বিদেশৰ ইটো সিটো
লেখক- মল্লিকা কলিতা
প্ৰবাসৰ বিচিত্ৰ অভিজ্ঞতাঃ
প্ৰবাসত চালকৰ অনুজ্ঞাপত্ৰ লোৱাৰ অভিজ্ঞতা-
‘When in Rome, do as the Romans do’. যেনে দেশ তেনে ভেশ বুলি এষাৰ কথাই আছে ৷ আমি মধ্য-প্ৰাচ্যৰ ক্ষুদ্ৰ দেশখনত থিতাপি লোৱাৰ আজি এক দশকৰো অধিক হ’ল ৷ ২০১০ চনৰ জানুৱাৰী মাহৰ পৰা গৃহস্থৰ নতুন কৰ্মস্থলী হ’লগৈ কাটাৰৰ অল-খোৰ ৷ সময়ৰ লগে লগে কাটাৰ হৈ পৰিল আমাৰ দ্বিতীয় আৱাসস্থলী ৷ লাহে লাহে আমিও দেশখনৰ নিয়মাৱলী, ৰেহৰূপৰ সৈতে সংপৃক্ত হৈ পৰিলোঁহি ৷ কাটাৰত গাড়ী চলোৱাটো কিছু প্ৰত্যাহ্বানমূলক কিয়নো চালকৰ আসন থাকে বাওঁহাতৰ ফালে আৰু চলাব লাগে সোঁহাতে ।
বেছিভাগ গাড়ীয়েই অটোমেটিক ৷ চহৰৰ বাহিৰৰ পথসমূহো সাধাৰণতে অতি উন্নত ৷ এইখন দেশত বাহনৰ গতিৰ সীমা নিৰ্মিত এলেকাত ৬০কি.মি./ঘ. তথা ৰাষ্ট্ৰীয় ৰাজমাৰ্গত ১২০কি.মি./ঘ. ৷ কাটাৰত দুৰ্ঘটনাৰ অন্যতম কাৰণ হৈছে বাহনসমূহৰ দ্ৰুত গতি ৷ গতি নিৰ্দিষ্ট সীমাত টিকি থকাটোৱেই বুধিয়কৰ কাম । কেমেৰাই যে আপোনাক নজৰত ৰাখিব, সেয়া ধুৰুপ ৷
এটা দীঘলীয়া সময়ৰ বাবে এইখন দেশৰ আৱাসী হ’বলগীয়া হোৱাত মনৰ ঈস্পিত লক্ষ্যপ্ৰাপ্তিৰ বাবেই হওক নাইবা কিছু ব্যক্তিগত লাভালাভৰ বাবেই হওক ২০১৮ চনৰ মাৰ্চ মাহত দুগৰাকী তামিল বান্ধৱী সহ আমি স্থানীয় ড্ৰাইভিং স্কুলত উপস্থিত হ’লোঁ ৷ ১৩ মাৰ্চত আমি প্ৰথমে পাচপোৰ্ট ফটোৰ বাবে ষ্টুডিঅ’ত ফটো এক’পি তুলি লওঁ আৰু ড্ৰাইভিং স্কুলত ফৰ্ম ফিল আপ কৰাৰ লগতে চকু পৰীক্ষাও কৰা হয়( ড্ৰাইভিং স্কুলত) লগত বৈধ কাটাৰ আই-ডি, তাৰ আগতে মেট্ৰাছ ২ ত NOC মানে No Objection Certificateৰ বাবে আবেদন কৰাটো বাধ্যতামূলক ৷
মন্ত্ৰালয়ৰ বিনামূলীয়া মোবাইল এপ্লিকেচন মেট্ৰাছ২ৰ জৰিয়তে কাটাৰৰ নাগৰিক আৰু বাসিন্দাসকলে যিকোনো সময়তে মন্ত্ৰালয়ে প্ৰদান কৰা ২১৫টাতকৈও অধিক সেৱা পোনপটীয়াকৈ মোবাইল ফোনত লাভ কৰিব পাৰে ৷
সেইসময়ত চল্লিছ দিনীয়া ফুল কোৰ্চৰ বাবে আমি ৩৮২০ কাটাৰী ৰিয়াল (৭৬, ৪০০ টকা ভাৰতীয় মূল্যৰ হিচাপত) ভৰিবলগীয়া হৈছিল ৷ হাফ কৰ্চ বিছ দিনীয়া তাৰ বাবে ৪০০ ৰিয়াল (ভাৰতীয় মূল্যৰ হিচাপত ৮০০০ টকা) কমকৈ পৰে ৷ আপুনি কোনটো কৰ্চত ভৰ্তি হ’ব পাৰিব সেয়া আপোনাৰ যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰিব ৷ তাত মেনুৱেল আৰু অট’মেটিক দুই শ্ৰেণীৰ গাড়ীৰ শিক্ষা লোৱাৰ সুযোগ বিদ্যমান ৷
আমি ৰাতিপুৱা ৮: ১৫ মিনিটৰ সময়খিনিয়েই ক্লাচৰ বাবে উপযুক্ত হ’ব বুলি নিৰ্ধাৰণ কৰোঁ কাৰণ সেই সময়ত আমাৰ তিনিওগৰাকীৰে গৃহস্থসকলে পাল পাতি আমাক অনা-নিয়া কৰিবলৈ সহজ হ’ব ৷ কথা-বতৰাৰ পৰা গম পোৱা গ’ল যে দুয়ো বান্ধৱীৰে চেন্নাইৰ ব্যস্ত ৰাজপথত টু হুইলাৰ চলোৱাৰ অভ্যাস থকাৰ উপৰিও এগৰাকীৰ আছে চাৰিচকীয়া গাড়ীৰ ড্ৰাইভিং লাইচেঞ্চ । সেয়াও যেনিবা মেনুৱেল ৷ মোৰ বাবে এইটো আছিল এক হতাশাজনক আৰু উদ্বেগজনক খবৰ ৷ মোৰ মুখখন নিমিষতে শুকাই কেঁহেৰাজ বৰণ ল’লে ৷ সিহঁতে যেতিয়া জানিবলৈ পালে যে মই মাথোঁ চাইকেল চলোৱাৰ অভিজ্ঞতাৰেহে পুষ্ট, তাকো হাইস্কুলৰ দেওনাতে অন্ত পৰা, সিহঁতৰ মেলা মুখ বহুদেৰিলৈ মেল খায়ে ৰ’ল ৷ দুয়োৰে অভিব্যক্তি এনেকুৱা আছিল যেন টু হুইলাৰ চলাবলৈ নজনাটো / চলাবলৈ নোপোৱাটো আছিল জীৱনৰ চৰম ব্যৰ্থতা ৷ ময়ো যি হয় দেখা যাব ধৰণৰ এক অভিব্যক্তিৰে এই বৈতৰণীখন কেনেকৈ সফলতাৰে পাৰ কৰিব পাৰোঁ সেই চিন্তাত নিমগ্ন হওঁ ৷ মোৰ সন্মুখৰ ৰাস্তা যে নিমজ নহ’ব সেয়া বাৰুকৈয়ে উপলব্ধি কৰোঁ প্ৰথমদিনাই ।
নতুন ক্লাছ, নতুন উদ্যম, ন ন ভাবৰ বুৰবুৰণি, অনেক গুণা-গঁঠা ৷ ৩০ মিনিট থিয়’ৰী ক্লাছ লেপটপত ক্লাছ চলে ৷ কাণত ইয়েৰ ফোন লগাই শুনি যাওঁ ৷ ১৫ মিনিট প্ৰেকটিকেল ক্লাছৰ বাবে নিৰ্ধাৰিত, অৱজেকটিভ প্ৰশ্নসমূহ মূলত পথৰ সাংকেতিক চিহ্নক লৈ । মাথোঁ টিক মাৰি গৈ থাকিব লাগে ৷ মন কৰোঁ, দুয়োজনীৰ বাবে এইবোৰ ভাতৰ লগত পানী খোৱাৰ লেখীয়া কথাই আছিল ৷
দ্বিতীয় দিনাখনেই পিছে লাগিল এক অথন্তৰ ৷ ক্লাচ শেষ হোৱাত ওলাই অহাৰ বেলিকা মই এটা চিৰি এৰি দ্বিতীয়টোত ভৰিখন থ’বলৈ গৈ অসাৱধানবশঃত পৰি যাওঁ ৷ লেঙেৰিয়াই লেঙেৰিয়াই বান্ধৱীৰ সহযোগত গাড়ীত বহোঁহি ৷ মোৰ মনত অহেতুক শংকাই বাঁহ বান্ধে ৷ ড্ৰাইভিঙৰ পাঠ যেন ইয়াতেই শেষ ৷ মই আৰু নিজৰ ভৰিত থিয় দিবলৈ কোনো পধ্যেই নোৱাৰিম ৷ ঘৰ পোৱালৈ দুয়ো বান্ধৱীয়ে মোক নানা উপদেশ দিয়াৰ উপৰিও ঘৰলৈ আগবঢ়াই থয় । ভাব হ’ল, মোক লৈ দুয়ো যেন বাৰুকৈয়ে বিপাঙত পৰিছিল ৷ আমিও প্ৰতিদিনে দুই তিনিবাৰকৈ গৰম পানী-নিমখৰ সেক লৈছোঁ আৰু নেদেখাজনৰ আশীৰ্বাদত বৰ বিশেষ একো নঘটাকৈ সেইবাৰলৈ সাৰি গ’লোঁ ৷ মাথোঁ কেইদিনমানলৈ ফুলি থকা ভৰিখনেৰে দুপিয়াই দুপিয়াই খোজ কাঢ়ি থাকিবলগীয়া হ’ল ৷ আৰম্ভণিটো মুঠেও সন্তোষজনক নোহোৱাত মনটো কলীয়া ডাৱৰে ছানি ধৰিলে ৷
পৰীক্ষাবোৰ প্ৰতি মঙলবাৰে অনুষ্ঠিত হয় । এসপ্তাহৰ অন্তত ড্ৰাইভিঙৰ প্ৰথমটো পৰীক্ষাৰ বাবে সাঁজু হ’বলৈ ওলালোঁ ৷
তেনেতে খবৰ পাওঁ, মই আৰু এগৰাকী বান্ধৱীয়ে পলমকৈ মেট্ৰাছত লগ ইন কৰা বাবে আমাৰ দুয়োকে এসপ্তাহ পলমকৈহে পৰীক্ষালৈ মাতিছে ৷ আনগৰাকী বান্ধৱীয়ে আমাতকৈ এসপ্তাহ আগত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ লগতে সফলতাও লাভ কৰে ৷ কোৱা বাহুল্য যে আমি বান্ধৱীৰ সফলতাত আনন্দিত হৈ পৰোঁ । আমি দুগৰাকীয়েও এসপ্তাহ পাছত চিগনেল টেষ্টত সফলতাৰ মুখ দেখিবলৈ পাওঁ ৷ বিছটা প্ৰশ্নৰে চিগনেল টেষ্টৰ পৰীক্ষাৰ সময়সীমা আছিল পঁচিশ মিনিট ৷ উল্লেখযোগ্য যে বিছটাৰ ভিতৰত ওঁঠৰতা শুদ্ধ হোৱাটো বাঞ্ছনীয় ৷ আটাইবোৰ প্ৰক্ৰিয়া কম্পিউটাৰাইজড ৷ প্ৰথম বাধা ক’বলৈ গ’লে, অনায়াসেই অতিক্ৰম কৰিলোঁ ৷
দুসপ্তাহ পাছত আমাৰ পাৰ্কিং ক্লাচ আৰম্ভ হ’ব, আমাক একোখনকৈ কাৰ্ড দিয়া হ’ল । সমুদায় ক্লাছ পোন্ধৰটা ৷
এতিয়াও স্পষ্টকৈ মনত আছে, মোৰ গাড়ীখনৰ নম্বৰটো আছিল ৫২ ৷ কাৰ্ডখনত ড্ৰাইভাৰ গৰাকীৰ সৈতে যোগাযোগৰ বাবে ফোন নম্বৰটো উল্লেখ কৰা আছিল ৷
মন কৰিলোঁ, প্ৰথমটো ক্লাছ মঙলবাৰৰ পৰা আৰম্ভ হৈছিল । আমি আকৌ আগৰ দৰেই ৰাতিপুৱাৰ সময়খিনিকে বাচি লৈছিলোঁ ৷ ক্লাচৰ সময়সীমা এঘণ্টা ৷ সোমাই গৈয়ে গাড়ীবোৰৰ গাত ৰোমান সংখ্যাৰ একোটাকৈ নম্বৰেৰে শাৰী শাৰীকৈ থিয় কৰাই থোৱা চকুত পৰিছিল ৷ নিজৰ নিজৰ গাড়ীৰ নম্বৰটো বিচাৰি উলিয়াবলৈ চকু দুটাই পিটপিটাই ফুৰিবলৈ লাগিল ৷ ৫২ নম্বৰ গাড়ীখন চকুত পৰিল ঠিকেই, পিছে ড্ৰাইভাৰজনক বিচাৰি পোৱা নগ’ল ৷ কাল বিলম্ব নকৰি ফোন লগালোঁ কাৰ্ডখনত উল্লিখিত নম্বৰত ৷ সমীপতে তেওঁলোকৰ কোৱাৰ্টাৰসমূহ ৷ তাৰ পৰা ওলাই আহিল কেৰেলাৰ ড্ৰাইভাৰজন ৷ মোৰ লগত চিনাকি হৈ ড্ৰাইভাৰজনে জানিবলৈ বিচাৰিলে মোৰ ড্ৰাইভিং অভিজ্ঞতাৰ বিষয়ে ৷ মই একোকে নাজানো বোলাত তেওঁ মাথোঁ মিচিকিয়াই থ’লে ৷ নিজে এপাক চলাই দেখুৱাই মোক চলাবলৈ ইংগিত দিয়ে ৷ মই প্ৰথমে অলপ ইতস্তত কৰি ষ্টিয়েৰিঙত হাত ৰাখোঁ ৷ সঁচাকৈ সেই অনুভৱ আছিল অনন্য, সুখকৰ ৷ মন কৰিলোঁ, এনেদৰে বৃহস্পতিবাৰলৈ তিনিটাকৈ দিন মোৰ দেখোন গাড়ীখন ভিতৰতে ঘূৰাই থাকোঁতেই গ’ল ৷ তাৰ বিপৰীতে দুয়ো বান্ধৱীয়ে দ্বিতীয়দিনাখনেই এল পাৰ্কিঙৰ আভাস লভিবলৈ সক্ষম হ’ল ৷ উভতি অহাৰ বেলিকা সদায় সিহঁতৰ প্ৰশ্নত ব্যতিব্যস্ত তথা আহত হৈ পৰিলোঁ –‘তোক কি আজিও এল পাৰ্কিং নিশিকালে?’
দুয়োৰে হাত ষ্টিয়েৰিং ঘূৰুৱাত পাকৈত আছিল আৰু আমাৰ হাত আছিল অনভিজ্ঞতাৰ জ্ঞানেৰে পুষ্ট ৷ বৃহস্পতিবাৰলৈকে মোৰ মনটো বিষাদৰ কলীয়া মেঘেৰে আবৃত হৈ থাকিল আৰু সিহঁতৰ মুখবোৰ আছিল ৰ’দত জিলমিলোৱা ৷ শুক্ৰবাৰৰ দিনটো যথেষ্ট উদ্দীপনাৰে কটালোঁ । লগতে গৃহস্থকো মোক কেতিয়ালৈ এল পাৰ্কিং শিকাব বুলি সুধি সুধি ব্যতিব্যস্ত কৰি তুলিলোঁ ৷ উল্লেখযোগ্য যে শুক্ৰবাৰ হৈছে ৰাজহুৱা বন্ধৰ দিন, ইচলাম ধৰ্মাৱলম্বী দেশখনত সমূহীয়া নামাজৰ দিন৷ গৃহস্থই বাৰে বাৰে উৎসাহ দি কয়, প্ৰথমে তোমাৰ হাতখন আহকচোন! সেইসময়ত মোৰ মনৰ অৱস্থা বুজি পাবলৈ কাষত যে কোনোজনেই নাছিল ৷ সকলোৱেই আছিল দুখ লগাকৈ অপাৰগ ৷ প্ৰতিৱেশী আইনিছ নামৰ কংকোনী মহিলাগৰাকীৰো আছিল ড্ৰাইভিং লাইচেঞ্চ ৷ সেইসময়ত ড্ৰাইভিং লাইচেঞ্চ থকা মহিলাক যেন চকুযুৰিয়ে অনবৰতে খেদি ফুৰিছিল ৷ প্ৰথম দিনাখনেই তাইৰ পৰা সদুপদেশ বিচাৰি যাওঁতে তাই হাঁহি হাঁহি কৈ উঠিল, তোমাৰ গৃহস্থ থাকোঁতেনো মোৰ পৰা কিহৰ উপদেশ আশা কৰা? স্বাভাৱিকতে মই নিমাত হৈ পৰিছিলোঁ ৷
শনিবাৰে সকলো জল্পনা কল্পনাৰ ওৰ পেলাই যেতিয়া মোৰ গুৰুৱে মোক এল পাৰ্কিং শিকাম বুলি ঘোষণা কৰিলে, মোৰ মন ফৰকাল হৈ পৰিল আৰু মোকো মোৰ বান্ধৱী দুগৰাকীৰ দৰে শ্ল’ব/ ওখ টিলাৰ দৰে জেগাডোখৰলৈ গাড়ীখন উঠাই নিয়াৰ আৰু ৰিভাৰ্চ কৰি তললৈ নমাই অনাৰ প্ৰশিক্ষণ দিয়ালে ৷ এনেদৰে ন দিন প্ৰশিক্ষণ চলিল ৷ তাৰ মাজতে দুয়ো বান্ধৱীৰ প্ৰশিক্ষকে (বাংলাদেশী) মোক গাড়ীখন ওপৰলৈ উঠাই থকা কাৰ্যটো সম্পূৰ্ণ ভুল আছিল বুলি কৰ্ণগোচৰো কৰালে ৷ অন্তিম তিনিদিন আছিল বক্স পাৰ্কিঙৰ বাবে ৷ বক্স পাৰ্কিং অনায়াসে আয়ত্তলৈ আহে ৷ ১ মে’ত পৰীক্ষা ৷ তিনিটা ক্লাচ অনুৰ্ত্তীৰ্ণসকলক পৰৱৰ্তী সময়ত প্ৰশিক্ষণৰ বাবে ৰখা হয় ৷
এল পাৰ্কিং হৈছে ইংৰাজী বৰ্ণমালাৰ এল আকৃতিৰ এটি পথেৰে গাড়ীখন চলাই ওপৰলৈ উঠাব লাগে আৰু শিক্ষাৰ্থীয়ে ৰিভাৰ্চ কৰি তললৈ নমাই নিৰ্দিষ্ট জেগাডোখৰত পাৰ্ক কৰিবও লাগে ৷ বক্স পাৰ্কিং অৰ্থাৎ পেৰেলেল পাৰ্কিং ব্যৱস্থা । গাড়ীখন শিক্ষাৰ্থীয়ে বক্স সদৃশ জেগা ডোখৰত ভৰাব লাগিব ৷ অলপ ইফাল সিফাল হ’লেই অনুৰ্তীৰ্ণৰ ঘৰ পূৰোৱাৰ পূৰ্ণ সম্ভাৱনা । যিহেতু এল আকৃতিৰ পথছোৱাত দুয়োফালে আছিল লোহাৰ বেৰিকেড, অকণমানৰ বাবেও গাড়ীখনে বেৰিকেড চুবলৈ নোৱাৰিব ৷ এটা কথা ক’বলৈ পাহৰিছিলোঁ, মোৰ প্ৰশিক্ষকে কথাৰ লাচতে উনুকিয়ালে যে গুৰুক গুৰুদক্ষিণা দিয়াৰো প্ৰয়োজন । এনেই শিকি থাকিলে নহ’ব ৷ কথাটো মই দুই বান্ধৱী আৰু গৃহস্থৰো কৰ্ণগোচৰ কৰালোঁ ৷ দুই বান্ধৱীয়েও অনুৰূপ কথাই আওৰালে ৷ পৰীক্ষাৰ আগে আগে তিনিও গাইপতি ১০০ৰিয়ালকৈ (২০০০টকা) আমাৰ গুৰুদক্ষিণা স্বৰূপে আমাৰ গুৰুক আগবঢ়ালোঁ ৷ এদিনাখন মোৰ প্ৰতিৱেশী আহিল মোৰ ড্ৰাইভিং ক্লাচনো কেনে চলিছে তাৰ বুজ ল’বলৈ ৷ তাই নিজৰ ড্ৰাইভিং ক্লাচৰ অভিজ্ঞতাৰ বিষয়ে ক’বলৈ গৈ ব্যক্ত কৰে যে তাই পাঁচবাৰৰ মূৰকতহে ড্ৰাইভিং লাইচেঞ্চ হস্তগত কৰিবলৈ সক্ষম হৈছিল ৷ উল্লেখযোগ্য যে পাঁচবছৰৰ আগেয়ে পাঁচবাৰলৈও ৰোড টেষ্টৰ সুযোগ পোৱা গৈছিল, যদিও আমাৰ সময়লৈ
হ্ৰাস কৰা হৈছিল মাথোঁ দুবাৰলৈ ৷ সৰলমনা বান্ধৱীয়ে গুৰুদক্ষিণা সদৃশ উপঢৌকন দিব লাগে বুলি ঘূণাক্ষৰেও অৱগত নাছিল ৷ প্ৰশিক্ষকে কোনোদিনাখনেই ভালদৰে নিশিকালে বুলি মনৰ ক্ষোভ উজাৰিলে সেই কংকোনী ভদ্ৰ মহিলাই ৷ শেষৰবাৰ অৱশ্যে এগৰাকী ফিলিপিন’ মহিলা প্ৰশিক্ষকৰ তত্ত্বাৱধানত তেখেতে সফলতাৰ মুখ দেখে । আমাৰ মন ভৰি পৰে যেতিয়া তেখেতে জানিবলৈ দিয়ে যে সেইদিনাখন তেওঁ লগত কঢ়িয়াই লৈ গৈছিল তেওঁলোকৰ পবিত্ৰ ধৰ্মপুথি বাইবেলখন ৷
পৰীক্ষাৰ আগে আগে কিছু অনাহুত পৰিস্থিতিয়ে আমাৰ দুৱাৰত টুকুৰিয়ায়হি ৷ গৃহস্থৰ সৰু ভিনদেউ জীৱন মৰণৰ সৈতে যুঁজত লিপ্ত চেন্নাইৰ মেডিকেলত ৷ খবৰবোৰে স্বাভাৱিকতে আমাৰ মন বিব্ৰত কৰি তোলে ৷ সৰু বাইদেউ তথা একমাত্ৰ ভাগিনীজনীৰ অসহায়-অকলশৰীয়া মুখখনে চেন্নাইৰ দৰে বিশাল মহানগৰীত বিব্ৰত বোধ কৰাত অৱশেষত গৃহস্থই দুদিনমানৰ বাবে হ’লেও সিহঁতৰ সাহস হ’বলৈ উৰা মাৰে ৷ মই তেনেকুৱা আহুকালৰ মাজতেই নিজকে এল পাৰ্কিঙৰ বাবে মানসিকভাৱে সাঁজু হওঁ ৷ সেইদিনা ৰাতিপুৱা ৫: ৩০ বজাতে উপস্থিত হ’বলৈ কোৱা হৈছিল ৷ আগদিনা প্ৰশিক্ষকে দুই এটা পৰামৰ্শৰে আমাক শুভেচ্ছা জনায় ৷ বৰ জীয়াৰীক পঠাই ময়ো সাঁজু হ’লোঁ । মনত অলেখ ভাবৰ বুৰবুৰণি । সৰু জীয়াৰীক কাৰ হাতত গতাওঁ, সেই লৈ বিবুদ্ধিত পৰোঁ । গৃহস্থ যে পৰীক্ষাৰ দিনা পাছবেলাহে ওভতাৰ কথা ৷ সকলো নেদেখাজনৰ হাতত সঁপি দিওঁ এই বুলি যে তেওঁ নিশ্চয়কৈ কিবা এটা পথ দেখুৱাব ৷ আৰু সঁচাকৈয়ে তেওঁ পথ দেখুৱালেও ৷ কংকোনী ভদ্ৰ মহিলা আইনিছে নিজে উপযাচি সৰুজনীক স্কুললৈ পঠাবলৈ গাত ল’লে হাঁহিমুখেৰে ৷ মাথোঁ মোক বিদ্যালয়ৰ ইউনিফৰ্মযোৰ সাঁজু কৰি নিশ্চিন্ত মনে যাবলৈ কোৱাত মই আৱেগিক নোহোৱাকৈ নোৱাৰিলোঁ ৷ তাছুক সেইদিনাখন আইনিছে টোপনিৰ পৰা জগোৱাৰ পৰা, নিজ হাতে হৰলিক্স তপতাই, ব্ৰেড খুৱাই-বুৱাই, লগতে চুলি আঁচুৰি ধুনীয়াকৈ পনী-টেইল কৰি বান্ধি স্কুল বাছখনত তুলি দিয়ে ৷ এনেদৰেই মোৰ বুকুত নিগাজীকৈ ঘৰ সাঁজি বহে আইনিছে । তাইৰ নিস্বাৰ্থ মৰম-ভালপোৱাৰে মই তাইৰ ওচৰত কৃতজ্ঞ আৰু ধৰুৱা হৈ ৰ’ম আজীৱন ৷
ফ’ৰ হুইলাৰ লাইচেঞ্চৰ অধিকাৰী বান্ধৱীগৰাকী আৰু মই দুয়োটা পাৰ্কিঙতে সাফল্যৰ হাঁহি মাৰিবলৈ সক্ষম হওঁ ৷ কিন্তু আনগৰাকী বান্ধৱী বক্স পাৰ্কিঙত অসফল হয় । গাড়ীখন বক্সটোত সোমোৱাৰ বেলিকা লাইন পাৰ কৰি যোৱাত এলাৰ্ম বাজি উঠে আৰু এয়াই তেওঁৰ অনুৰ্ত্তীৰ্ণ হোৱাৰ ইংগিত দিয়ে ৷ স্বাভাৱিকতেই আমি তিনিওগৰাকী হতবাক তথা দুখী হৈ পৰোঁ ৷ উভতিবৰ সময়ত প্ৰশিক্ষকক আমাৰ সফলতাৰ খবৰ দিবলৈ যোৱাত মোৰ লগৰ গৰাকীক বাংলাদেশী প্ৰশিক্ষকে সফলতাৰ প্ৰাপ্য অংশ দাবী কৰে । বান্ধৱীৰ লগত মাথোঁ পঞ্চাচ ৰিয়াল(১০০০টকা) থকাত তাই সেইখনকে মুখলজ্জাত প্ৰশিক্ষকক যাঁচে ৷ এইবাৰ আমি সঁচাকৈয়ে প্ৰশিক্ষকৰ কাণ্ডত মুক হৈ পৰোঁ ৷
সেইদিনাখন পৰীক্ষাৰ সময়ত যানবাহন আৰক্ষী বিষয়া উপস্থিত থকাৰ উপৰিও আটাইবোৰ ব্যৱস্থা আছিল কম্পিউটাৰাইজড্ ৷ কম্পিউটাৰ স্ক্ৰীণৰ সন্মুখত ভালেকেইগৰাকী বিষয়া উপস্থিত থাকি পৰীক্ষা তদাৰক কৰে বুলি জানিবলৈ পোৱা গৈছিল ৷ এইখিনি কথা এইকাৰণেই উনুকিয়াই থোৱা হৈছে কাৰণ আমাৰ প্ৰশিক্ষকক পইচা দিয়া নিদিয়াৰ লগত পৰীক্ষাত উত্তীৰ্ণ-অনুত্তীৰ্ণৰ কোনোধৰণৰ সম্পৰ্ক নাই ৷ সমগ্ৰ প্ৰক্ৰিয়াটো কাটাৰ ট্ৰেফিক অথ’ৰিটিৰ দ্বাৰাহে পৰিচালিত হয় ৷ কিন্তু ভাৰতীয়সকলে বা অইন দেশৰ নাগৰিকে কাটাৰী বিষয়ববীয়াৰ অজ্ঞাতে এই ধৰণৰ কুকাৰ্য গোপনে পৰিচালনা কৰি আহিছে আৰু সহযোগ কৰিবলৈ বাধ্য হৈছে আন দেশৰ নাগৰিকসকল আৰু মানুহক মুৰ্খ সজাবলৈ চালকসকলে দৰিদ্ৰতাকে হাথিয়াৰ ৰূপে ব্যৱহাৰ কৰি আহিছে ৷
সি যি কি নহওক, দ্বিতীয় প্ৰত্যাহ্বানক হেলাৰঙে নেওচি আমি তৃতীয় তথা অন্তিমটো প্ৰত্যাহ্বানৰ বাবে মানসিকভাবে সাজু হওঁ ৷ আমাৰ আনগৰাকী বান্ধৱী পিছৰ সপ্তাহত অনায়াসে পাছ কৰিবলৈ সক্ষম হয় । তেওঁ তিনিদিনৰ বাবে আকৌ পাৰ্কিং ক্লাছত যোগদান কৰিছিল ৷ আমি সমুদায় তিনি সপ্তাহৰ অন্তত ৰোড টেষ্টৰ বাবে পুনৰ ক্লাছত যোগদান কৰোঁ ৷ তাৰ বাবে ৰাতিপুৱাৰ সময়খিনিয়েই উপযুক্ত বুলি বিবেচিত হয় ৷ এতিয়াও স্পষ্টকৈ মনত আছে, আমাৰ গাড়ীখনৰ নম্বৰ আছিল ৫০ আৰু কেৰেলাৰ সমীৰ আছিল মোৰ প্ৰশিক্ষক ৷ প্ৰথম দিনাখনৰ পৰাই ব্যস্ত পথত প্ৰশিক্ষণৰ শুভাৰম্ভণি ঘটে ৷ প্ৰশিক্ষকে অভয় দান কৰি কয় যে তেখেতৰ ভৰিৰ কাষতো ব্ৰেক আছে আৰু তেওঁৰ নিৰ্দেশনা মতে গাড়ী চলাই যাবলৈ কয় ৷
মুখ্যত শিকিবলগীয়া বিষয় আছিল ৰাউণ্ড এবাউট আৰু চিগনেল ৷ সদায় চালকৰ আসন গ্ৰহণ কৰিয়েই চিট এডজাষ্ট, দুয়োকাষৰ মিৰ’ৰ তথা মাজৰ মিৰ’ৰ এডজাষ্ট আৰু চিটবেল্ট লগোৱাটো বাধ্যতামূলক । ঠিক তেনেকৈ নিজৰ আৰু সন্মুখৰ আসনত বহাগৰাকীৰো চিটবেল্ট লগোৱাটো বাধ্যতামূলক ৷ সদায় পথ সলনি কৰোঁতে চাইড তথা মাজৰ মিৰ’ৰত দৃষ্টি নিক্ষেপ কৰি তথা সোঁ/বাঁও ইণ্ডিকেটৰৰ সংকেত চিহ্ন ব্যৱহাৰৰ জ্ঞান দিলে । ৰাউণ্ড এবাউটৰ আগত সৰ্বোচ্চ গতি আৰু ৰাউণ্ড এবাউটৰ ভিতৰত গতি হোৱা উচিত সৰ্বোচ্চ ৪০ কিমি, ইউ টাৰ্ণত গাড়ীখন সদায় পথৰ বাওঁফালে থাকিবই লাগিব তথা লেফট ইণ্ডিকেটৰৰ সংকেত দিবই লাগিব, ইত্যাদি কথা সুন্দৰভাবে বুজোৱাৰ উপৰিও ৰাউণ্ড এবাউটৰ বিষয়ে ছবি আঁকিও সমীৰ ভায়ে বুজালে ৷
অৱশেষত পৰম আকাংক্ষিত দিনটোৱে ভূমুকি মাৰিলেঃ ১২ জুন, ২০১৮ ৷ প্ৰথমে মোৰ নামটো মাতিলে; প্ৰথমতে মতা গৰাকীয়ে প্ৰথম ড্ৰাইভ কৰিব লাগে লগত আৰু দুগৰাকী বহে পাছফালে । সন্মুখৰ আসনত বহে ট্ৰেফিক বিষয়াগৰাকী ৷ মোক মোৰ প্ৰশিক্ষকে শিকোৱাৰ দৰেই চালকৰ আসনত নীৰৱে বহি থাকিলোঁ আৰু ট্ৰেফিক বিষয়াগৰাকী আহি গাড়ীত বহাৰ লগে লগে মই তেখেতক দেখুৱাই চিট এডজাষ্ট কৰোঁ, কাষৰ দুয়োখন মিৰ’ৰ লগতে মাজৰ মিৰ’ৰখন এডজাষ্ট কৰোঁ, চিট বেল্ট লগাওঁ আৰু লগতে তেখেতক আৰু আন দুগৰাকীকো চিট বেল্ট পৰিধান কৰিবলৈ অনুৰোধ জনাওঁ ৷ এয়া ৰোড টেষ্টৰ প্ৰথম আৰু প্ৰধান পৰ্য্যায় ৷ তাৰ পাছত তেখেতৰ নিৰ্দেশ ক্ৰমেই বাঁওফালে ঘূৰিবলৈ কোৱাত বাওঁফালৰ ইণ্ডিকেটৰৰ সংকেতত আঙুলি বুলাই গাড়ীখন মূল পথলৈ নিওঁ ৷ ৰাউণ্ড এবাউটত ‘ইউ’ টাৰ্ণ ল’বলৈ কোৱাত সেই নিৰ্দেশ মৰ্মেই গাড়ীখন চলাই নিওঁ ৷ এপাকত তেখেতে ‘ষ্টপ’ বুলি ক’লে কিন্তু ময়ো একে সময়তে অভাৰটেক কৰিবলৈ লেফট ইণ্ডিকেটৰৰ সংকেতত আঙুলি বুলাই দিওঁ ৷ নিমিষতে এটি অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হ’ল । তেখেতকো অমান্য কৰিব নোৱাৰোঁ আৰু ময়ো গাড়ীখন ৰখাব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হ’ল ৷ নিজকে সেইসময়ত শান্ত কৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা কৰোঁ আৰু মই বাওঁফালৰ লেনত গাড়ীখন উঠাই গতিবেগ বঢ়াই তোলোঁ ৷ সকলোৱে এটা কথা কৈছিল যে পৰীক্ষাৰ্থীৰ শৰীৰৰ ভাষা যানবাহন বিষয়াই তৎক্ষণাৎ পঢ়ি পেলোৱাৰ ক্ষমতা বিদ্যমান আৰু পৰীক্ষাৰ্থী যদি ভীতিগ্ৰস্ত হৈ গাড়ী চলাবলৈ আগবাঢ়ে পৰীক্ষাৰ্থী অসফল হোৱাৰ সম্ভাৱনাই প্ৰকট হৈ পৰে ৷৷ সেয়ে কোনোপধ্যেই আপুনি ভিতৰি যে সংকিত সেয়া যাতে ভাব-ভংগীত ফুটি নুঠে তাৰ বাবে অত্যন্ত সাৱধান হোৱা যুগুত ৷ মোৰ প্ৰশিক্ষকে এটা কথা বাৰে বাৰে উনুকিয়াইছিল যে সন্মুখত গাড়ী থাকিলে আপোনাক নিৰীক্ষকে কেতিয়াও অভাৰটেক কৰাৰ কথা নক’ব । আপুনি নিজেই পৰিস্থিতি বুজি সঠিক সিদ্ধান্ত ল’ব পৰাৰ দক্ষতা অৰ্জন কৰিব লাগিব ৷ সেইদিনাখন অনুৰূপ ঘটনাই মোৰ সৈতে ঘটিছিল আৰু মোৰ ষষ্ঠ ইন্দ্ৰিয়ই যি সংকেত ধ্বনি মোক শুনাইছিল সেই মতেই মই তেখেতে ‘’ষ্টপ’’ বুলি কোৱাত মাথোঁ মৃদুভাৱে মিচিকিয়াই মূৰটো সামান্য দুপিয়াই নিজৰ সিদ্ধান্তত অতল আছিলোঁ আৰু গাড়ীখন নিৰ্দিষ্ট দূৰত্বত লৈ গৈ পুনৰ সোঁফালৰ ইণ্ডিকেটৰৰ সংকেত দি সুন্দৰভাৱে গাড়ীখন পাৰ্কমুডলৈ নি ‘হেজাৰ্ট’ লাইট জ্বলাই তেখেতক ধন্যবাদ জনাই দ্বিতীয় গৰাকী পৰীক্ষাৰ্থীক মোৰ আসন এৰি পিছৰ ছিটত বহি পৰিছিলোঁ ৷ ইয়াৰ পাছত দুয়োগৰাকী পৰীক্ষাৰ্থীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল আৰু আধাঘণ্টা/ পঞ্চল্লিশ মিনিটৰ
মূৰকত গাড়ীখন পুনৰ ড্ৰাইভিং স্কুললৈ বুলি ৰাওনা হৈছিল ৷
ইতিমধ্যে মোৰ বান্ধৱী দুগৰাকীয়েও অন্য গাড়ীৰে ৰোড টেষ্টলৈ বুলি গতি কৰিছিল ৷ মই কিছু চাচপেঞ্চ চিনেমাৰ দৃশ্যাৱলীৰ দৰে প্ৰতি পল, প্ৰতিটো ক্ষণ চিন্তা-দুশ্চিন্তাৰ দোমোজাত পাৰ কৰিবলৈ লাগোঁ ৷ এটি এটি ক্ষণ হৈ পৰে এহেজাৰ যুগৰ সমান ৷ লক্ষ্য কৰিলোঁ, পৰ্বত সমান উদ্বিগ্নতা প্ৰায় সকলোৰে মুখাবয়বত ৷ অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই মোৰ নামটো উত্তীৰ্ণ বুলি আৰু সাহস-শক্তি-প্ৰেৰণাৰ মূৰ্ত প্ৰকাশ ঘটোৱা দুয়োগৰাকী বান্ধৱীৰ নাম অসফল বুলি ঘোষিত হয় ৷ মই মোৰ প্ৰাপ্তিত বিচাৰি পোৱা নাছিলোঁ এধানি সুখ, কিম্বা আনন্দ ৷ সেইসময়ত মোৰ মানসিক অৱস্থাটো বুজাই ক’বলৈ হয়তো আজি মই অপাৰগ ৷ লগে লগে মোক অন্য উত্তীৰ্ণৰ লগত ভিতৰৰ কোঠালৈ মাতি নিয়ে আৰু আঢ়ৈ শ কাটাৰী ৰিয়ালৰ বাবদ পাঁচবছৰৰ বাবে পৰম আকাংক্ষিত ড্ৰাইভিং লাইচেঞ্চখন মোৰ হাতত তুলি দিয়ে ৷ সেইদিনা এক অদৃশ্য শক্তিয়ে প্ৰথমৰ পৰা শেষ দিনটোলৈকে আমাক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে বুলি বিশ্বাস জাগি উঠে ৷
মল্লিকা কলিতা
অল-খোৰ, কাটাৰ