বিশ্ব সাহিত্যত অধিবাস্তৱবাদ আৰু যাদুকৰী বাস্তৱবাদ

লেখক- চিত্তৰঞ্জন ওঝা

 সাহিত্য-দৰ্শনৰ ক্ষেত্ৰত বিংশ শতিকাৰ মহৎতম অৱদান হ’ল অধিবাস্তৱবাদ আৰু ঐন্দ্ৰজালিক বা যাদুকৰী বাস্তৱবাদ। মধ্যযুগৰ ৰোমান্তিক ভাবধাৰাৰে শতিকাযোৰা চিন্তা-চৰ্চাৰ পাছত ঊনৈছ শতিকাত এক ধৰণৰ হতশাই ইউৰোপক গ্ৰাস কৰিলে। ফৰাচী বিপ্লৱে মানুহক যি স্বাধীনতা দিছিল, তাক তাতলিকে কাঢ়ি নিলে প্ৰতিবিপ্লৱে। বিপ্লৱী চৰকাৰৰ পতনৰ লগে লগে স্বৈৰাচাৰী সামৰিক শাসকৰ আগ্ৰাসনে ৰোমাণ্টিক আন্দোলনৰ সকলো কবি, শিল্পী আৰু দাৰ্শনিকৰ হৃদয় চূৰমাৰ কৰিছিল। ইয়ে জন্ম দিয়ে নিৰাশাবাদৰ, ইয়াৰ মুখ্য প্ৰবক্তা আছিল বায়ৰন। সেই সময়ত গ্যেটে আৰু পুস্কিনৰ নিচিনা কবি, বিছমাৰ্কৰ নিচিনা মহান ৰাষ্ট্ৰনেতাৰ পৰা আৰম্ভ কৰি আটাইতকৈ নিৰ্বোধ স্কুলীয়া ছাত্ৰ-ছাত্ৰীলৈকে সকলোৱেই বায়ৰণৰ কবিতা পঢ়িছিল উন্মাদনাসদৃশ আৱেগেৰে। তাৰ পাছতে ইউৰোপৰ লেখক-দাৰ্শনিকসকল বাস্তৱবাদৰপিনে গতি কৰিলে। বাস্তৱতাৰ প্ৰতি বিশ্বাসভাজনেই হ’ল বাস্তৱবাদৰ মূল ভেটি। লিঅ’ টলষ্টয়ৰ ‘যুদ্ধ আৰু শান্তি’, ‘আনা কাৰেনিনা’, ডিকেন্সৰ ‘অলিভাৰ টুইষ্ট’ ইত্যাদি ঊনবিংশ শতিকাত লিখা কালজয়ী উপন্যাসবোৰত বাস্তৱবাদৰ ছবি দেখিবলৈ পোৱা যায়।
বিংশ শতিকাৰ প্ৰথম মহাসমৰৰ সময়তে ইউৰোপত আৰম্ভ হোৱা সাহিত্য বিপ্লবৰ পৰা জন্ম পালে কলা-সাহিত্যৰ নতুন ধাৰা – অধিবাস্তৱবাদ। চেতন আৰু অৱচেতন মনৰ বাস্তৱ সহাৱস্থানেই হ’ল অধিবাস্তৱবাদ। উদাহৰণ হিচাপে দেখুৱাব পাৰি বিশ্ববিখ্যাত ফৰাচী উপন্যাসিক কাফ্কাৰ “দা মেটামৰফ’ছিছ।” গল্পটো মূল চৰিত্ৰ গ্ৰেগৰ চামছা এদিন ৰাতিপুৱা সাৰ পাই দেখে যে তেওঁ এটা পতঙ্গ লৈ ৰূপান্তৰিত হৈছে। প্ৰথমে ভাবিলে ই এটা সপোন, লাহে লাহে অনুভব কৰিলে তেওঁৰ হাত ভৰি কেবাখনো হৈ গৈছে, পেট ইমানেই ডাঙৰ যে খোজ কাঢ়িব নোৱাৰে। তেওঁ বাহিৰ ওলাব নোৱৰা হ’ল। ইয়াৰ পিছত পৰিয়ালত দেখা অভাৱ, গ্ৰেগৰ প্ৰতি পৰিয়ালৰ সদস্যৰ আৰু তেওঁৰ অফিচৰ সহকৰ্মীসকলৰ মনোভাৱ যেনেদৰে সলনি হৈ গ’ল সেইবোৰ দেখি শুনি গ্ৰেগ মৰ্মাহত হ’ল। লাহে লাহে খোৱা-বোৱা কমাই দিলে আৰু এদিন মৃত্যুমুখত পৰে। সংক্ষেপে গ্ৰেগৰ কাহিনী এইটোৱে। গল্পটোৰৰ কাহিনীভাগ যদিও বাস্তৱৰ ভিত্তিত আৰম্ভ হৈছিল, মানুহজন এৰাতিৰ ভিতৰত এটা পতঙ্গলৈ হোৱা পৰিৱৰ্তন তেনেই অবাস্তৱ, সপোন যেন লগা কাহিনী। দুটা পৰস্পৰ বিৰোধী চৰিত্ৰ – (গল্পটোত মানৱ আৰু পটঙ্গৰ সহাৱস্থান) অধিবাস্তৱবাদৰ মূল লক্ষণ। অধিবাস্তৱবাদীসকলৰ লক্ষ্য হ’ল বাস্তৱ জগতৰ লগত অৱচেতন মনৰ অযুক্তিকৰ কাহিনীৰ জৰিয়তে তাক সমাজৰ আগত দাঙি ধৰা। ছালভাদোৰ ডালিৰ এখন জনপ্ৰিয় তৈলচিত্ৰ হ’ল “Dream Caused by the Flight of a Bee Around a Pomegranate।” ছবি খনত ডালিৰ পত্নীক দেখা পোৱা যায় পানীত ওপঙি থকা শিল এটাৰ ওপৰত শুই থকা অৱস্থাত, ওপৰত এটা মধুমক্ষি, কাষত এটা ডালিমৰ পৰা নিৰ্গত হোৱা মাছ আৰু মাছৰ মুখৰ পৰা ওলোৱা দুটা বৃহদাকাৰ বাঘ। সপোন আৰু দিঠকৰ সমন্বয়ে তৈলচিত্ৰখনত অধিবাস্তৱবাদৰ চিত্ৰ সুন্দৰকৈ প্ৰতিফলণ ঘটিছে। এই ধাৰাৰ প্ৰধান উদ্যোক্তা আছিল ফৰাচী ভাষাৰ কবি আণ্ড্ৰে ব্ৰেটন আৰু ডালিৰ চিত্ৰবোৰে ইয়াক অধিক জনপ্ৰিয় কৰি তোলে।
বিংশ শতিকাৰ প্ৰথম ভাগতে ইউৰোপত যেনেদৰে অধিবাস্তৱবাদৰ ধাৰাৰ সৃষ্টি হ’ল, তেনেদৰে লেটিন আমেৰিকাৰ শিল্পী-সাহিত্যিকসকলৰ চিন্তাৰ ফচল হ’ল ঐন্দ্ৰজালিক বা যাদুকৰী বাস্তৱবাদ। ই হৈছে সাহিত্যৰ এটা ধাৰা য’ত আধুনিক বিশ্বৰ বাস্তৱ দৃষ্টি-ভঙ্গিত যাদুকৰী উপাদান যোগ কৰা হয়। যাদুকৰী বাস্তৱবাদ কিন্তু কল্পকাহিনী নহয়, কাৰণ ইয়াত বাস্তৱৰ বিষয়ে বক্তব্য ৰখাৰ বাবেই যাদুকৰী উপাদানবোৰ সমল হিচাপে লোৱা হয়। যাদুকৰী বাস্তৱবাদ সফলভাৱে প্ৰয়োগ হৈছে গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজৰ ‘‘নিঃসঙ্গতাৰ এশ বছৰ’’ (One Hundred Years of Solitude) নামৰ উপন্যাসখনত। ১৯৬৭ চনত প্ৰকাশিত উপন্যাসখনৰ বাবেই তেওঁক ১৯৮২ চনত নোবেল পুৰস্কাৰ প্ৰদান কৰা হয়। ওঠৰ বছৰ বয়সতে মাৰ্কেজৰ ইচ্ছা আছিল তেওঁ শৈশৱৰ গাঁও আৰু ওচৰ-চুবুৰীয়া সকলোকে লৈ এখন উপন্যাস লিখিবলৈ। মাৰ্কেজৰ শৈশৱৰ নিজৰ গাঁৱৰ সলনি সৃষ্টি কৰে ‘মাকোন্দো’। সেই গাঁৱৰ বুয়েন্দিয়া পৰিয়ালৰ সাত প্ৰজন্মকলৈ সৃষ্টি হয় উপন্যাসখনৰ কাহিনী। প্ৰথমে আৰ্কেদিও বুয়েন্দিয়া আৰু তেওঁৰ পত্নী উৰুচুলা ইগোৰানে ঠিক কৰিছিল কলম্বিয়া দেশ এৰি নতুন ঠাইলৈ গৈ জীৱন-নিৰ্বাহ কৰিব। সেই উদ্দেশ্যে আৰম্ভ কৰা যাত্ৰাপথত এখন নদীৰ পাৰত নিশা পাৰ কৰিবলগীয়া হ’ল। সেই নিশা সপোনত দেখা পায় ‘মাকোন্দো’ নামৰ গাঁওখন। সাৰ পাই বুয়েন্দিয়াই সিদ্ধান্ত লয় নৈৰ পাৰতে সপোনত দেখা সেই গাঁৱখন নিৰ্মাণ কৰিবলৈ। ইয়াৰ পিছতে নানা ঘাত-প্ৰতিঘাতেৰে কাহিনীয়ে আগ বাঢ়ে। ইতিহাস, সংস্কাৰ –কুসংস্কাৰ, বাস্তৱ –অবাস্তৱ– কল্পনা, যৌনতা, ৰূপকাহিনীৰ সমন্বয়ে পাঠকক লৈ যায় এক কল্পনাৰ নতুন জগতলৈ। ইতিহাস আৰু কল্পকাহিনীয়ে উপন্যাসখনত সহাৱস্থান ঘটে। “লাইফ অফ এ পাই’’ উপন্যাসখনতো নায়কে এবছৰে এটা সিংহৰ লগত এখন নাৱত কটোৱা কাহিনীত একেদৰে যাদুকৰী বাস্তৱবাদ বিচাৰি পোৱা যায়। ‘‘কথানদী’’ চিনেমাত বাস্তৱ কাহিনীৰ লগত ‘বুঢ়ী আইৰ সাধু’’ৰ সংযোগৰ সহায়ত যাদুকৰী বাস্তৱবাদৰ সফল প্ৰয়োগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কানাডাৰ চিত্ৰকাৰ ৰ’ব গ’নছালভেছ আৰু পোলেণ্ডৰ টমেক ছেতৱস্কিৰ ছবিসমূহত যাদুকৰী বাস্তৱবাদৰ সুন্দৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। জাপানী সাহিত্যিক হাৰুকি মুৰাকামিৰ “কাফকা অন দা ছোৰ’’ উপন্যাসত কিছুমান অসাধাৰণ চৰিত্ৰ আৰু অবিশ্বাস্য ঘটনা বৰ্ণনা কৰা হৈছে; যেনে আকাশৰ পৰা সৰি পৰা মাছ, কেতিয়াবা জোক, মানুহ আৰু মেকুৰীৰ মাজত কথোপকথন, এজন অতিপ্ৰাকৃতিক কৰ্ণেল চেণ্ডাৰ্ছৰ দৰে ভৌতিক কিন্তু কামুক প্ৰেমিক, এগৰাকী দাৰ্শনিক পতিতা, দ্বিতীয় বিশ্বযুদ্ধৰ সৈনিকসকল, সময়ৰ আঁচোৰ নপৰা বাস্তৱ জগতৰ লগত সমান্তৰালভাৱে আন এখন কল্পনাৰ জগত আৰু আন বহুতো ঘটনাৰ বৰ্ণনা আছে যাৰ জৰিয়তে লেখকে বাস্তৱৰ সৈতে যাদুকৰী বাস্তৱবাদৰ সফল প্ৰয়োগ ঘটাইছে।
অধিবাস্তৱবাদ আৰু যাদুকৰী বাস্তৱবাদ যদিও একে যেন লাগে দুয়োটাৰ মাজত পাৰ্থক্য আছে। অধিবাস্তৱবাদৰ প্ৰতিফলন ঘটা কাফ্কাৰ “দা মেটামৰফ’ছিছ’’ত আমি দেখা পাওঁ সপোন আৰু দিঠকৰ সংমিশ্ৰণত ফ্ৰয়দীয় মনোবিজ্ঞানৰ চেতন অৱচেতন মনৰ ছবি। বিপৰীতধৰ্মী চৰিত্ৰৰ সহাৱস্থান অধিবাস্তৱবাদৰ প্ৰধান লক্ষণ। তেনেদৰে মাৰ্কেজৰৰ যাদুকৰী বাস্তৱবাদৰ প্ৰতীক ‘‘নিঃসঙ্গতাৰ এশ বছৰ’’ উপন্যাসখনত দেখা পাওঁ সমান্তৰালভাৱে আগবঢ়া বাস্তৱ আৰু কল্পনাৰ ছবি। বাস্তৱৰ মাজত কিছু আলৌকিকতা, ৰূপকথা, কল্পনা, যাদুকৰী বাস্তৱবাদৰ মূল মন্ত্ৰ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!