বিত্তীয় সাক্ষৰতা, কিছু জানিবলগীয়া কথা

লেখক- লোকেন দাস

সাম্প্ৰতিক সময়ত সাধাৰণ ৰাইজৰ অৰ্থনৈতিক উত্তৰণেই হৈ পৰিছে সবাতোকৈ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান। অসম বা ভাৰততেই নহয় সমগ্ৰ বিশ্বতেই; বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ বহুসংখ্যক দেশত, সেই একেই প্ৰত্যাহ্বান। অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা চলোৱাৰ পাছতো পৰিস্থিতি মূলত: ‘কৰণীয় আৰু বহু আছে’ পৰ্যায়তে আছে। নিত্য নতুন প্ৰক্ৰিয়াৰে কৰা প্ৰচেষ্টাসমূহৰ ভিতৰত বৰ্তমানে গুৰুত্বপূৰ্ণ বুলি সৰ্বদা বিবেচিত হোৱা ধাৰণাটি হৈছে ‘বিত্তীয় সাক্ষৰতা’। ‘বিত্তীয় সাক্ষৰতা’ বুলিলে বহুকথাই সাঙোৰা যায় যদিও সাধাৰণভাৱে নিত্যাৱশ্যকীয় কাম-কাজখিনি চলাব পৰা হোৱাকেই বুজোৱা হয়। টকা-পইচাৰ হিচাপ কৰিব পৰা, সঞ্চয়, ঋণ, বীমা, পা-পইচা প্ৰেৰণ (remittance), বেংক সম্পৰ্কীয় কাম-কাজ আদিৰ সম্যক জ্ঞান থকাকেই ‘বিত্তীয় সাক্ষৰতা’ বুলিব পাৰি। 

 

অৰ্থনৈতিক স্বাৱলম্বনৰ জৰিয়তে অৰ্থনৈতিক উত্তৰণৰ বাট মুকলি কৰাটো আৰ্থ-সামাজিক উন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণৰ মূল পদক্ষেপ হিচাপে সমগ্ৰ বিশ্বতেই পৰিগণিত হৈছে। আমাৰ দেশতো বেংকত একাউণ্ট খোলাৰ ব্যৱস্থা, সহজলভ্য বীমা, কৃষি আৰু সূক্ষ্ম ব্যৱসায়/উদ্যোগ আদিৰ বাবে ঋণ পোৱাৰ ব্যৱস্থা— আদি বিভিন্ন পদক্ষেপৰদ্বাৰাই উন্নয়নৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ প্ৰচেষ্টা চলাই অহা হৈছে। আত্ম-সহায়ক গোট (Self Help Group), যৌথ-দায়বদ্ধ গোট (Joint Liability Group) আদি বেংকৰ লগত দুখীয়া/আপেক্ষিকভাৱে দুখীয়া/Resource Poor সকলক সংযোজিত কৰাৰ দিশত প্ৰণালীবদ্ধ পদক্ষেপ। মূলত ব্যৱসায়িকভাৱে নিজৰ অৰ্থনৈতিক কাম-কাজ চলাবলে ৰাইজক সক্ষম কৰি তোলাৰ চেষ্টাই বৰ্তমানে অৰ্থনৈতিক উত্তৰণৰ দিশে মুখ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

 

অৰ্থনৈতিক উত্তৰণৰ এই নব্য প্ৰচেষ্টাত এক অতিশয় গুৰুত্বপূৰ্ণ দিশ হৈছে দুখীয়া ৰাইজে অৰ্থনৈতিক কাম-কাজ নিজে কৰিব পৰা হৈ উঠাটো আৰু বিত্তীয় সাক্ষৰতা হৈছে এই দিশৰ মূল প্ৰয়োজনীয় সমল। কৰ্ম-সূত্ৰে কৃষি আৰু গ্ৰামোন্নয়নৰ লগত জড়িত হৈ থকা হেতুকে এই ক্ষেত্ৰৰ অভিজ্ঞতাৰ ভিত্তিত বিত্তীয় সাক্ষৰতাৰ কেইটামান ধাৰণা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে, এই সংজ্ঞা/ধাৰণা অসমত চাকৰি কৰি থকা কালত বিভিন্ন প্ৰশিক্ষণত, মূলতঃ আত্ম-সহায়ক গোট সম্পৰ্কীয় বিভিন্ন স্তৰৰ প্ৰশিক্ষণতো আলোচনা কৰা হৈছিল। 

 

সঞ্চয়: 

আমি আমাৰ উপাৰ্জনৰপৰা ভৱিষ্যতৰ বাবে বা কোনো বিশেষ উপলক্ষ/প্ৰয়োজনীয় সমলৰ বাবে নিলগাই থোৱা ধনৰাশি বা সম্পদকে সঞ্চয় বুলিব পাৰি। বহু সময়ত ৰাহি আৰু সঞ্চয় সমাৰ্থক শব্দ হিচাপে ব্যৱহাৰ কৰা দেখা যায়। অৱশ্যে ধাৰণাবোৰ শুদ্ধ হোৱাটো ভাল, অন্যথা কামবোৰ কৰিবলৈ যাওঁতে উজুটি খোৱাৰ সম্ভাৱনা থাকে। বিভিন্ন স্তৰৰ (গ্ৰামাঞ্চলৰ বাসিন্দা, উন্নয়ন ক্ষেত্ৰৰ বিভিন্ন পৰ্যায়ৰপৰা বিত্তীয় অনুষ্ঠানৰ কৰ্মকৰ্তালৈকে) বিভিন্ন প্ৰশিক্ষণ, আলোচনা আদিত ‘মোৰ যোৱা মাহৰ দৰমহা আছিল ১০,০০০/-টকা, খৰচ হ’ল ৫, ০০০/-টকা, মোৰ সঞ্চয় কিমান?’ বুলি সোধোঁতে পোৱা উত্তৰটো হ’ল সঞ্চয়ৰ পৰিমাণ ৫, ০০০/-টকা। কিন্তু প্ৰকৃততে ৰৈ যোৱা ৫, ০০০/-টকাখিনি ৰাহিহে। আমি এই ৰাহিকে সঞ্চয় বুলি ধৰি লওঁ (বহুতে হয়তো এই ধৰণেৰে শিকিছে বা শিকাইছেও) বাবে বহু সময়ত এই ৰৈ যোৱা পইচাখিনিৰ খৰচৰ দিশটো গুৰুত্বসহকাৰে লোৱা নহয় কিয়নো মুল উদ্দেশ্য সম্পন্ন হৈ যোৱা হেতুকে ৰৈ যোৱা ধনৰাশিৰ তাৎক্ষণিক ব্যৱহাৰ নিৰ্দিষ্ট হৈ নাথাকে আৰু সেয়ে এনে পইচা/ধনৰাশি সাধাৰণতে বিশেষ উপাদেয় বুলিব নোৱৰা কামত খৰচ হৈ যায়। 

 

সঞ্চয়ৰ অৰ্থ ৰাহি নহয়। ৰাহি ধনৰপৰা ভৱিষ্যৎ ব্যৱহাৰৰ বাবে আচুতীয়াকৈ ৰাখিব পৰা বা ৰখা ধন বা অইন সামগ্ৰীহে দৰাচলতে প্ৰকৃত সঞ্চয়। 

 

সঞ্চয় কিয়—

– দুখৰ দিনৰ সহায় হিচাপে। 

– উপাৰ্জনৰ বাবে বিনিয়োগ কৰাৰ অৰ্থে। 

– অতিকে জৰুৰী প্ৰয়োজন পূৰ কৰাৰ বাবে। 

 

সঞ্চয়ৰ ব্যৱহাৰ-সঞ্চয়ৰ ব্যৱহাৰ সৰ্বদা ভাবি-গুণি কৰা উচিত। সঞ্চিত ধন মূলতঃ উপাৰ্জনমূলক কামৰ বাবেহে কৰা উচিত। অতিশয় জৰুৰী হ’লেহে ব্যৱহাৰমূলক কামৰ বাবে সঞ্চয়ৰ (সঞ্চিত ধনৰ) ব্যৱহাৰ কৰিব লাগে। 

 

সঞ্চয় কি দৰে কৰিব—

– উপাৰ্জনৰপৰা কিছু ভৱিষ্যতৰ বাবে নিলগাই ৰাখি। 

– যিকোনো কাম সম্পাদন কৰোঁতে মিতব্যয়ী হৈ যথা সম্ভৱ ৰাহি কৰি আৰু ৰাহি হোৱা ধনৰ কিছু অংশ জমা কৰি। 

– সঞ্চয় কৰা ধন পৰাপক্ষত বেংকত একাউণ্ট খুলি জমা ৰখাটো ভাল, সহজে পোৱাতে থাকিলে সহজে খৰচ হয়। বৰ্তমান জনধন আঁচনিৰ আধাৰত দেশৰ সকলো নাগৰিকে বেংকত একাউণ্ট খোলাৰ সুবিধাৰ লগতে বাধ্যতামূলক কৰিছে। 

 

ঋণ: বেংকৰ অপৰিশোধিত ঋণৰ বোজাৰ বাবে ঋণ বৰ্তমানে বহুচৰ্চিত হৈ পৰিছে। ঋণৰ ক্ষেত্ৰত খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ীসকল অসুবিধাৰ সন্মুখীন হোৱা কথাটোও প্ৰায়েই চৰ্চিত হয়। প্ৰকৃততে ব্যৱসায় পৰিকল্পনা, ঋণৰ ব্যৱহাৰ আদিও যথেষ্ট গুৰুত্বপূৰ্ণ। সেয়ে ঋণ সম্পৰ্কে শুদ্ধ ধাৰণাৰ আৱশ্যকতা আছে। 

 

ঋণ কি— ঋণ হ’ল পৰিশোধ কৰাৰ চৰ্ত সাপেক্ষে আনৰপৰা অনা ধন বা সম্পদ। 

– ঋণ লোৱাৰ মূল্য হিচাপে সাধাৰণতে সুদ পৰিশোধ কৰিব লাগে। 

– ঋণ সৰ্বদা পৰিশোধেয়। 

– ঋণ হ’ল নিজা সম্পদ বা মূলধনৰ উপৰি বিনিয়োগৰ বাবে ওপৰঞ্চিকৈ দৰকাৰ হোৱা ধন বা সম্পদ; যিটো আনৰ (ব্যক্তি/অনুষ্ঠান) পৰা ল’ব লগা হয়। 

 

ঋণ কিয়—

– উপাৰ্জন বৃদ্ধিৰ বাবে বিনিয়োগ কৰাৰ অৰ্থে। 

– অতিশয় জৰুৰী নাটনি দূৰ কৰাৰ বাবে। 

– ঋণ সাধাৰণতে উপাৰ্জনমূলক কামৰ বাবেহে ল’ব লাগে, ব্যৱহাৰ বা খৰচমূলক কামৰ বাবে ঋণৰ ৰাশি ব্যৱহাৰ কৰাটো অনুচিত। 

 

ঋণ কেতিয়া ল’ব—

– নিজ মূলধন বিনিয়োগৰ বাবে পৰ্যাপ্ত নহ’লে। 

– উপাৰ্জন বৃদ্ধিৰ বাবে কৰিব খোজা বিনিয়োগ ফলদায়ক হোৱাটো নিশ্চিত হ’লে। 

– অইন উপায়েৰে মূলধন যোগাৰ কৰিব নোৱাৰিলে। 

 

ঋণৰ ব্যৱহাৰ—

– ঋণৰ ব্যৱহাৰ সদায়েই যি উদ্দেশ্যেৰে ঋণ লোৱা হয় কেৱল সেই বাবেহে কৰিব লাগে। 

– ঋণ লোৱা ধন/সম্পদ সৰ্বদা উপাৰ্জনমূলক কামৰ বাবে ব্যৱহাৰ কৰা উচিত। 

– অতিশয় জৰুৰী নহ’লে ব্যৱহাৰমূলক/খৰচমূলক কামৰ বাবে ঋণ লোৱা বা ঋণৰ ব্যৱহাৰ কৰাটো পৰিহাৰ কৰা উচিত। 

– ঋণ মূল্যৰ বিনিময়ত লোৱা ধন/সম্পদ, ইয়াৰ ব্যৱহাৰত মিতব্যয়ী হোৱাটো জৰুৰী। 

 

ঋণ পৰিশোধ—

– ঋণ সদায়েই সময়মতে পৰিশোধ কৰা উচিত। 

– ঋণ পৰিশোধে ভৱিষ্যৎ ঋণৰ বাট মুকলি কৰে। 

– পৰিশোধ নকৰা ঋণ ভৱিষ্যৎ অশন্তিৰ কাৰণ। 

 

ঋণ লোৱাৰ সময়ত লক্ষ্য কৰিবলগীয়া কেইটামান কথা—

– ল’ব খোজা ঋণৰ আয়ৰদ্বাৰা ঋণ পৰিশোধ কৰিব পৰা যাবনে? 

– ঋণ লোৱাটো জৰুৰী নে? 

– ঋণৰ চৰ্ত সমূহ গ্ৰহণযোগ্য হয়নে? 

– ঋণৰ ব্যৱহাৰ সম্পৰ্কে নিশ্চিত সিদ্ধান্ত লোৱা হৈছেনে? 

 

যি কোনো কাম কৰাৰ বাবে এখন কৰ্ম আঁচনি বাঞ্ছনীয়। ব্যৱসায়/অৰ্থনৈতিক/উপাৰ্জনমূলক কামৰ বাবে ভালদৰে পৰিকল্পনা কৰি আগনাবাঢ়িলে সফল হোৱাৰ সম্ভাৱনা কম। পৰিকল্পনাৰ বিচ্যুতিৰ বাবে ব্যৱসায়ত অসফল হোৱাৰ উদাহৰণ অলেখ। বিশেষকৈ ঋণ লোৱাৰ ক্ষেত্ৰত সুপৰিকল্পিতভাৱে আগবঢ়াটো অপৰিহাৰ্য্য। সেয়ে ঋণ লোৱাৰ সময়ত ভালদৰে চালি-জাৰি চাই সিদ্ধান্ত ল’ব লাগে। 

 

সঞ্চয় আৰু ঋণৰ সম্পৰ্ক— 

– সঞ্চয় আৰু ঋণৰ মাজৰ সম্পৰ্ক বিপৰীতধৰ্মী। 

– সঞ্চয় আজিৰ দুখ আৰু কাইলৈৰ সুখ। 

– ঋণ আজিৰ সুখ আৰু কাইলৈৰ দুখ। 

কথাষাৰ মনত ৰখা ভাল। 

 

বীমা: বীমা একপ্ৰকাৰৰ সঞ্চয় যদিও নিৰ্দিষ্টকৈ কোনো বিপদ-আপদ ঘটিলে পৰিত্ৰাণ বা সহায় পোৱাৰ উদ্দেশ্যেহে বীমা কৰা হয়। সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত বীমা অতিশয় গুৰুত্বপূৰ্ণ। সেই বাবেই ভাৰত চৰকাৰে সকলো নাগৰিককে বীমাকৰণ কৰাত গুৰুত্ব দিছে। অৰ্থনৈতিকভাৱে দুৰ্বল ৰাইজৰ বাবে বীমাই আৰ্থিক সংকটৰ সময়ত (বেমাৰ-আজাৰ/দুৰ্ঘটনা/অকাল মৃত্যু আদিৰ ক্ষেত্ৰত) পৰিয়ালটোৰ বাবে সকাহ হয়। যথা সম্ভৱ বীমা কৰি থলে পৰিয়ালৰ ভৱিষ্যতৰ বাবে সুব্যৱস্থা কৰা বুলিব পাৰি। শস্য তথা পোহনীয়া জীৱ-জন্তু যেনে, গৰু, ছাগলী আদিৰো বীমা কৰাই থ’লে সম্ভাৱ্য ক্ষতিৰপৰা হাত সাৰিব পাৰি।

 

 

ধনৰাশি প্ৰেৰণ: অতীতত ‘মানি অৰ্ডাৰ’ আছিল পইচা পঠোৱাৰ সকলোৱে জনা ব্যৱস্থা। বৰ্তমানে বেংকৰ বিভিন্ন ব্যৱস্থাৰ জৰিয়তে সহজে আৰু সুৰক্ষিতভাৱে ধনৰাশি দূৰ-দূৰণিলৈ পলকতে পঠাব পাৰি। ডাকবিভাগৰ জৰিয়তেও পইচা সহজেই পঠিয়াব পাৰি। 

 

সঞ্চয় বা জমা কৰা ধন সুৰক্ষিতভাৱে থোৱা উচিত। স্বীকৃতিপ্ৰাপ্ত বিত্তীয় অনুষ্ঠানসমূহ যেনে, বাণিজ্যিক বেংক (ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুজ্ঞাপ্ৰাপ্ত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক সমূহ), সমবায় খণ্ডৰ স্বীকৃতি প্ৰাপ্ত বেংক (অসম কোপাৰেটিভ এপেক্স বেংক, বিভিন্ন নগৰ সমবায় বেংক আদি), ক্ষেত্ৰীয় গ্ৰামীণ বেংক (অসমৰ ক্ষেত্ৰত অসম গ্ৰামীণ বিকাশ বেংক), ডাক বিভাগৰ সঞ্চয় জমা আঁচনি (ছেভিংচ বেংক আঁচনি) আদি ৰাইজৰপৰা ধন জমা লোৱাৰ অনুমোদন প্ৰাপ্ত আঁচনিত/অনুষ্ঠানত পইচা জমা থব পৰা যায়। ইয়াৰ উপৰি চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অনুমোদনপ্ৰাপ্ত কিছু অনুষ্ঠানে ধন জমা ল’ব পাৰে, ইয়াত ৰাইজে সততে সম্পৰ্কলৈ আহিব পৰা অনুষ্ঠানসমূহৰ নামহে উল্লেখ কৰা হৈছে। বিভিন্ন অনুষ্ঠানত পইচা জমা থৈ সৰ্বস্বান্ত হোৱাৰ কথা প্ৰায়েই সংবাদ মাধ্যমত চৰ্চিত হয়, সেয়ে টকা-পইচা লেন-দেন কৰাৰ আগতে লেন-দেন কৰিব খোজা অনুষ্ঠানটিৰ আইনগত স্থিতি জানি লোৱাটো আৱশ্যক। 

 

জিলা পৰ্যায়ত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংকৰ জিলা বিকাশ পৰিচালক, জিলা অগ্ৰণী বেংক পৰিচালক, প্ৰশাসনিক বিষয়া আদিৰপৰা ৰাইজে উপদেশ ল’ব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৱেবছাইটৰপৰাও ৰাইজে অনুজ্ঞাপ্ৰাপ্ত অনুষ্ঠানৰ বিষয়ে জানিব পাৰে। 

 

অৰ্থনৈতিক উত্তৰণৰ পথত বিত্তীয় সাক্ষৰতাই সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হোৱাৰ লগতে দিক্ নিৰ্দেশনাও দিয়ে। সেয়ে নিজে শিকি-বুজি লোৱাৰ লগতে বিশেষকৈ যিসকল অনগ্ৰসৰ আৰু বিত্তীয় বিষয়ৰ বিষয়ে বেছি নাজানে, তেখেতসকলক শিকাই-বুজাই দিয়াটো ৰাইজৰ লগতে দেশৰ অৰ্থনৈতিক উত্তৰণৰ দিশে অৰিহণা হ’ব। 

 

[লেখক নাবাৰ্ডৰ গুৱাহাটী ক্ষেত্ৰীয় কাৰ্য্যালয়ৰ মহাপ্ৰবন্ধক তথা ভাৰপ্ৰাপ্ত বিষয়া]

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!