বুদ্ধ
লেখক- জ্যোতিমণি দেৱী
(শুদ্ধ বিচাৰত ক’বলৈ গ’লে
মই ৰৈ গৈছোঁ।
এই যে মই ৰৈ গৈছোঁ
তাৰ অৰ্থ এইটো নহয় যে
মই মৰি গৈছোঁ। )
বুদ্ধ
বহুতো অসত্যৰ মাজতো যি সত্য
সি শ্বাশ্বত।
সেই সত্যান্বেষণৰ বাটত
ৰৈ যোৱা ধ্ৰুৱক তুমি
তুমি বুদ্ধ।
বুদ্ধ
এটি বৃত্তৰপৰা তুমি বিচ্ছিন্ন হ’লা
কক্ষপথচ্যুত অনাদি নক্ষত্ৰ এটি
তুমি সাৰ পালা
কত যুগৰ নিৰ্মোহ উন্মেষণে তোমাক
উজ্জীৱিত কৰিলে
তুমি ৰৈ গৈছিলা? নে তুমি বৈ গৈছিলা
মৃত হৈ হৈ আমৃত্যুৰ বাবে?
আনে জানক বা নাজানক
তুমিতো জানা
অনন্ত সলিলা সাগৰৰ গৰ্জন তোমাৰ অভ্যন্তৰত,
আৰু
বাহিৰৰ বতাহজাকে হকে-বিহকে
গাই-বাই ফুৰিলে— তুমি ৰৈ গ’লা
ৰজাৰ পুত্ৰ হৈয়ো তুমি ৰৈ গ’লা
ভিখাৰী সাজত।
তুমি পিছে জানা— আভূষণ মাথোঁ ক্ষণিকৰ নিৰাময়।
বতাহ বলিছে বুদ্ধ
জোৰদাৰ!
আজি মই তোমাৰ শ্ৰাৱক
তুমিতো কোৱা
তোমাকেই সুধিছোঁ মাথোঁ
বতাহ কেনেকৈ বলে?
মুখেৰে ফুৱালে?
ওঁঠে ওঁঠে কঁপনি উঠিলে?
বুকু ঢিপঢিপালে?
সাগৰত জোৱাৰ উঠিলে?
ধিয়ান ভাগিলে?
আকাশত চন্দ্ৰমা জাগিলে?
অন্ধকাৰত ঘৰ পুৰি অদেখা কুকুহা উৰিলে?
কোৱা বুদ্ধ
তুমিয়েই একমাত্ৰ সাৰ পোৱা সত্য
অসত্যৰ মাজৰ সত্যান্বেষী সত্য।
বুদ্ধ
নিস্পৃহভাৱেইতো বুজালা এদিন
যদি এৰাতিৰ দুখ
তেনে এবেলাৰ সুখ
যাত্ৰাটো মই তোমাৰ পৰাই কৰোঁ
তোমাৰ নামেৰে কৰোঁ
যাত্ৰাটো মই পোহৰেৰে কৰোঁ
হাঁহিৰে কৰোঁ।
বুদ্ধ
এক ক্ষুদ্ৰ অসহিষ্ণু পথিকে এদিন
এনেকৈয়ে শিকি পেলাওঁ সহিষ্ণুতাৰ পাঠ
সহাৱস্থানৰত ৰাংকুকুৰৰ দেশত
নিগনি দৌৰৰপৰা বিৰাম বিচাৰি
বহি ৰওঁ
এইমাত্ৰ পানীৰ গোন্ধত গজি উঠা
সেউজীয়া ঘাঁহনিত
আলাপ কৰোঁ
নীৰৱতাৰ বুকুত অৱগাহন কৰা
যন্ত্ৰণাদগ্ধ উজাগৰী আত্মাৰ স’তে।
বুদ্ধ
বিশ্বাসত বন্দী হৈছোঁ
সত্যৰ আলাপত পতিয়ন গৈছোঁ
ৰ’দ তুমি, বায়ু তুমি
আকাশ শূন্য অসীম।
তাৰমাজতেই এই ৰৈ যোৱা!
ৰৈ যোৱা মানেইতো ৰৈ যোৱা নহয়!
সমাহিত শ্ৰান্তিকৰ যাত্ৰাত
কৰবাত সেয়াই নিৰ্ভুল সমাপক
সুখৰ
আৰু দুখৰ।