱাদ সৰুবৌৰ মুখত লাগিয়েই আছে। এই বয়সতো তেওঁ কিবা প্ৰসংগ ওলালেই তেজপুৰৰ লিচুৰ গুণ গায়। বন্ধুৱে তেজপুৰত থকা কালত বছৰি বৌয়েকক তেওঁৰ প্ৰিয় লিচু ধুবুৰীলৈ নি খুৱাইছিলগৈ। বাপুৱে জানে এই বয়সতো, ৰুগ্ন অৱস্থাতো, তেজপৰৰ লিচু এটা হাতত পৰিলে সৰুবৌৰ মুখখন উজ্বলি উঠিব! কিন্তু আজি তিনি চাৰিবছৰে মনৰ অস্থিৰতাত লিচুৰ বতৰ কেনেকৈ পাৰ হৈ যায় তেওঁ গমেই নাপায়! অসুখীয়া বৌয়েকক তেজপুৰৰ লিচু কেইটামান এদিন খুৱাবলৈ বৰ মন যদিও সৰুবৌৰ চিকিৎসা আৰু ব্যৱসায়ৰ লেঠাত এইবাৰো যোগাৰ কৰিব নোৱাৰি অহা বছৰলৈ তেজপুৰলৈ নিজে গৈ হলেও লিচু আনিব বুলি বন্ধুৱে মনে মনে ভাবি থৈছে। কিন্তু কালি এখন নাৰ্চিং হ’মত কেম’ লোৱা সৰুবৌৰ কাষত বহি বহি বন্ধুৰ এনে ভাব হৈছে … পৰবৰ্তী লিচুৰ বতৰলৈ যেন তেওঁৰ বহুত পলম হৈ যাব! সেয়ে মই দিয়া লিচুটো এতিয়াই তেওঁ দক্ষিণগাঁৱত থকা বৌয়েকক খুৱাই আহিবগৈ। মানুহজনৰ এনে অন্তৰ জোকাৰি যোৱা কথা শুনি মোৰ লগত থকা তৃতীয় লিচুটোও তেওঁক দিলো। আমাৰ বাকী দুজনেও তাকে কৰিলে। লিচু নহয় যেন জগতৰ সমস্ত ঐশ্বৰ্য মানুহজনৰ হাতত পৰিলহি। অসীম সন্তুষ্টি আৰু পৰম হেঁপাহেৰে বাহিৰত চলি থকা মূষলধাৰ বৰষুণকো নেওচি, মটৰ চাইকেল চলাই ‘বাপু’ দক্ষিণগাঁৱলৈ ধাৱমান হ’ল।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!