বুঢ়ী, মূলঃ হুমায়ূন আহমেদ।

অনুবাদঃ পংকজ কুমাৰ নেওগ।

দোভাগ নিশাখন কুঁ-কুঁ, পোঁ-পোঁ শব্দ! 

এইমাত্ৰ শুবলৈ লৈছিলোঁহে, টোপনিত চকু জাপ খাই আহিছিলএক বিচিত্ৰ শব্দত উঠি বহিলোঁ। কথাটোনো কি? আমেৰিকালৈ নতুনকৈ আহিছোঁ। ইহঁতৰ কাণ্ড-কাৰখানাবোৰৰ সৈতে এতিয়াও ভালকৈ পৰিচয় হোৱা নাই। মাজে মাজে সেইবাবে অলপ আচৰিত নোহোৱাও নহয়। মই এতিয়া য’ত আছোঁ সেই ঘৰটোক ৰুমিং হাউছ বুলি কয়। পাৰৰ বাহৰ দৰে সৰু এটা কোঠা। সেই কোঠাতে চোফা কাম বেড আৰু পঢ়া টেবুল। টেবুলৰ এটা চুকত এটা এফ, এম ৰেডিঅ’। এয়েই হ’ল মোৰ কোঠাটোৰ বৰ্ণনা। কোঠাৰ ভাৰা হ’ল ৫০ ডলাৰ , একেবাৰে পানীৰ দৰে সস্তা! এহাল আমেৰিকান দম্পতীয়ে তেওঁলোকৰ ঘৰৰ ওপৰৰ তলাৰ আটাইকেইটা কোঠা এইদৰে ভাৰা দিছে। দৰিদ্ৰ বিদেশী ছাত্ৰসকল এনে ধৰণৰ ঘৰতে থাকে। কমন বাথৰুম, পাকঘৰ নাই। বাহিৰতে খোৱা-বোৱা কৰিব লাগে। ছিগাৰেট খোৱাও মানা লেণ্ডলেডীয়ে কোঠা ভাৰা দিয়াৰ সময়তে বেছ কাঢ়াকৈ মনত পেলাই দিছিল। ডাঙৰ ভলিউমত ষ্টেৰিঅ’ শুনাও নিষিদ্ধ, আৰু নানা ধৰণৰ নিষেধাজ্ঞা আছে, তথাপি ইয়াতে থকাৰ সিদ্ধান্ত ল’লোঁ কাৰণ কোঠাৰ ভাৰা সস্তা আৰু ঘৰটো ইউনিভাৰ্চিটিৰ একেবাৰে ওচৰত। ৱাকিং ডিছটেন্স। নৰ্থ ডেকোটাৰ এই প্ৰচণ্ড শীতত দূৰৈৰপৰা ক্লাচ কৰিবলৈ অহা সম্ভৱ নহয়। এখন যে গাড়ী কিনি ল’ম সেইটোও দুৰাশা। দুপৰীয়া ইউনিভাৰ্চিটি মেম’ৰিয়েল ইউনিয়নত খাওঁ আৰু সন্ধিয়া ঘৰলৈ ওভতাৰ পথত এটা হেমবাৰ্গাৰ কিনি লওঁ। তাকে খাই ৰাতিটো কটাওঁ। 

     ৰুমিং হাউছলৈ অহা ১৫ দিনমান হৈছিল। কাৰোৰে সৈতে তেনেকৈ পৰিচয় হোৱা নাই। মোৰ কাষৰ কোঠাটোত থাকে ভাৰতীয় ছাত্ৰ অনন্ত নাগ। তেওঁ মোক দেখা পালেই আবে ইয়াৰ বুলি চিঞৰ এটা মাৰি নিজৰ কোঠাত অন্তৰ্ধান হয়। কথা-বাৰ্তা এইখিনিয়েই চুকৰফালৰ এটা কোঠাত থাকে কোৰিয়ান ছাত্ৰ ‘হান’। তেওঁ ইংৰাজী একেবাৰেই নাজানে। মোক এদিন আহি ক’লেহি ,”হেড পেইন, মাৰ্ডাৰ! মাৰ্ডাৰ!” 

    বহুত পৰৰ পিছত বুজি পালোঁ যে মূৰৰ বিষত তেওঁৰ মৰি যাওঁ, মৰি যাওঁ যেন লাগিছে। ভাষাৰ সমস্যাৰ বাবে তেওঁৰ সৈতে বন্ধুত্ব কৰিব পৰা নাছিলোঁ। মোৰ সন্মুখৰ কোঠাটোত আছিল ‘তোহা’ নামৰ এগৰাকী ফিলিপিনো ছোৱালী। তোহা আছিল ২৩-২৪ বছৰীয়া এগৰাকী অত্যন্ত সুন্দৰী যুৱতী। ছোৱালীগৰাকীৰ ভাব-ভংগী আছিল অতি বিচিত্ৰ, কাৰো সৈতে কথা-বতৰা নাপাতে। মাজনিশা তেওঁক কেৱল উচুপি উচুপি কন্দা শুনো। পঞ্চমগৰাকী বাসিন্দা আছিল এগৰাকী আমেৰিকান বুঢ়ী, নাম এলিজাবেথ। আৰম্ভণিতেই মোক সাৱধান কৰি দিয়া হৈছিল আমেৰিকান বৃদ্ধাসকলৰপৰা যাতে এশ হাত দূৰৈত থাকোঁ। আমেৰিকান সমাজত বুঢ়া-বুঢ়ীসকলৰ কোনো স্থান নাই। তেওঁলোক খুব নিঃসংগকথা পাতিবলৈ কাৰোবাক লগ পালে এই বয়োবৃদ্ধসকলে তেওঁৰ জীৱন অতিষ্ঠ কৰি তুলিব পাৰে। অনন্ত নাগে এবাৰ মোক কৈছিল, “এই বুঢ়ীজনীক পাত্তা নিদিবা, পাত্তা দিলেই মৰিবা। চিন্দাবাদৰ ভূতৰ দৰে তোমাৰ কান্ধত উঠি ল’ব, আৰু নানামে।

    বুঢ়ীগৰাকীয়ে কেইবাবাৰো মোৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিছিল। মই অনন্ত নাগৰ উপদেশ মানি নিৰ্লিপ্তভাৱে উত্তৰ দিছিলোঁ,এতিয়া কথা পাতিব নোৱাৰোঁ, মোৰ পঢ়িবলৈ আছে।” 

    বুঢ়ীগৰাকীয়ে লগে লগে উত্তৰ দিছিল ,

  “ঠিক আছে বাৰু, পিছে-পৰে কথা পাতিম। একেখন জাহাজৰ যাত্ৰী যেতিয়া দেখা-সাক্ষাৎ হৈ থাকিব, হাঃ, হাঃ, হাঃ! এটা কাম কৰিবাচোন, পঢ়া-শুনাৰ হেঁচা অলপ কমিলে মোৰ কোঠালৈকে আহিবা, আমি কথা পাতিম।

    মই কিন্তু এতিয়ালৈকে তেওঁৰ কোঠালৈ যোৱা নাই। মানে যাবলৈ উৎসাহবোধ কৰা নাই। এতিয়া এই মাজনিশাখন সাৰ পাই বিছনাত বহি আছোঁ, বিচিত্ৰ ধৰণৰ কোঁ-কোঁ শব্দ ভাহি আহিছে। মোৰ মেজাজ একেবাৰে বেয়া হৈ গ’ল। পাছদিনা ৰাতিপুৱাই মোৰ মিড-টাৰ্ম পৰীক্ষা, অলপ ভালকৈ শুবলৈ পাব লাগে। ই কেনেধৰণৰ উপদ্ৰৱ! শব্দৰ উৎস বিচাৰি দুৱাৰ খুলি বাহিৰলৈ ওলালোঁ। অনন্ত নাগৰ সৈতে মুখা-মুখি সাক্ষাৎ। তেৱোঁ বিৰক্তিৰে কোঠাৰপৰা ওলাই আহিছিল। মই সুধিলোঁ, “কিহৰ শব্দ এইটো? শুকান মাত এটাৰে তেওঁ কলে, “বেগপাইপ।

: বেগপাইপ কি বস্তু? 

: এবিধ বাদ্যযন্ত্ৰ, আইৰিছসকলে বজায়। হাওঁফাওঁৰ জোৰ লাগে। 

: কোনে বজাইছে? 

: এলিজাবেথে। কি যে যন্ত্ৰণা! তুমি বুঢ়ীক এবাৰ কৈ আহিবানে মাজনিশা পাৰ হ’ল বুলি। আমাক বিৰক্ত কৰিবলৈ তেওঁৰ কোনো অধিকাৰ নাই। মই

এলিজাবেথৰ কোঠাৰফালে আগুৱাই গ’লোঁ। দুৱাৰখন অলপ মেল খাই আছিল। বুঢ়ীয়ে বিছনাত ভৰি তুলি বেগপাইপ এটা লৈ বহি আছিল। এই পেঁপাটো বজাবলৈ হাওঁফাওঁৰ প্ৰচণ্ড জোৰৰ দৰকাৰ। আশীবছৰীয়া বৃদ্ধাগৰাকীয়ে এই জোৰ ক’ত বা পালে! মোক দেখিয়েই হাঁহিমুখে বুঢ়ী উঠি আহিল, “আহমেদ, ৱেলকাম!” 

লগ পায়েই অভদ্ৰামি কৰিবলৈ বেয়া লাগিল। মই সুধিলোঁ, “কেনে আছে?”৲

: ভাল, খুব ভাল। গেৰেজ চেলত এটা বেগপাইপ পালোঁ। একেবাৰে ব্ৰেণ্ড নিউ। মাত্ৰ বিছ ডলাৰতে দিলে। খুব সুন্দৰ নহয়নে বস্তুটো? 

: নিশ্চয়, খুব ধুনীয়া। 

: বহুত দিনৰপৰা চখ আছিল বাদ্যযন্ত্ৰ এটা বজাবলৈ শিকিম বুলি। 

: কিন্তু বেগপাইপ বজাবলৈ কঠিন নহয় জানো? হাওঁফাওঁৰ বেছ জোৰ লাগে বুলি শুনিছোঁ। 

: ও, বতাহখিনি প্ৰথমতে ভৰাবলৈ কিছু কষ্ট। এবাৰ বতাহ ভৰি গ’লে বিশেষ সমস্যা নাই। তুমি বহাচোন, কিয় থিয় হৈ আছা? 

: মই আন এদিন বহিম। কাইলৈ মোৰ মিড টাৰ্ম পৰীক্ষা আছে, অলপ শুব খুজিছোঁ। 

: নিশ্চয়। মোৰ বাদ্যযন্ত্ৰই তোমাক অসুবিধা দিছে নেকি? 

: ও, কিছু দিছে। 

: দুখিত, খুবেই দুখিত! আৰু নবজাওঁ। তুমি নিশ্চিন্তমনে টোপনি যোৱা। এক মিনিট ৰ’বা, তোমাক এক মগ গৰম কোকো তৈয়াৰ কৰি দিওঁ। গৰম কোকোৰ দৰে টোপনিৰ ঔষধ নাই। 

: আপোনাক ধন্যবাদ। কিন্তু গৰম কোকো খাবলৈ মোৰ ইচ্ছা নাই। 

: নাই, নাই, নাখাওঁ বুলি নকবা। মোৰ কথা শুনা, এবাৰ খাই চোৱা। একেবাৰে মৰা শৱৰ দৰে শুব পাৰিবা। স্বামীৰ মৃত্যুৰ পাছত মই অনিদ্ৰা ৰোগত ভুগিছিলোঁ, গোটেই ৰাতি জাগি থাকোঁ, টোপনি নাহে। তেতিয়াই এই ঔষধটো আৱিষ্কাৰ কৰোঁ। 

মন কৰিলোঁ কথা কৈ থাকোঁতেই বুঢ়ীয়ে হিটিং কইলেৰে পানী গৰম কৰিলে। কোকো প্ৰস্তুত হ’ল। গতিকে কোকো খাবলৈ বাধ্য হ’লোঁ আৰু লগতে বুঢ়ীৰ গল্পও শুনিব লগা হ’ল। তেওঁৰ চাৰিগৰাকী ল’ৰা-ছোৱালী, আটাইকেইজনে বেলেগ বেলেগ ঠাইত থাকে। যোৱা দহবছৰে কোনো এজন সন্তান তেওঁৰ ওচৰলৈ অহা নাই কিন্তু সিহঁতৰ সৈতে যোগাযোগ আছে। সিহঁতে চিঠি আৰু ফটো পঠিয়াই থাকে। 

: আহমেদ, মোৰ নাতি-নাতিনীৰ ফটো চাবানে? 

: আজি থাকক, অন্য এদিন চাম। 

: ঠিক আছে বাৰু, আজি তুমি ভালকৈ টোপনি যোৱা। 

গৰম কোকো খোৱাৰ বাবে সেই ৰাতি চকুৰ টিপ এটাও মাৰিব নোৱাৰিলোঁ। বিছনাতে ইকাটি-সিকাটিকৈ কটালোঁ। ৰাতিপুৱা বাথৰুমলৈ যাওঁতে এলিজাবেথৰ সৈতে দেখা-দেখি হ’ল। তেওঁ হাঁহি মুখে সুধিলে, ভালকৈ টোপনি আহিলনে?” 

মই মোৰ বিৰক্তি লুকুৱাই ৰাখি টোপনি ভালেই হ’ল বুলি উত্তৰ দিলোঁ। বুঢ়ীয়ে উল্লাসেৰে ক’লে, ‘”মই কৈছিলোঁ নহয়, খুব ভাল টোপনি আহিব বুলি! মোৰ কথা সঁচা প্ৰমাণিত হ’ল, দেখিলা!” 

    ৰুমিং হাউছৰ বুঢ়ীগৰাকীয়ে আমাক বৰ অশান্তি দিবলৈ ধৰিলে। তেওঁ ডাকযোগে বেগপাইপ বজাবলৈ শিকা আৰম্ভ কৰাৰ কথা আমি গম পালোঁ। বাদ্যযন্ত্ৰ বজাবলৈ এইদৰেও যে শিকিব পাৰি মই নাজানিছিলোঁ। এই বিচিত্ৰ দেশখনত সকলো সম্ভৱ। কেইদিনমানৰ মূৰে মূৰে মাজনিশা কোঁ-কোঁ, পোঁ-পোঁ শব্দ আহি থাকিল। আমাৰ সকলোৰে তিক্ত-বিৰক্ত অৱস্থা। এদিন অনন্ত নাগ খঙত একো নাই হৈ বুঢ়ীৰ কোঠালৈ দপদপাই সোমাই গ’ল। 

: আপুনি বাজনা শিকিছে ভাল কথা, কিন্তু মাজনিশাখন কিয়? দিনত শিকিব নোৱাৰে নেকি? দিনত আমি সকলো ক্লাচলৈ যাওঁ, ঘৰ খালি থাকে। 

: ঔ বোপাই! দিনত মোৰো কিবা কিবি কাম থাকে। 

: আপোনাৰ আকৌ কি কাম? আপুনি দেখোন বাহিৰত ফুৰা-চকা কৰিয়েই কটায়। 

: সেইটোৱেই মোৰ কাম। 

: বাৰু, ভাল কথা। কিন্তু ৰাতি পেঁপা বজোৱাৰ সময়ত কোঠাৰ দুৱাৰ খুলি থয় কিয়? 

: এই বাদ্যযন্ত্ৰ অলপ মুকলিত বজাব লাগে। ইনষ্ট্ৰাকছনত লিখা আছে। বিশ্বাস নকৰিলে পঢ়ি চাব পাৰা। 

: ঘৰৰ মালিকক আপোনাৰ বিষয়ে অভিযোগ দিম। 

: অভিযোগ দিব বিচাৰিলে দিব পাৰা কিন্তু একো লাভ নহ’ব। ঘৰৰ মালিকৰ সৈতে হোৱা মোৰ চুক্তিখনত ক’তো উল্লেখ নাই যে মই বেগপাইপ বজাব নোৱাৰোঁ। 

: আপুনি বৰ নিম্নশ্ৰেণীৰ প্ৰাণী! 

: ছিঃ! ছিঃ! তেনে কথা নক’বা। ঠিক আছে যোৱা, আজিৰপৰা নবজাওঁ। 

কেইদিনমানৰ বাবে বুঢ়ীয়ে সঁচাকৈয়ে পেঁপা বজোৱা বন্ধ কৰিলে,কিন্তু আকৌ আৰম্ভ হ’ল। খঙতে দাঁত-মুখ কৰছি থকাৰ বাহিৰে কৰিম কি! বুঢ়ী কিন্তু সদাহাস্যময়ী। লগ পালেই এগাল খবৰ দিয়ে-“মোৰ নাতিনী এনীৰ দাঁত এটা ওলাইছে! ফটো পঠিয়াইছে, ইমান যে সুন্দৰ! একেবাৰে এজনী পৰী! চাবানে ফটোখন? বোধকৰো পৃথিৱীত এনীজনীৰ দৰে ধুনীয়া বেবী নাই। এই গৰমকালি তাইক চাবলৈ যাম। ল’ৰাক প্লেনৰ টিকট পঠিয়াবলৈ কৈছোঁ, টিকট নপঠিয়ালে যাব নোৱাৰোঁ। সি পঠিয়াব বুলি কৈছে।

   ল’ৰাই টিকট নপঠিয়ালে আৰু সেইবাবে বুঢ়ীৰো যোৱা নহ’ল। আমেৰিকাৰ অসংখ্য শতদৰিদ্ৰ বৃদ্ধাসকলৰ ভিতৰত তেৱোঁ এটা সংখ্যা মাত্ৰ। চ’ছিয়েল চিকিউৰিটিৰ পইচাৰে কোনোমতে জীয়াই আছে। ঘৰ ভাৰা, খোৱাৰ খৰচ, মেডিকেল বীমা ইত্যাদি দি উঠি বুঢ়ীৰ হাতত একোৱেই নাথাকে। ইয়াৰ লগতে বুঢ়ীৰ আকৌ পাৰ্টীৰো বৰ চখ! সস্তীয়া মদ কেইবটলমান কিনি আনি তেওঁ প্ৰায়েই পাৰ্টী কৰিছিল। ইউনিভাৰ্চিটিৰপৰা উভতি আহি এদিন দেখোঁ মোৰ কোঠাৰ দুৱাৰত এটা ষ্টিকি পেড লগোৱা আছে। কাউৰীঠেঙীয়া আখৰেৰে লিখা আছে,

প্ৰিয় বন্ধু, 

আজি মোৰ জীৱনৰ এটা বিশেষ দিন। আজিৰ দিনটোতে স্বামী ববৰ সৈতে প্ৰথম দেখা হৈছিল। এই দিনটোতে আমি একেলগে ডিনাৰ কৰিছিলোঁ আৰু ববে মোক কৈছিল –আই লাভ ইউ! এই বিশেষ দিনটোকে স্মৰণ কৰিবলৈ এটা সৰু পাৰ্টীৰ আয়োজন কৰিছোঁ। আয়োজন অতি ঘনিষ্ঠ বন্ধুসকলৰ মাজতেই সীমাৱদ্ধ। তুমি আহিবা। 

পাৰ্টীলৈ যাবৰ মন নাছিল, অথচ নগৈয়ো উপায় নাই। বুঢ়ীয়ে দহ মিনিটৰ মূৰে মূৰে আহি সুধি থাকিব, “এতিয়াও অহা নাই কিয়? সকলোবোৰ আহিল কেৱল তোমাৰ বাবে অপেক্ষা কৰিছোঁগৈ দেখোঁ  দৰাচলতে মোৰ বাহিৰে কোনোৱেই উপস্থিত হোৱা নাই। বুঢ়ীয়ে একেষাৰ কথাকে সকলোকে ৰূমে ৰূমে কৈ ফুৰিছে! কোঠাত মমবাতি জ্বলাই থোৱা আছে। টেবুলত কেইপেকেটমান পটেটো চিপছ, চীনা বাদাম, কাজু বাদাম আৰু দুবটল ৰে’ড ৱাইন, খুব বেছি ৬ বা ৭ ডলাৰৰ। ওঁঠত টিকটিকীয়া ৰঙা লিপষ্টিক লগাই হাঁহিমুখে বুঢ়ী ঘূৰি ফুৰিছে। দেখি ভা হ’ল তেওঁৰ আনন্দৰ সীমা নাই। পাৰ্টীত মানুহ বুলিবলৈ আমি কেইজনহে মাত্ৰ। ঘৰৰ মালিক-মালিকনী কেতিয়াও নাহে। এলিজাবেথৰ কোনো বন্ধু-বান্ধৱীও বাহিৰত নাই। আমিয়েই বোধকৰো বুঢ়ীৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী। পাৰ্টীৰ মধ্যমণি হৈ আৰু হাতত ৰে’ড ৱাইনৰ গ্লাছৰ সৈতে বুঢ়ীয়ে সকলোৰে সৈতে মিলা-মিছা কৰিছে। উজ্জ্বল চকু আৰু হাঁহিমুখেৰে তেওঁ সকলোকে কয়, “জীৱনটো বৰ আনন্দৰ, নহয়নে?

আমিও নিৰস মুখেৰে কৈ উঠোঁ, “হয়, বৰ আনন্দৰ।

: বৰ সুন্দৰ পাৰ্টী হ’ল আজি, অসাধাৰণ। 

: হয়, অসাধাৰণ! 

: মোৰ ভাব হৈছে মই যেন মোৰ যৌৱনকাললৈ উভতি গৈছোঁ। 

: বৰ ভাল কথা, আপুনি যে সেইদৰে অনুভৱ কৰিছে। 

এলিজাবেথে নিজৰ যৌৱন কাললৈ উভতি যোৱাৰ ব্যৱস্থা ইমান সঘনাই কৰিবলৈ ধৰিলে যে আমি বিৰক্ত হৈ পৰিলোঁ। আমাৰ পাৰ্টীলৈ যোৱা বন্ধ হ’ল। তেওঁ আহি কৰুণ মাত এটাৰে কয়,‘আজি মোৰ এটা বিশেষ দিন আৰু তোমালোক কোনেও আহিব নোৱাৰানে? ‘

: পঢ়া-শুনাৰ চাপ বৰকৈ বাঢ়িছে। 

: আজিৰ দিনটো মোৰ বাবে বৰ স্পেচিয়েল জানানে? আজি ববে মোক প্ৰপ’জ কৰিছিল। ৬০ বছৰৰ আগৰ কথা কিন্তু ভাব হয় যেন কালিৰহে ঘটনা। 

: প্লিজ, আজি যাব নোৱাৰোঁ। বহুত এছাইনমেণ্ট আছে। 

: মাত্ৰ অলপ সময়ৰ বাবে আহাঁ। 

: অসম্ভৱ, একেবাৰেই অসম্ভৱ। 

বুঢ়ীয়ে অৱশেষত অকলেই অকলেই পাৰ্টী কৰে আৰু এটা সময়ত ভয়ানকভাৱে বেগপাইপ বাজি উঠে। আমাৰ মাজৰে কোনোবা নহয় কোনোবা এজন দৌৰি যাবলগীয়া হয় তেওঁৰ কোঠালৈ। কি যে ষন্ত্ৰণা! যি নহওক, শীতকালিৰ আৰম্ভণিতে এই যন্ত্ৰণাৰ যেনিবা ওৰ পৰিল। গম পালোঁ টকা-প‌ইচাৰ অভাৱত এলিজাবেথে বেগপাইপটো বিক্ৰী কৰি দিলে। আমি স্বস্তিৰ নিশ্বাস পেলালোঁ। এতিয়া আৰু কাৰো মাজনিশা টোপনি ভঙাৰ ভয় নাই। 

এদিন আবেলিৰ কথা। অনন্তৰপৰা গম পালোঁ যে বুঢ়ী হঠাতে অসুস্থ হৈ পৰাত তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। অৱস্থা বৰ এটা ভাল নহয়। কথাটো শুনি মনটো বেয়া লাগিল। চে’ণ্ট জোচেফ হাস্পতালত বুঢ়ীক চাবলৈ গ’লোঁ। মোক দেখি বুঢ়ীৰ বৰ আনন্দ! চকুকেইটা ডাঙৰ কৰি মোক সুধিলে, “কাৰ্ড, কাৰ্ড আনিছানে?অসুস্থ কাৰোবাক চাবলৈ গ’লে কাৰ্ড লৈ যোৱাৰ নিয়ম। মই গে’ট ৱেলকাৰ্ড নিবলৈ পাহৰিলোঁ। এলিজাবেথে ক’লে, “মই কাৰ্ডবোৰ গোটাইছোঁ। তুমি আকৌ আহিলে কাৰ্ড এখন আনিবা।

: ঠিক আছে, আনিম বাৰু। 

: এইখন চোৱা, ‘হানে’ এখন সুন্দৰ কাৰ্ড দিছে। এই কাৰ্ডখন দিছে ‘তোহা’ই। বৰ ভাল ছোৱালীজনী। অনন্তই আকৌ কি কৰিছে চোৱা! কাৰ্ড এখন আনিছেই লগতে ফুলৰ থোপা এটা। বেচেৰাৰ এনেই টকা-পইচা নাই, তাতে অনাৱশ্যকীয় খৰচ! মই তাক খুব ডাবি দিছোঁ। 

বুঢ়ীৰ মনত ৰং দেখি বৰ ভাল লাগিল। ভিজিটিং আৱাৰ্চ শেষ হ’বলৈ হৈছে, বুঢ়ীয়ে কথাৰ সুৰ নিম্ন কৰি মোক ক’লে, “তোমালোকৰ আটাইৰে ওচৰত ক্ষমাপ্ৰাৰ্থনা বিচাৰিবলগীয়া কথা এটা আছে।মই বেছ আগ্ৰহেৰে তেওঁৰ মুখলৈ চালোঁ। বুঢ়ীয়ে লাজুক কণ্ঠেৰে ক’লে, “বেগপাইপ কিয় বজাইছিলোঁ জানানে? অকলে অকলে থাকিবলৈ মোৰ যে ইমান বেয়া লাগে! সেই ভয়ংকৰ পেঁপাটো বজালেই তোমালোকৰ কোনোবা নহয় কোনোবা এজন সদায় আহি ওলাইছিলা সেই ছেগতে  দুই-এটা কথা পাতিব পাৰিছিলোঁমই দুখিত, তোমালোকক বহুত কষ্ট দিলোঁ।

মোৰ মনটো অসম্ভৱ বেয়া হৈ পৰিল, একো উত্তৰ দিব নোৱাৰিলোঁ। বুঢ়ী দুমাহ হাস্পতালত থাকি অৱশেষত সুস্থ হ’ল। তেওঁ ঘৰলৈ উভতি অহাৰ উপলক্ষে সৰু পাৰ্টী এটাৰ আয়োজন কৰিলোঁ। কেৱল পাৰ্টীয়েই নহয়, বুঢ়ীৰ বাবে এটা সামান্য উপহাৰো আছিল। উপহাৰটো আছিল এটা নতুন বেগপাইপ। আমি সকলোৱে চান্দা তুলি কিনিছিলোঁ। আমেৰিকানবোৰে কান্দিব নোৱাৰে বা নাজানে বুলি যিজনে কয় তেওঁ নিশ্চয় এজন জধামূৰ্খ। অনন্ত নাগে যেতিয়া বেগপাইপটো বুঢ়ীৰ হাতত তুলি দিলে তেওঁ অবাক হৈ কিছুসময় আমাৰ সকলোকে চাই ৰ’ল। পিছমুহূৰ্ততে তেওঁ শিশু এটাৰ দৰে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে। কন্দাৰ এনে মধুৰ দৃশ্য মই মোৰ জীৱনত খুব কমেইহে দেখিছোঁ। 


(টোকাঃ এটা সময়ত পেট্ৰ’লিয়াম ইঞ্জিনিয়াৰিঙৰ প’ষ্ট-গ্ৰেজুৱেট ষ্টাডীজৰ বাবে আমেৰিকাৰ ইউনিভাৰ্চিটি অব ওকলাহোমালৈ গৈছিলোঁ আৰু এই ধৰণৰ ৰুমিং হাউছ এটাত আছিলোঁ। আমাৰ লেণ্ডলেডীগৰাকী আছিল ৭৫ বছৰীয়া এগৰাকী বিধৱা ভদ্ৰমহিলা আৰু আমি চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী ঘৰটোৰ ওপৰমহলাৰ চাৰিটা বিভিন্ন কোঠাত আছিলোঁ। আমেৰিকাত থকা কালছোৱাত ময়ো বিভিন্ন ঘটনাৰ সন্মুখীন হৈছিলোঁ। কথাবোৰ মোৰ জীৱনৰ এটা অধ্যায়ৰ সৈতে ইমান মিলি গ’ল যে হুমায়ূন আহমেদৰ গল্পটো অনুবাদ নকৰি নোৱাৰিলোঁ।)

শিতানটিৰ অন্যান্য লেখাসমূহ পঢ়ক

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!