বীভৎস
লেখক- ধীৰাজ কলিতা
“ইমান ধুনীয়াকৈ জুতি-বুধিকৈ ৰন্ধা ভাতসাঁজ কোৱাৰি চেলেকি খোৱাৰ পিছত সেইখিনিৰেই কিয় কেনেকুৱা এটা অৱস্থা হয়? কি আদা নহৰু দিয়া মচুৰ দাইল, কি গৰম মচলা দিয়া পাৰৰ জোল কাৰো দেখোন চিনচাবেই নাই! ধনী-দুখীয়া, ধুনীয়া-কলীয়া সকলোৰে একেই গোন্ধ, একেই গঠন? তেজৰ দৰে অনৈক্যৰ মাজত ঐক্য যেন অন্তঃক্ৰিয়া এটাই হেনো এই অৱস্থা কৰে! সাংঘাতিক ৰহস্য আছে পেটৰ ভিতৰত” ….
পায়খানা কৰি বহি থাকোতে কান্তিৰামৰ মনত খুন্দিয়াই থকা এনেকুৱা বাৰেকুৰি চিন্তা পৰিবাৰৰ লগত আলোচনা কৰিবলৈ বহিছিলহে…
“চিঃ কটা, কিসোপা যে ভাবি থাকে নহয়!”
ভেকাহি মাৰি উঠা মানুহজনীক সি গহীনাই কয়…
“নহয় অ’! এনেকৈয়ে আপেল গছৰ তলত বহি আইনষ্টাইন নে কি সেইজনাই ডাঙৰ কিবা এটা আৱিষ্কাৰ কৰা নাছিল নে? এনেকৈ উলাই নকৰিবিচোন হেৰৌ!”
বিভিন্ন ধৰণৰ গু-মলৰ ৰং আৰু গোন্ধ, বহিবলৈ পাৰি থোৱা তামোল/বাঁহ দুচটাত চিটিকি পৰি কোনোবা দক্ষ চিত্ৰশিল্পীৰ ৰঙৰ আল্পনাৰ ৰূপ লোৱা পদাৰ্থবিধৰ, বাৰিষাকালত পানীৰে উপচি থকা কেঁচা পায়খানাঘৰৰ গাঁতটোত সন্তৰ্পণে সৰি পৰি এবাৰ ডুবা এবাৰ মূৰ দাঙি উঠা মলখিনিৰ নিভাঁজ বৰ্ণনা শুনি সৰু ল’ৰা অকণেও এদিন ওকটিয়াই আছিল। জন্মগতভাৱে কান্তিৰামৰ ঘিণলগা ভাৱটো কম। সেইবাবে সি এদিন মাকক প্ৰশ্ন কৰিছিল,
“আই অ’ এই যে গুৰ ভাত ধুই খোৱা বুলি কয়, সঁচাকৈ হাগি উঠি ধুই খাব পৰাকৈ ভাত ওলাই নেকি?”
মাকৰ বুজনিত সি বুজি উঠিছিল যে মানুহ এনেকুৱাও কৃপণ হ’ব পাৰে যাৰ তুলনা ইমান প্ৰাকৃতিকভাৱে দিব পাৰি।” হাগি উঠি ফিৰি চাৱা” মানেও একেই তাৰমানে? কি আচৰিত কৃপণৰ সংজ্ঞা! ”হাগিলে গোন্ধাই” আৰু “জুই খালে এঙাৰেৰে হাগে” মানেও অপকৰ্ম প্ৰচাৰ আৰু ফলৰ কথাই কোৱা হয়। এইবোৰ কথা বুজা দিন ধৰি গু-মলক সি ঘিণ নকৰে, ঘিণ কৰে বেয়া মনৰ মানুহক।
এবাৰ মাঘবিহুৰ উৰুকাৰ নিশা কোনোবাই গাঁৱৰ ৰাস্তাৰ দাঁতিতেই কামফেৰা কৰি থৈছিল। সেইখিনিৰ প্ৰথম সাক্ষী কান্তিৰামে মেজি পুৱাই থাকোতে সকলোৰে আগত কৈ উঠিছিল..“হালধি কম হোৱাৰ বাবেও কোনোবাই এনেকৈ উৰুকাৰ ৰন্ধা মাংস পেলাই দিয়েনে দেউ? উসঃ কি সতেনো পেলাইছে অই, সৌ আমজোপাৰ তলতে!”
মেজিৰ জুই শেষ নহওঁতেই কেইজনমানে উৎসুকতাৰে দ্বিতীয় সাক্ষী হ’বলৈ গৈ ডিঙিৰ গামোছাখনেৰে মুখ ঢাকি তাৰ সাতপুৰুষক গালি পাৰি ঘৰলৈ দৌৰে। এইধৰণৰ কিম্ভুত কথা-বতৰাৰ বাবেই কান্তিৰাম প্ৰায়েই ঘৰৰ পৰিয়ালৰ ককৰ্থনাৰ সন্মুখীন হৈছিল।
মুখৰোচক কথাৰ ধাৰাভাষ্যকাৰ হিচাপে কান্তিৰামক ককৰ্থনা কৰিলেও তাৰ স্বচ্ছ মনটোক সকলোৱে প্ৰশংসা কৰে। হাবিয়ে-জংঘলে খালাছ হ’বলৈ গাওঁখনৰ অধিকাংশই দৌৰাৰ দিনতো ঢকুৱাৰ বেৰ সাজি ঘৰৰ বাৰীৰ পিছফালৰ গাঁতত কামফেৰা কৰা মানুহ সি। গতিকে তাৰ কামক সকলোৱে শ্ৰদ্ধা কৰে।
অঞ্চলত “কুচুটিয়া” বিশেষণেৰে চৰ্চা লাভ কৰা কান্তিৰাম আজি দুমাহ ধৰি শয্যাগত। বয়সো হৈছে। বংশ পৰিয়ালে মনৰ পৰা বিদায় দিছেই। প্ৰায় চল্লিশটা বছৰ সি বাঁহৰ খুটা লগোৱা চাঙতে শুইছে। মাজতে বিশ বছৰমান এখন খাটত, তাৰ পিছৰ পোন্ধৰটা বছৰ পুতেকহঁতে আনি দিয়া ডাঙৰ পালেংখনত শুলে। আৰু যোৱাসপ্তাহৰ পৰা তাৰ দেহাটোৰ দৰেই জৰাজীৰ্ণ এই খাটখন সংগী কৰি দিছে। পাকে-প্ৰকাৰান্তৰে শ্মশানত লৈ যাবলগীয়া হ’লেও লোকচান নোহোৱা বিধৰ। কান্তিৰামেহে মানি ল’ব পৰা নাই। মানি ল’ব পৰা নাই মানে সৰুতে আধাৰাতি পেটটোৰ হঠাতে উঠা অসৎ কামোৰণিত নাৰিকলৰ তলত জিলাপীভাঁজ দি থকা সময়ত পিতাকে বাৰে বাৰে “হ’লদে পিতৌ উঠ” বুলি নিৰ্দেশ দি থাকোঁতে উঠি যাবলৈ মন নোযোৱাৰ দৰে একে অৱস্থা! অৱস্থা মানে ঢাৰিয়ে-পাটিয়ে লাগি থকা বুলি যে কয় তেনেধৰণৰ দেহা লৈয়ো আৰু কেইবছৰমান থকাৰ ইচ্ছা। প্ৰথম মাহত প্ৰায়ে মাছে-মঙহে খুৱালে। আজি বোলে ইজন, কাইলৈ বোলে সিজন। কিজানিবা শেষ ইচ্ছাৰ জুইকুৰা নিৰ্বাপিত হয়েই! পিছে কান্তিৰামৰ ইচ্ছা শেষ হওক-নহওক, খুৱাবলৈ অহাকেইজনৰ পুণ্য আৰ্জনৰ পথত হেঙাৰ হ’ল তাৰ পেটটো। দিনত খুৱাই থৈ যায়, ৰাতিৰ ভাগলৈ কানিয়ে-কাপোৰে সকলোখিনি বিস্ফোৰণ হয়। চেষ্টা কৰিও সি বিফল। ৰাতিপুৱালৈ পুতেক দুটাই খাওতা আৰু খুৱাওতা উভয়কে সমহাৰত গালিৰ বৰষুণেৰে ধুই পেলায়। শুনা-নুশুনাকৈ অবাইচ মাতৰ অভিধানখনেই শেষ কৰি দিয়ে। সেইবোৰে তাক বিচলিত কৰিব পৰা নাই। মাংসৰ প্ৰতি তাৰ লোভ আমৃত্যু থাকিব। আজি দুদিনমানৰ পৰা ওচৰ-চুবুৰীয়া, আত্মীয়-স্বজনে প্ৰায়ে ক্ষীৰ, মিঠাই আনি অলপ অলপকৈ খুৱাই থৈ যায়। পিছে নাই, চালনী নোহোৱা ৰাইচমিলৰ চুঙাটোত বাকি দিয়া ধানকেইটা তলৰ চাউল ওলোৱা ফুটাটোৰে ওলোৱাদি চব ওলাই যায়। কান্তিৰামৰ মন যায় পুতেকহঁতে সজা ধুনীয়া লেট্ৰিনটোত গৈ বহিবলৈ। কিন্তু নোৱাৰে। নোৱাৰে বাবেই আজি ইমান ককৰ্থনা! প্ৰতিবাৰ তাৰ কঁকালৰ তলৰ অংশ চাফা কৰোঁতে পুতেকদুজনে কথাৰে থেকেচি থেকেচি মাৰিছে।
সিদিনা সন্ধিয়া তাৰ বিচনাখনৰ কাষতে গীতাখন মেলি লৈ তাৰ বয়সৰে সন্ধিয়ে সুৰে-বেসুৰে পাঠ কৰিবলৈ ল’লে। ইমানদিনে জ্বলোৱা পেকেটটোৰ ধূপ সেইদিনা জ্বলোৱা নাই। ধূপৰ গোন্ধটো কান্তিৰামৰ কিবা ভাল লাগিছে। মূৰটো লৰাই হাত দুখন দাঙিব খোজোতেই সন্ধিয়ে ডাঙৰ পুতেকক কৈছে “বেছিপৰ নাথাকিব বুইছ। এয়া হাত-মূৰ মাৰিছে।” কৈয়েই দুয়ো আওৰাইছে “অথিৰ ধন জন…।” সৰ্বশক্তি প্ৰয়োগ কৰি কান্তিৰামৰ উঠি বহিবলৈ মন গৈছে, ক’বলৈ মন গৈছে “তোৰ বাপেৰৰ মূৰটো, মই ধূপৰ গোন্ধটোহে…।” নাই একো কৰিব পৰা নাই। গীতা পাঠৰ পঞ্চমদিনা সৰু পুতেকটোৱে কাণৰ কাষত সুধিছে “দেউতা, কিবা পাপ-চাপৰ কথা ক’বলৈ ৰৈ গ’ল নেকি তোৰ? নে আৰু কিবা অন্তিম ইচ্ছা?” এই প্ৰথমবাৰৰ বাবে কান্তিৰাম বজ্ৰপাত পৰা মানুহৰ দৰে হ’ল। টোপনি গৈ থকা অৱস্থাত বিচনাত পৰি যোৱাৰ দৰে লাগি যেন চক্ খাই উঠিছে। সি যেন ভুলকৈ শুনিছে। আচলতে পুতেকে তেনেকৈ কোৱা নাই। যিটো ল’ৰাৰ যোৱা-থোৱা বেমাৰত সি নিজৰ জীৱনটোকে গোঁসানীৰ চৰণত আগবঢ়াই প্ৰাণভিক্ষা মাগিছিল সেইটো ল’ৰাই আজি তাৰ মৃত্যু কামনা কৰিব পাৰিব জানো? নোৱাৰে। পিছে নহয়, সি শুনাটোৱেই হয়। “যদি কিবা কৰিছিলিও এতিয়া আমাক ক। আমাক আৰু কষ্ট নিদিবি।” বচ্! এইখিনি শুনাৰ পিছত কান্তিৰামৰ আৰু অলপসময়ো বাচি থকাৰ ইচ্ছা নাই। যি দুটা ল’ৰাৰ শৌচ- প্ৰস্ৰাৱ ধুৱাই-ধুৱাই সি আৰু ঘৈণীয়েক ভাগৰি পৰা নাছিল, সেই দুটা পুতেকেই মাত্ৰ এমাহৰ কষ্টতেই এনেকৈ ক’ব পাৰিলে? কিন্তু কি কৰিব এতিয়া সি? যেনেকৈ পায়খানা নালাগিলে যিমান জোৰ দিলেও একো নোলায় তেনেকৈ মৃত্যুৰ আহ্বান নাহিলে জানো কোনোবা মৰিব পাৰে? এবাৰ জোৰকৈ চকু দুটা মুদি দিওঁতে তাৰ মুখত দৈ-মিঠাই পৰিলেই। দৈৰ প্ৰতি থকা লোভটোৱে তাৰ চকুদুটা মেলাই পেলালে। মুহূৰ্ততে ৰাউচি জুৰি কান্দিবলৈ লোৱা মানুহবোৰে তাৰ চকুদুটালৈ একেথৰে চাব ধৰিলে। কোনোবা এজনে চকুহালৰ আগেদি হাতখন অগাদেৱা কৰালে।” নাই নাই। বুঢ়া মৰা নাই।”
পিছৰ দিনকেইটাত ধূপৰ গোন্ধটোতকৈ দেহৰ গোন্ধটো বেছি যেন লগা হৈছে তাৰ। পাইখানা কৰি থাকিলে যে কোনোবাই মাতিলেও মাত দিব নালাগে বুলি কৈছিল তাৰমানে সেইটো এনেকুৱা অৱস্থাৰ বাবেই অভ্যাস কৰিব দিয়ে? সি নো এতিয়া ক’ত মাত দিব পাৰিছে? কিছুমান প্ৰশ্নৰ উত্তৰ সময়ত পোৱা যায়। লাহে-লাহে তাক চাবলৈ অহা মানুহবোৰক তাৰ চাবলৈ মন নোযোৱা হ’ল নে মানুহেই নহা হ’ল সেয়া কান্তিৰামে অনুমান কৰিব পৰা নাই। খুব বেছি ঘৈণীয়েকৰ মাতটোহে সি অলপ বুজি পায়। ঘৈণীয়েকৰ কথাখিনিও শুনিবলৈ তাৰ মন নাই। ইংগিতটোত বুজি লয় যে তাক ভগৱানক পূজিবলৈ কৈছে। সোনকালে লৈ যাবলৈ ক’ব দিছে, যেন তাৰ লগত ভগৱানৰ কিবা বিশেষ লেনদেনহে আছে! টপককৈ হাতত পৰা চকুপানী এটোপালে তাৰ গাটো জিকাৰ খুৱাই দিলে। কিয় কান্দিছে ঘৈণীয়েকে? কিয়? মুক্তি বিচাৰি? কাৰ?
এইবাৰ আৰু সি চকু মেলি থাকিব পৰা নাই। তাৰ মনলৈও একো প্ৰশ্ন অহা নাই। সি পায়খানা কৰিছেনে নাই সেয়াও গম পোৱা নাই। এটোপাল পানী ওঠত লগাই দিওঁতে চামুচ এখনৰ স্পৰ্শ যেন পাইছে। বাটি এটাৰ শব্দ শুনিছে। পানীখিনি বাটিটোৰ নে ঘৈণীয়েকৰ চকুৰ সেইটো কিন্তু একেবাৰে বুজিব পৰা নাই। ইয়াৰ পিছত আৰু সি পায়খানা, গালি, চকুপানী একোৰেই কথা গম পোৱা নাই।