বিহুনামত চৰাই

লেখক- ইলি তালুকদাৰ

বিহু অসমীয়াৰ জাতীয় জীৱনৰ উচ্ছ্বাস বিজড়িত এক জাতীয় উৎসৱ। আমাৰ প্ৰাণৰো প্ৰাণৰ ব’হাগ বিহুৰ বতৰ মানেই যেন বিভিন্ন ধৰণৰ চৰাইৰ কলৰৱ শুনি বুঢ়া-বুঢ়ীৰ পৰা ডেকা-গাভৰুৰ মন ৰাইজাই কৰা বতৰ। বিহুৰ বতৰা লৈ অহা চঞ্চলা-চপলা বিভিন্ন চৰায়ে বিহুনামতো এক বিশেষ স্থান অধিকাৰ কৰি আছে। অসমৰ হাবি-বন ভৰা প্ৰকৃতিৰ বুকুত ঋতুৰাজ বসন্তৰ আগমনৰ সূচনা কৰে কুলি, কেতেকী, দহিকতৰা, বিহুৱতী, ঢাপলিকা আদি বহু চৰায়ে। সেইবাবেই অসমৰ চৰাই-চিৰিকতিৰে ভৰা প্ৰকৃতি আৰু বসন্তৰ লগত খাপ খাই পৰে বিহুনাম, হুচৰি আদি।

বসন্ত ঋতু মানেই যেন কুলিৰ মাত। কুলিয়ে কু-উ, কু-উকৈ সুৰীয়া মাতেৰে প্ৰকৃতিলৈ বসন্ত অহাৰ খবৰ কঢ়িয়াই আনে।

 কুলি চৰাইৰ আগমনৰ বতৰাৰে বিহুনামত গায়,

“ব’হাগ মানে কুলিৰ মাত

 দেহা ঐ মন প্ৰাণ জুৰোৱা,

মৰম মানে তোমাৰ মাত

  দেহা ঐ হৃদয়ে বিচৰা।”

সমাজৰ কঠোৰ বান্ধোনত থাকি উচপিচাই থকা প্ৰেমিক-প্ৰেমিকাই কেতিয়াবা বুদ্ধিৰ কচৰৎ কৰিবলগীয়া হয়। তেতিয়া কুলি চৰাইজনীক টানি আনি বিহুনাম গায়-

“বাৰীৰে আমগছ তিনি ফেৰেঙীয়া

  তাতে বহি মাতিলে কুলি

গধূলি বেলিকা আহিবা লাহৰী

   চালনি আনোগৈ বুলি।”

 বসন্ত ঋতুত কুলি চৰাইৰ সমান্তৰালকৈ কেতেকী চৰাইৰো আগমন ঘটে। কেতেকী চৰাইৰ ‘মই কেতেকী, মই কেতেকী’ বুলি চিঞৰি আগমনৰ বতৰা দিয়া মাত শুনাৰ লগে লগে ডেকা-গাভৰুহঁতৰ মন ৰাইজাই কৰি উঠে। সেয়ে বিহুনামত পোৱা যায়,

 “দেহাৰ পিৰপিৰণি কেতেকীৰ বিননি

  বিহুটি আহিবৰ পৰা,

তগৰো ফুলিলে কপৌও ফুলিলে

  শুৱনি হ’ল যে ধৰা।”

বিহুনামে বছৰৰ এটা বিশেষ সময়ত মানুহৰ মন প্ৰাণ দখল কৰি লয় আৰু সেয়া হৈছে বসন্ত কাল। বসন্তৰ বা লাগি যৌৱন উতলা মন কমোৱা তুলা উৰাদি উৰিবলৈ ধৰে আৰু তেতিয়াই ডেকা-গাভৰুৱে গছৰ গুটি খোৱা শালিকীজনীক লৈ বিহুনাম গায়-

“শালিকী চৰায়ে কিৰিলি পাৰিলে ঐ

    গছৰ গুটি খাবলৈ পাই,

আমি সমনীয়াই কিৰিলি পাৰিলোঁ ঐ

    বিহু অহাৰ বতৰা পাই।”

পীৰিতি বলিয়া ডেকাই আকাশেদি যোৰ পাতি উৰি যোৱা বগলীক দেখি দুখতে বিহুনাম গায়-

“বগাকৈ বগলী উৰে কেনে কৰি

  পাখিতে পাখি লগাই,

উৰণীয়া চৰায়ে উৰে যোৰে পাতি

  আমাৰ যোৰ পাতোতা নাই।”

প্ৰিয়জনক কাষত বিচাৰি প্ৰিয়াই আকাশত উৰি ফুৰা টুনিক চাই হুমুনিয়াহ কাঢ়ে-

“চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলোঁ

   ওপৰত উৰিলে টুনি,

টুনিৰ লগতে উৰিম যেন লাগিল ঐ

  ওচৰত নহ’লা তুমি।”

সেউজ হালধীয়া বিহুৱতী চৰাইৰ মাতত আমাৰ মন প্ৰাণ পুলকিত হৈ পৰে। এই বিহুৱতী চৰাইৰ মাতৰ প্ৰসংগৰে বিহুনামত গায়-

“বিহুৱতী চৰায়ে কৰে বিহু বিহু

  ঐ আমাৰ বিহুৰ কাপোৰ নাই,

লগৰ সমনীয়াই সোধে বেঢ়ি বেঢ়ি ঐ

  সৰুতে মৰি গ’ল আই।”

কা কা কৈ চিঞৰা কৰ্কশ মাতটোৰ বাবে ক’লা কাউৰীজনী বহুতৰে অপ্ৰিয়ভাজন। জাত পাতৰ বিচাৰত চেনেহীক হেৰুওৱাৰ দুখত চেনায়ে সেই কাউৰীক লৈ বিহুনাম গায়,

 “কাউৰীৰ শতৰু মুগাকৈ চুঙীয়া

  পৰিব নিদিয়ে ডালত,

আমাৰে শতৰু আই নো বোপাই ঐ

  ফুৰিব নিদিয়ে লগত।”

চেনেহীৰ মাত এষাৰ পাবলৈ ঘৰৰ আগেদি তাঁত বাতি কঢ়া চেনায়ে চিঞৰি চিঞৰি মইনা চৰাইৰ নামেৰে বিহুনাম গায়-

“জুইশলা পাত পেঁপাৰ মাত

অ’ আইকণ ওলাই মাত

মইনা চৰাই মতা দি

মইনা চৰাই মতা দি মাত।”

চেনেহীক যেতিয়া কাষতে পায়, চেনায়ে বিহুনাম এফাঁকি গাই মন শাঁত পেলায়,

“হাঁহে হৈ চৰিমগৈ তোমাৰে পুখুৰীত

  পাৰ হৈ পৰিমগৈ চালত,

ঘাম হৈ সোমাম গৈ তোমাৰে শৰীৰত

  মাখি হৈ চুমা দিম গালত।”

ঘৰৰ মূধচত বহি পুৱাৰ বতৰা দিয়া কপৌ চৰাইজনীক লৈ চেনেহীয়ে বিহুনাম গায়,

“বৰ ঘৰৰ মূধতে কপৌ কুৰুলিয়ায়

  সাইলাখ মদনৰ মাত,

থেকেচি ভাঙি যাওঁ যঁতৰ ঐ চেৰেকী

  অগনি জ্বলিছে গাত।”

 কেতিয়াবা আকৌ ৰচকীৰ মন বুজি নাপাই চেনায়ে কুৰুৱা চৰাইৰ কথাৰে ৰাউচি জুৰে,

“লুইতৰ মাজৰে জোপোহা শিমলু

  তাতে ল’লে কুৰুৱাই বাঁহ,

মিৰি মিচিমিৰ দোৱানো বুজো মই

  নাপাওঁ তিৰীজাতিৰ আঁহ।”

বিহুনামত বিহুৰ প্ৰতি অসমীয়া মানুহৰ কিমান হেঁপাহ, কিমান আশা, কিমান আদৰৰ তাক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। কিন্তু বছৰেকৰ মূৰত অহা ব’হাগৰ বিহুটি ধন দিওতো ৰাখিব নোৱাৰি। তাকেই কুকুৰা চৰাইৰ স্বভাৱজাত কৰ্মক বখানি বিহুনামত গায়,

“লাইৰ মাজে মাজে লফা ৰুই দিলোঁ

  কুকুৰাই খুঁচৰি খায়,

অতি চেনেহৰ ব’হাগৰ বিহুটি

   ধন দি ৰাখোঁতা নাই।”

বিহু মাৰিবলৈ গৈ ঘৰলৈ উভতি আহিবলৈ মনেই নাযায়। সেয়ে চাগৈ বিহুনামত নিশাচৰ ফেঁচায়ো স্থান পাইছে।

“এপৰ দুপৰ কৰি ৰাতি পাৰে হ’ব

  আমাৰ বিহুৰ আমনি নাই,

ৰাতি পৰে পৰে ফেঁচাই কুৰুলিয়ায়

  আমাৰ বিহু ভাঙোতা নাই।”

 বিহুনামত অবৈধ মিলনৰ কাহিনীও সুৰ লগাই গোৱা হয় য’ত কুকুৰা চৰায়ে স্থান লাভ কৰা দেখা যায়।

“বৰ আলিৰ ওপৰত বেলি মাৰ গ’ল

  ঘিলা মাৰ গ’ল ফাকত,

তোমাৰে আমাৰে কথা মাৰ গ’ল

  প্ৰথম কুকুৰাৰ ডাকত।

তোমাৰ তিনিখনি আমাৰ তিনিখনি

  ছখনি কাপোৰৰ জাপ,

তোমাৰ তিনিখনি লোৱা বাছি বাছি

   কুকুৰাই দিছে ডাক।”

চেনেহীয়ে খঙতে তেতিয়া গায়-

“কুকুৰা কুকুৰা অজাতি কুকুৰা

  ভুকুৱাই মাৰিম মই তোক,

ৰাতি নৌ পুৱাওঁতে কিয় ডাকে দিলি

  চেনাই এৰি গ’লে মোক।”

এসময়ত ব্ৰিটিছ চৰকাৰে বিহুক নিষিদ্ধ কৰিবলৈ নিৰ্দেশ দিছিল। এই নিৰ্দেশৰ বিৰোধিতা কৰি গুৱাহাটীৰ জিলাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত বিহু নাচি বিহু যে অশ্লীল নহয় সেইকথা ব্ৰিটিছক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল ঢুলীয়া মৈমত টাটিঙা বৰুৱা আৰু তেওঁৰ ভনীয়েক চেনিমাই বৰুৱাই। অৱশ্যে পিছত ব্ৰিটিছ চৰকাৰেএই নিৰ্দেশ প্ৰত্যাহাৰ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ লোকে এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছিল। ঢাপলিকা চৰাইৰ নামেৰে তাৰেই প্ৰতিফলন দেখা যায় বিহুনামত।

“ঢাপে ঢাপে চৰিলে ঢাপলিকা চৰায়ে

  বাঘলৈও নকৰে ভয়,

লক্ষ্মীমপুৰ জিলাৰ সোলেঙী গাভৰু

  চেহাবলৈ নকৰে ভয়।”

ইয়াৰ উপৰিও ভাটৌ, ভদৰকলি, দলপুঙা, কাম চৰাই, শেন, হেটুলুকা, চাকৈচকোৱা, দহিকতৰা, ডাউক আদি চৰাইৰ বৰ্ণনাও বিহুনামত শুনিবলৈ পোৱা যায়।

“বাৰীৰে ঢাপৰে পকা জলকীয়া

  ভাটৌ চৰায়ে খায়,

খৰকৈ যোৱাগৈ নাচনীক কোৱাগৈ

  এদিনে এবছৰ যায়।”

  

“হাবিত জুই লাগিলে কুকুহা উৰিলে

  ডঁৰিকে আছিল চাই,

ভদৰকলি চৰায়ে পৰাচিত ঐ কৰিলে

 চেনাই তোকে আনিব পাই।”

  

“ব্ৰহ্মপুত্ৰৰ বালিৰে দলপুঙা চৰাইজাক

   ঘূৰি ঘূৰি পানীতে পৰে,

নেভাবোঁ বুলিলেও তোমাৰে কথা ঐ

   ঘূৰি ঘূৰি মনতে পৰে।”

   

“বাঁহৰে আগতে পৰি কামে চৰাই

  উভতি কোটালে পাখি

আমাৰে লাহৰী দিয়ে তামোল কাটি

   পাণতে বাবৰি বাচি।”

   

 “চৰাই কপটীয়া শেন ঐ লাহৰী

  চৰাই কপটীয়া শেন।”

   

“নলনিত কান্দিলে হেটুলুকা চৰাইটি

  হেটুলুক কৰিলে বনত।”

   

“ৰৈনো ৰৈ কান্দিলে চাকৈ চকোৱা

  ৰৈনো ৰৈ কান্দিলে জিলি।”

   

“দহিকতৰা চৰায়ে পীৰিতি কৰিলে

   তৰাৰে গছতে পৰি।”

   

“কুহু কুহু কৰি কপৌটি কান্দিলে

   ডাউকে কান্দিলে ৰৈ।”

   

  এনেদৰেই গ্ৰামাঞ্চলৰ আশে-পাশে সহজতে দেখিবলৈ পোৱা চৰাই-চিৰিকতিয়ে চহা ডেকা-গাভৰুৰ অনাবিল প্ৰেম-পীৰিতিৰ বহিৰ্প্ৰকাশ বিহুনামত ঠাই পাইছে। মানুহৰ দৰেই জীৱন লগৰীক বিচাৰি সুমধুৰ গীত গাব পৰা এই চৰাইবোৰক বিহুবলীয়া অসমীয়াই বিহুনামত স্থান দি বিহুনামক যেন এক সুকীয়া মৰ্যাদা প্ৰদান কৰিছে। অসমীয়া জাতি আৰু অসমীয়া ভাষা থাকে মানে এই বিহুনাম হাবিৰ ফুলৰ দৰে আপোনা-আপুনি ফুলি শ্ৰীবৃদ্ধি লাভ কৰিব।

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!