বুকুত খাজ কটা এটা বাট: ৰেডিঅ’

লেখক- খনিন্দ্ৰ ভূষণ মহন্ত

সুৰে মাতে সোমাই আছিল বাতায়নহীন বাকচটোত

পুৰণি মায়াই আজিও সোঁৱৰায়

শব্দবোৰ যাদু হোৱাৰ কথা।

উফৰি-সাফৰি সুৰৰ সাতেসৰী

গুনগুনাই শুনাইছিল ৰাগিনী

কাণে-কাণে বাকি সপ্তসুৰৰ স্বৰগম

এটা উদাত্ত কণ্ঠই পুৱাটোক আদৰিছিল,

 

”এয়া আকাশবাণী….”

এসময়ত ৰেডিঅ’ মানেই এটা সোণসেৰীয়া সম্পত্তি

সৰি পৰা গানবোৰ আমাৰ বুকুৰ কঁপনি

নাটকবোৰ চহা জীৱনৰ সুৱাগ মণি

ক্ৰিকেট খেল শুনোতে উছাহবোৰ ক’ত নাছিল?

আচলতে ৰেডিঅ’ একোটা যুগৰ দলিল

য’ত উমলি আছে দেউতাৰ জীৱন, যৌৱন

জান-নাজান মোৰ নাঙঠ শৈশৱ

 

আৰু অকথিত বহু ইতিহাস

(সাধুকথাৰ দৰে হোৱা হ’লে

কিমানৰ জীউ ৰেডিঅ’তে থাকিলহেঁতেন! )

এতিয়া ৰেডিঅ’ মানেই সৰাপাতৰ জুমুঠি…

এই সমস্ত কথকতাক জুকিয়াই লৈ

মই ভাবি আছোঁ

জীৱনটোও দেখোন ৰেডিঅ’ৰ দৰে

পাকতে বাজে সুখৰ বাঁহী অথবা দুখৰ বেহেলা…

উপসংহাৰঃ

ৰেডিঅ’টোৰ দৰে এদিন আমিও সাধুকথা হ’ম

মাথোঁ কোনোবা আগ, কোনোবা পাছ

(এলাগী হোৱাৰ দুখ ৰেডিঅ’তকৈ আন কোনে জানে? )

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!