বিশ্ববিদ্যালয়ৰ আপুৰুগীয়া স্মৃতিবোৰ

লেখক- ৰঞ্জন বেজবৰুৱা

১)
বিশ্ববিদ্যালয়ত পঢ়ি থকা দিনৰ কথা। ১৯৯৬ চন।
আপোনালোকৰ আগে পাছে। তাৰেই বিষয়ে সবিনয়ে।
***
কিছুদিনৰ আগতে সংস্কৃতত এম এ পৰীক্ষা দি পুনৰ ইংৰাজী সাহিত্যতত এম. এ. কৰাৰ যো-জা কৰিছোঁ। সংস্কৃতৰ মানুহে অলপ ইংৰাজী জনা ভাল। কামত আহে। ভাৰতীয় প্ৰাচীন শাস্ত্ৰ-সাহিত্যৰ আচল ভাণ্ডাৰটো আছে মেক্সমূলাৰ, জোন্সৰ দেশত। ইংৰাজী সাহিত্য-সমালোচনা পঢ়িলে এ’লিয়‌টৰ মাজত ধ্বনিবাদী আনন্দবৰ্ধনক বিচাৰিব পাৰি। এলিয়টৰ Objective Correlativeৰ মিল বিচাৰি পাব পাৰি ভৰতৰ ৰস-সূত্ৰত। তুলনামূলক ভাষা-সাহিত্য চৰ্চাৰ দিশতো কথাবোৰ সহায়ক হয়। ইত্যাদি। ইত্যাদি।
তেতিয়া বৰকৈ গান নাগাওঁ। গাওঁ কেৱল ‘আড্ডা’ত। গল্পকাৰ মৌচুমী কন্দলি, কবি হেমাঙ্গ দত্ত, এতিয়াৰ নেতা অখিল গগৈ, অঞ্জু কলিতা, অৰূপ কলিতা, ইন্দ্ৰ-সিদ্ধাৰ্থহঁত মোৰ লগ।
দেওবৰীয়া আবেলি: লক্ষ্য- ‘অধ্যয়ন-চক্ৰ’।
সেই ‘আড্ডা’ ৰসৰো, জ্ঞানৰো…।
কবি নীলমণি ফুকন, হীৰেন গোহাঁই, ৰঞ্জিত কুমাৰ দেৱগোস্বামী, ৰাজেন শ‌ইকীয়া, মনিৰুল হুছেইন, চন্দ্ৰপ্ৰসাদ শ‌ইকীয়া, উদয়াদিত্য ভৰালী ছাৰৰ দৰে বিভিন্নজন আমাৰ বিশেষ অনুষ্ঠানৰ অতিথি।
সেই গুণীসকললৈ মনত পৰে।
একোখন ‘এনচাইক্ল’পেডিয়া’। বিভিন্ন ক্ষেত্ৰৰ।
২)
তেতিয়া বিচিত্ৰ গান শুনো। পৃথিৱীৰ লোক-ধ্ৰুপদী-সাম্প্ৰতিক সকলো। ভাৰতীয় ৰাগসঙ্গীত বিশেষকৈ। কবিতা পঢ়োঁ আৰু ভাল চিনেমা চাওঁ।
দিনত প্ৰেম, ৰাতি কিতাপ। চে’ল ফোন নথকাত চিঠিয়েই সাৰ। তথাপি ৰসাল।
অলপ অচৰপ লিখোঁ। ‘ভাৰ্চিটি’ উইক’ত সাহিত্য-প্ৰতিযোগিতাত প্ৰবন্ধ লিখি প্ৰথম পুৰস্কাৰ পাওঁ।
এই আটাইবোৰেদি মনটো বহল কৰি ল’ব খুজিছোঁ। সংস্কৃতৰ মানুহ বুলি ‘সোপোকা’ পৰি নাথাকো।
এই ক্ষেত্ৰত গুৰু আছিল দুজনমান। সংস্কৃত বিভাগৰ ড: অশোক কুমাৰ গোস্বামী আৰু ড: অপূৰ্ব বৰঠাকুৰীয়া চাৰ আছিল এই প্ৰেৰণাত মুখ্য।
ইংৰাজী বিভাগৰ অধ্যাপক কবি ভৱেন বৰুৱা ছাৰৰ তালৈ তেতিয়া মোৰ সঘন আহ যাহ।
বাটতে পাই যাওঁ বাংলা বিভাগৰ ড: ঊষাৰঞ্জন ভট্টাচাৰ্য আৰু ড: অমলেন্দু চক্ৰৱৰ্তী ছাৰক। দুয়োজন সাহিত্য-স‌ংস্কৃতিৰ দুটা দিশৰ বিদ্বান। আমি বাংলা সাহিত্যিক বেলেগ এটা ভাষাৰ সাহিত্য
জ্ঞান কৰা নাছিলোঁ।
মানসিকতাত আমি আছিলোঁ দ্বি-সাংস্কৃতিক। bi-cultural. এটা সূত্ৰত বন্ধা মনটো। অসমীয়া যিমান, ভাৰতীয়‌ও সিমান।
মাজে মাজে দুই ভ্ৰাতৃব্য (cousin) ইন্দ্ৰজিৎ আৰু সিদ্ধাৰ্থ‌ও যায়। মুখ্য আকৰ্ষণ- ভৱেন বৰুৱা ছাৰৰ বিৰাট সমৃদ্ধ পুথিভঁৰালটো। মোৰ লাইনৰ কিতাপো আছিল তাত বহুত।
আধুনিক ধৰণে সংস্কৃত সাহিত্য পঢ়া বাবেই ছাৰে হয়তো মোক ভাল পায়। শঙ্কৰদেৱ, বেজবৰুৱা, জ্যোতিপ্ৰসাদ আৰু ৰবীন্দ্ৰনাথৰ কথা পাতোঁ। নিমিলাবোৰ নাপাতোঁ। ছাৰৰ কিছুমান কথা বেয়াও পাওঁ। এৰাই চলোঁ।
কিন্তু মানুহজন যে আমি ঢুকি নোপোৱা দাৰ্শনিক ধৰণৰ মানুহ, বুজি পাওঁ। বিশেষকৈ অসমীয়া সাহিত্যৰ এজন মাৰ্গদৰ্শী আলোচক হিচাপে তেখেত নমস্য।
(ছাৰৰ পুন: প্ৰকাশিত নতুন ‘সংলাপ’খনৰ ম‌ই আছিলোঁ সহ-সম্পাদক। )
৩)
আবেলি সুন্দৰবৰীৰ মেচৰ পৰা ‘প্ৰফেছৰ কলনি’ৰ মাজেদি খোজ কাঢ়ি জালুকবাৰী আৰু তাৰ পাছতে মালিগাঁও, পাণবজাৰৰ কেইটামান বিশেষ ‘আড্ডা’ সেই সময়ত মোৰ নিচা।
এ’ টি এইট হ’ষ্টেল মোৰ দ্বিতীয় ঘৰ। ‘কাজিন’ দুটা থাকে। ম‌ই ‘আৰ চি চি টু’ত পায়ো নাথাকিলোঁ। সেইবোৰ বহুত কথা প্ৰায়েই লক্ষ্য- কামাখ্যা গে’টৰ সমীপেদি ট্ৰেইন লাইন পাৰ হৈ নীলাচলপুৰ বেজবৰুৱা নগৰ। কবি নীলমণি ফুকন ছাৰৰ ঘৰ। নাতিদূৰত তেতিয়াৰ ‘আজিৰ অসম’ৰ সম্পাদক ৰাধিকামোহন ভাগৱতীৰ ঘৰ। আমাৰ বাইদেউৰ শহুৰ দেউতাক। দুয়োজন আছিল বহুতৰে জীৱনৰ অনন্য আৰু অন্যতম শিক্ষক। নহ’ব‌ও, নুপজিব‌ও।
৪)
এদিন সেই বাটেৰে যাওঁতেই অধ্যাপক ভৱেন বৰুৱা ছাৰে লগ পাই ক’লে- “তুমি কাইলৈ পুৱা আহিবাচোন, যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বিশ্বনাথ চেটাৰ্জী আহিছে। প্ৰফেছৰ চেটাৰ্জীক অলপ ফুৰাব লাগে। এইবাৰ আমাৰ ইংৰাজী বিভাগৰ ‘ৰিফ্ৰেচাৰ ক’ৰ্ছ’ৰ সমলব্যক্তি হৈ আহিছে।”
ম‌ই বোলোঁ- “হ’ব, ছাৰ।”
পাছদিনা পুৱাতে চেটাৰ্জীদেৱৰ ওচৰ পালোঁগৈ। বিশ্ববিদ্যালয়ৰ অতিথিগৃহত এজন অসাধাৰণ ইংৰাজী বিষয়ৰ পণ্ডিতৰ লগত এজন নি: কিন সংস্কৃত ছাত্ৰৰ নিচুক সাক্ষাৎ।
ছাৰৰ লগত ৰসালাপৰ অন্ত নাছিল। তাৰ দিগন্ত বিচিত্ৰ আৰু বিভিন্ন।
পৰিচয়তে তেখেতে সুধিলে- ‘ ৰঞ্জন, তোমাৰ এই বেজবৰুৱা title টাৰ মানে কী? ’
ম‌ই টপৰাই ক’লো- সংস্কৃতত ‘বৈদ্য’ প্ৰাকৃতত ‘বেজ্জ’, তাৰ পৰাই ‘বেজ’। বাংলাত ‘বেদ’। বাংলাত তাৰ মানেটো কিঞ্চিৎ ভিন্ন‌।
আমাৰ পূৰ্বপুৰুষ ৰজাঘৰীয়া চিকিৎসক। Chief of the Royal physicians। আহোম ৰাজবৈদ্য।
‘‘ছাৰ, আপনাৰটাৰ উৎস?’’ সুনীতি চেটাৰ্জীৰ পঢ়ি পাইছোঁ…
দুয়োজনৰে ভাল লগা আৰু ‘কমন পৰা’ বিষয়বোৰ আৰম্ভ হ’ল। মোৰ ফালৰ পৰা- ৰসৰাজ বেজবৰুৱা, ৰঘুনাথ চৌধাৰী, নৱকান্ত বৰুৱা, ৰত্নকান্ত বৰকাকতী, পাৰ্ৱতিপ্ৰসাদৰ কীৰ্তন চলিল।
অসম-বঙ্গৰ যৌথ সাংস্কৃতিক দিশবোৰৰ কথা পাতিলোঁ- বিশেষকৈ ৰবীন্দ্ৰনাথৰ গান আৰু কবিতা।
‘ওখানেই সব পাবে ৰঞ্জন, সব’।
ৰবীন্দ্ৰনাথৰ চুটি কবিতাৰ সংগ্ৰহ- ‘লেখন’।
ছাৰে গাই শুনালে-
‘‘সুন্দৰী ছায়াৰ পানে তৰু চেয়ে থাকে।
সে তাৰ আপন তবু পায় না তাহাকে। ।”
ধুনীয়া ছাঁটোৰ ফাল তৰুজোপা‌ই চাই আছে। ছাঁটো বিৰিখৰ আপোন। তথাপি কাহানিও লগ নহয়।
উপনিষদৰ জ্ঞানেৰে ম‌ই ক’লো- ‘বৃক্ষ: ইৱ স্তব্ধ: , দিৱি তিষ্ঠতি এক: ’।
বৃক্ষৰ দৰে আকাশমুখী- স্তব্ধ, নি: স্পন্দ, একাকী স্থিতি।
গছ অকলে আকাশ ধিয়াই নাথাকে জানো?
(তেখেতৰ কবিতা সংকলনখনৰ নাম- ‘তৰু চেয়ে থাকে’। কিতাপখন কলকাতালৈ ঘূৰি গৈ ডাকত পঠাইছিল। আজিও সযতনে ৰাখিছোঁ। )
৫)
‘‘তুমি ৱালটাৰ পেটাৰ পঢ়িছা?” “নাই”- ছাৰ।”
‘‘The Renaissance: Studies in Art and Poetry পঢ়িবা। তোমাৰ কামত আহিব।”
আমাৰ পঢ়া-শুনাবোৰ পল্লৱগ্ৰাহী নহয় ছাৰ। আমাৰ ভিতৰৰ হেঁচুকটো গানৰ ফালেহে। আপুনি নাজানিব।
অসমৰ পৰা তেখেতে অসমীয়া কবিতাৰ এটা ভাল সংগ্ৰহ, এখন অভিধান, এখন ভাল অসম বুৰঞ্জী আৰু দুখনমান ভাল কিতাপ নিব খোজে- যাতে অসমখনক থাউকতে বুজিব পাৰে।
ম‌ই- বোলোঁ, ‘‘ছাৰ, হ’ব।’’
‘বান্দা হাজিৰ হ্যে’! .. আসৈ পালোঁ।
এজন আন্তঃৰাষ্ট্ৰীয় মানৰ ইংৰাজী ভাষা-সাহিত্যৰ অধ্যাপক, যাৰ সমালোচনা-গ্ৰন্থৰ অক্সফ’ৰ্ডতো আদৰ- সেইজন প্ৰাজ্ঞ পুৰুষ মোৰ দৰে এজন ভিতৰুৱা গাঁৱৰ পৰা যোৱা অকিঞ্চন ছাত্ৰৰ পৰম বন্ধু হৈ পৰিল।
‘‘এই ইউনিভাৰ্চিটিৰ সব ষ্টুডেণ্ট‌ই কী তোমাৰ ই মত?’’ …
বৰ লাজ পালোঁ।
হয়, বন্ধুত্বৰ কোনো বয়স নাথাকে।
হয়তো প্ৰেমৰো!
৬)
পোনচাটেই পাণবজাৰ পালোঁগৈ। সম্ভ্ৰান্ত প্ৰকাশন-‘লয়াৰ্ছ বুক ষ্টল’ পাই তেখেত এক প্ৰকাৰ মুগ্ধ হ’ল।
ক’লে- ‘ক’ত আৰ নেবো, ৰঞ্জন? সব‌ই তো ভালো। ‘ঠাই নাই, ঠাই নাই ছোট সে তৰী। ’
হাঁহি মাৰি-
‘‘Ranjan, Every addiction is bad…
অস্কাৰ ৱাইল্ডে কি কৈছিল জানা? But you’ll never follow it..(ঢেক ঢেকাই হাঁহি)
‘‘Addiction ৰ পৰা হাত সৰাৰ এটাই উপায়, তাৰ ওচৰত আত্মসমৰ্পণ কৰা।”
আৰু.. ‘I can resist anything- except temptation। ’
But, Every addiction is bad…!
আনকি প্ৰেমো। 
(even love too…)
কিতাপৰ addictionও বৰ ভাল নহয়। কলকাতাৰ দৰে ঠাইত সৰু ঘৰ এটাত থাকি ‘ব‌ই পাগল’ হোৱাটো কিমান বিপদজনক! কিতাপ কিনিবলৈ সহজ, ৰাখিবলৈ টান।
৭)
কথা আগবাঢ়িল। খোজ কাঢ়িয়ে গুৱাহাটীৰ মাজমজিয়াত ঘূৰি ফুৰিলো। এইটো পানী টেংকি।
মানে- মহানগৰীৰ পৌৰনিগমৰ জলাগাৰ। এসময়ত এই ঠাইতে আছিল- ‘জুবিলী গাৰ্ডেন’। ইয়াতে ১৯০১ চনত স্বামী বিৱেকানন্দ‌ই ভাষণ দিছিল।
‘এই না কী বিখ্যাত কটন কলেজ? ’
ম‌ই ক’লো- ‘হ্যে ছাৰ’। ইয়াতেই আমি পঢ়িছিলোঁ।
অসমৰ বহু প্ৰাত: স্মৰণীয় লোকে কটনত পঢ়িছিল। বাণীকান্ত কাকতিয়ে পঢ়াইছিল, ভূপেন হাজৰিকা‌ই পঢ়িছিল। বহুপ্ৰসৱী কটন কলেজ। সন্ততিৰ অন্ত নাই।
সৌফালে দীঘলী পুখুৰীৰ সিটো পাৰে আছিল জে বৰুৱাৰ বাংলো। জে বৰুৱা মানে জ্ঞানদাভিৰাম বৰুৱা। কবিগুৰুৰ সম্পৰ্কিত। এবাৰ অসম ভ্ৰমণলৈ আহি ৰবীন্দ্ৰনাথ সেই ঘৰতে আছিলহি।
৮)
বাটে বাটে কেইটামান গীতৰ কলি গুণগুণালোঁ। তেখেত মুগ্ধ হ’ল। ‘জ্যোতিপ্ৰসাদ, অম্বিকাগিৰী, পাৰ্ৱতিপ্ৰসাদ আৰু উমেশ চৌধুৰীৰ। ‘তোৰে মোৰে আলোকৰে যাত্ৰা’, ‘ব’লা ভাই আগুৱাই’, “ব’হাগী লুইতৰ বিহুৱালী সূঁতি’…
“আহা! এইগুলো গান তা হলে অহমীয়া?” আহা, কত সুন্দৰ!”
‘তুমি ভূপেন হাজাৰিকাকে কী জানো ৰঞ্জন?
ওকে পেয়েছো? ’
‘এটা অলপ বেলেগ কথা ক‌ওঁ, Please don’t mind.
”ভূপেন হাজাৰিকা কি একটু womanizer? মানে….”
ছাৰ, এজন মানুহৰ, এটা বিষয়ৰ বিভিন্ন ব্যাখ্যা হ’ব পাৰে। …ম‌ই তেনেকৈ নাভাৱোঁ। তেখেত এজন star, আমাৰ Icon..অসমৰ ক্ষণজন্মা পুৰুষ, জাতীয় ‘জীৱনৰ সূৰ্য’।
বঙ্গত হয়তো তেখেত মাত্ৰ এজন অসাধাৰণ প্ৰতিভাধৰ গায়ক, সুৰকাৰ। আন দহজনৰ দৰে। অসমত সেই ছৱি একেবাৰে ভিন্ন। কিছুমান কথা আপেক্ষিক। ভিন্নভাৱে সত্য।
কথাৰ মালিহা মাৰি মাৰি এখন টেক্সি লৈ এইবাৰ পালোহি কামাখ্যা মন্দিৰ আৰু তাৰপাছত ভুৱনেশ্বৰী।
প্ৰাগজ্যোতিষৰ শৈলশীৰ্ষ!
৯)
দুয়ো পথৰ দাঁতিৰ শিল এডোখৰত বহিছোঁ। তাৰে পৰাই তেখেতে তলৰ ব্ৰহ্মপুত্ৰলৈ চাই পঠিয়ালে। বিগলিত ৰূপৰ ধাৰা যেন হৈ বৈ আছে বুঢ়ালু‌ইত। অসমৰ প্ৰাণ।
এটা শৰালি নে পানীকাউৰী পানী চু‌ই উৰি গৈ আছে। তাৰ ছাঁটোৱে পানীত নেদেখা ৰেখা টানিছে… জিৰ্ জিৰ্ বতাহত বনৰীয়া ফুলৰ গোন্ধ…
শীতৰ ৰৌদ্ৰোজ্জ্বল দুপৰীয়া ভুৱনেশ্বৰীৰ পৰা ব্ৰহ্মপুত্ৰৰ অপূৰ্ব শোভা চাই চাই চেটাৰ্জী ছাৰে গাবলৈ ধৰিলে- কবি ওৱৰ্ডছৱৰ্থৰ সেই বিখ্যাত পংক্তি-
‘‘The swan on still St. Mary’s Lake
Float double, swan and shadow!”
(Yarrow Unvisited)
ছাৰে কৈ গ’ল- “কেৱল কিতাপ পঢ়ি, কবিতা পঢ়ি এই আনন্দ নাপাবা’।
ঠিকেই।
প্ৰকৃতিতকৈ ডাঙৰ শিক্ষক আৰু জীৱনতকৈ ডাঙৰ কিতাপ নাই!
১০)
হয়েই তো।
একেজন কবিয়ে জানো লিখা নাছিল?
Books! ‘tis a dull and endless strife:
Come, hear the woodland linnet,
How sweet his music! on my life,
There’s more of wisdom in it.
আৰু…
One impulse from a vernal wood.
May teach you more of man,
Of moral, evil and of good,
Than all the sages can…
সেউজ বননিৰ পৰা অহা একোটি জোকাৰে
শিকাব পাৰিব তোমাক মানুহৰ অধিক,
নীতি, অশুভ আৰু শুভৰ সন্দৰ্ভে
জগতৰ সকলো মনীষীকো নেওচাই।
(The Tables Turned, William Wordsworth)
প্ৰণাম!

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!