বিশ্ব ঋতুস্ৰাৱ দিৱস আৰু কিছু চিন্তা
লেখক- মাহজেবিন আৰা
মহিলাসকলৰ ঋতুকালীন পৰিক্ৰমা এক প্ৰাকৃতিক নিয়ম। ই এগৰাকী সুস্থতা আৰু উৰ্বৰা শক্তিৰ প্ৰতীক। কিন্তু দেখা যায় বৰ্তমান বহু ক্ষেত্ৰত আমাৰ সমাজ আগবাঢ়ি গৈছে যদিও এই মহিলাৰ প্ৰাকৃতিক অৱস্থাক সহজ ভাৱে নলয়। এনে সময়তে একমাত্ৰ শংকা লাজৰ বাবেই ছোৱালী-মহিলাসকলে সমস্যা লুকুৱাই ৰাখে অথবা সেই দিনকেইটাত জৰুৰী হ’লেও বিভিন্ন কামৰ পৰা নিজকে নিলগত ৰাখে কিজানি কিবা আহুকালৰ সন্মুখীন হয়! বহু ছোৱালীয়ে স্কুল কলেজ খতি কৰি ঘৰতেই থাকে একমাত্ৰ সেই সময়ত প্ৰয়োজন হোৱা পৰ্যাপ্ত সুবিধা উপলব্ধ নোহোৱাৰ বাবেই। একে কাৰণতে প্ৰয়োজনীয় যাত্ৰাও বাতিল কৰিব লগীয়া হয়। মহিলা সকলৰ এই সমস্যা কেৱল আমাৰ সমাজতেই নহয় সমগ্ৰ বিশ্বৰ সকলো ঠাইতে মহিলাসকলৰ এই ক্ষেত্ৰত সমস্যা একে। সেয়েহে এই ক্ষেত্ৰত সজাগতা সৃষ্টি আৰু বৃদ্ধি কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে এটা দিৱস পালন কৰা হয়।
২০১৪ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হয় “বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱস।” ২০১৩ চনত জাৰ্মান দেশৰ এটা এন জি অ’ WASH United-এ ঋতুস্ৰাৱৰ সৈতে জড়িত কুসংস্কাৰ দূৰিকৰণ, পৰ্যাপ্ত অনাময় ব্যৱস্থা সুলভ কৰা আৰু নিৰাপদ আৰু যুক্তিসংগত মূল্যৰ ঋতুস্ৰাৱৰ সামগ্ৰী উৎপাদনক উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰিছিল।
বিশ্ব ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসৰ লক্ষ্য হৈছে এলান্ধু কলীয়া অবিজ্ঞানসন্মত ধাৰণাৰ পৰিৱৰ্তে সুস্থ হৈ থাকিবলৈ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে সচেতনতা সৃষ্টিৰ আহ্বান জনোৱা। মহিলাসকলৰ ঋতুস্ৰাৱকালীন অপৰিচ্ছন্নতাই বহুতো স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে।
দিৱস ২০২৪: প্ৰতি বছৰে ২৮ মে’ত বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱস বা এম এইচ দিৱস পালন কৰা হয়। এই দিৱসটো মহিলাসকলে ঋতুচক্ৰৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিবলৈ উৎসাহিত কৰি সুস্থ হৈ থাকিবলৈ উৎসৰ্গিত কৰা হৈছে। ঋতুস্ৰাৱৰ উপযুক্ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি আৰু ঋতুস্ৰাৱৰ সৈতে জড়িত অযুক্তিকৰ সামাজিক নিষেধাজ্ঞাসমূহ পৰিহাৰ কৰিবৰ বাবে ইয়াক স্বীকৃতি দিয়া হৈছে।
২৮ মে’ক ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱস হিচাপে বাছি লোৱা হৈছিল কাৰণ ই ঋতুচক্ৰৰ গড় দৈৰ্ঘ্যক প্ৰতিনিধিত্ব কৰে।
চেনিটেৰী সামগ্ৰী আৰু ঋতুস্ৰাৱৰ সৈতে জড়িত বিভিন্ন অন্ধবিশ্বাস আৰু বাধা-নিষেধৰ দৰেই ঋতুস্ৰাৱৰ সঠিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সুবিধাৰ অভাৱে ঋতুস্ৰাৱ জনিত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দুৰ্বলতাত অৰিহণা যোগায়। বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসৰ লক্ষ্য হৈছে ঋতুস্ৰাৱ সম্পৰ্কে উন্নত শিক্ষা আৰু সজাগতা বৃদ্ধি কৰি এই সমস্যাসমূহ সমাধান কৰা। ইয়াৰ দ্বাৰা মহিলাৰ শিক্ষা, স্বাস্থ্য আৰু সামগ্ৰিক জীৱনৰ মানৰ ওপৰত ঋতুস্ৰাৱজনিত দুৰ্বল স্বাস্থ্য আৰু অপৰিষ্কাৰ-অপৰিচ্ছন্নতাৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ ক্ষেত্ৰত সহায়ক হ’ব।
২০২৪ চনৰ বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ-পৰিচ্ছন্নতা দিৱসৰ বিষয়বস্তু হৈছে -Period Friendly World। এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে ঋতুস্ৰাৱক কেন্দ্ৰ কৰি থকা কুসংস্কাৰৰ আৰু নিষেধাজ্ঞাৰ ইতিহাস যুক্তিৰে বিবেচনা কৰা। ই এনে এখন পৃথিৱী য’ত সকলোৱে প্ৰয়োজনীয় সামগ্ৰী, পিৰিয়ডৰ শিক্ষা আৰু পিৰিয়ডৰ অনুকূল আন্তঃগাঁথনি লাভ কৰিব পাৰে।
শেহতীয়াকৈ ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা, মানৱ অধিকাৰ আৰু লিংগ সমতা সম্পৰ্কীয় মানৱ অধিকাৰ পৰিষদৰ পেনেল আলোচনাৰ ৫০ সংখ্যক অধিবেশনত (১৩ জুন-৮ জুলাই ২০২২) ঋতুস্ৰাৱ আৰু অধিকাৰৰ ওপৰত বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতি প্ৰকাশ কৰিছে।
ঋতুস্ৰাৱৰ স্বাস্থ্যই বুজায়, “ঋতুচক্ৰৰ সৈতে সম্পৰ্কিতভাৱে কেৱল ৰোগ বা অসুস্থতাৰ অনুপস্থিতি নহয়, সম্পূৰ্ণ শাৰীৰিক, মানসিক আৰু সামাজিক সুস্থতাৰ অৱস্থা।
চাকৰিজীবি মহিলাৰ ঋতুস্ৰাৱকালীন ছুটি:
জাপান, দক্ষিণ কোৰিয়া, ইটালী আদি দেশত প্ৰতিমাহে মহিলাক ঋতুস্ৰাৱৰ ছুটী প্ৰদান কৰা দেশৰ বিপৰীতে কৰ্পৰেট প্ৰতিষ্ঠানত ঋতুস্ৰাৱৰ অনুকূল নীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত ভাৰতৰ বিধান ব্যৱস্থা মোটামুটি পিছপৰা। ভাৰতৰ একমাত্ৰ ৰাজ্য বিহাৰ যিয়ে ১৯৯২ চনৰ পৰা মানৱ সম্পদৰ নিৰ্দেশনাৰ জৰিয়তে মহিলাসকলক দুদিনৰ বিশেষ ঋতুস্ৰাৱৰ ছুটী প্ৰদান কৰি আহিছে। সংসদত উত্থাপন কৰা ঋতুস্ৰাৱৰ সুবিধা বিল, ২০১৮ৰ সাক্ষী হৈ ভাৰতত দুদিনৰ ঋতুস্ৰাৱৰ ছুটী আৰু কৰ্মক্ষেত্ৰত উন্নত জিৰণিৰ সুবিধাৰ কথা উল্লেখ কৰা হৈছে যদিও এতিয়াও সন্মতি লাভ কৰা নাই। যদিও শক্তিশালী আইনগত ব্যৱস্থা নাথাকিবও পাৰে, ভাৰতৰ বহু কোম্পানীয়ে নিজৰ কৰ্মক্ষেত্ৰতো সক্ৰিয়ভাৱে ঋতুস্ৰাৱকালীন ছুটীৰ নীতি প্ৰৱৰ্তন কৰিছে।
মহিলা কৰ্মচাৰীসকলৰ ঋতুস্ৰাৱকালীন ছুটী এটা বিতৰ্কিত বিষয়। ইয়াৰ সমৰ্থক আৰু বিপক্ষৰ মাজত অহৰহ বিতৰ্ক চলি থাকে। ঋতুস্ৰাৱৰ ছুটীৰ বিৰোধীসকলে এই ছুটীক যৌনতাবাদী বা কৰ্মক্ষেত্ৰত মহিলাৰ উৰ্বৰা শক্তিৰ সমালোচনা বুলি ভাবে। ঋতুস্ৰাৱৰ ছুটীৰ সমৰ্থকসকলে ইয়াক লিংগ সমতা আগুৱাই নিয়াৰ মাধ্যম হিচাপে লয় আৰু ইয়াক প্ৰসূতিকালীন ছুটীৰ সৈতে তুলনা কৰে।
এই ক্ষেত্ৰত দেখা পোৱা যায় যে কিছু সংখ্যক মহিলা ঋতু অৱস্থাত স্বাস্থ্যজনিত কিছুমান সমস্যাত ভোগা দেখা যায়, এই ক্ষেত্ৰত তেওঁলোকক ছুটিৰ নিতান্তই প্ৰয়োজন। অন্যহাতে বহু সংখ্যক মহিলাই এই ক্ষেত্ৰত কোনো ধৰণৰ শাৰীৰিক সমস্যাৰ সন্মুখিন নহয় তেওঁলোকক নিশ্চয়কৈ কোনো ছুটিৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথোঁ কৰ্মস্থানত পৰ্যাপ্ত আৰু সুলভ সা-সুবিধাৰ।
(সহায় লৈ লিখা)