বিনিময়
লেখক- নূপুৰ হাজৰিকা
কতকালৰ মুৰত
আমি মুখামুখিকৈ বহিছোঁ,
অথচ বিনিময় কৰিবলৈ একো নাই।
থমথম শূন্যতা।
আমাৰ মাজত ৰৈ থকা
মৌন পাহাৰটোকে দুফাল কৰি ল’লে কেনে হ’ব?
তৰ্জন-গৰ্জন কৰি এক কল্লোলিত প্ৰবাহ যদি বৈ যায় এনেকৈয়ে আকৌ!
তোমাৰ দৃষ্টিৰ প্ৰখৰতাই আজি ধুই নিয়া নাই মোৰ মুখৰ বিষাদ
তোমাৰ কপালত হাত দি
মই চুব পৰা নাই তাৰুণ্যৰ উত্তাপ !
এটি বীজ নাই হাতত
যে তুমি দিয়া ফুলৰ পুলি ৰুম এই বসন্ত ৰ আগে আগে!
কেনে হয় ___
যদি আমাৰ দুয়োৰে বাবে
এটা নতুন গ্ৰহ,
অকল আমাৰ বাবে এটা জ্যোতিষ্ক
এমুঠিমান পোহৰ!
আমাৰ বাবেই এজোপা গছ
এহাল চৰাই
অকণমান অক্সিজেন!
কেনে হ’ব
এই স্তব্ধ সময়
সমানে দুভাগ কৰিব পাৰিলে!
সকলো একেই আছে,
মোৰ হাত কঁপে মাত্ৰ অলপতে __
তোমাৰ মাত যেনেকৈ থোকাথুকি আজিকালি!
অন্যান্য শিতান
Menu
শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক
Subscribe
Login
0 Comments
Inline Feedbacks
View all comments